থোতা সীতাৰাম লক্ষ্মী
অৱয়ব
থোতা সীতাৰাম লক্ষ্মী | |
|---|---|
| ৰাজ্যসভাৰ সদস্য | |
| কাৰ্যকাল ১০ এপ্ৰিল ২০১৪ – ৯ এপ্ৰিল ২০২০ | |
| সমষ্টি | অন্ধ্ৰপ্ৰদেশ |
| ব্যক্তিগত তথ্য | |
| জন্ম | ১২ ছেপ্টেম্বৰ, ১৯৫১ (৭৪ বছৰ) উপ্পুলুৰু, পশ্চিম গোদাৱৰী জিলা |
| ৰাজনৈতিক দল | তেলুগু দেশম পাৰ্টি |
| দাম্পত্যসঙ্গী | শ্ৰী থোটা সত্যনাৰায়ণ |
থোতা সীতাৰাম লক্ষ্মী (ইংৰাজী: Thota Seetharama Lakshmi ; জন্ম: ১২ ছেপ্তেম্বৰ ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু তেলুগু দেশম পাৰ্টিৰ সদস্য। তেওঁ ৰাজ্যসভাৰ সাংসদ ৰূপে অন্ধ্ৰপ্ৰদেশৰ প্ৰতিনিধিত্ব কৰিছিল।[1]
সংসদ সদস্য হিচাপে দায়িত্ব গ্ৰহণৰ পূৰ্বে তেওঁ ২০০৫–২০১০ চনত ভীমবৰাম পৌৰপালিকাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৯ চনৰ পৰা তেওঁ অন্ধ্ৰ প্ৰদেশৰ পশ্চিম গোদাবৰীৰ জিলাৰ তেলুগু দেশম পাৰ্টিক সভানেত্ৰী আছিল।
সাংসদ হিচাপে তেওঁৰ কাৰ্যকাল ২০১৪ চনৰ ১০ এপ্ৰিলৰ পৰা আৰম্ভ হৈ ২০২০ চনৰ ৯ এপ্ৰিলত শেষ হৈছিল।[2]
তেওঁৰ চাৰিগৰাকী কন্যা আৰু এজন পুত্ৰ আছে। অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাৰ উপ্পুলুৰুত তেওঁৰ জন্ম হৈছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Archived copy". Archived from the original on 2014-04-05. https://web.archive.org/web/20140405141224/http://www.aplegislature.org/en_GB/c/document_library/get_file?uuid=2c9f251a-0f40-4733-9988-38b6903a8007&groupId=11343। আহৰণ কৰা হৈছে: 2014-06-04.
- ↑ "Thota Seetharama Lakshmi". Government of India. http://india.gov.in/my-government/indian-parliament/thota-seetharama-lakshmi। আহৰণ কৰা হৈছে: 15 October 2015.