সমললৈ যাওক

থোনাকল গোপী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
থোনাকল গোপী

থোনাকল গোপী
জন্ম ২৪ মে', ১৯৮৮ (৩৭ বছৰ)
কেৰালা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা এথলীট

থোনাকল গোপী (জন্ম: ২৪ মে' ১৯৮৮)[1] এজন ভাৰতীয় এথলীট। তেওঁ ২০১৬ চনৰ ব্ৰাজিলৰ ৰিঅ ডি জেনেৰিঅত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকৰ মাৰাথথন দৌৰ প্ৰতিযোগিতা অংশ গ্ৰহণ কৰিছিল।[2] তেওঁ বৰ্তমান ভাৰতীয় সেনা বাহিনীত কৰ্মৰত।[3][4][5]

কৰ্মজীৱন

[সম্পাদনা কৰক]

২১ বছৰ বয়সত তেওঁ হায়দৰাবাদৰ আৰ্মি আৰ্টিলাৰি চেণ্টাৰত হাবিলদাৰ পদত যোগ দিয়ে আৰু নমহীয়া সেনা প্ৰশিক্ষণ গ্ৰহণ কৰে।[6] ২০১৪ চনত জাতীয় উন্মুক্ত এথলেটিকচত তেওঁ স্বৰ্ণ পদক জয় কৰে আৰু ২০১৬ চনৰ দক্ষিণ এছিয়ান ক্ৰীড়াত ৰেকৰ্ডসহ স্বৰ্ণ পদক জয় কৰে।

বছৰ প্ৰতিযোগিতা খেলৰ স্থান স্থান অনুষ্ঠান সময় তথ্যসূত্ৰ
২০১৪ জাতীয় উন্মুক্ত এথলেটিকছ চেম্পিয়নশ্বিপ নতুন দিল্লী, ভাৰত 1st ১০,০০০মি. ২৯:৩২:২৬ [7]
২০১৫ এয়াৰটেল দিল্লী হাফ মাৰাথন নতুন দিল্লী, ভাৰত 2nd Indian / 19th Overall হাফ মাৰাথন ১:০২:৪৫ [8]
২০১৬ মুম্বাই মাৰাথন মুম্বাই ভাৰত 2nd Indian / 11th Overall মাৰাথন ২:১৬:১৫ [5][9][10][11][12][13]
২০১৬ দক্ষিণ এছিয় ক্ৰীড়া প্ৰতিযোগিতা গুৱাহাটী, ভাৰত 1st ১০,০০০ মি. ২৯:১০:৫৩ [14]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

গোপীৰ জন্ম সাধাৰণ কৃষক পৰিয়ালত হৈছিল। শৈশৱৰ পৰায়ে তেওঁ পিতৃ-মাতৃক ধান আৰু আদা খেতিত সহায় কৰিছিল। কাক্কাভায়াল[3] চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত গোপী পঢ়া-শুনা কৰিছিল। কেৰালাৰ কথামাংগালামত অৱস্থিত মাৰ আথানাচিয়াচ কলেজত তেওঁ অৰ্থনীতি বিষয়ত নামভৰ্তি কৰিছিল। কিন্তু তৃতীয় বৰ্ষত পঢ়া-শুনা এৰি ভাৰতীয় সেনাত যোগ দিয়ে।[6] তেওঁৰ ৰাজ্য কেৰালাৰ পৰা সবাতোকৈ বেছি সংখ্যক ভাৰতীয় এথলীট বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে।[3][6]

