দক্ষিণ এছিয়া
| মাটিকালি | 52,22,321 বৰ্গ কি.মি. (২০,১৬,৩৪৯ বৰ্গ মাইল) |
|---|---|
| জনসংখ্যা | ২.০৪ বিলিয়ন (২০২৪) |
| জনঘনত্ব | 362.3 /কিমি২ (৯৩৮ /বৰ্গ মাইল) |
| বাসিন্দা |
|
| দেশসমূহ | |
দক্ষিণ এছিয়া হৈছে এছিয়াৰ দক্ষিণ উপঅঞ্চল, যাক ভৌগোলিক লগতে জাতিগত-সাংস্কৃতিক দিশৰ আধাৰত সংজ্ঞায়িত কৰা হয়। ২.০৪ বিলিয়ন জনসংখ্যা থকা দক্ষিণ এছিয়াত বিশ্বৰ জনসংখ্যাৰ প্ৰায় এক চতুৰ্থাংশ (২৫%) লোক বাস কৰে। সাধাৰণভাৱে, আধুনিক ৰাষ্ট্ৰসমূহৰ ভিতৰত দক্ষিণ এছিয়াত বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা অন্তৰ্ভুক্ত। আফগানিস্তানকো বহুসময়ত এই অঞ্চলৰ অন্তৰ্গত বুলি ধৰা হয়, যদিও কেতিয়াবা ইয়াক মধ্য এছিয়াৰ অংশ বুলি গণ্য কৰা হয়।[1][2]
দক্ষিণ এছিয়াৰ উত্তৰ-পূবত পূব এছিয়া, উত্তৰ-পশ্চিমত মধ্য এছিয়া, পশ্চিমত পশ্চিম এছিয়া আৰু পূবত দক্ষিণ-পূব এছিয়া অৱস্থিত। দক্ষিণ-পূব এছিয়াৰ বাহিৰে, সমুদ্ৰ-সংলগ্ন দক্ষিণ এছিয়া হৈছে এছিয়াৰ একমাত্ৰ উপঅঞ্চল যাৰ কিছু অংশ দক্ষিণ অৰ্ধগোলাৰ্ধত অৱস্থিত। ব্ৰিটিছ ইণ্ডিয়ান অ’চান টেৰিট’ৰি আৰু মালদ্বীপৰ ২৬টা এটলৰ ভিতৰত দুটা সম্পূৰ্ণৰূপে দক্ষিণ অৰ্ধগোলাৰ্ধত অৱস্থিত। ভৌগোলিকভাৱে এই অঞ্চলটো ভাৰতীয় উপমহাদেশে দখল কৰি আছে, দক্ষিণত ভাৰত মহাসাগৰ আৰু উত্তৰত হিমালয়, কাৰাকোৰাম আৰু পামিৰ পৰ্বতমালাই ইয়াক সীমাবদ্ধ কৰিছে।[3]
নিউলিথিক যুগত উপমহাদেশৰ পশ্চিম প্ৰান্তত অৱস্থিত ইণ্ডাছ নদীৰ বেছিনত প্ৰায় ৯,০০০ বছৰ পূৰ্বে স্থায়ী বসতিৰ উদ্ভৱ ঘটিছিল, যি ধীৰে ধীৰে খ্ৰীষ্টপূৰ্ব তৃতীয় সহস্ৰাব্দৰ ইণ্ডাছ উপত্যকা সভ্যতালৈ বিকশিত হৈছিল।[4]
খ্ৰীষ্টপূৰ্ব ১২০০ চনৰ ভিতৰেই প্ৰাথমিক ৰূপৰ সংস্কৃত, এটা ইণ্ডো-ইউৰোপীয় ভাষা, উত্তৰ-পশ্চিম দিশৰপৰা প্ৰসাৰিত হৈ ভাৰতলৈ প্ৰৱেশ কৰিছিল,[5] [6]
