থোনাকল গোপী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
থোনাকল গোপী

থোনাকল গোপী
জন্ম ২৪ মে', ১৯৮৮ (৩৫ বছৰ)
কেৰালা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা এথলীট

থোনাকল গোপী (জন্ম: ২৪ মে' ১৯৮৮)[1] এজন ভাৰতীয় এথলীট। তেওঁ ২০১৬ চনৰ ব্ৰাজিলৰ ৰিঅ ডি জেনেৰিঅত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকৰ মাৰাথথন দৌৰ প্ৰতিযোগিতা অংশ গ্ৰহণ কৰিছিল।[2] তেওঁ বৰ্তমান ভাৰতীয় সেনা বাহিনীত কৰ্মৰত।[3][4][5]

কৰ্মজীৱন[সম্পাদনা কৰক]

২১ বছৰ বয়সত তেওঁ হায়দৰাবাদৰ আৰ্মি আৰ্টিলাৰি চেণ্টাৰত হাবিলদাৰ পদত যোগ দিয়ে আৰু নমহীয়া সেনা প্ৰশিক্ষণ গ্ৰহণ কৰে।[6] ২০১৪ চনত জাতীয় উন্মুক্ত এথলেটিকচত তেওঁ স্বৰ্ণ পদক জয় কৰে আৰু ২০১৬ চনৰ দক্ষিণ এছিয়ান ক্ৰীড়াত ৰেকৰ্ডসহ স্বৰ্ণ পদক জয় কৰে।

ৰেকৰ্ড[সম্পাদনা কৰক]

বছৰ প্ৰতিযোগিতা খেলৰ স্থান স্থান অনুষ্ঠান সময় তথ্যসূত্ৰ
২০১৪ জাতীয় উন্মুক্ত এথলেটিকছ চেম্পিয়নশ্বিপ নতুন দিল্লী, ভাৰত 1st ১০,০০০মি. ২৯:৩২:২৬ [7]
২০১৫ এয়াৰটেল দিল্লী হাফ মাৰাথন নতুন দিল্লী, ভাৰত 2nd Indian / 19th Overall হাফ মাৰাথন ১:০২:৪৫ [8]
২০১৬ মুম্বাই মাৰাথন মুম্বাই ভাৰত 2nd Indian / 11th Overall মাৰাথন ২:১৬:১৫ [5][9][10][11][12][13]
২০১৬ দক্ষিণ এছিয় ক্ৰীড়া প্ৰতিযোগিতা গুৱাহাটী, ভাৰত 1st ১০,০০০ মি. ২৯:১০:৫৩ [14]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

গোপীৰ জন্ম সাধাৰণ কৃষক পৰিয়ালত হৈছিল। শৈশৱৰ পৰায়ে তেওঁ পিতৃ-মাতৃক ধান আৰু আদা খেতিত সহায় কৰিছিল। কাক্কাভায়াল[3] চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত গোপী পঢ়া-শুনা কৰিছিল। কেৰালাৰ কথামাংগালামত অৱস্থিত মাৰ আথানাচিয়াচ কলেজত তেওঁ অৰ্থনীতি বিষয়ত নামভৰ্তি কৰিছিল। কিন্তু তৃতীয় বৰ্ষত পঢ়া-শুনা এৰি ভাৰতীয় সেনাত যোগ দিয়ে।[6] তেওঁৰ ৰাজ্য কেৰালাৰ পৰা সবাতোকৈ বেছি সংখ্যক ভাৰতীয় এথলীট বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে।[3][6]