গোপী তেওঁৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি। প্ৰতিমাহে জোতা কিনাৰ টকাৰ বাদে বেতনৰ গোটেই টকা তেওঁ পৰিয়ালক দিয়ে।[6] ২০১৬ চনৰ মধ্য পৰ্যন্ত তেওঁৰ কোনো কৰ্পোৰেট স্পন্সাৰ নাছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Thanackal Gopi". Archived from the original on 17 August 2016. https://web.archive.org/web/20160817095003/https://www.rio2016.com/en/athlete/gopi-thonakal আহৰণ কৰা হৈছে: 14 August 2016.
  2. "Indian Marathoners – Bharat at Rio ’16 – Track and Field Sports News". Archived from the original on 2018-04-07. https://web.archive.org/web/20180407000431/http://trackfield.in/2016/07/03/indian-marathoners-bharat-at-rio-16 আহৰণ কৰা হৈছে: 2016-07-29.
  3. 1 2 3 Marar, Nandakumar (17 January 2016). "Gopi hits marathon jackpot in first attempt". sportstarlive.com. http://www.sportstarlive.com/athletics/gopi-hits-marathon-jackpot-in-first-attempt/article8116762.ece আহৰণ কৰা হৈছে: 29 July 2016.
  4. "Indian Marathoners – Bharat at Rio ’16 – Track and Field Sports News". trackfield.in. Archived from the original on 7 April 2018. https://web.archive.org/web/20180407000431/http://trackfield.in/2016/07/03/indian-marathoners-bharat-at-rio-16 আহৰণ কৰা হৈছে: 29 July 2016.
  5. 1 2 Gopi, Thanackal. "IAAF Profile". https://www.iaaf.org/athletes/india/thanackal-gopi-307071 আহৰণ কৰা হৈছে: 29 July 2016.
  6. 1 2 3 4 "Cool Runnings: India's marathon men". http://www.livemint.com/Leisure/X93NpVqn5aO3VnC0tq6bzN/Cool-runnings-Indias-marathon-men.html.
  7. "আৰ্কাইভ কপি". Archived from the original on 2016-03-14. https://web.archive.org/web/20160314051532/http://indianathletics.in/wp-content/uploads/2016/01/afi-results-2014-AFI-Website.xls আহৰণ কৰা হৈছে: 2016-08-22.
  8. "Race Results - Airtel Delhi Half Marathon" (en-US ভাষাত). Archived from the original on 2016-08-05. https://web.archive.org/web/20160805101429/http://adhm.procamrunning.in/race-results/ আহৰণ কৰা হৈছে: 2016-08-01.
  9. "Gopi, Kheta Ram qualify for Olympics; Rawat sets course record - Times of India". http://timesofindia.indiatimes.com/sports/more-sports/others/Gopi-Kheta-Ram-qualify-for-Olympics-Rawat-sets-course-record/articleshow/50614115.cms আহৰণ কৰা হৈছে: 2016-08-01.
  10. "Gopi, Kheta Ram qualify for Olympics; Rawat sets course record" (en-IN ভাষাত). The Hindu. 2016-01-17. ISSN 0971-751X. http://www.thehindu.com/sport/other-sports/mumbai-marathon-2016-gopi-kheta-ram-qualify-for-olympics-rawat-sets-course-record/article8116704.ece.
  11. "More than 40,000 people participate in the Mumbai Marathon 2016 - Firstpost" (en-US ভাষাত). 2016-01-17. http://www.firstpost.com/india/more-than-40000-people-participate-in-the-mumbai-marathon-2016-2587904.html?photos=all আহৰণ কৰা হৈছে: 2016-08-01.
  12. "Rawat sets course record; Gopi, Kheta Ram qualify for Rio". Archived from the original on 2016-09-20. https://web.archive.org/web/20160920043714/http://english.mathrubhumi.com/sports/athletics/rawat-sets-course-record-gopi-kheta-ram-qualify-for-rio-english-news-1.804736 আহৰণ কৰা হৈছে: 2016-08-01.
  13. "Gopi T, Kheta Ram seal Rio berths | The Asian Age". http://www.asianage.com/other-sports/gopi-t-kheta-ram-seal-rio-berths-213 আহৰণ কৰা হৈছে: 2016-08-01.
  14. "2016 South Asian Games Results". Archived from the original on 2016-02-23. https://web.archive.org/web/20160223211520/http://indianathletics.in/wp-content/uploads/2016/02/final-results-12th-south-asian-games-athletics-2016.pdf.