এই সময়ছোৱাত উত্তৰ আৰু পশ্চিম ভাৰতত দ্ৰাবিড় ভাষাসমূহৰ স্থানচ্যুতি ঘটিছিল।[7] খ্ৰীষ্টপূৰ্ব ৪০০ চনলৈকে হিন্দুধৰ্মৰ ভিতৰত স্তৰবিন্যাস আৰু বহিষ্কৰণমূলক জাতি-ব্যৱস্থা দৃঢ়ভাৱে প্ৰচলিত হৈছিল,[8] আৰু এই সময়তেই বৌদ্ধধৰ্ম আৰু জৈনধৰ্মৰো উন্নয়ন ঘটিছিল যিয়ে বংশগত স্থিতিৰ সৈতে সম্পৰ্কহীন নতুন সামাজিক আদৰ্শ ঘোষণা কৰিছিল।[9]
মধ্যযুগৰ আৰম্ভণিত, খ্ৰীষ্টান ধৰ্ম, ইছলাম ধৰ্ম, ইহুদি ধৰ্ম আৰু জৰথুষ্ট্ৰ ধৰ্ম দক্ষিণ আৰু পশ্চিম উপকূলসমূহত দৃঢ়ভাৱে স্থাপিত হৈছিল।[10]
মধ্য এছিয়াৰপৰা আহি বহু সময়ত মুছলিম সেনাবাহিনীয়ে উত্তৰ ভাৰতৰ সমভূমি দখল কৰিছিল,[11] ত্ৰয়োদশ শতিকাত দিল্লী চুলতানৰ স্থাপন ঘটিল আৰু দক্ষিণ এছিয়া মধ্যযুগীয় ইছলামী বিশ্বৰ বাণিজ্য–সংস্কৃতিৰ জালত জড়িত হ’ল।[12]
১৫২৬ চনত স্থাপিত মোগল সাম্ৰাজ্যই প্ৰায় দুই শতাব্দীৰ শান্তিৰ যুগৰ সূচনা কৰিছিল,[13] আৰু সেই যুগৰ স্থাপত্যৰ আজিও বিশ্বজোৰা খ্যাতি আছে। [টোকা 1][14]
ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন ধীৰে ধীৰে বিস্তৃত হোৱাৰ ফলত দক্ষিণ এছিয়াৰ অধিকাংশ অংশ ঔপনিৱেশিক অৰ্থনীতিত পৰিণত হ’ল; লগতে কোম্পানীৰ সাৰ্বভৌমত্ব অধিক সুসংহত আৰু দৃঢ় হ’ল। [15]
১৮৫৮ চনত ব্ৰিটিছ ৰাজ আৰম্ভ হ’ল। ভাৰতীয়সকলক কথা দিয়া অধিকাৰসমূহ খুব ধীৰগতিত প্ৰদান কৰা হৈছিল,[16][17] কিন্তু ইণ্ডাষ্ট্ৰিয়েল বিপ্লৱৰ ফলত প্ৰযুক্তিগত পৰিৱৰ্তন আৰু আধুনিক শিক্ষাৰ ধাৰণা ঠন ধৰি উঠিল।[18]
১৯৪৭ চনত ব্ৰিটিছ ভাৰত সাম্ৰাজ্য দুখন স্বাধীন আধিপত্যৰ ৰূপত বিভক্ত হ’ল —
এই বিভাজনৰ ফলত ব্যাপক ৰক্তপাত আৰু অনুপম জনস্ৰোত সৃষ্টি হৈছিল।[19]
১৯৭১ চনৰ বাংলাদেশ মুক্তিযুদ্ধৰ ফলত পূব পাকিস্তান স্বাধীন বাংলাদেশ হৈ উঠে।[20]
দক্ষিণ এছিয়াৰ সম্পূৰ্ণ আয়তন ৫.২ মিলিয়ন বৰ্গ কিমি (২ মিলিয়ন বৰ্গ মাইল), যি এছিয়া মহাদেশৰ প্ৰায় ১০%।[21] দক্ষিণ এছিয়াৰ জনসংখ্যা প্ৰায় ২.০৪ বিলিয়ন, যি বিশ্বৰ এক-চতুৰ্থাংশ জনসংখ্যা। ইয়াৰ ফলত ই বিশ্বৰ সৰ্বাধিক জনবহুল আৰু সৰ্বাধিক ঘনবসতিপূৰ্ণ অঞ্চল।