গোপী তেওঁৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি। প্ৰতিমাহে জোতা কিনাৰ টকাৰ বাদে বেতনৰ গোটেই টকা তেওঁ পৰিয়ালক দিয়ে।[6] ২০১৬ চনৰ মধ্য পৰ্যন্ত তেওঁৰ কোনো কৰ্পোৰেট স্পন্সাৰ নাছিল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Thanackal Gopi". Archived from the original on 17 August 2016. https://web.archive.org/web/20160817095003/https://www.rio2016.com/en/athlete/gopi-thonakal। আহৰণ কৰা হৈছে: 14 August 2016. 
  2. "Indian Marathoners – Bharat at Rio ’16 – Track and Field Sports News". Archived from the original on 2018-04-07. https://web.archive.org/web/20180407000431/http://trackfield.in/2016/07/03/indian-marathoners-bharat-at-rio-16। আহৰণ কৰা হৈছে: 2016-07-29. 
  3. 3.0 3.1 3.2 Marar, Nandakumar (17 January 2016). "Gopi hits marathon jackpot in first attempt". sportstarlive.com. http://www.sportstarlive.com/athletics/gopi-hits-marathon-jackpot-in-first-attempt/article8116762.ece। আহৰণ কৰা হৈছে: 29 July 2016. 
  4. "Indian Marathoners – Bharat at Rio ’16 – Track and Field Sports News". trackfield.in. Archived from the original on 7 April 2018. https://web.archive.org/web/20180407000431/http://trackfield.in/2016/07/03/indian-marathoners-bharat-at-rio-16। আহৰণ কৰা হৈছে: 29 July 2016. 
  5. 5.0 5.1 Gopi, Thanackal. "IAAF Profile". https://www.iaaf.org/athletes/india/thanackal-gopi-307071। আহৰণ কৰা হৈছে: 29 July 2016. 
  6. 6.0 6.1 6.2 6.3 "Cool Runnings: India's marathon men". http://www.livemint.com/Leisure/X93NpVqn5aO3VnC0tq6bzN/Cool-runnings-Indias-marathon-men.html. 
  7. "আৰ্কাইভ কপি". Archived from the original on 2016-03-14. https://web.archive.org/web/20160314051532/http://indianathletics.in/wp-content/uploads/2016/01/afi-results-2014-AFI-Website.xls। আহৰণ কৰা হৈছে: 2016-08-22. 
  8. "Race Results - Airtel Delhi Half Marathon" (en-US ভাষাত). Archived from the original on 2016-08-05. https://web.archive.org/web/20160805101429/http://adhm.procamrunning.in/race-results/। আহৰণ কৰা হৈছে: 2016-08-01. 
  9. "Gopi, Kheta Ram qualify for Olympics; Rawat sets course record - Times of India". http://timesofindia.indiatimes.com/sports/more-sports/others/Gopi-Kheta-Ram-qualify-for-Olympics-Rawat-sets-course-record/articleshow/50614115.cms। আহৰণ কৰা হৈছে: 2016-08-01. 
  10. "Gopi, Kheta Ram qualify for Olympics; Rawat sets course record" (en-IN ভাষাত). The Hindu. 2016-01-17. ISSN 0971-751X. http://www.thehindu.com/sport/other-sports/mumbai-marathon-2016-gopi-kheta-ram-qualify-for-olympics-rawat-sets-course-record/article8116704.ece. 
  11. "More than 40,000 people participate in the Mumbai Marathon 2016 - Firstpost" (en-US ভাষাত). 2016-01-17. http://www.firstpost.com/india/more-than-40000-people-participate-in-the-mumbai-marathon-2016-2587904.html?photos=all। আহৰণ কৰা হৈছে: 2016-08-01. 
  12. "Rawat sets course record; Gopi, Kheta Ram qualify for Rio". http://english.mathrubhumi.com/sports/athletics/rawat-sets-course-record-gopi-kheta-ram-qualify-for-rio-english-news-1.804736। আহৰণ কৰা হৈছে: 2016-08-01. 
  13. "Gopi T, Kheta Ram seal Rio berths | The Asian Age". http://www.asianage.com/other-sports/gopi-t-kheta-ram-seal-rio-berths-213। আহৰণ কৰা হৈছে: 2016-08-01. 
  14. "2016 South Asian Games Results". Archived from the original on 2016-02-23. https://web.archive.org/web/20160223211520/http://indianathletics.in/wp-content/uploads/2016/02/final-results-12th-south-asian-games-athletics-2016.pdf.