সমললৈ যাওক

থেলিয়া (মিউজ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
থেলিয়া
হাস্যৰসৰ দেৱী
মিউজ-ৰ সদস্য

থেলিয়াৰ মূৰ্তি
সঙ্গী এপ'ল'
পিতৃ-মাতৃ জ্যুছ আৰু নিমোছিনি
সহোদৰ ইউটেৰপি, পলিৰিমিনিয়া, আৰেনিয়া, ক্লিঅ′, ইৰাট′, কেল্লিঅ′প, টেৰছিক′ৰি, মেল্প′মেনি আৰু অন্য বহুতো অৰ্ধ ভাতৃ/ভগ্নী
সন্তান ক'ৰিবেণ্টিছ

থেলিয়া (/θəˈlaɪə/[1][2] বা /ˈθeɪliə/;[3] প্ৰাচীন গ্ৰীক: Θάλεια; ইংৰাজী: Thalia বা Thaleia; "আনন্দময়, সমৃদ্ধিশালী") গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত হাস্যৰস আৰু আইডিলিক কবিতাৰ অধিষ্ঠাতী দেৱী৷ তেওঁ ন গৰাকী মিউজৰ ভিতৰত অন্যতম। এই প্ৰসংগত তেওঁৰ নামৰ অৰ্থ হৈছে "সমৃদ্ধিশালী", কাৰণ তেওঁৰ গীতসমূহ সময়ৰ লগে লগে সমৃদ্ধিশালী হৈ উঠে।[4]

থেলিয়াক আনন্দৰ বতাহ বলা, আইভীৰ মুকুট পিন্ধা, বুট পিন্ধা আৰু হাতত কমিক মাস্ক লৈ থকা এগৰাকী যুৱতী হিচাপে চিত্ৰিত কৰা হৈছিল। তেওঁৰ বহুতো মূৰ্তিত তেওঁৰ হাতত বাগল (bugle, এবিধ পেঁপাৰ দৰে বাদ্য) আৰু ট্ৰুম্পেট (trumpet, এবিধ পেঁপাৰ দৰে বাদ্য) বা কেতিয়াবা ভেড়াৰখীয়াৰ লাখুটি বা আইভীৰ মালাও থাকে।

পৰিয়াল

[সম্পাদনা কৰক]

থেলিয়া আছিল জ্যুছ আৰু নিমোছিনিৰ ন গৰাকী মিউজৰ ভিতৰত অষ্টম গৰাকী কন্যা। এপ'ল'ড'ৰাছৰ মতে তেওঁ আৰু এপ'ল' ক'ৰিবেণ্টিছৰ মাতৃ আছিল।[5] মেক্ৰ’বিয়াছৰ চেটাৰ্নেলছত উল্লেখ কৰা অনুসৰি গ্ৰীক দেৱতাৰ ৰজা জ্যুছৰ এগৰাকী প্ৰেমিকাৰ নামো থেলিয়া৷ তেওঁ পালিচিসকলৰ মাতৃ আছিল৷

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Thalia". Oxford English Dictionary (3rd সম্পাদনা). Oxford University Press. September 2005. http://oed.com/search?searchType=dictionary&q=Thalia. 
  2. "Thalia Definition & Meaning - Merriam-Webster". https://www.merriam-webster.com/dictionary/Thalia. 
  3. "Home : Oxford English Dictionary". http://www.oed.com/view/Entry/200089. 
  4. "Thalia | Greek mythology | Britannica" (en ভাষাত). www.britannica.com. https://www.britannica.com/topic/Thalia-Greek-mythology। আহৰণ কৰা হৈছে: 2022-10-26. 
  5. Apollodorus, 1.3.4. Other ancient sources, however, gave the Corybantes different parents (see Frazer, n. 2 on 1.3.4).