২০২২ চনত দক্ষিণ এছিয়াত বিশ্বৰ সৰ্বাধিক হিন্দু, মুছলমান, শিখ, জৈন আৰু জৰথুষ্ট্ৰ লোক আছিল। দক্ষিণ এছিয়াই বিশ্বৰ হিন্দূৰ ৯০.৪৭%, শিখৰ ৯৫.৫%, আৰু মুছলমানৰ ৩১% লোক ধৰি ৰাখে। লগতে এই অঞ্চলত ৩৫ মিলিয়ন খ্ৰীষ্টান আৰু ২৫ মিলিয়ন বৌদ্ধ লোক বাস কৰে।
দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংঘ (SAARC) অঞ্চলটোৰ এটা অৰ্থনৈতিক সংগঠন, যি ১৯৮৫ চনত স্থাপিত হৈছিল আৰু দক্ষিণ এছিয়াৰ সকলো দেশ ইয়াৰ সদস্য।
ভাষাসমূহ
[সম্পাদনা কৰক]

দক্ষিণ এছিয়া হৈছে ভাষাগত বৈচিত্ৰ্যৰ এক বিস্তৃত ক্ষেত্ৰ। এই অঞ্চলত কথিত ভাষাসমূহে মূলতঃ ভৌগোলিক পৰিসৰৰ ওপৰত ভিত্তি কৰি বিকাশ লাভ কৰিছে আৰু প্ৰায়ে ধৰ্মীয় সীমা অতিক্ৰম কৰি গৈছে। কিন্তু লিখিত লিপিসমূহৰ ক্ষেত্ৰত ধৰ্মীয় বিভাজন স্পষ্টভাৱে লক্ষ্য কৰা যায়। বিশেষকৈ দক্ষিণ এছিয়াৰ মুছলমানসকলে—যেনে আফগানিস্তান আৰু পাকিস্তানত—আৰবী বৰ্ণমালা আৰু পাৰ্চী নস্তালিক লিপি ব্যৱহাৰ কৰে। ১৯৫২ চনলৈকে সংখ্যাগৰিষ্ঠ মুছলমান থকা বাংলাদেশত (তেতিয়া পূৰ্ব পাকিস্তান) নস্তালিক লিপি ব্যৱহাৰ বাধ্যতামূলক আছিল; কিন্তু ভাষা আন্দোলনৰ পিছত আঞ্চলিক লিপিসমূহে, বিশেষকৈ বাংলা লিপিয়ে চৰকাৰী স্বীকৃতি লাভ কৰে। আনহাতে, দক্ষিণ এছিয়াৰ অমুছলমানসকল আৰু ভাৰতৰ কিছুমান মুছলমানে ইন্দো-ইউৰোপীয় ভাষাসমূহৰ বাবে ব্ৰাহ্মী-উদ্ভূত লিপি, আৰু দ্ৰাৱিড়ীয় তথা অন্যান্য ভাষাৰ বাবে অব্ৰাহ্মী লিপি ব্যৱহাৰ কৰে।[22][23]
নাগৰী লিপিক পৰম্পৰাগত দক্ষিণ এছিয়াৰ লিপিসমূহৰ ভিতৰত এক প্ৰধান স্থান দিয়া হয়।[24] দেৱনাগৰী লিপি ১২০ টাতকৈ অধিক দক্ষিণ এছিয়াৰ ভাষাত ব্যৱহৃত হয়[25] —যাৰ ভিতৰত হিন্দী,[26] মাৰাঠী, নেপালী, পালি, কোংকণী, বড়ো, সিন্ধী আৰু মৈথিলী আদি অন্তৰ্ভুক্ত। এই লিপি বিশ্বৰ আটাইতকৈ বিস্তৃতভাৱে ব্যৱহৃত লিখন পদ্ধতিসমূহৰ ভিতৰত অন্যতম।[27] শাস্ত্ৰীয় সংস্কৃত সাহিত্যও দেৱনাগৰী লিপিতেই সংৰক্ষিত আৰু প্ৰচলিত।[25]
এই অঞ্চলত সৰ্বাধিক প্ৰচলিত কথিত ভাষা হৈছে হিন্দুস্তানী; তাৰ পিছত বাংলা, তেলুগু, তামিল, মাৰাঠী, গুজৰাটী, কন্নড় আৰু পঞ্জাবী।[22][23] আধুনিক যুগত এই অঞ্চলত নতুন সংমিশ্ৰিত ভাষাৰো উদ্ভৱ ঘটিছে—যেনে উত্তৰ দক্ষিণ এছিয়াৰ মুছলমান সমাজত, বিশেষকৈ পাকিস্তান আৰু ভাৰতৰ উত্তৰাঞ্চলত, বহুলভাৱে ব্যৱহৃত হোৱা উৰ্দু ভাষা। [28]
