থেলিয়া (গ্ৰেচ)
থেলিয়া | |
---|---|
উৎসৱ আৰু চহকী ভোজনৰ দেৱী | |
চাৰিটেছ-ৰ সদস্য | |
থেলিয়াৰ মূৰ্তি | |
সম্পৰ্ক | এফ্ৰোডাইটি |
নিবাস | অলিম্পাছ |
পিতৃ-মাতৃ | জ্যুছ আৰু ইউৰিনম |
সহোদৰ | এগলিয়া আৰু ইউফ্ৰ’চাইন আৰু অন্যান্য অৰ্ধ ভাতৃ/ভগ্নী |
থেলিয়া (/ˈθeɪliə/[1] বা /θəˈlaɪə/;[2] ইংৰাজী: Thalia বা Thaleia; আক্ষৰিক অৰ্থ: 'the joyous, the abundance') গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি সৌন্দৰ্য্য আৰু কৃপাৰ তিনিগৰাকী দেৱীৰ ভিতৰত অন্যতম৷ তেওঁলোকক চাৰিটেছ (Charites) বুলি জনা যায়, অন্য দুগৰাকী হৈছে তেওঁৰ ভগ্নী এগ্লিয়া (Aglaea) আৰু ইউফ্ৰ’চাইন (Euphrosyne)।[3]
গ্ৰীক শব্দ থেলিয়া হৈছে ভোজৰ বাবে প্ৰয়োগ কৰা বিশেষণ, যাৰ অৰ্থ হৈছে চহকী, প্ৰচুৰ, বিলাসী আৰু ভৰপূৰ।
পৰিয়াল
[সম্পাদনা কৰক]থেলিয়াৰ পিতৃ জ্যুছ আৰু মাতৃ সামুদ্ৰিক দেৱী ইউৰিনম।[3] বিকল্প পিতৃ-মাতৃ জ্যুছ আৰু ইউৰিডম, ইউৰিমেডুছা বা ইউয়ান্থে; ডাইঅ'নিছাছ আৰু ক'ৰ'নিয়া; বা হেলিঅ'ছ আৰু নাইয়াড এগল হ'ব পাৰে।[4][5][6]
শিল্প-সংস্কৃতিত
[সম্পাদনা কৰক]শিল্পত সাধাৰণতে তেওঁলোকক বৃত্তকাৰ হৈ নাচি থকা দৃশ্যত চিত্ৰিত কৰা হৈছিল। থেলিয়া আছিল উৎসৱ আৰু সম্ভ্ৰান্ত ভোজৰ দেৱী আৰু তেওঁৰ দলৰ অংশ হিচাপে এফ্ৰোডাইটিৰ সৈতে জড়িত আছিল।[7][8]
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Home : Oxford English Dictionary" (en ভাষাত). www.oed.com. https://www.oed.com/start;jsessionid=E66BF9016671434C47DF9AAFD4EF230D?authRejection=true&url=%2Fview%2FEntry%2F200089। আহৰণ কৰা হৈছে: 2022-04-29.[সংযোগবিহীন উৎস]
- ↑ "Definition of THALIA" (en ভাষাত). www.merriam-webster.com. https://www.merriam-webster.com/dictionary/Thalia। আহৰণ কৰা হৈছে: 2022-04-29.
- ↑ 3.0 3.1 Hesiod, Theogony, 907
- ↑ Cornutus, Compendium of Greek Theology, 15
- ↑ Nonnus, Dionysiaca, 15.87 & 48.530
- ↑ Pausanias, Description of Greece, 9.35.5
- ↑ Homeric Hymn 5 to Aphrodite, 58
- ↑ Homer, Iliad, 8.360-369