থেলিয়া (নিম্ফ)
থেলিয়া (/ˈθeɪliə/[1] বা /θəˈlaɪə/;[2] প্ৰাচীন গ্ৰীক: Θάλεια, ইংৰাজী: সৰহ; আক্ষৰিক অৰ্থ: "আনন্দময়, প্ৰচুৰতা") গ্ৰীক শ্ৰুতিকথা অনুসৰি হেফেষ্টাছৰ এগৰাকী নিম্ফ কন্যা আৰু পালিচিৰ মাতৃ।[3] তেওঁৰ নামটো প্ৰাচীন গ্ৰীক ভাষাৰ থেলেইন (θάλλειν thállein) শব্দৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে "ফুলিবলৈ ধৰা, সেউজীয়া হোৱা"।
কিংবদন্তি
[সম্পাদনা কৰক]মেক্ৰ’বিয়াছৰ চেটাৰ্নেলছত উল্লেখ কৰা অনুসৰি গ্ৰীক দেৱতাৰ ৰজা জ্যুছে চিচিলিৰ চাইমেথ নদীৰ ওচৰত থেলিয়াৰ সৈতে প্ৰেমত নিমগ্ন হৈ আছিল। সেই কাৰ্যৰ বাবে তেওঁ জ্যুছৰ পত্নী দেৱী হীৰাৰ ঈৰ্ষাৰ জুইৰ পৰা হাত সাৰিবলৈ নিজকে মাটিত পুতি থৈছিল। এইদৰে তেওঁৰ যমজ সন্তান পালিচিসকলৰ মাটিৰ তলত জন্ম হৈছিল,[4] কিন্তু কিছুমান অন্য লেখকে পালিচিসকল হেফেষ্টাছ বা আড্ৰনাছৰ পুত্ৰ বুলিও কয়। জ্যুছ আৰু নিমোছিনিৰ ন গৰাকী মিউজৰ ভিতৰত অষ্টম গৰাকী কন্যাৰ নামো থেলিয়া। এপ'ল'ড'ৰাছৰ মতে তেওঁ আৰু এপ'ল' ক'ৰিবেণ্টিছৰ মাতৃ আছিল।[5]
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Home : Oxford English Dictionary". http://www.oed.com/view/Entry/200089.
- ↑ "Thalia Definition & Meaning - Merriam-Webster". https://www.merriam-webster.com/dictionary/Thalia.
- ↑ Smith, s.v. Palici.
- ↑ Macrobius, Saturnalia 5.19.18 (pp. 440, 441).
- ↑ Apollodorus, 1.3.4. Other ancient sources, however, gave the Corybantes different parents (see Frazer, n. 2 on 1.3.4).