পঞ্জাবী ভাষা তিনিটা ধৰ্মীয় পৰিসৰত বিস্তৃত—ইছলাম, হিন্দুধৰ্ম আৰু শিখ ধৰ্ম। কথিত ৰূপত ভাষাটো প্ৰায় একে হ'লেও, ইয়াৰ লিখন পদ্ধতি ভিন্ন। শিখসকলে গুৰুমুখী লিপি ব্যৱহাৰ কৰে; পাকিস্তানৰ মুছলমান পঞ্জাবীসকলে পাৰ্চী নস্তালিক লিপি আৰু ভাৰতৰ হিন্দু পঞ্জাবীসকলে গুৰুমুখী বা নাগৰী লিপি ব্যৱহাৰ কৰে। গুৰুমুখী আৰু নাগৰী লিপিৰ গঠন একে ধৰণৰ হলেও, পাৰ্চী নস্তালিক লিপি যথেষ্ট পৃথক।[29]
চীন-তিব্বতীয় ভাষাসমূহ অঞ্চলটোৰ উত্তৰাঞ্চলত, বিশেষকৈ হিমালয় পৰ্বতৰ পৰিসৰত, ব্যৱহৃত হয় আৰু সাধাৰণতে তিব্বতীয়[30] লিপিৰ সৈতে সম্পৰ্কিত। এই ভাষাসমূহ ভূটান, নেপাল, ম্যানমাৰৰ কিছু অংশ, লগতে ভাৰতৰ ছিক্কিম আৰু লাডাখ অঞ্চলত প্ৰচলিত।[31] ভূটানৰ জাতীয় ভাষা হৈছে জোংখা। ইয়াৰ উপৰিও লেপচা, লিম্বু, গুৰুং, মাগাৰ, ৰাই, নেৱাৰী, তামাং, ছাংলা, ঠাকালী আৰু ছিক্কিমী আদি ভাষাও ভূটান, নেপাল আৰু ছিকিমত ব্যৱহৃত হয়; লাডাখত লাডাখী ভাষা প্ৰচলিত।[31] এই অঞ্চলসমূহত বৌদ্ধ ধৰ্ম আৰু বন ধৰ্মৰ প্ৰভাৱ প্ৰধানভাৱে লক্ষ্য কৰা যায়।[31][30] গিলগিট-বাল্টিস্তানৰ কিছুমান অংশত বাল্টি ভাষা ব্যৱহৃত হয়, যদিও লিখনৰ ক্ষেত্ৰত উৰ্দু লিপি ব্যৱহাৰ কৰা হয়। [30]ইছলাম গ্ৰহণ কৰাৰ পিছত পাকিস্তানৰ বাল্টিস্তান অঞ্চলত তিব্বতীয় লিপিৰ ব্যৱহাৰ কেইশতাধিক বছৰৰ আগতেই লোপ পাইছে|[30] ইংৰাজী ভাষা—বিশেষকৈ ব্ৰিটিছ বানানৰূপে—নগৰাঞ্চলত বহুলভাৱে ব্যৱহৃত হয় আৰু দক্ষিণ এছিয়াৰ এক গুৰুত্বপূৰ্ণ আৰ্থিক আৰু প্ৰশাসনিক সংযোগ ভাষা (lingua franca) হিচাপে স্বীকৃত।[32]
টোকা
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Saez 2012, পৃষ্ঠা. 58.
- ↑ "South Asia" (en ভাষাত). এনচাইক্লোপিডিয়া ব্ৰিটানিকা. https://www.britannica.com/place/South-Asia। আহৰণ কৰা হৈছে: ১ এপ্ৰিল ২০২৩.
