থ্ৰিচূৰ
থ্ৰীচূৰ
ত্ৰিচুৰ, থ্ৰিছিভাপেৰুৰ | |
|---|---|
মহানগৰ | |
ওপৰৰপৰা ঘড়ীৰ কাঁটাৰ দিশত : থ্ৰিচূৰ চহৰ, মেথ্ৰাপলিথা কেথেড্ৰেল, কোডুংগালুৰ কেপ, আথিৰাপিলি জলপ্ৰপাত, পৌৰ নিগম ভৱন, থ্ৰিছুৰ ঘড়ী টাৱাৰ, সাকথান থামপুৰাণ প্ৰাসাদ, ভাডাক্কুন্নাথান মন্দিৰ | |
![]() | |
| স্থানাংক: 10°31′39.4″N 76°12′51.8″E / 10.527611°N 76.214389°Eস্থানাংক: 10°31′39.4″N 76°12′51.8″E / 10.527611°N 76.214389°E | |
| Country | |
| ৰাজ্য | কেৰালা |
| জিলা | থ্ৰিচূৰ |
| চৰকাৰ | |
| • ধৰণ | পৌৰ নিগম |
| • পৰিচালনা | থ্ৰিচূৰ পৌৰ নিগম |
| • মেয়ৰ | ড° নিজি জাষ্টিন (ভাৰতীয় জাতীয় কংগ্ৰেছ) [1] |
| • উপ-মেয়ৰ | এ প্ৰসাদ (ভাৰতীয় জাতীয় কংগ্ৰেছ) [1] |
| • আৰক্ষী আয়ুক্ত | নকুল ৰাজেন্দ্ৰ দেশমুখ,ভাৰতীয় আৰক্ষী সেৱা (IPS) [2] |
| কালি | |
• মহানগৰ |
১০১.৪২ বৰ্গকিমি (৩৯.১৬ বৰ্গমাইল) |
| • স্থান | 4th |
| উচ্চতা | ৩৯.৫৮ মিটাৰ (১২৯.৮৬ ফুট) |
| জনসংখ্যা (2011)[4] | |
• মহানগৰ |
৩,১৫,৯৫৭ |
| • ঘনত্ব | ৩,১১৫/বৰ্গকিমি (৮,০৭০/বৰ্গমাইল) |
| • মেট্ৰ’ | 37,20,000[5] |
থ্ৰিচূৰ (ইংৰাজী: Thrissur ) (মালয়ালম: തൃശൂർ; পূৰ্বৰ নাম ট্ৰিচুৰ, ঐতিহাসিক নাম থ্ৰিচিভাপেৰূৰ) ভাৰতৰ কেৰালা ৰাজ্যৰ থ্ৰিচূৰ জিলাৰ সদৰ চহৰ। ই কেৰালাৰ কোচি আৰু কোঝিকোডৰ পিছত তৃতীয় বৃহত্তম নগৰীয় সংহতি।[6][7] ভাৰত চৰকাৰে থ্ৰিচূৰক দ্বিতীয় স্তৰৰ (Tier-2) চহৰ হিচাপে শ্ৰেণীবদ্ধ কৰিছে।
চহৰখন থেক্কিঙ্কাডু ময়দান নামৰ এখন বিস্তৃত সেউজীয়া ময়দানক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। এই ময়দানৰ মাজত অৱস্থিত প্ৰসিদ্ধ ভাডাক্কুম্নাথন মন্দিৰ থ্ৰিচূৰৰ অন্যতম চিনাকি প্ৰতীক। চহৰখন কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰমৰপৰা প্ৰায় ২৮৪ কিলোমিটাৰ উত্তৰ-পশ্চিমত অৱস্থিত। অতীতত ই কোচিন ৰাজ্যৰ ৰাজধানী আছিল [8] আৰু এছিৰীয়, গ্ৰীক, পাৰস্যীয়, আৰব, ৰোমান, পৰ্তুগীজ, ডাচ আৰু ইংৰাজ বণিকসকলৰ সৈতে বাণিজ্যিক আৰু সাংস্কৃতিক সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিচিত আছিল। থ্ৰিচূৰক “উৎসৱৰ নগৰী” (City of Celebrations) আৰু “কেৰালাৰ সাংস্কৃতিক ৰাজধানী” বুলি কোৱা হয়।[9][10] ইয়াৰ দীৰ্ঘ সাংস্কৃতিক, আধ্যাত্মিক আৰু ধৰ্মীয় ঐতিহ্যৰ বাবে এই সন্মান লাভ কৰিছে। চহৰখনত কেৰালা সংগীত নাটক আকাডেমী, কেৰালা ললিতকলা আকাডেমী আৰু কেৰালা সাহিত্য আকাডেমী অৱস্থিত,[11] এই অনুষ্ঠানবোৰেই কেৰালাৰ শিল্প-সাহিত্য আৰু সংস্কৃতিৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। থ্ৰিচূৰৰ সৰ্বাধিক বিখ্যাত অনুষ্ঠান হৈছে থ্ৰিচূৰ পুৰম, যাক কেৰালাৰ আটাইতকৈ বৰ্ণাঢ্য আৰু জাক-জমকীয়া মন্দিৰ উৎসৱ বুলি গণ্য কৰা হয়।[12][13] এই উৎসৱ প্ৰতি বছৰে মালয়ালম মাহ মেডমত (এপ্ৰিল–মে') থেক্কিঙ্কাডু ময়দানত অৱস্থিত ভাডাক্কুম্নাথন মন্দিৰৰ চৌহদত অনুষ্ঠিত হয়। সুসজ্জিত হাতী, পঞ্চবাদ্য, চেণ্ডামেলম আৰু আকৰ্ষণীয় আতচবাজীয়ে এই উৎসৱক বিশ্ববিখ্যাত কৰি তুলিছে।
ধৰ্মীয় সম্প্ৰীতিৰ ক্ষেত্ৰতো থ্ৰিচূৰৰ এক বিশেষ স্থান আছে। ইয়াক হিন্দু শিক্ষাচৰ্চাৰ এক ঐতিহাসিক কেন্দ্ৰ বুলি গণ্য কৰা হয়। লগতে খ্ৰীষ্টধৰ্ম, ইছলাম আৰু ইহুদী ধৰ্মও এই অঞ্চলৰ জৰিয়তে ভাৰতীয় উপমহাদেশত বিস্তাৰ লাভ কৰিছিল বুলি বিশ্বাস কৰা হয়। চহৰখনত ভাডাক্কুম্নাথন মন্দিৰ, তিৰুৱাম্বাড়ি শ্ৰীকৃষ্ণ মন্দিৰ, পাৰামেক্কাভু ভাগৱতী মন্দিৰ, আৱাৰ লেডী অৱ ড'ল'ৰ্ছ বেচিলিকা (ভাৰতৰ সৰ্ববৃহৎ খ্ৰীষ্টান গীৰ্জা), আৱাৰ লেডী অৱ লুৰ্দ্ছ মেট্ৰ'পলিটান কেথেড্ৰেল আদি উল্লেখযোগ্য উপাসনাস্থলী আছে। ইয়াৰ উপৰি Academy of Sharia and Advanced Studies নামৰ ইছলামিক শিক্ষানুষ্ঠানখনত সংস্কৃত ভাষা আৰু হিন্দু ধৰ্মগ্ৰন্থৰ অধ্যয়নো কৰোৱা হয়, যি ধৰ্মীয় সম্প্ৰীতিৰ এক উল্লেখযোগ্য নিদৰ্শন।[14][15][16][17][18][19]
অৰ্থনীতিৰ ক্ষেত্ৰত থ্ৰিচূৰ কেৰালাৰ এক গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ। South Indian Bank, CSB Bank, Dhanalakshmi Bank আৰু ESAF Small Finance Bank-ৰ মুখ্য কাৰ্যালয় ইয়াত অৱস্থিত।[20] ইয়াৰ লগতে চহৰখন সোণৰ গহনা, ৰেচম বস্ত্ৰ আৰু চিট ফাণ্ড ব্যৱসায়ৰ বাবেও সুপৰিচিত। কেৰালাৰ ভিতৰত সৰ্বাধিক ঘৰুৱা পৰ্যটক আকৰ্ষণ কৰা চহৰসমূহৰ ভিতৰত থ্ৰিচূৰ অন্যতম।[21]
শিক্ষাৰ ক্ষেত্ৰতো থ্ৰিচূৰ বিশেষভাৱে আগবঢ়া। ইয়াত কেৰালা কলামণ্ডলম, কেৰালা কৃষি বিশ্ববিদ্যালয়, কেৰালা স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়, চৰকাৰী চিকিৎসা মহাবিদ্যালয়, চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়, চেণ্ট থমাছ মহাবিদ্যালয়, শ্ৰী কেৰালা বৰ্মা মহাবিদ্যালয় আদি বহু প্ৰতিষ্ঠিত শিক্ষানুষ্ঠান আছে।[22][23][24] জীৱনজোৰা শিক্ষাৰ প্ৰসাৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতিস্বৰূপে ইউনেস্কো এ থ্ৰিচূৰক গ্ল'বেল নেটৱৰ্ক অৱ লাৰ্নিং চিটিজ (GNLC)-ত অন্তৰ্ভুক্ত কৰিছে।[25]
ব্যুৎপত্তিবিজ্ঞান
[সম্পাদনা কৰক]'থ্ৰিচূৰ' নামটো মালয়ালম শব্দ 'থিৰুছিৱপেৰুৰ' ৰ সংক্ষিপ্ত ৰূপ। ইয়াৰ অৰ্থ হৈছে "পৱিত্ৰ ভগৱান শিৱৰ নগৰ।" এই নামটোৰ উৎপত্তি চহৰখনৰ আটাইতকৈ উল্লেখযোগ্য নিদৰ্শন ভাদক্কুমনাথন মন্দিৰৰ সৈতে জড়িত, য'ত ভগৱান শিৱক অধিষ্ঠাতা দেৱতা হিচাপে পূজা কৰা হয়।[26][27] ১৯৯০ চনলৈকে থ্ৰিচূৰক ইংৰাজীকৃত নাম 'ট্ৰিচুৰ' (Trichur) নামেৰে চৰকাৰীভাৱে জনা গৈছিল। ১৯৯০ চনত কেৰালা চৰকাৰে চহৰখনৰ চৰকাৰী নাম পুনৰ ইয়াৰ মূল মালয়ালম ৰূপ 'থ্ৰিচূৰ' (Thrissur) হিচাপে গ্ৰহণ কৰে।[28]প্ৰাচীন কালত থ্ৰিচূৰক 'বৃষভদ্ৰীপুৰম' (Vrishabhadripuram) বুলিও জনা গৈছিল। এই নামৰ অৰ্থ হৈছে "দক্ষিণৰ কৈলাস", যিয়ে চহৰখনৰ শৈৱ ধৰ্মীয় ঐতিহ্য আৰু ভগৱান শিৱৰ সৈতে থকা গভীৰ সম্পৰ্কক সূচায়।[29]
ইতিহাস
[সম্পাদনা কৰক]প্ৰাগঐতিহাসিক যুগৰ বহু মেগালিথ (বৃহৎ শিলৰ স্মাৰক) আৰু ডলমেন (শিলৰ সমাধি)ৰ উপস্থিতিয়ে এই কথা সূচায় যে থ্ৰিচূৰ অঞ্চলত খ্ৰীষ্টপূৰ্ব প্ৰায় ১০০০ চনৰপৰা খ্ৰীষ্টাব্দ ৫০০ চনলৈকে মানৱৰ বসতি আছিল। [30][31]

১৬শ শতিকাত পৰ্তুগীজসকলৰ কেৰালাৰ বহু অঞ্চলৰ দৰে থ্ৰিচূৰতো নৌ-সামৰিক প্ৰভাৱ আছিল। ১৭শ শতিকাৰ আৰম্ভণিতে পৰ্তুগীজ নৌ-শক্তিৰ প্ৰভাৱ হ্ৰাস পাবলৈ ধৰে আৰু ডাচসকলে মুখ্য নৌ-শক্তি হিচাপে আত্মপ্ৰকাশ কৰে। ডাচসকলৰ সহায়ত ১৭১০ চনত কোচিন ৰাজ্যৰ ৰাজপৰিয়ালে কেলিকটৰ জামোৰিনৰপৰা থ্ৰিচূৰ পুনৰ দখল কৰে।[32]
