থেস্পিয়া (শ্ৰুতিকথা)
থেস্পিয়া (প্ৰাচীন গ্ৰীক: Θέσπια,[1] ইংৰাজী: Thespia) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম।[2] এপ'ল'ই তেওঁক থেস্পিয়া (থিবিছৰ পশ্চিমে থকা চহৰ)লৈ অপহৰণ কৰি নিছিল আৰু চহৰখনৰ নাম হয়তো তেওঁৰ নামেৰে ৰখা হৈছিল।[3][4]
পৰিয়াল
[সম্পাদনা কৰক]থেস্পিয়া পেলাছগাছ (পেলাগন[5]), ইছমেনাছ, কালচিছ, ছালেমিছ, এজিনা, কৰ্চাইৰা, পেইৰেন, ক্লিওনে, থেবে, টানাগ্ৰা, এছ'পিছ, চাইনোপে, অৰ্নিয়া[2] আৰু হাৰ্পিনাৰ ভগ্নী আছিল।[6] কিছুমান শ্ৰুতিকথা মতে তেওঁৰ ভগ্নী কালচিছ কিউৰেটেছ আৰু ক'ৰিবাণ্টেছৰ মাতৃ আছিল, ইয়াৰে কিউৰেটেছ কালচিছৰ আদিম বাসিন্দাসকলৰ ভিতৰত আছিল।[7]
চহৰৰ নাম
[সম্পাদনা কৰক]পাউছানিয়াছত (Pausanias) উল্লেখ কৰিছে যে থেস্পিয়া আচ′পাছৰ কন্যা আছিল আৰু তেওঁৰ নাম অনুসৰিয়েই চহৰখনৰ নাম দিয়া হৈছিল, আন কিছুমানে উৎস মতে ইৰেকথিউছৰ বংশধৰ থেস্পিয়াছ এথেন্সৰ পৰা আহিছিল আৰু তেওঁৰ নামেৰে চহৰখন নামাকৰণ কৰা হৈছিল।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Richmond, Henry J. (1905), The Pronunciation of Greek and Latin Proper Names in English, প্ৰকাশক Ann Arbor: George Wahr, p. 32, ISBN 9780857927866, https://books.google.com/books?id=XMGulz4NTfwC
- ↑ 2.0 2.1 Diodorus Siculus, 4.72.1.
- ↑ 3.0 3.1 Pausanias, 9.26.6
- ↑ "Thespia". Theoi Project. https://www.theoi.com/Nymphe/NympheThespia.html। আহৰণ কৰা হৈছে: April 20, 2024.
- ↑ Apollodorus, 3.12.6.
- ↑ Diodorus Siculus, 4.73.1.
- ↑ Scholia Vict. ad Homer Iliad, 14.291; Strabo, 10 p. 447