- ↑ Baker, Kathleen M.; Chapman, Graham P. (১১ মাৰ্চ ২০০২). The Changing Geography of Asia. ৰাউতলেজ. পৃষ্ঠা. 10–. ISBN 978-1-134-93384-6. https://books.google.com/books?id=G-KIAgAAQBAJ&pg=PA10. "এই বৃহৎ ভাৰত ভূ-আকাৰগতভাৱে স্পষ্টভাৱে সংজ্ঞায়িত; ই হৈছে ভাৰতীয় উপমহাদেশ, উত্তৰত হিমালয়, পশ্চিমত হিন্দু কুশ আৰু পূৰ্বত আৰাকান পৰ্বতমালাই ইয়াক সীমাবদ্ধ কৰিছে।"
- ↑
- Dyson 2018, পৃষ্ঠা 4–5.
- Fisher 2018, পৃষ্ঠা 33.
- ↑ Lowe, John J. (2015). Participles in Rigvedic Sanskrit: The syntax and semantics of adjectival verb forms. Oxford University Press. পৃষ্ঠা. 1–2. ISBN 978-0-19-100505-3. https://books.google.com/books?id=L07CBwAAQBAJ&pg=PA2. "(ঋগ্বেদত) ১,০২৮খন সূক্ত অন্তৰ্ভুক্ত, যিবোৰ উচ্চস্তৰীয় কাব্যশৈলীত ৰচিত আছিল আৰু মূলতে আচাৰ-অনুষ্ঠানত আবৃত্তিৰ বাবে সৃষ্ট। অধিকাংশ পণ্ডিতৰ মতে, এই সূক্তসমূহ খ্ৰীষ্টপূৰ্ব প্ৰায় ১৫০০–১২০০ চনৰ মাজত উত্তৰ আফগানিস্তানৰ পৰ্বতৰ অঞ্চলৰপৰা পাঞ্জাব অতিক্ৰম কৰি পূব-মুখী ইণ্ডো-আৰ্য যাত্ৰাসমূহৰ প্ৰৱাহৰ সময়ত ৰচিত হৈছিল।"
- ↑
- Witzel 2003, পৃষ্ঠা 68–70: "অভ্যন্তৰীক প্ৰমাণ অনুসাৰে বৈদিক পাঠসমূহ উত্তৰ ভাৰতত, প্ৰথমতে বৃহৎ পাঞ্জাবত আৰু পিছত উত্তৰ বিহাৰৰ অংশসহ পূব দিশত মুখে মুখে সৃষ্ট আৰু সংৰক্ষিত হৈছিল, প্ৰায় খ্ৰীষ্টপূৰ্ব ১৫০০ পৰা ৫০০–৪০০ চনৰ ভিতৰত। [...]"
- Doniger 2014, পৃষ্ঠা xviii, 10: "হিন্দুধৰ্মৰ কাল গণনাঃ খ্ৰীঃপূঃ ১৫০০–১০০০ ঋগ্বেদ; খ্ৰীঃপূঃ ১২০০–৯০০ ইয়জুৰ, সাম, অৰ্থব বেদ...।"
- Ludden 2014, পৃষ্ঠা 19: "পাঞ্জাবৰ শুকান অঞ্চলত পুৰাণ সংস্কৃতিসমূহৰ উল্লেখ পোৱা যায় যিবোৰক আৰ্য সংস্কৃতি বুলি জনা যায়।"
- Dyson 2018, পৃষ্ঠা 14–15: "ইণ্ডাছ সভ্যতাৰ পতনৰ লগে লগে উত্তৰ-পশ্চিম দিশৰপৰা ইণ্ডো-আৰ্য ভাষা আৰু সংস্কৃতিৰ প্ৰৱেশ ঘটিছিল।"
- Robb 2011, পৃষ্ঠা 46–: "খ্ৰীষ্টপূৰ্ব প্ৰায় ১৫০০ চনত আৰ্য সংস্কৃতিৰ প্ৰসাৰৰ আৰম্ভণি ধৰা হয়।"
- ↑ Dyson 2018, পৃষ্ঠা 16, 25.
- ↑ Dyson 2018, পৃষ্ঠা 16.
- ↑ Fisher 2018, পৃষ্ঠা 59.
- ↑
- Ludden 2014, পৃষ্ঠা 54.
- Asher & Talbot 2006, পৃষ্ঠা 78–79.
- Fisher 2018, পৃষ্ঠা 76.