কোচিন ৰাজ্যৰ মহাৰাজ শক্তন তাম্পুৰাণে (১৭৬৯–১৮০৫) সিংহাসনত আৰোহণ কৰাৰ পাছত থ্ৰিচূৰৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পায়। তেওঁ থ্ৰিচূৰক নিজৰ ৰাজধানী হিচাপে গঢ়ি তোলে আৰু চুবুৰীয়া অঞ্চলৰ ছিৰীয়ান খ্ৰীষ্টান পৰিয়াল আৰু ব্ৰাহ্মণসকলক ইয়াত বসতি স্থাপন কৰিবলৈ আমন্ত্ৰণ জনায়। ফলস্বৰূপে থ্ৰিচূৰ দক্ষিণ ভাৰতৰ এক গুৰুত্বপূৰ্ণ আৰ্থিক আৰু বাণিজ্যিক কেন্দ্ৰলৈ পৰিণত হয়।[32]
১৭৫০–১৭৬০ চনৰ ভিতৰত মাইচোৰ ৰাজ্যৰ শক্তিশালী শাসক হায়দৰ আলীয়ে থ্ৰিচূৰ জয় কৰি ইয়াক মাইচোৰৰ কৰদ ৰাজ্যত পৰিণত কৰে। পিছত ১৭৮৬ চনত টিপু চুলতানৰ পুত্ৰই পুনৰ থ্ৰিচূৰ আক্ৰমণ কৰিছিল, কিন্তু শ্ৰীৰংগপট্টনম যুদ্ধৰ পিছত তেওঁ পিছু হটিবলৈ বাধ্য হয়।[33] য়াৰ পিছত শক্তন তাম্পুৰাণৰ উত্তৰাধিকাৰী ৰাম বৰ্মা দশমে ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে এখন চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিৰ ফলত কোচিন ৰাজ্য ব্ৰিটিছসকলৰ এক সংৰক্ষিত ৰাজ্য হিচাপে পৰিগণিত হয়।

১৯১৯ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত এখন সমিতি গঠন হোৱাৰ পিছৰেপৰা ভাৰতীয় স্বাধীনতা আন্দোলনএ নতুন গতি লাভ কৰে। ইয়াৰ প্ৰভাৱ থ্ৰিচূৰতো স্পষ্টভাৱে পৰিল। পৰৱৰ্তী বছৰবোৰত অসহযোগ আৰু আইন অমান্য আন্দোলনত থ্ৰিচূৰৰ অসংখ্য লোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এই জাতীয় আন্দোলনক অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে মহাত্মা গান্ধীয়ে ১৯২৭ আৰু ১৯৩৪ চনত থ্ৰিচূৰ ভ্ৰমণ কৰি জনসাধাৰণক স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিবলৈ উদ্বুদ্ধ কৰিছিল। [34][35]
আৰ কে শনমুখম চেট্টিয়ে ১৯৩৫ চনৰপৰা ১৯৪১ চনলৈ কোচিন ৰাজ্যৰ দেৱান হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁৰ কাৰ্যকালত থ্ৰিচূৰ নগৰৰ উন্নয়নত বিশেষ গুৰুত্ব দিয়া হৈছিল। এই সময়ছোৱাত নিৰ্মাণ কৰা থ্ৰিচূৰৰ টাউন হল আৰু ৰামনিলায়ম আজিও কেৰালাৰ ৰাজনৈতিক আৰু সামাজিক জীৱনৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানস্থলী হিচাপে পৰিচিত। একেখন সময়তে থ্ৰিচূৰৰ নাগৰিক আন্তঃগাঁথনি উন্নয়নৰ অংশ হিচাপে পৌৰ নিগম ভৱন, থ্ৰিচূৰ আৰু স্বৰাজ ৰাউণ্ডকো গঢ়ি তোলা হৈছিল। এই উন্নয়নমূলক পদক্ষেপসমূহে থ্ৰিচূৰক আধুনিক নগৰ হিচাপে গঢ়ি তোলাত উল্লেখযোগ্য ভূমিকা পালন কৰে। [36][37]
১৯৪৭ চনত, ভাৰতে ঔপনিৱেশিক শাসনৰপৰা স্বাধীনতা লাভ কৰাৰ সময়ত থ্ৰিচূৰ কোচিন ৰাজ্যৰ অন্তৰ্গত আছিল। পিছত, ১ জুলাই ১৯৪৯ তাৰিখে থ্ৰিচূৰ জিলাৰ গঠন কৰা হয় আৰু থ্ৰিচূৰ চহৰক জিলাখনৰ মুখ্য কাৰ্যালয় (সদৰ) হিচাপে নিৰ্ধাৰণ কৰা হয়।
ভূগোল
[সম্পাদনা কৰক]
থ্ৰিচূৰ কেৰালা ৰাজ্যৰ মাজভাগত অৱস্থিত থ্ৰিচূৰ জিলাৰ সদৰ দপ্তৰ। চহৰখন কোচিৰ উত্তৰ-পূবে প্ৰায় ৭৫ কিলোমিটাৰ, কইম্বাটুৰৰ দক্ষিণ-পশ্চিমে প্ৰায় ১৩৩ কিলোমিটাৰ, কোঝিকোডৰ দক্ষিণ-পূবে প্ৰায় ১২৪ কিলোমিটাৰ আৰু চাংগানাচেৰীৰ উত্তৰে প্ৰায় ১৫১ কিলোমিটাৰ দূৰত অৱস্থিত। [38] থ্ৰিচূৰ চহৰখন থেক্কিঙ্কাডু ময়দান নামৰ এখন সৰু টিলাৰ ওপৰত গঢ় লৈ উঠিছে। এই টিলাটো চহৰখনৰ দ্বিতীয় সৰ্বোচ্চ স্থান; সৰ্বোচ্চ স্থান হৈছে ভিলাঙ্গান পাহাৰ। চহৰখন সমুদ্ৰপৃষ্ঠৰপৰা গড়ে প্ৰায় ২.৮৩ মিটাৰ উচ্চতাত অৱস্থিত। [38]
পাহাৰৰপৰা চহৰখন ক্ৰমান্বয়ে থ্ৰিছুৰ-পোনানী কল জলাশয়ত একত্ৰিত হয়, যিয়ে চহৰখনৰ প্ৰাকৃতিক নিষ্কাশন ব্যৱস্থা হিচাপে কাম কৰে। এই জলাশয়বোৰৰ পানী নদীৰ মাজেৰে বৈ গৈ লাক্ষাদ্বীপ সাগৰত সোমাই কেৰেলাৰ আন চহৰবোৰক জুৰুলা কৰা বিধ্বংসী বানপানীৰপৰা থ্ৰিছুৰ চহৰখনক ৰক্ষা কৰে। [39][40][41][42]
থ্ৰিচূৰ চহৰ কেৰালাৰ মধ্যভাগৰ মধ্যভূমি অঞ্চলত অৱস্থিত। চহৰখনৰ কিছু অংশ পালাক্কাড সমভূমিলৈও বিস্তৃত। [43] ভূ-তাত্ত্বিক দৃষ্টিৰে থ্ৰিচূৰ মূলত প্ৰাচীন আৰ্কিয়ান গ্নেইছ (Archaean gneiss) আৰু স্ফটিকীয় শিষ্ট (crystalline schist) শিলৰে গঠিত।[44] চহৰখনৰ অধিকাংশ অঞ্চল আৰ্কিয়ান যুগৰ শিলে আৱৰি আছে। তদুপৰি, থ্ৰিচূৰ ভাৰতীয় টেকটনিক ফলকৰ (Indian Plate) কেন্দ্ৰীয় অংশৰ ওচৰত অৱস্থিত হোৱাৰ বাবে ইয়াত ভূমিকম্পীয় বা আগ্নেয়গিৰিজনিত কাৰ্যকলাপ তুলনামূলকভাৱে অতি কম দেখা যায়।
জলবায়ু
[সম্পাদনা কৰক]কেপেন জলবায়ু শ্ৰেণীবিভাজন অনুসৰি থ্ৰিচূৰ চহৰৰ জলবায়ু ক্ৰান্তীয় মৌচুমী জলবায়ু। থ্ৰিচূৰত মাৰ্চৰপৰা মে' মাহলৈ গ্ৰীষ্মকাল থাকে, আৰু এই সময়ছোৱাই বছৰৰ আটাইতকৈ উষ্ণ সময়। এই সময়ত অধিক তাপ আৰু আৰ্দ্ৰতাৰ বাবে বতৰ যথেষ্ট অস্বস্তিকৰ হয়। দিনৰ তাপমাত্ৰা সাধাৰণতে ৩৬°চেলচিয়াছৰপৰা ৩৮°চেলচিয়াছলৈকে বৃদ্ধি পায়, লগতে আৰ্দ্ৰতাও অত্যধিক থাকে। গ্ৰীষ্মকালৰ পিছতে দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত জুনৰপৰা ছেপ্টেম্বৰ মাহলৈ বৰষুণৰ ঋতু চলি থাকে। অক্টোবৰ আৰু নৱেম্বৰ মাহক মৌচুমী-উত্তৰ বা প্ৰত্যাৱৰ্তী মৌচুমী ঋতু বুলি গণ্য কৰা হয়। ডিচেম্বৰৰপৰা ফেব্ৰুৱাৰীলৈ শীতকাল থাকে। এই সময়ত পশ্চিমঘাট পৰ্বতমালাৰপৰা অহা বতাহৰ প্ৰভাৱত বতৰ তুলনামূলকভাৱে শীতল আৰু বতাহযুক্ত হয়। শীতকালত আন মাহৰ তুলনাত বায়ুত আৰ্দ্ৰতা কম থাকে আৰু বতৰ সাধাৰণতে শুকান হয়। পুৱাৰ সময়ত তাপমাত্ৰা যথেষ্ট শীতল অনুভৱ হয়, আনহাতে দিনৰ তাপমাত্ৰা সাধাৰণতে প্ৰায় ৩০°চেলচিয়াছৰ আশে-পাশে থাকে। [45]
থ্ৰিচূৰ চহৰত মৌচুমী ঋতুত প্ৰচুৰ বৰষুণ হয়। চহৰখনত বছৰি গড়ে প্ৰায় ৩,১০০ মিলিমিটাৰ বৰষুণ হয়। সাধাৰণতে দক্ষিণ-পশ্চিম মৌচুমী বতাহ মে' মাহৰ শেষ সপ্তাহত আৰম্ভ হয়। জুলাই মাহৰ পিছত বৰষুণৰ পৰিমাণ ক্ৰমে হ্ৰাস পায়। বছৰি গড়ে প্ৰায় ১২৪ দিন বৰষুণ হয়। গ্ৰীষ্মকালত চহৰখনৰ সৰ্বোচ্চ গড় তাপমাত্ৰা প্ৰায় ৩৬° চেলচিয়াছ, আনহাতে সৰ্বনিম্ন গড় তাপমাত্ৰা প্ৰায় ২৭° চেলচিয়াছ। শীতকালত সৰ্বোচ্চ গড় তাপমাত্ৰা প্ৰায় ৩১° চেলচিয়াছ আৰু সৰ্বনিম্ন গড় তাপমাত্ৰা প্ৰায় ২০° চেলচিয়াছ হয়। [45]
| থ্ৰিছুৰ (ভেল্লানিকৰা) ১৯৯১–২০২০ৰ জলবায়ুৰ তথ্য | |||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| মাহ | জানু. | ফেব্ৰু. | মাৰ্চ | এপ্ৰি. | মে | জুন | জুলা. | আগ. | চেপ্টে. | অক্টো. | নৱে. | ডিচে. | বছৰ |
| সৰ্বাধিক উষ্ণতা °C (°F) | 35.9 (96.6) |
39.7 (103.5) |
40.4 (104.7) |
39.9 (103.8) |
38.3 (100.9) |
36.2 (97.2) |
33.0 (91.4) |
33.3 (91.9) |
35.3 (95.5) |
35.4 (95.7) |
34.9 (94.8) |
35.5 (95.9) |
— |
| গড় উষ্ণতা - উচ্চ °C (°F) | 33.1 | 34.8 | 35.7 | 34.9 (94.8) |
33.3 (91.9) |
30.2 (86.4) |
29.5 (85.1) |
29.8 (85.6) |
30.6 (87.1) |
31.5 (88.7) |
32.0 (89.6) |
32.0 (89.6) |
32.2 (90.0) |
| গড় উষ্ণতা - নিম্ন °C (°F) | 22.2 (72.0) |
22.7 (72.9) |
24.4 (75.9) |
25.1 (77.2) |
24.7 (76.5) |
23.6 (74.5) |
