দক্ষিণী বতাহ
দক্ষিণী বতাহ (South wind) হৈছে একপ্ৰকাৰৰ বতাহ, যি দক্ষিণ দিশৰ পৰা উৎপত্তি হৈ উত্তৰ দিশলৈ বৈ যায়।[1]
ইংৰাজীত দক্ষিণী বতাহ বৰ্ণনা কৰিবলৈ ব্যৱহৃত শব্দসমূহ হল: আষ্টাৰ, বাষ্টাৰ (একধৰণৰ বতাহ), föhn/foehn (এল্প্ছ), ghibli (লিবিয়া, friagem (একপ্ৰকাৰ ঠাণ্ডা দক্ষিণী বতাহ যি এণ্টাৰ্কটিকাৰ পৰা ব্ৰাজিললৈ বয়), খামচিন (মিচৰৰ উষ্ণ বসন্তৰ বতাহ), কোনা (হাৱাইৰ এক ধুমুহা যুক্ত দক্ষিণ-পশ্চিম বতাহ), notus/lodos (পৌৰাণিক ঊৎসত বৰ্ণিত), আৰু ছিৰ'ক্ক'(উত্তৰ আফ্ৰিকাৰ বতাহ)।
পৌৰাণিক কাহিনী
[সম্পাদনা কৰক]গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি, নোটাছ আছিল দক্ষিণী বতাহৰ দেৱতা আৰু তেওঁ গ্ৰীষ্মৰ অন্তিম আৰু শৰৎকালৰ বৰষুণ আনিছিল।[2]
ৰোমান পৌৰাণিক কাহিনীত, দক্ষিণী বতাহক আষ্টাৰ হিচাপে প্ৰতিনিধিত্ব কৰা হৈছিল।
মিশৰীয় পৌৰাণিক কাহিনীত, শেহবুই দক্ষিণী বতাহৰ দেৱতা আছিল।[3] তেওঁক সিংহ-মুখৰ মানুহ হিচাপে অঙ্কন কৰা হৈছিল।
নেটিভ আমেৰিকান ইৰোকুৱাই পৰম্পৰাত, দক্ষিণী বতাহ ফন (হৰিণৰ ছোৱালী) দ্বাৰা আনিছিল আৰু ইয়াৰ উষ্ণ আৰু নমনীয়া স্বভাৱ আছিল, যি গ্ৰীষ্মৰ সুগন্ধি ফুল, সৰ্সৰ্ বোৱঁন ধাৰা আৰু পক্ষীৰ মিঠা গীতৰ সৈতে তুলনা কৰা হয়।[4]
বাস্ক পৌৰাণিক কাহিনীত, এগই ছিল দক্ষিণী বতাহৰ সৈতে জড়িত এটি ক্ষুদ্ৰ দেৱতা।[5]
আৰু চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Skilling, Tom (18 April 2016). "Ask Tom: Could you explain wind direction terms?" (en-US ভাষাত). chicagotribune.com. https://www.chicagotribune.com/weather/ct-wea-0419-asktom-20160418-column.html। আহৰণ কৰা হৈছে: 2019-05-30.
- ↑ লুক ৰ'মন; ম’নিকা ৰ'মন (2010). এনসাইক্লোপিডিয়া অফ গ্ৰীক অ্যাণ্ড ৰোমান মিথোলজি. ইনফোবেচ পাব্লিশিং. পৃষ্ঠা. 66–. ISBN 978-1-4381-2639-5. https://books.google.com/books?id=tOgWfjNIxoMC&pg=PA66.
- ↑ বাজ, আৰ্ণেষ্ট আলফ্ৰেড ৱাল্লিছ (1904). দ্য গডছ অফ দ্য ইজিপ্সিয়ান: অৰ, ষ্টাডিজ ইন ইজিপ্টিয়ান মিথ'লজি. 2. মেথুইন & কোম্পানী. পৃষ্ঠা. 296. https://books.google.com/books?id=6SBLAAAAYAAJ&q=Egyptian+mythology,+god+of+the+%22south+wind%22. "Miscellaneous Gods 2. The South Wind was called Shehbui, or..."
- ↑ হেৰিয়েট ম্যাক্সৱেল কনভাৰ্চ; আৰ্থাৰ কেচৱেল পাৰ্কাৰ (1908). মিথস এণ্ড লিজেণ্ডস অফ দ্য নিউ ইয়ৰ্ক ষ্টেট ইৰোকুৱাই. ইউনিভাৰ্সিটি অফ দ্য ষ্টেট অফ নিউ ইয়ৰ্ক. পৃষ্ঠা. 37–. https://archive.org/details/cu31924055492973.
- ↑ দে মাৰলিভ, ওলিভিয়ে (1995). পেকুৱেনো দিকচিনাৰিও দে মিথ’ল’জিয়া বাস্কা ই পিৰেনাইক. পালমা দে মেল্লোৰা ওলানেতা ডি.এল.. ISBN 9788476512326.