সমললৈ যাওক

থেলিয়া (নেৰেইড)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
থেলিয়া
নেৰেইডছ-ৰ সদস্য

গ্লোকা আৰু থেলিয়া
নিবাস সাগৰ
পিতৃ-মাতৃ নেৰিয়াছ আৰু ড'ৰিছ
সহোদৰ সাগৰীয় দেৱতা নেৰিয়াছসকল, সাগৰীয় দেৱী নেৰেইডছসকল

থেলিয়া (/ˈθeɪliə/[1] বা /θəˈlaɪə/;[2] প্ৰাচীন গ্ৰীক: Θάλεια থালেইয়া, ইংৰাজী: সৰহ; আক্ষৰিক অৰ্থ: "আনন্দময়, প্ৰচুৰতা") গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা। তেওঁৰ নামটো প্ৰাচীন গ্ৰীক ভাষাৰ থেলেইন (θάλλειν thállein) শব্দৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে "ফুলিবলৈ ধৰা, সেউজীয়া হোৱা"।

কিংবদন্তি

[সম্পাদনা কৰক]
এৰেট্ৰিয়াৰ চিত্ৰকৰৰ দ্বাৰা নেৰেইড থালিয়াৰ চিত্ৰণ

হোমাৰৰ ইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত থেলিয়াক অন্যতম হিচাপে উল্লেখ কৰা হৈছে।[3]

কিছুমান বিৱৰণীত থেলিয়া তেওঁৰ ভগ্নী চাইমোড'চ, নেছাইয়া আৰু স্পিঅ'ৰ সৈতে লগ লাগি চাইৰিনৰ যাত্ৰী দলটোৰ অন্যতম নিম্ফ সদস্য আছিল৷[4] পিছলৈ তেওঁলোক চাৰিও গৰাকীয়ে তেওঁলোকৰ অন্য ভগ্নী থেটিছ, মেলাইট আৰু পেনোপিয়াৰ সৈতে মিলি নায়ক ইনিয়াছ আৰু তেওঁৰ দলটোক সামুদ্ৰিক ধুমুহাৰ সময়ত সহায় কৰিবলৈ সক্ষম হৈছিল।[5]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]