23.0 (73.4) |
23.1 (73.6) |
23.0 (73.4) |
22.9 (73.2) |
22.9 (73.2) |
22.5 (72.5) |
23.3 (73.9) |
| সৰ্বনিম্ন উষ্ণতা °C (°F) | 16.5 (61.7) |
16.9 (62.4) |
18.9 (66.0) |
19.9 (67.8) |
20.2 (68.4) |
19.6 (67.3) |
18.5 (65.3) |
19.6 (67.3) |
20.3 (68.5) |
18.0 (64.4) |
16.9 (62.4) |
16.6 (61.9) |
সাঁচ:Min/12 |
| বৰ্ষাপাত mm (ইঞ্চি) | 0.4 (0.016) |
19.0 (0.748) |
27.8 (1.094) |
60.1 (2.366) |
214.3 (8.437) |
615.8 (24.244) |
596.6 (23.488) |
484.4 (19.071) |
320.6 (12.622) |
289.7 (11.406) |
95.9 (3.776) |
8.4 (0.331) |
2,732.9 (107.594) |
| % আৰ্দ্ৰতা | 46 | 47 | 59 | 66 | 71 | 82 | 82 | 80 | 78 | 77 | 70 | 57 | 68 |
| Avg. rainy days | 0.1 | 0.7 | 1.7 | 3.8 | 8.3 | 22.0 | 23.6 | 18.3 | 13.8 | 12.0 | 4.8 | 0.8 | 109.9 |
| উৎস: India Meteorological Department[46] | |||||||||||||
অৰ্থনীতি
[সম্পাদনা কৰক]
থ্ৰিচূৰ বহু মালয়ালী উদ্যোগপতিৰ বাসস্থান [47] আৰু কেৰালাৰ অন্যতম প্ৰধান আৰ্থিক তথা বাণিজ্যিক কেন্দ্ৰ। [48] ইতিহাসবিদসকলৰ মতে, ৰজা শক্তন তাম্পুৰাণে কাষৰীয়া ব্যাৱসায়িক কেন্দ্ৰসমূহৰপৰা ছিৰিয়ান খ্ৰীষ্টান পৰিয়াল আৰু ব্ৰাহ্মণসকলক থ্ৰিচূৰত বসতি স্থাপন কৰিবলৈ আমন্ত্ৰণ জনাইছিল। ইয়াৰ ফলত অতি সোনকালেই থ্ৰিচূৰ কেৰালাৰ অভ্যন্তৰীণ বাণিজ্যৰ এক সমৃদ্ধ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠে।
দক্ষিণ ভাৰতত সাধাৰণ সোণৰ অলংকাৰ আৰু ৰ'ল্ড গ'ল্ড (Rolled Gold) অলংকাৰ উৎপাদনৰ অন্যতম প্ৰধান কেন্দ্ৰ হৈছে থ্ৰিচূৰ। কেৰালাত উৎপাদিত মুঠ গহনাৰ প্ৰায় ৭০% থ্ৰিচূৰতে নিৰ্মাণ কৰা হয়। চহৰখনত প্ৰায় ৩,০০০টা সোণৰ অলংকাৰ নিৰ্মাণ গোট আছে, য'ত প্ৰায় ৪০,০০০ শিল্পী আৰু অন্যান্য কৰ্মী নিয়োজিত।[49][50] এই উদ্যোগে থ্ৰিচূৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় ২ লাখ লোকক কৰ্মসংস্থাপন প্ৰদান কৰিছে। এই শিল্পগোটসমূহৰ শিল্পীসকলে কেৰালাত দৈনিক ব্যৱহৃত প্ৰায় ১ টন সোণৰ ৮৫% অলংকাৰত ৰূপান্তৰ কৰে। বছৰি কেৰালাত অলংকাৰ নিৰ্মাণৰ বাবে প্ৰায় ৯০ টন সোণ ব্যৱহাৰ কৰা হয়।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মতে, ১৯৩০-ৰ দশকৰপৰাই থ্ৰিচূৰক এক বেংক নগৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। সেই সময়ত চহৰখনত ৫৮টা বেংকৰ মুখ্য কাৰ্যালয় আছিল। বৰ্তমানো থ্ৰিচূৰ কেৰালাৰ অন্যতম গুৰুত্বপূৰ্ণ বেংকিং আৰু বিত্তীয় কেন্দ্ৰ হিচাপে পৰিচিত। চহৰখনত চাউথ ইণ্ডিয়ান বেংক, চিএছবি বেংক, ধনলক্ষ্মী বেংক আদি প্ৰধান বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত। ইয়াৰ উপৰি মণপ্পুৰম ফাইনেন্স, কেৰালা ৰাজ্যিক বিত্তীয় উদ্যোগ (KSFE) আৰু ইএছএএফ সৰু বিত্তীয় বেংক আদি উল্লেখযোগ্য বিত্তীয় প্ৰতিষ্ঠানসমূহৰো মুখ্য কাৰ্যালয় থ্ৰিচূৰতেই আছে।[51][52][53] থ্ৰিচূৰ চিট পুঁজি সমিতি (Chit Fund)ভাৰতৰ এক বিশেষ ধৰণৰ সঞ্চয় আৰু ঋণ ব্যৱস্থাৰ—এটা প্ৰধান কেন্দ্ৰ হিচাপেও পৰিচিত। ২০১০ চনৰ এক অনুমাণিক হিচাপ অনুসৰি, থ্ৰিচূৰত প্ৰায় ৩,০০০টা চিট পুঁজি সমিতি কাৰ্যকৰী আছিল, য'ত প্ৰায় ৩৫,০০০ লোক নিয়োজিত আছিল।[54][55]
থ্ৰিচূৰ আয়ুৰ্বেদিক ঔষধ উৎপাদন উদ্যোগৰ এক প্ৰধান কেন্দ্ৰ। কেৰালাত থকা প্ৰায় ৮৫০টা আয়ুৰ্বেদিক ঔষধ উৎপাদনকাৰী প্ৰতিষ্ঠানৰ ভিতৰত প্ৰায় ১৫০টা থ্ৰিচূৰ চহৰ আৰু ইয়াৰ আশে-পাশে অৱস্থিত।[56] ইয়াৰ ভিতৰত ৰাজ্যখনৰ কিছুমান বৃহৎ প্ৰতিষ্ঠান যেনে ঔষধি, বৈদ্যৰত্নম ঔষধশালা আৰু কে. পি. নাম্বূদিৰিছ বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰ উপৰি, থ্ৰিচূৰৰ আয়ুৰ্বেদিক ঔষধ উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহৰ এক যৌথ পদক্ষেপ হিচাপে থ্ৰিচূৰ আয়ুৰ্বেদ ক্লাষ্টাৰ গঠন কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে থ্ৰিচূৰ জিলাৰ কোৰাট্টিস্থিত কিনফ্ৰা উদ্যানত (KINFRA Park) আয়ুৰ্বেদিক উদ্যোগসমূহৰ বাবে এক সমন্বিত ঔদ্যোগিক গোট (ক্লাষ্টাৰ) গঢ়ি তোলা হৈছে। [57][58][59][60]
থ্ৰিচূৰৰ খুচুৰা ব্যৱসায় খণ্ডত বহু আগশাৰীৰ প্ৰতিষ্ঠানে মুখ্য ভূমিকা পালন কৰিছে। ইয়াৰ ভিতৰত কল্যাণ গ্ৰুপ, জ'ছ আলুক্কাছ, জয় আলুক্কাছ আৰু জ'ছকো গ্ৰুপ বিশেষভাৱে উল্লেখযোগ্য।[61]কেৰালাৰ চতুৰ্থ তথ্য-প্ৰযুক্তি উদ্যান ইনফ'পাৰ্ক থ্ৰিচূৰ থ্ৰিচূৰ জিলাত অৱস্থিত। এই প্ৰযুক্তি উদ্যানটোৱে তথ্য-প্ৰযুক্তি উদ্যোগৰ বিকাশ, নতুন বিনিয়োগ আকৰ্ষণ আৰু নিয়োগৰ সুযোগ সৃষ্টিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।
[62][63][64] পৰ্যটন উদ্যোগেও থ্ৰিচূৰৰ অৰ্থনীতিত উল্লেখযোগ্য ভূমিকা পালন কৰে। কেৰালা ভ্ৰমণ কৰা বহু দেশীয় পৰ্যটকে থ্ৰিচূৰক কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰি ৰাজ্যখনৰ বিভিন্ন পৰ্যটনস্থলী ভ্ৰমণ কৰে। মন্দিৰ, প্ৰাচীন গীৰ্জা, ঐতিহ্য আৰু সমৃদ্ধ সাংস্কৃতিক পৰম্পৰাৰ বাবে থ্ৰিচূৰ কেৰালাত সৰ্বাধিক দেশীয় পৰ্যটক আকৰ্ষণ কৰা চহৰসমূহৰ অন্যতম।
প্ৰশাসন
[সম্পাদনা কৰক]| পৌৰ নিগমৰ বিষয়াসকল | ||
|---|---|---|
| Mayor | ডা° নিজি জাষ্টিন | |
| Deputy mayor | এ. প্ৰসাদ | |
| বিধানসভাৰ সদস্যসকল | ||
| থ্ৰিচূৰ বিধান সভা সমষ্টি | ৰাজন পল্লন | |
| ওল্লুৰ বিধান সভা সমষ্টি | কে ৰাজন (ৰাজনীতিবিদ) | |
| সংসদৰ সদস্য | ||
| থ্ৰিচূৰ লোকসভা সমষ্টি | সুৰেশ গোপী | |

পৌৰসভাৰ শাসন
[সম্পাদনা কৰক]১৯২১ চনৰপৰা কোচিন পৌৰ নিয়মাৱলীৰ অধীনত থ্ৰিচূৰ এখন পৌৰসভা হিচাপে পৰিচালিত হৈ আহিছে।[65][66] ১৯৩২ চনত নতুন পৌৰসভা ভৱন নিৰ্মাণ কৰা হয়। ১৯৭২ চনত কেইবাখনো গাঁও পঞ্চায়ত পৌৰসভাৰ অন্তৰ্ভুক্ত কৰা হয়। [65] ২০০০ চনৰ ১ অক্টোবৰ তাৰিখে থ্ৰিচূৰ পৌৰসভাক উন্নীত কৰি এখন পৌৰ নিগম গঠন কৰা হয়। এই সময়ত আয়্যন্থোল, কূৰ্কেঞ্চেৰী, নাদাথৰা, ভিলভাট্টম (এটা অংশ), অল্লুৰ আৰু অল্লুক্কাৰা অঞ্চলসমূহ নতুনকৈ থ্ৰিচূৰ পৌৰ নিগমৰ অধীনলৈ অনা হয়।
থ্ৰিচূৰ চহৰৰ প্ৰশাসন থ্ৰিচূৰ পৌৰ নিগমৰ জৰিয়তে পৰিচালিত হয়। পৌৰ নিগমটোৰ নেতৃত্বত এজন মেয়ৰ থাকে। চহৰখন তিনিটা বিধানসভা সমষ্টি থ্ৰিচূৰ, ওল্লুৰ আৰু চেৰ্পুৰ অন্তৰ্গত।[67] প্ৰশাসনিক সুবিধাৰ বাবে চহৰখনক ৫২টা ৱাৰ্ডত বিভক্ত কৰা হৈছে। এই ৱাৰ্ডসমূহৰপৰা পৌৰ নিগমৰ পৰিষদৰ সদস্যসকলক পাঁচ বছৰৰ বাবে নিৰ্বাচিত কৰা হয়।
ত্ৰিচূৰ ভাৰতৰ কেৰালা ৰাজ্যৰ দ্বিতীয় বৃহত্তম চহৰ নিগম। থ্ৰিছুৰ প্ৰপাৰ চহৰত মুখ্য কাৰ্যালয় থকা এই নিগমে চহৰখনৰ বিদ্যুৎ, পানী যোগান আৰু কঠিন আৱৰ্জনা ব্যৱস্থাপনা ব্যৱস্থা প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে। [65][68] থ্ৰিচূৰ পৌৰ নিগম, পঞ্চায়ত আৰু টাউন এণ্ড কাণ্ট্ৰী প্লেনিং বিভাগ (টিচিপিডি)ৰ উদ্যোগত নগৰখনৰ উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰা হয়। [69][70][71]