- ↑
- Ludden 2014, পৃষ্ঠা 68–70.
- Asher & Talbot 2006, পৃষ্ঠা 19, 24.
- ↑
- Dyson 2018, পৃষ্ঠা 48.
- Asher & Talbot 2006, পৃষ্ঠা 52.
- ↑ Asher & Talbot 2006, পৃষ্ঠা 152.
- 1 2 Fisher 2018, পৃষ্ঠা 106.
- ↑
- Asher & Talbot 2006, পৃষ্ঠা 289.
- Fisher 2018, পৃষ্ঠা 120.
- ↑ Taylor, Miles (2016), "The British royal family and the colonial empire from the Georgians to Prince George", in Aldrish, Robert; McCreery, Cindy, Crowns and Colonies: European Monarchies and Overseas Empires, Manchester University Press, pp. 38–39, ISBN 978-1-5261-0088-7, https://books.google.com/books?id=iR3GDQAAQBAJ&pg=PA39
- ↑ Peers 2013, পৃষ্ঠা. 76.
- ↑ Embree, Ainslie Thomas; Hay, Stephen N.; Bary, William Theodore De (1988), "Nationalism Takes Root: The Moderates", Sources of Indian Tradition: Modern India and Pakistan, Columbia University Press, p. 85, ISBN 978-0-231-06414-9, https://books.google.com/books?id=XoMRuiSpBp4C&pg=PA85
- ↑
- Copland 2001, পৃষ্ঠা 71–78.
- Metcalf & Metcalf 2006, পৃষ্ঠা 222.
- ↑ "How the Cold War Shaped Bangladesh's Liberation War" (en-US ভাষাত). thediplomat.com. https://thediplomat.com/2021/03/how-the-cold-war-shaped-bangladeshs-liberation-war/। আহৰণ কৰা হৈছে: 20 September 2024.
- ↑ "Indian Subcontinent Archived 2012-01-21 at the Wayback Machine ..." Encyclopedia of Modern Asia (২০০৬)
- 1 2 Bhatia 2008, পৃষ্ঠা. 122–127.
- 1 2 Pandharipande 2008, পৃষ্ঠা. 419–423.
- ↑ Cardona, George; Jain, Dhanesh (2003). The Indo-Aryan Languages. Routledge. পৃষ্ঠা. 75–77. ISBN 978-0-415-77294-5.
- 1 2 Devanagari (Nagari) Archived 2 July 2017 at the Wayback Machine, Script Features and Description, SIL International (2013), United States
- ↑ Hindi Archived 28 May 2012 at the Wayback Machine, Omniglot Encyclopedia of Writing Systems and Languages
- ↑ Templin, David. "Devanagari script". Omniglot. http://www.omniglot.com/language/articles/devanagari.htm। আহৰণ কৰা হৈছে: 5 April 2015.
- ↑ Shamsur Rahman Faruqi (2008), Urdu Literary Culture: The Syncretic Tradition Archived 26 October 2012 at the Wayback Machine, Shibli Academy, Azamgarh
- ↑ Daniels, Peter T.; Bright, William (1996). The World's Writing Systems. Oxford University Press. পৃষ্ঠা. 395. ISBN 978-0-19-507993-7. https://books.google.com/books?id=ospMAgAAQBAJ&pg=PA395.
- 1 2 3 4 Zielser, B; Turin, M (21 April 2011). Himalayan Languages and Linguistics: Studies in Phonology, Semantics, Morphology and Syntax. BRILL. ISBN 978-90-04-19448-9. https://books.google.com/books?id=5MoDCJP3VPUC। আহৰণ কৰা হৈছে: 19 February 2023.
- 1 2 3 Saxena, A (2004). Himalayan Languages: Past and Present. Walter de Gruyter. ISBN 978-3-11-017841-8. https://books.google.com/books?id=gdqy7PKHUXQC। আহৰণ কৰা হৈছে: 12 January 2022.
- ↑ Bhatia & Baumgardner 2008, পৃষ্ঠা. 391–394.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- South Asia, The World Bank
- Digital South Asia Library, University of Chicago
- South Asian and Himalayan Arts Archived 6 October 2017 at the Wayback Machine, Freer and Sackler Galleries, Smithsonian
- South Asia, Brookings Institution