থ্ৰিচূৰ চহৰৰ পানী যোগান ব্যৱস্থা কেৰালা জল কৰ্তৃপক্ষ (Kerala Water Authority)-এ পৰিচালনা কৰে। অগ্নিনিৰ্বাপন, উদ্ধাৰ কাৰ্য আৰু আন জৰুৰীকালীন সেৱাৰ দায়িত্ব কেৰালা অগ্নি আৰু উদ্ধাৰ সেৱা বিভাগ (Kerala Fire and Rescue Services Department)-ৰ ওপৰত ন্যস্ত। চহৰখনত আইন-শৃংখলা বজাই ৰখাৰ দায়িত্ব পালন কৰে থ্ৰিচূৰ নগৰ আৰক্ষী এ। আনহাতে, কেৰালা ৰাজ্যিক বিদ্যুৎ ব'ৰ্ড এ থ্ৰিচূৰলৈ বিদ্যুৎ যোগান ধৰে। চহৰখনৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা মূলতঃ কেৰালা ৰাজ্যিক পথ পৰিবহণ নিগম (KSRTC)-এ পৰিচালনা কৰে। ইয়াৰ উপৰি ব্যক্তিগত বাছ সেৱায়ো থ্ৰিচূৰৰ দৈনন্দিন যাতায়াত ব্যৱস্থাত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে।
আৰক্ষী সেৱা
[সম্পাদনা কৰক]থ্ৰিচূৰ নগৰ আৰক্ষী আৰু থ্ৰিছুৰ গ্ৰাম্য আৰক্ষীৰ মুখ্য কাৰ্যালয়। থ্ৰিছুৰ চহৰ আৰক্ষীৰ নেতৃত্বত আছে এজন আৰক্ষী আয়ুক্ত, ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) বিষয়া। ত্ৰিছুৰ, কুন্নামকুলাম, অল্লুৰ আৰু গুৰুভায়ুৰ চাৰিটা মহকুমাত বিভক্ত। ইয়াৰ উপৰি মহিলা আৰক্ষী থানা আৰু এখন যান-বাহন আৰক্ষী থানাকে ধৰি ২৪খন আৰক্ষী থানাও পৰিচালনা কৰে। [72][73][74]
থ্ৰিচূৰ চহৰৰ আইন-শৃংখলা ৰক্ষাৰ দায়িত্ব থ্ৰিচূৰ চিটি পুলিচ আয়ুক্তালয়ে পালন কৰে। ইয়াৰ মুখ্য কাৰ্যালয় ৰামৱৰ্মপুৰমত অৱস্থিত পূৰ্বৰ জিলা সশস্ত্ৰ পুলিচৰ মুখ্য কাৰ্যালয়ত আছে। আনহাতে, থ্ৰিচূৰ গ্ৰাম্য পুলিচৰ মুখ্য কাৰ্যালয় আয়্যন্থোলস্থিত জিলা উপায়ুক্ত (কলেক্টৰ) কাৰ্যালয় চৌহদত অৱস্থিত। থ্ৰিচূৰ হৈছে থ্ৰিচূৰ ৰেঞ্জৰ পুলিচ মহাপৰিদৰ্শক (Inspector General of Police, IGP)-ৰ মুখ্য কাৰ্যালয়। এই ৰেঞ্জৰ অধীনত থ্ৰিচূৰ, পালাক্কাড আৰু মালাপ্পুৰম জিলাৰ আইন-শৃংখলা পৰিচালনা কৰা হয়। এই তিনিখন জিলাৰ সকলো পুলিচ অধীক্ষক (Superintendent of Police, SP) মহাপৰিদৰ্শকৰ অধীনত কাম কৰে।[75] চহৰখনত কেৰালা পুলিচ একাডেমী, ভিয়্যুৰ কেন্দ্ৰীয় কাৰাগাৰ,[76] পুলিচ কুকুৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু আবকাৰী একাডেমী আৰু গৱেষণা কেন্দ্ৰ অৱস্থিত। ইয়াৰ উপৰি কেৰালা পুলিচৰ নতুন কমাণ্ডো বাহিনী ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়নৰ মুখ্য কাৰ্যালয়ো ৰামৱৰ্মপুৰমত আছে। ইয়াৰ লগতে সীমা সুৰক্ষা বাহিনী (Border Security Force, BSF)-ৰ ১৪৮ নং বেটেলিয়ন-ৰ কেৰালাৰ প্ৰথম কেন্দ্ৰও থ্ৰিচূৰত স্থাপন কৰা হৈছিল।[77][78]
জনগাঁথনি
[সম্পাদনা কৰক]২০১১ চনৰ ভাৰতৰ জনগণনা তথ্য অনুসৰি, থ্ৰিচূৰ চহৰৰ মুঠ জনসংখ্যা ৩,১৫,৯৫৭ জন। ইয়াৰে ১,৫২,২৯৬ জন (৪৮.২%) পুৰুষ আৰু ১,৬৩,৬৬১ জন (৫১.৮%) মহিলা। চহৰখনৰ জনঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩,১৩০ জন। লিংগ অনুপাত হৈছে প্ৰতি ১,০০০ পুৰুষৰ বিপৰীতে ১,০৯২ গৰাকী মহিলা। থ্ৰিচূৰত মুঠ ৬৬,৮২৭টা পৰিয়াল আছে আৰু গড় পৰিয়ালৰ আকাৰ ৪.২৭ জন সদস্য। চহৰখনৰ বস্তিবাসী জনসংখ্যা মুঠ জনসংখ্যাৰ ০.৩০%, আৰু কেৰালাৰ মুঠ বস্তিবাসী জনসংখ্যাৰ ০.৩৭% থ্ৰিচূৰত বাস কৰে। থ্ৰিচূৰৰ গড় সাক্ষৰতাৰ হাৰ ৯৫.৯৬%। ইয়াৰে পুৰুষৰ সাক্ষৰতাৰ হাৰ ৯৭.৩৭% আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ৯৪.৭২%। [79]
ভাষা অনুসৰি ৯৭.৭৬% জনসংখ্যায় মালয়ালম আৰু ১.৩৫% তামিল ভাষাক প্ৰথম ভাষা হিচাপে ব্যৱহৃত হয় [80]
ৰাজনীতি
[সম্পাদনা কৰক]দক্ষিণ ভাৰতৰ ৰাজনৈতিক ইতিহাসত থ্ৰিচূৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চহৰখনৰ প্ৰশাসন থ্ৰিচূৰ পৌৰ নিগমে পৰিচালনা কৰে। বৰ্তমান (২০২৬ চনলৈকে) ড° নিজি জাষ্টিন (ইউডিএফ) থ্ৰিচূৰ পৌৰ নিগমৰ মেয়ৰ। থ্ৰিচূৰ চহৰখনৰ প্ৰতিনিধিত্ব কেৰালা বিধানসভাত দুজন নিৰ্বাচিত সদস্যই কৰে। এজন থ্ৰিচূৰ বিধানসভা সমষ্টিৰপৰা আৰু আনজন অল্লুৰ বিধানসভা সমষ্টিৰপৰা নিৰ্বাচিত হয়। ২০২৬ চনলৈকে থ্ৰিচূৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰাজন জে. পল্লান, আৰু অল্লুৰ বিধানসভা সমষ্টিৰ বিধায়ক কে. ৰাজন। [81][82]
থ্ৰিচূৰ চহৰখনো থ্ৰিছুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ পাঁচ বছৰৰ মূৰে মূৰে এবাৰ সদস্য নিৰ্বাচন কৰে। বৰ্তমানৰ সাংসদ ভাৰতীয় জনতা পাৰ্টিৰ সুৰেশ গোপী। [83] লোকসভাৰ আসনখন মূলতঃ ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৫১ চনৰপৰা সাতটা কাৰ্যকাল) আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (১৯৫৭ চনৰপৰা দহটা কাৰ্যকাল)ৰ দখলত আছে।
সংস্কৃতি
[সম্পাদনা কৰক]
উৎসৱ
[সম্পাদনা কৰক]থ্ৰিচূৰক কেৰালাৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায়। শতিকা ধৰি চলি অহা সমৃদ্ধ সাংস্কৃতিক পৰম্পৰাই চহৰখনক এক বিশেষ মৰ্যাদা প্ৰদান কৰিছে। থ্ৰিচূৰৰ আটাইতকৈ বিখ্যাত উৎসৱ হৈছে থ্ৰিচূৰ পূৰম, যাক কেৰালাৰ সৰ্ববৃহৎ পূৰম উৎসৱ বুলি গণ্য কৰা হয় আৰু ইয়াক প্ৰায়ে “সকলো পূৰমৰ পূৰম” বুলিও কোৱা হয়। এই উৎসৱ মালয়ালম পঞ্জিকাৰ মেডম (Medam) মাহত, অৰ্থাৎ প্ৰায় এপ্ৰিলৰ মাজভাগৰপৰা মে' মাহৰ মাজভাগলৈকে, প্ৰতি বছৰে অনুষ্ঠিত হয়। প্ৰায় ৩৬ ঘণ্টা ধৰি চলা এই মহোৎসৱৰ সময়ত থ্ৰিচূৰ চহৰত লাখ লাখ ভক্ত আৰু দৰ্শনাৰ্থীৰ সমাগম হয়। সুসজ্জিত হাতী, পঞ্চবাদ্যম, মেলম, ছাতি সলনি (কুডামাট্টম) আৰু আকৰ্ষণীয় আতচবাজীৰ বাবে থ্ৰিচূৰ পূৰম বিশ্ববিখ্যাত। [84][85][86][87] কাৱকালী নামেৰেও পৰিচিত পুলি কালি আন এক উৎসৱ, য’ত হাজাৰ হাজাৰ লোকে চহৰখনলৈ আকৰ্ষণ কৰে। মূলতঃ কেৰালাত পালন কৰা বাৰ্ষিক শস্য চপোৱা উৎসৱ ওনাম উপলক্ষ্য্যে প্ৰশিক্ষিত শিল্পীয়ে ৰাইজক মনোৰঞ্জন দিবলৈ ইয়াক পৰিৱেশন কৰে। [88][89] বুয়ন নাটালে (Buon Natale) হৈছে থ্ৰিচূৰৰ স্বৰাজ ৰাউণ্ডত খ্ৰীষ্টমাছ উপলক্ষ্য্যে আয়োজন কৰা এক জনপ্ৰিয় সাংস্কৃতিক উৎসৱ। এই উৎসৱৰ মূল আকৰ্ষণ হৈছে বুয়ন নাটালে শোভাযাত্ৰা। ২০১৪ চনত সান্তা ক্লজৰ বেশত সৰ্বাধিকসংখ্যক লোকৰ অংশগ্ৰহণৰ বাবে এই শোভাযাত্ৰাই গিনিছ বিশ্ব অভিলেখত স্থান লাভ কৰিছিল।
থ্ৰিচূৰত বিভিন্ন ধৰ্ম আৰু সম্প্ৰদায়ৰ উৎসৱ সমানে উৎসাহেৰে উদ্যাপন কৰা হয়। ইয়াৰ ভিতৰত খ্ৰীষ্টমাছ, ওণম, দীপাৱলী, ইষ্টাৰ, ঈদ আৰু বিষু বিশেষভাৱে উল্লেখযোগ্য। এই উৎসৱসমূহে থ্ৰিচূৰৰ বহুসাংস্কৃতিক ঐতিহ্য, সামাজিক সম্প্ৰীতি আৰু উৎসৱমুখৰ জীৱনধাৰাক প্ৰতিফলিত কৰে।
মহানগৰীৰ বহু উৎসৱত হাতীয়ে মুখ্য ভূমিকা পালন কৰে [90][91] বছৰি চহৰখনৰ বডাক্কুন্নাথান মন্দিৰত অনুষ্ঠিত হোৱা আনায়ুট্টু (হাতীক খুৱাই দিয়া) হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ হাতীক খুৱাই দিয়া অনুষ্ঠান। মালয়ালম মাহৰ কাৰ্কিদাকামৰ প্ৰথম দিনটোত এই অনুষ্ঠান অনুষ্ঠিত হয় [92][93][94]
সাহিত্য
[সম্পাদনা কৰক]থ্ৰিচূৰৰ সাহিত্যিক ঐতিহ্য কেৰালাৰ প্ৰাচীন ইতিহাসলৈকে বিস্তৃত। কিন্তু কেৰালা চৰকাৰে সাহিত্য, সংগীত আৰু চিত্ৰকলাৰ বিকাশৰ উদ্দেশ্যে কেৰালা ললিতকলা আকাডেমী, কেৰালা সাহিত্য আকাডেমী, কেৰালা সংগীত নাটক আকাডেমী আৰু থ্ৰিচূৰ চৰুকলা মহাবিদ্যালয় স্থাপন কৰাৰ পাছত চহৰখন সাহিত্য-সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠে। ভাৰত স্বাধীন হোৱাৰ পিছত থ্ৰিচূৰক কেৰালাৰ সাহিত্যিক ৰাজধানী বুলিও কোৱা হ’বলৈ ধৰে। এই সময়ছোৱাত উপন্যাসিক, কবি, প্ৰাবন্ধিক আৰু বক্তাসকলৰ এক মিলনস্থলী হিচাপে চহৰখন বিশেষ খ্যাতি লাভ কৰে। ১৯৫২ চনত প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰফেছৰ জোচেফ মুণ্ডাশেৰীয়ে থ্ৰিচূৰত কাৰেণ্ট বুকছৰ প্ৰথমখন গ্ৰন্থৰ দোকান স্থাপন কৰে। ইয়াৰ ফলত এই অঞ্চল সাহিত্যিকসকলৰ এক আড্ডাস্থলীলৈ পৰিণত হয়। অ’ ভি বিজয়ন, কোভিলান, ভি. কে. এন., উৰুব, এডাচ্ছেৰী গোবিন্দন নায়াৰ, এম. টি. বাসুদেৱন নায়াৰ, কে. জি. শংকৰ পিল্লাই আৰু ছাৰা জোচেফ আদি বহু বিশিষ্ট সাহিত্যিকে ইয়াত সমবেত হৈছিল। পিছলৈ এই অঞ্চল “কাৰেণ্ট মূলা” (Current Corner) নামেৰে সুপৰিচিত হয়। [95]কাৰেণ্ট বুকছ কিতাপৰ দোকান থকা অট্টালিকাটো ২০১১ চনত ভাঙি পেলোৱা হৈছিল।[96]
থ্ৰিচূৰ বহু বিশিষ্ট মালয়ালম সাহিত্যিকৰ জন্মভূমি আৰু কৰ্মভূমি। এই চহৰখনৰ সৈতে জড়িত প্ৰখ্যাত সাহিত্যিকসকলৰ ভিতৰত কোভিলান, কুঞ্জুন্নি মাশ, সুকুমাৰ আজীক্কোড, কে. সচ্চিদানন্দন, মুল্লানেঝি, চাৰা যোচেফ, আট্টূৰ ৰবি বৰ্মা, ললিতা লেনিন, পি. ভাস্কৰণ আৰু জোচেফ মুন্দাচেৰী বিশেষভাৱে উল্লেখযোগ্য। তেওঁলোকৰ সাহিত্যসৃষ্টিয়ে মালয়ালম ভাষা-সাহিত্যক সমৃদ্ধ কৰাৰ লগতে কেৰালাৰ সাংস্কৃতিক পৰিচয় গঢ়ি তোলাতো উল্লেখযোগ্য ভূমিকা পালন কৰিছে।
ধৰ্মীয় প্ৰতিষ্ঠান
[সম্পাদনা কৰক]

থ্ৰিচূৰ কেৰালাৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু তীৰ্থস্থানৰ কেন্দ্ৰ। ইয়াত থকা বহুতো মন্দিৰ, গীৰ্জা আৰু মছজিদে চহৰখনৰ সমৃদ্ধ ধৰ্মীয় ঐতিহ্য আৰু স্থাপত্যকলাৰ সাক্ষ্য বহন কৰে। থ্ৰিচূৰৰ বিখ্যাত বড়ক্কুন্নাথন মন্দিৰ কিংবদন্তি অনুসৰি পৰশুৰামে প্ৰতিষ্ঠা কৰিছিল বুলি বিশ্বাস কৰা হয়। কেৰালাৰ পৰম্পৰাগত স্থাপত্যশৈলীত নিৰ্মিত এই মন্দিৰত বহুতো পৱিত্ৰ উপ-মন্দিৰ আৰু মহাভাৰতৰ বিভিন্ন ঘটনাক চিত্ৰিত কৰা মনোমোহা দেৱালচিত্ৰ (মিউৰেল) সংৰক্ষিত হৈ আছে। চহৰখনতে অৱস্থিত থিৰুৱাম্বাডি শ্ৰীকৃষ্ণ মন্দিৰ কেৰালাৰ অন্যতম বৃহৎ শ্ৰীকৃষ্ণ মন্দিৰ। আনহাতে পাৰামেক্কাভু ভগৱতী মন্দিৰ ৰাজ্যখনৰ অন্যতম প্ৰধান ভগৱতী মন্দিৰ হিচাপে পৰিচিত। থ্ৰিচূৰ নগৰকেন্দ্ৰৰপৰা প্ৰায় ৯ কিলোমিটাৰ দূৰত ভেংগিনিচ্চেৰী গাঁৱত আইক্কুন্নু পাণ্ডৱগিৰি দেৱী মন্দিৰ অৱস্থিত। ইয়াৰ উপৰি থ্ৰিচূৰৰপৰা প্ৰায় ২৮ কিলোমিটাৰ দূৰত গুৰুৱায়ূৰত অৱস্থিত শ্ৰী গুৰুৱায়ূৰাপ্পন মন্দিৰক "ভুলোক বৈকুণ্ঠ" অৰ্থাৎ "পৃথিৱীত বিষ্ণুৰ পৱিত্ৰ আৱাস" বুলিও কোৱা হয়। থ্ৰিচূৰত বহু গুৰুত্বপূৰ্ণ খ্ৰীষ্টান উপাসনালয়ো আছে। এছিয়াৰ আটাইতকৈ ওখ গীৰ্জাসমূহৰ অন্যতম আৱাৰ লেডী অৱ ড'ল'ৰ্ছ ছাইৰো-মালাবাৰ কেথলিক বেছিলিকা (পুথানপল্লী) ইয়াতেই অৱস্থিত। আৱাৰ লেডী অৱ লূৰ্দ্ছ ছাইৰো-মালাবাৰ কেথেড্ৰেল ইয়াৰ ভূ-গৰ্ভস্থ প্ৰাৰ্থনাগৃহৰ বাবে বিশেষভাৱে জনাজাত। অল্লুৰৰ ছেইণ্ট এণ্টনি ছাইৰো-মালাবাৰ গীৰ্জা, যাক "চিন্না ৰোমা" (সৰু ৰোম) বুলিও কোৱা হয়, ইয়াৰ অনন্য স্থাপত্য আৰু স্থানীয় চিত্ৰকলাৰ বাবে বিখ্যাত। চহৰখনতে ছেইণ্ট ইউফ্ৰেছিয়াৰ সমাধিস্থল আৰু সংগ্ৰহালয়ো অৱস্থিত। থ্ৰিচূৰৰপৰা প্ৰায় ২৮ কিলোমিটাৰ দূৰত পালায়ূৰৰ ছেইণ্ট থমাছ ছাইৰো-মালাবাৰ গীৰ্জা ভাৰতৰ প্ৰথম খ্ৰীষ্টীয় গীৰ্জা বুলি বিশ্বাস কৰা হয়। পৰম্পৰা অনুসৰি, যীচুৰ শিষ্য ছেইণ্ট থমাছে ইয়াতেই ভাৰতত প্ৰথম বাপ্তিস্ম সম্পন্ন কৰিছিল। ইছলাম ধৰ্মৰ ক্ষেত্ৰতো থ্ৰিচূৰৰ বিশেষ ঐতিহাসিক গুৰুত্ব আছে। থ্ৰিচূৰ চহৰৰ চেট্টিয়াঙ্গাডি হানাফী মছজিদ চহৰখনৰ অন্যতম পুৰণি মছজিদ। আনহাতে, থ্ৰিচূৰৰপৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত কডুংগাল্লুৰত অৱস্থিত চেৰামান জুমা মছজিদ ভাৰতৰ প্ৰথম মছজিদ হিচাপে সুপৰিচিত।
খাদ্য
[সম্পাদনা কৰক]থ্ৰিচূৰৰ খাদ্য-সংস্কৃতি ইয়াৰ ইতিহাস, ভৌগোলিক অৱস্থান, জনসংখ্যাগত বৈশিষ্ট্য আৰু সাংস্কৃতিক ঐতিহ্যৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। ইয়াত চাউল হৈছে মুখ্য খাদ্য। থ্ৰিচূৰত জনপ্ৰিয় জলপানসমূহৰ ভিতৰত আচাপ্পম, কুঝালাপ্পম (Kuzhalappam), ভাট্টেপ্পম (Vatteppam), উন্নিয়াপ্পম (Unniyappam) আৰু পাঝম পোৰি (Pazham Pori) উল্লেখযোগ্য। ইয়াৰ উপৰি ভেল্লায়াপ্পম (Vellayappam)—চাউলৰ গুৰিৰে প্ৰস্তুত এক বিশেষ ধৰণৰ ৰাইচ হপাৰ—থ্ৰিচূৰৰ এক পৰিচিত ঐতিহ্যবাহী খাদ্য। এই খাদ্যৰ জনপ্ৰিয়তাৰ বাবে চহৰখনত "ভেল্লায়াপ্পম আংগাড়ি" (Vellayappam Angadi) নামেৰে বিশেষ খাদ্যৰপথ (Food Street)ও আছে, য'ত বিভিন্ন ধৰণৰ ভেল্লায়াপ্পম আৰু আন থলুৱা সুস্বাদু খাদ্য উপলব্ধ।
শিক্ষা
[সম্পাদনা কৰক]
প্ৰাচীন কালৰেপৰা শিক্ষাৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হোৱা থ্ৰিছুৰ আধুনিক শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে। [97][98] চহৰৰ বিদ্যালয়সমূহ হয় ৰাজহুৱাভাৱে কেৰালা চৰকাৰে পৰিচালনা কৰে নহয় ব্যক্তিগতভাৱে, কিছুমান চৰকাৰৰপৰা আৰ্থিক সাহায্য লাভ কৰে। সাধাৰণতে ইংৰাজী বা মালয়ালম ভাষাত শিক্ষা গ্ৰহণ কৰা হয়, অৱশ্যে ইংৰাজীয়ে সংখ্যাগৰিষ্ঠ। বেছিভাগ বিদ্যালয়েই কেৰেলা ৰাজহুৱা পৰীক্ষা ব’ৰ্ড, ভাৰতীয় মাধ্যমিক শিক্ষাৰ প্ৰমাণ-পত্ৰ (আইচিএছই), কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড (চিবিএছই), ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠান (এনআইঅ’এছ) বা মণ্টেছৰী ব্যৱস্থাৰ সৈতে জড়িত। [99][100]ইয়াত ৯৩খন নিম্ন প্ৰাথমিক বিদ্যালয়; ৩৪খন উচ্চ প্ৰাথমিক বিদ্যালয়; [101][102] আৰু ৭৮খন হাইস্কুল; [103] আৰু ১৫৭ খন[104] হায়াৰ চেকেণ্ডাৰী স্কুল থ্ৰিচূৰ মহানগৰত আছে। ১৮৪৫ চনত আৰম্ভ হোৱা চাৰ্চ মিছন ছ’চাইটি স্কুল আটাইতকৈ পুৰণি স্কুল আৰু ছেইণ্ট থমাছ কলেজ থ্ৰিছুৰৰ প্ৰথমখন কলেজ। ২০২২ চনৰ ২ ছেপ্টেম্বৰত থ্ৰিছুৰে ইউনেস্কো গ্ল’বেল নেটৱৰ্ক অৱ লাৰ্নিং চিটিজ (জিএনএলচি)ত যোগদান কৰে। [105]
খেল
[সম্পাদনা কৰক]
থ্ৰিচূৰত ফুটবল আটাইতকৈ জনপ্ৰিয় খেল। চহৰখনত দুটা মুখ্য ফুটবল ষ্টেডিয়াম আছে— থ্ৰিচূৰ পৌৰ নিগম ষ্টেডিয়াম আৰু থোপে ষ্টেডিয়াম। ১৯৯০ চনত ফেডাৰেচন কাপ ফুটবল প্ৰতিযোগিতা উপলক্ষ্যে থ্ৰিচূৰ কৰ্প'ৰেচন গ্ৰাউণ্ডত গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছ অনুসৰি বিশ্বৰ সৰ্ববৃহৎ আৰু সৰ্বোচ্চ অস্থায়ী ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল। এই ষ্টেডিয়ামৰ নক্সা প্ৰস্তুত কৰিছিল অভিযন্তা টি. জে. এণ্টনীয়ে। থ্ৰিচূৰ বহু খ্যাতনামা ভাৰতীয় ফুটবলাৰৰ জন্মস্থান। ইয়াৰ ভিতৰত প্ৰাক্তন ভাৰতীয় অধিনায়ক চি. ভি. পাপ্পাচন, আই. এম. বিজয়ন, জো প'ল আঞ্চেৰী, লগতে ফিফা অনূৰ্ধ্ব-১৭ বিশ্বকাপত অংশগ্ৰহণ কৰা কে. পি. ৰাহুল বিশেষভাৱে উল্লেখযোগ্য। থ্ৰিচূৰত প্ৰতি বছৰে এন. আই. ডেভিড স্মাৰক ট্ৰফী নামৰ আন্তঃক্লাব ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাখন ১৯৯৬ চনত তেতিয়াৰ থ্ৰিচূৰৰ আৰক্ষী অধীক্ষকৰ উদ্যোগত আৰম্ভ কৰা হৈছিল।[106][107][108][109][110]
থ্ৰিচূৰত উন্নত ক্ৰীড়া আন্তঃগাঁথনি গঢ়ি উঠিছে। চহৰখনত ফ্লাডলাইট সুবিধাসম্পন্ন থ্ৰিচূৰ পৌৰ নিগম ষ্টেডিয়াম আছে। [111] ইয়াৰ উপৰি ভি. কে. এন. মেনন ইনড'ৰ ষ্টেডিয়াম আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (SAI)-ৰ তত্ত্বাৱধানত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সুবিধাসমৃদ্ধ থ্ৰিচূৰ একুৱাটিক কমপ্লেক্স অৱস্থিত। থ্ৰিচূৰে ভাৰতলৈ বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শৰীৰ গঠন (বডিবিল্ডিং) খেলুৱৈ আগবঢ়াইছে।[111] লগতে বিশ্বখ্যাত দাবা প্ৰতিভা নিহাল ছাৰিন থ্ৰিচূৰৰ বাসিন্দা।
চিত্ৰসমূহ
[সম্পাদনা কৰক]- থ্ৰিচূৰ চিৰিয়াখানাৰ প্ৰৱেশদ্বাৰ।
- প্ৰত্নতাত্ত্বিক সংগ্ৰহালয়, থ্ৰিচূৰ
- চেণ্ট থমাছ কলেজ, থ্ৰিচূৰ
- থ্ৰিচূৰ টাউন হল
- মিউৰেল আৰ্ট মিউজিয়াম
- শক্তি থাম পূৰণ প্ৰাসাদ
তথ্যৰ উৎস
[সম্পাদনা কৰক]- 1 2 "തൃശ്ശൂര് കോര്പ്പറേഷന്". Thrissurcorporation.lsgkerala.gov.in. https://thrissurcorporation.lsgkerala.gov.in/। আহৰণ কৰা হৈছে: 20 June 2026.
- ↑ "Thrissur Pooram disruption: City Police Commissioner Ankit Asokan transferred". Onmanorama.com. https://www.onmanorama.com/news/kerala/2024/06/10/thrissur-pooram-row-city-police-commissioner-ankit-asokan-transferred.html.
- ↑ "തൃശ്ശൂര് കോര്പ്പറേഷന്". Thrissurcorporation.lsgkerala.gov.in. https://thrissurcorporation.lsgkerala.gov.in/en/about-corporation/378.
- ↑ "Kerala (India): Districts, Cities and Towns – Population Statistics, Charts and Map". Citypopulation.de. https://www.citypopulation.de/en/india/kerala/.
- ↑ "Thrissur, India Metro Area Population 1950-2025". Macrotrends.net. https://www.macrotrends.net/global-metrics/cities/21416/thrissur/population.
- ↑ "Provisional Population Totals, Census of India 2011". Census India. http://censusindia.gov.in/2011-prov-results/paper2/data_files/India2/Table_4_PR_UAs_1Lakh_and_Above_Appendix.pdf। আহৰণ কৰা হৈছে: 28 October 2011.
- ↑ "Comparative study of decadal growth of state/districts 1991–2001, 2001–2011". Census India. http://www.censusindia.gov.in/2011-prov-results/data_files/kerala/ppt_at_a_glance_kerala.pdf। আহৰণ কৰা হৈছে: 28 October 2011.
- ↑ "തൃശ്ശൂര് കോര്പ്പറേഷന്". Thrissur corporation. https://thrissurcorporation.lsgkerala.gov.in/en/history। আহৰণ কৰা হৈছে: 2025-02-25.
- ↑ "District of Thrissur the Cultural Capital and the land of Pooram Festival" (en ভাষাত). Keralatourism.org. https://www.keralatourism.org/districts/thrissur/। আহৰণ কৰা হৈছে: 2025-02-25.
- ↑ "Thrissur". Thrissur Municipal Corporation. Archived from the original on 12 July 2012. https://web.archive.org/web/20120712204309/http://210.212.239.30/tsr/thrissur.htm। আহৰণ কৰা হৈছে: 22 September 2010.
- ↑ "Literary and cultural societies". Kerala Government. Archived from the original on 18 February 2012. https://web.archive.org/web/20120218134049/http://www.tsr.kerala.gov.in/sectors.htm। আহৰণ কৰা হৈছে: 6 October 2010.
- ↑ "Festivals and Fairs of Thrissur". Kerala Government. Archived from the original on 13 March 2014. https://web.archive.org/web/20140313140644/http://www.tsr.kerala.gov.in/index.php?option=com_content&view=article&id=92:festivals-and-fairs&catid=29:tourism&Itemid=38। আহৰণ কৰা হৈছে: 6 October 2012.
- ↑ "Tourism". Thrissur Corporation. Archived from the original on 26 March 2012. https://web.archive.org/web/20120326160448/http://210.212.239.30/tsr/pilgrim.htm। আহৰণ কৰা হৈছে: 6 October 2010.
- ↑ "Kerala: Islamic Institute Starts Sanskrit Course, Sets Example Amid Saffronisation Debate" (en ভাষাত). Outlookindia.com/. 2022-11-13. https://www.outlookindia.com/national/kerala-islamic-institute-starts-sanskrit-course-sets-example-amid-saffronisation-debate-news-237024। আহৰণ কৰা হৈছে: 2023-02-18.
- ↑ "Islamic Institute in Kerala to teach Bhagvad Gita, Sanskrit Hindu texts as part of its syllabus". Oneindia.com/. 2023-01-17. https://www.oneindia.com/india/islamic-institute-in-kerala-to-teach-bhagvad-gita-sanskrit-hindu-texts-as-part-of-its-syllabus-3512308.html। আহৰণ কৰা হৈছে: 2023-02-18.
- ↑ "Hindu texts, Sanskrit in Islamic school". Telegraphindia.com. https://www.telegraphindia.com/india/hindu-texts-sanskrit-in-islamic-school/cid/1910315। আহৰণ কৰা হৈছে: 2023-02-19.
- ↑ "Islamic institution in Thrissur teaches students Sanskrit, Gita, Upanishads" (en-GB ভাষাত). The South First. 2022-11-13. https://thesouthfirst.com/featured/islamic-institution-in-thrissur-teaches-students-sanskrit-gita-upanishads/। আহৰণ কৰা হৈছে: 2023-02-19.
- ↑ "Kerala Islamic institute teaches Sanskrit and Upanishads" (en ভাষাত). English.madhyamam.com. 2022-11-13. https://english.madhyamam.com/india/kerala-islamic-institute-teaches-sanskrit-and-upanishads-1095918। আহৰণ কৰা হৈছে: 2023-02-19.
- ↑ "Kerala's Islamic institution teaches Sanskrit, Hindu scriptures" (en ভাষাত). Indianarrative.com. 2022-11-14. Archived from the original on 2023-02-19. https://web.archive.org/web/20230219182801/https://www.indianarrative.com/culture-news/keralas-islamic-institution-teaches-sanskrit-and-hindu-scriptures-to-students-71850.html। আহৰণ কৰা হৈছে: 2023-02-19.
- ↑ "With RBI nod, ESAF is now 'scheduled bank'" (en ভাষাত). @businessline. 28 December 2018. https://www.thehindubusinessline.com/money-and-banking/with-rbi-nod-esaf-is-now-scheduled-bank/article25853930.ece। আহৰণ কৰা হৈছে: 2021-10-27.
- ↑ "Tourist statistics". Kerala Tourism. http://www.keralatourism.org/tourismstatistics/Microsoft%20Word%20-%20Tourist_statistics_for_Internet.pdf। আহৰণ কৰা হৈছে: 15 February 2010.
- ↑ "History". Kerala Agricultural University. http://www.kau.edu/institution.htm। আহৰণ কৰা হৈছে: 6 May 2010.
- ↑ "About Us". Kerala Institute of Local Administration. Archived from the original on 16 October 2013. https://web.archive.org/web/20131016122959/http://www.kilaonline.org/node/1। আহৰণ কৰা হৈছে: 6 May 2010.
- ↑ "Educational Institutions". Thrissur Corporation. Archived from the original on 26 March 2012. https://web.archive.org/web/20120326160448/http://210.212.239.30/tsr/pilgrim.htm। আহৰণ কৰা হৈছে: 6 October 2010.
- ↑ "UNESCO Global Network of Learning cities - Thrissur, India". UNESCO. https://www.uil.unesco.org/en/learning-cities/thrissur। আহৰণ কৰা হৈছে: 29 November 2024.
- ↑ "District Thrissur, Government of Kerala | Official Website Of Thrissur District Administration | India". Thrissur.nic.in. https://thrissur.nic.in/en/। আহৰণ কৰা হৈছে: 20 June 2026.
- ↑ Kapoor, Subodh (2002). The Indian Encyclopaedia. Cosmo Publications. ISBN 9788177552577. https://books.google.com/books?id=0Ukyp-gbtHcC&pg=PA7069। আহৰণ কৰা হৈছে: 20 January 2013.
- ↑ "4 Pivotal points about Thrissur – The Cultural Nerve center of Kerala" (en ভাষাত). indiaherald.com. https://www.indiaherald.com/LifeStyle/Read/142118/4-Pivotal-points-about-Thrissur-%E2%80%93-The-Cultural-Nerve-center-of-Kerala#google_vignette। আহৰণ কৰা হৈছে: 2025-02-25.
- ↑ "Thrissur – History". Thrissur district website. Archived from the original on 23 February 2014. https://web.archive.org/web/20140223172335/http://thrissur.gov.in/history.asp। আহৰণ কৰা হৈছে: 15 April 2014.
- ↑ S Hemachandran, "Monuments Embossing History"[সংযোগবিহীন উৎস], Kerala Calling, July 2007. Retrieved 24 January 2009
- ↑ "A tour of heritage sites in Thrissur". The Hindu (Chennai, India). 4 December 2009. http://hindu.com/2009/12/04/stories/2009120450620200.htm.
- 1 2 "Brief History". Kerala Government. Archived from the original on 26 April 2012. https://web.archive.org/web/20120426034630/http://ecostat.kerala.gov.in/pdf/dis/thrissur.pdf। আহৰণ কৰা হৈছে: 27 June 2011.
- ↑ "Tipu Sultan: as known in Kerala". VOI Books. Archived from the original on 22 February 2018. https://web.archive.org/web/20180222080826/http://voi.org/books/tipu/ch04.htm। আহৰণ কৰা হৈছে: 27 June 2011.
- ↑ "Thrissur school remembers Mahatma's visit". The Hindu (Chennai, India). 15 October 2010. Archived from the original on 13 October 2011. https://web.archive.org/web/20111013171839/http://www.hindu.com/2010/10/15/stories/2010101550770200.htm.
- ↑ "Barrister Krishna Menon's forgotten story". CityJournal. http://www.cityjournal.in/Newspaper/20110615/metro/metro_19.html। আহৰণ কৰা হৈছে: 11 July 2011.
- ↑ C A Krishnan (2009). Anchuvilakku, p.35-38. Green Books, Thrissur. আই.এচ.বি.এন. 978-81-8423-128-1
- ↑ "Thrissur – History". Thrissur Govt. Archived from the original on 23 February 2014. https://web.archive.org/web/20140223172335/http://thrissur.gov.in/history.asp। আহৰণ কৰা হৈছে: 11 July 2011.
- 1 2 "Geography and Climate". ADB. http://www.adb.org/Documents/Reports/Consultant/32300-IND/32300-02-Thrissur-IND-TACR.pdf। আহৰণ কৰা হৈছে: 16 May 2010.
- ↑ "Warning bells in Kole". The Hindu. 2007-10-14. Archived from the original on 16 October 2007. https://web.archive.org/web/20071016093454/http://hindu.com/mag/2007/10/14/stories/2007101450020200.htm। আহৰণ কৰা হৈছে: 23 June 2012.
- ↑ "Agriculture-wetland interactions and sustainability of rice cultivation in the Kole land, Kerala". Jeena T Srinivasan. Archived from the original on 29 July 2013. https://web.archive.org/web/20130729141828/http://www.ecoinsee.org/6bconf/Theme%20A/AB.3.2%20Jeena.pdf। আহৰণ কৰা হৈছে: 23 June 2012.
- ↑ "Project to protect kole wetlands". The Hindu. 2011-01-08. Archived from the original on 24 April 2011. https://web.archive.org/web/20110424070830/http://www.hindu.com/2011/01/08/stories/2011010860470300.htm। আহৰণ কৰা হৈছে: 23 June 2012.
- ↑ "Migratory fish spotted in kole land". The Hindu. 2011-04-18. Archived from the original on 19 July 2011. https://web.archive.org/web/20110719072933/http://www.hindu.com/2011/04/18/stories/2011041854330700.htm। আহৰণ কৰা হৈছে: 23 June 2012.
- ↑ Jose AI, Paulose S, Prameela P & Bonny BP (eds), 2002, Package of Practices Recommendations: Crops Archived 19 December 2005 at the Wayback Machine, Kerala Agricultural University. Retrieved 18 January 2006.
- ↑ "Geography". Thrissur Municipal Corporation. Archived from the original on 26 April 2012. https://web.archive.org/web/20120426034621/http://210.212.239.30/tsr/evolution%26geography.htm। আহৰণ কৰা হৈছে: 27 November 2010.
- 1 2 "Climate". Kerala Government. http://www.tsr.kerala.gov.in/gen.htm। আহৰণ কৰা হৈছে: 22 September 2010.
- ↑ "Climatological Tables of Observatories in India 1991-2020". India Meteorological Department. https://imdpune.gov.in/library/public/Climatological%20Tables%201991-2020.pdf। আহৰণ কৰা হৈছে: April 8, 2024.
- ↑ "South Indian Bank sees sunshine in slowdown". The Economic Times. 4 March 2009. Archived from the original on 19 July 2020. https://web.archive.org/web/20200719043838/http://www1.economictimes.indiatimes.com/News/News-By-Industry/Banking-Finance-/Banking/South-Indian-Bank-sees-sunshine-in-slowdown/articleshow/4222496.cms.
- ↑ "Banking/Finance". (The Economic Times). 4 March 2009. Archived from the original on 19 July 2020. https://web.archive.org/web/20200719043838/http://www1.economictimes.indiatimes.com/News/News-By-Industry/Banking-Finance-/Banking/South-Indian-Bank-sees-sunshine-in-slowdown/articleshow/4222496.cms.
- ↑ "Kerala shines in gold ornament export". The Economic Times. 20 August 2005. http://economictimes.indiatimes.com/news/economy/policy/Kerala-shines-in-gold-ornament-export/articleshow/1205891.cms.
- ↑ "No impact of recession on gold business'". Business Line. http://www.thehindubusinessline.com/blnus/08091450.htm। আহৰণ কৰা হৈছে: 13 December 2010.[সংযোগবিহীন উৎস]
- ↑ "ESAF to start with 10 branches as small finance bank". The Hindu. 18 July 2016. http://www.thehindu.com/business/Industry/esaf-to-start-with-10-branches-as-small-finance-bank/article8866748.ece.
- ↑ "About Us". South Indian Bank. http://www.southindianbank.com/content/viewContentLvl1.aspx?linkIdLvl2=5&linkid=5। আহৰণ কৰা হৈছে: 1 February 2010.
- ↑ "Genesis". Catholic Syrian Bank. Archived from the original on 17 February 2010. https://web.archive.org/web/20100217211409/http://www.csb.co.in/asp/0100text.asp?pageID=2&headID=27। আহৰণ কৰা হৈছে: 15 February 2010.
- ↑ "Chit fund companies on the rise". DNA India (DNA). http://www.dnaindia.com/money/report_chit-fund-companies-on-the-rise_1288173.
- ↑ "Chit fund cos on the rise in Kerala". The Indian Express. 7 September 2009. http://www.indianexpress.com/news/chit-fund-cos-on-the-rise-in-kerala/513907/। আহৰণ কৰা হৈছে: 15 February 2010.
- ↑ "Thrissur – The nerve-centre of Ayurveda". Pharmabiz.com. http://www.pharmabiz.com/article/detnews.asp?articleid=26402§ionid=50। আহৰণ কৰা হৈছে: 13 December 2010.
- ↑ "Centre to part-fund Ayurveda testing facility in Thrissur". The Financial Express. 23 January 2008. http://www.financialexpress.com/news/centre-to-partfund-ayurveda-testing-facility-in-thrissur/264507/। আহৰণ কৰা হৈছে: 13 January 2010.
- ↑ "Centre sanctions Rs 29 cr for ayurveda cluster in Thrissur". Business Line. http://www.thehindubusinessline.com/2005/06/10/stories/2005061003711700.htm। আহৰণ কৰা হৈছে: 13 January 2010.
- ↑ "Ayurvedic Industry – Challenges And Opportunities". CII. http://cii.in/WebCMS/Upload/Mr%20T%20Balakrishnan.pdf। আহৰণ কৰা হৈছে: 13 January 2010.
- ↑ "Ayurveda Sector in India: Challenges, Potential & Way Forward". Global Ayurveda Summit 2010. http://cii.in/WebCMS/Upload/Mr%20A%20K%20Krishnakumar.pdf। আহৰণ কৰা হৈছে: 13 January 2010.
- ↑ "Thrissur, the new textile capital". Manorama Online.com. http://www.manoramaonline.com/cgi-bin/MMOnline.dll/portal/localContentView.do?tabId=16&programId=1079897624&contentId=8267335&district=Thrissur&BV_ID=@@@। আহৰণ কৰা হৈছে: 25 November 2010.
- ↑ "Koratty IT park set to begin operations". Business Standard. 11 May 2010. http://www.business-standard.com/india/news/koratty-it-park-set-to-begin-operations/394389/.
- ↑ "InfoPark Thrissur". Kerala IT. Archived from the original on 6 July 2010. https://web.archive.org/web/20100706090012/http://www.keralait.org/search_result.php?project_id=1&location_id=4। আহৰণ কৰা হৈছে: 19 May 2010.
- ↑ "Koratty Infopark first phase inauguration on Oct". The New Indian Express. 8 October 2009. Archived from the original on 14 August 2014. https://web.archive.org/web/20140814165030/http://www.newindianexpress.com/states/kerala/article136596.ece। আহৰণ কৰা হৈছে: 19 May 2010.
- 1 2 3 "Thrissur City Corporation turns 100". Malayala Manorama. http://www.manoramaonline.com/cgi-bin/MMOnline.dll/portal/localContentView.do?tabId=16&contentId=8143095&district=Thrissur&programId=1079897624&BV_ID=@@@। আহৰণ কৰা হৈছে: 27 October 2010.
- ↑ "History". Thrissur Corporation. Archived from the original on 19 July 2010. https://web.archive.org/web/20100719122634/http://210.212.239.30/tsr/ksduppro.htm। আহৰণ কৰা হৈছে: 5 April 2010.
- ↑ "Demographic & Area Particulars of Urban Local Bodies". Thrissur District. http://thrissur.nic.in/tsrurben.asp। আহৰণ কৰা হৈছে: 22 September 2010.
- ↑ "Thrissur Corporation". Thrissur Municipal Corporation. Archived from the original on 20 July 2010. https://web.archive.org/web/20100720233639/http://210.212.239.30/tsr/corporation.htm। আহৰণ কৰা হৈছে: 22 September 2010.
- ↑ "Urban Planning and Land Use Management". ADB. http://www.adb.org/Documents/Reports/Consultant/32300-IND/32300-02-Thrissur-IND-TACR.pdf। আহৰণ কৰা হৈছে: 12 November 2012.
- ↑ "T.N. Rugmani And Another vs C. Achutha Menon And Ors on 20 December, 1990". Indiankanoon.org. http://www.indiankanoon.org/doc/1836723/। আহৰণ কৰা হৈছে: 12 November 2012.
- ↑ "Govt to disband four development authorities in Kerala". The Times of India. 2016-09-11. ISSN 0971-8257. https://timesofindia.indiatimes.com/city/kozhikode/govt-to-disband-four-development-authorities-in-kerala/articleshow/54279946.cms.
- ↑ "Thrissur to have city police commissionerate". The Hindu (Chennai, India). 2 March 2011. Archived from the original on 7 March 2011. https://web.archive.org/web/20110307193425/http://www.hindu.com/2011/03/02/stories/2011030260110500.htm.
- ↑ "Probe ordered into explosions". The Hindu (Chennai, India). 3 February 2011. Archived from the original on 7 February 2011. https://web.archive.org/web/20110207215745/http://www.hindu.com/2011/02/03/stories/2011020362340400.htm.
- ↑ "Thrissur gets Police Commissioner". The Hindu (Chennai, India). 4 March 2011. Archived from the original on 9 March 2011. https://web.archive.org/web/20110309055023/http://www.hindu.com/2011/03/04/stories/2011030459320500.htm.
- ↑ "Official website of Kerala Police". http://www.keralapolice.org/newsite/kepa.html। আহৰণ কৰা হৈছে: 2009-01-08.
- ↑ "Central Prison, Viyyur". Kerala Government. Archived from the original on 25 February 2021. https://web.archive.org/web/20210225072447/http://www.keralaprisons.gov.in/images/stories/pdf/cpvyr.pdf। আহৰণ কৰা হৈছে: 11 October 2010.
- ↑ "29 more battalions for BSF". The Hindu (Chennai, India). 1 November 2009. Archived from the original on 13 October 2011. https://web.archive.org/web/20111013113835/http://www.hindu.com/2009/11/01/stories/2009110153990300.htm.
- ↑ "More BSF facilities promised". The Hindu (Chennai, India). 28 January 2011. http://www.thehindu.com/todays-paper/tp-national/tp-kerala/article1132711.ece.
- 1 2 "Table C-01: Population by religious community: Kerala". Registrar General and Census Commissioner of IndiaCensus of India. 2011. https://censusindia.gov.in/nada/index.php/catalog/11379/download/14492/DDW32C-01%20MDDS.XLS.
- 1 2 "Table C-16 Population by Mother Tongue (Urban): Kerala". Registrar General and Census Commissioner of IndiaCensusindia.gov.in. https://censusindia.gov.in/nada/index.php/catalog/10258/download/13370/DDW-C16-TOWN-STMT-MDDS-3200.XLSX.
- ↑ "Election Commission of India" (en ভাষাত). results.eci.gov.in. https://results.eci.gov.in/ResultAcGenMay2026/partywisewinresult-742S11.htm। আহৰণ কৰা হৈছে: 2026-06-05.
- ↑ "Ollur Constituency Election Results 2026: Ollur Assembly Seat Details, MLA Candidates & Winner" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/elections/assembly-elections/kerala/constituency-show/ollur। আহৰণ কৰা হৈছে: 2026-06-05.
- ↑ Raghunath, Arjun (2024-06-04). "Lok Sabha Elections 2024 – Lotus blooms in Kerala; Suresh Gopi wins from Thrissur". Deccan Herald. https://www.deccanherald.com/elections/india/lok-sabha-elections-2024-lotus-blooms-in-kerala-suresh-gopi-wins-from-thrissur-3051487.
- ↑ "Lakhs witness Thrissur Pooram". The Hindu. 2010-04-25. Archived from the original on 28 April 2010. https://web.archive.org/web/20100428221022/http://www.hindu.com/2010/04/25/stories/2010042553400400.htm। আহৰণ কৰা হৈছে: 2 February 2011.
- ↑ "Probe into Thrissur Pooram fireworks blast begins". The Hindu (Chennai, India). 6 May 2006. Archived from the original on 13 October 2011. https://web.archive.org/web/20111013113804/http://www.hindu.com/2006/05/06/stories/2006050612260400.htm.
- ↑ "Hundreds of thousands converge as 'Thrissur Pooram' begins in Kerala". OneIndia. 24 April 2010. https://www.oneindia.com/2010/04/24/hundredsof-thousands-converge-as-thrissur-poorambegins.html। আহৰণ কৰা হৈছে: 2 February 2011.
- ↑ "Caparisoned elephants steal the show at Thrissur Pooram". Sify News. http://www.sify.com/news/caparisoned-elephants-steal-the-show-at-thrissur-pooram-news-national-keyukeecgde.html। আহৰণ কৰা হৈছে: 2 February 2011.
- ↑ "Thousands feast on colourful Pulikali". The New Indian Express. 27 August 2010. http://newindianexpress.com/states/kerala/article208655.ece। আহৰণ কৰা হৈছে: 12 September 2010.[সংযোগবিহীন উৎস]
- ↑ "'Tiger Dance' performed in Kerala". OneIndia. 27 August 2010. https://www.oneindia.com/2010/08/27/tigerdance-performed-inkerala.html। আহৰণ কৰা হৈছে: 2 February 2011.
- ↑ "Yeddyurappa's elephant gift sparks row". The Hindu (Chennai, India). 7 November 2008. Archived from the original on 13 October 2011. https://web.archive.org/web/20111013113827/http://www.hindu.com/thehindu/holnus/002200811071875.htm.
- ↑ "Thrissur elephants get a jumbo relief". DNA. http://www.dnaindia.com/india/report_thrissur-elephants-get-a-jumbo-relief_1252194। আহৰণ কৰা হৈছে: 2 February 2011.
- ↑ "Elephants in Kerala tuck into a jumbo feast". CNN. http://ibnlive.in.com/news/elephants-in-kerala-tuck-into-a-jumbo-feast/68974-3.html। আহৰণ কৰা হৈছে: 17 March 2010.[সংযোগবিহীন উৎস]
- ↑ "Elephants run amok at Thrissur and Guruvayur". Sify. http://www.sify.com/news/elephants-run-amok-at-thrissur-and-guruvayur-news-national-khsi4Tedech.html। আহৰণ কৰা হৈছে: 17 March 2010.
- ↑ "When jumbos line up to solemnise a wedding". The Hindu (Chennai, India). 29 August 2005. Archived from the original on 29 June 2011. https://web.archive.org/web/20110629063723/http://www.hindu.com/2005/08/29/stories/2005082910820400.htm.
- ↑ Ramavarman, T (23 September 2011). "Thrissur mourns its 'electric' corner". The Times of India. https://timesofindia.indiatimes.com/city/kochi/Thrissur-mourns-its-electric-corner/articleshow/10089257.cms.
- ↑ "Demolition of dilapidated buildings begins in Thrissur - KERALA - The Hindu". The Hindu. 21 September 2011. http://www.thehindu.com/todays-paper/tp-national/tp-kerala/demolition-of-dilapidated-buildings-begins-in-thrissur/article2472410.ece.
- ↑ "Call to develop Thrissur as 'education destination'". The Hindu (Chennai, India). 12 February 2004. Archived from the original on 11 March 2004. https://web.archive.org/web/20040311103646/http://www.hindu.com/2004/02/12/stories/2004021204160300.htm.
- ↑ "Thrissur set to become major education hub". The Hindu (Chennai, India). 11 November 2010. Archived from the original on 13 October 2011. https://web.archive.org/web/20111013163621/http://www.hindu.com/2010/11/11/stories/2010111158310300.htm.
- ↑ "Home". Thrissur Educational District. http://www.thrissureducation.com/। আহৰণ কৰা হৈছে: 29 January 2011.
- ↑ "Home". DDE, Thrissur. http://www.ddethrissur.org/। আহৰণ কৰা হৈছে: 29 January 2011.
- ↑ "Institutions". DDE Thrissur. http://www.ddethrissur.org/institutions.php। আহৰণ কৰা হৈছে: 29 January 2011.
- ↑ "List of UP schools in Thrissur District". Kerala Government. http://www.education.kerala.gov.in/schoollist/up/tsr.pdf। আহৰণ কৰা হৈছে: 29 January 2011.
- ↑ "List of High schools in Thrissur District". Kerala Government. http://www.education.kerala.gov.in/schoollist/hs/tsr.pdf। আহৰণ কৰা হৈছে: 29 January 2011.[সংযোগবিহীন উৎস]
- ↑ "List of Schools". Kerala Government. Archived from the original on 21 July 2011. https://web.archive.org/web/20110721160017/http://hscap.kerala.gov.in/CMS/school.php?cmbdist=8। আহৰণ কৰা হৈছে: 29 January 2011.
- ↑ "UNESCO Global Network of Learning Cities: 77 new members from 44 countries". UNESCO. https://www.uil.unesco.org/en/articles/unesco-global-network-learning-cities-77-new-members-44-countries। আহৰণ কৰা হৈছে: 29 November 2024.
- ↑ "Inter-club football". The Hindu (Chennai, India). 26 December 2010. Archived from the original on 19 January 2011. https://web.archive.org/web/20110119171603/http://www.hindu.com/2010/12/26/stories/2010122652431400.htm.
- ↑ "Football". Kerala Police. http://www.keralapolicehistory.com/gllry3.html। আহৰণ কৰা হৈছে: 12 January 2011.
- ↑ "Sudheesh fires in three". The Hindu (Chennai, India). 27 December 2010. Archived from the original on 1 January 2011. https://web.archive.org/web/20110101000217/http://www.hindu.com/2010/12/27/stories/2010122757671600.htm.
- ↑ "Golden Threads posts win". The Hindu (Chennai, India). 31 December 2010. Archived from the original on 4 January 2011. https://web.archive.org/web/20110104205807/http://www.hindu.com/2010/12/31/stories/2010123157181800.htm.
- ↑ "Aneesh shines". The Hindu (Chennai, India). 4 January 2011. Archived from the original on 8 January 2011. https://web.archive.org/web/20110108210155/http://www.hindu.com/2011/01/04/stories/2011010453562000.htm.
- 1 2 "Sports". Thrissur Municipal Corporation. Archived from the original on 12 July 2012. https://web.archive.org/web/20120712204309/http://210.212.239.30/tsr/thrissur.htm। আহৰণ কৰা হৈছে: 22 September 2010.
