সমললৈ যাওক

দক্ষিণ ৰায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দক্ষিণৰায়ৰ মূৰ্তি, ধপধোপি

দক্ষিণ ৰায় হৈছে বাংলাদেশ আৰু ভাৰতৰ সুন্দৰবন অঞ্চলত জাতি-ধৰ্ম নিৰ্বিশেষে পূজিত এগৰাকী লোকদেৱতা। তেওঁক পশু আৰু দানৱৰ নিয়ন্ত্ৰক বা বাঘৰ ৰাজা বুলি গণ্য কৰা হয়। সুন্দৰবনৰ অধিবাসীসকলে দক্ষিণ ৰায়ক সুন্দৰবনৰ ভাটি অঞ্চলৰ অধিপতি হিচাপে পূজা কৰে।[1][2][3] আন এগৰাকী লোকদেৱী বনবিবি আৰু পীৰ বড়খাঁ গাজীৰ সৈতে দক্ষিণৰায়ৰ সংঘৰ্ষৰ কথা সুন্দৰবনৰ লোককাহিনী, সংস্কৃতি, আৰু পালাগানত পোৱা যায়।

লোক-সংস্কৃতিত

[সম্পাদনা কৰক]

স্থানীয় কিংবদন্তী অনুসৰি, দক্ষিণ ৰায়ৰ ৰাজত্বৰ সীমা দক্ষিণত কাকদ্বীপ, উত্তৰত ভাগীৰথী নদী, পশ্চিমত ঘাটাল আৰু পূবত বাকলা জিলা। প্ৰত্যেক অমাৱস্যাত দক্ষিণৰায় মন্দিৰত পশুবলি দিয়া হয়। লোকবিশ্বাস অনুসৰি দক্ষিণ ৰায়ে গীত-বাদ্য পছন্দ কৰে, গতিকে স্থানীয় লোকসকলে ৰাতি তেওঁৰ মন্দিৰত নাচ-গানৰ আয়োজন কৰে। দক্ষিণ ৰায়ৰ বাৰ্ষিক পূজাৰ সময়ত গায়েসকলে পালাক্ৰমে কবি কৃষ্ণৰাম দাস ৰচিত ৰায়মঙ্গল পৰিৱেশন কৰে, আৰু হিন্দু-মুছলমান নিৰ্বিশেষে বাউল্যা, মউল্যা, মলঙ্গি আদি শ্ৰমজীৱী মানুহে ভক্তিৰে এই গীত শ্ৰৱণ কৰে।[4] সুন্দৰবনৰ অধিবাসীসকলে ম্যানগ্ৰোভ হাবিত মাছধৰা, কাঠ বা মৌ আহৰণৰ কামত যাবলৈ আগতে দক্ষিণ ৰায়ৰ মন্দিৰত পূজা দিয়ে। কিছুমান লোকে বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ মূৰৰ পিছফালে দক্ষিণ ৰায়ৰ মুখা পৰিধান কৰি হাবিত প্ৰবেশ কৰে।[2]

কলকাতাৰ গড়িয়া ৰেল ষ্টেচনৰ ওচৰত লক্ষ্মীকান্তপুৰ আৰু ধপধোপিৰ কাষত এখন দক্ষিণ ৰায় মন্দিৰ আছে। এই অঞ্চল আগতে সুন্দৰবনৰ অন্তৰ্ভুক্ত আছিল। এতিয়াও অঞ্চলবাসীয়ে দক্ষিণ ৰায় মন্দিৰত পূজা দিয়ে। দক্ষিণ ৰায়ৰ মূৰ্তিত ডাঙৰ গোঁফ দেখা যায়। তেওঁৰ শৰীৰ পল্কন, চকচকীয়া আৰু হালধীয়া। গাত বাঘৰ দৰে আঁচ থকা দাগ থাকে, মুখৰ দুয়োফালৰ পৰা লেলাউটি বৈ থাকে, আৰু তেওঁৰ প্ৰায় ছয় মিটাৰ দীঘল নেজ আছে।

সাহিত্যত

[সম্পাদনা কৰক]

কবি কৃষ্ণৰাম দাসৰ ৰায়মঙ্গল-ৰ লগতে হৰপ্ৰসাদ শাস্ত্ৰী, দীনেশচন্দ্ৰ সেন, নীহাৰঞ্জন ৰায়, সুনীতি কুমাৰ চট্টোপাধ্যায় আদিয়ে দক্ষিণ ৰায় সম্পৰ্কে লিখিছে।[5] ৰাজশেখৰ বসু (পৰশুৰাম)-ৰ কিছুমান বিখ্যাত চুটিগল্পত আৰু সুনীল গংগোপাধ্যায়ৰ কিশোৰ উপন্যাস জংঘলেৰ মধ্যে গুম্বুজ-ত দক্ষিণ ৰায়ৰ উল্লেখ পোৱা যায়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Protection from the Gods:". lairweb.org.nz. http://www.lairweb.org.nz/tiger/maneating7.html। আহৰণ কৰা হৈছে: 27 December 2012. 
  2. 2.0 2.1 Valmik Thapar (1997). Land of the Tiger: A Natural History of the Indian Subcontinent. University of California Press. পৃষ্ঠা. 117–. ISBN 978-0-520-21470-5. http://books.google.com/books?id=9Dvx6EoLwa4C&pg=PA117। আহৰণ কৰা হৈছে: 27 December 2012. 
  3. Swati Mitra (2011). Wild Trail in Bengal: Travel Guide. Goodearth Publications. পৃষ্ঠা. 18–. ISBN 978-93-80262-16-1. http://books.google.com/books?id=s2z6kVzswZ4C&pg=PT18। আহৰণ কৰা হৈছে: 27 December 2012. 
  4. "ৰায়মঙ্গল". বাংলাপিডিয়া. http://bn.banglapedia.org/index.php?title=ৰায়মঙ্গল। আহৰণ কৰা হৈছে: 25 January 2017. 
  5. গোপেন্দ্ৰকৃষ্ণ বসু (2015). বাংলাৰ লৌকিক দেৱতা. প্ৰকাশক কলকাতা: দেজ পাবলিশিং. পৃষ্ঠা. 150. https://archive.org/details/dli.ministry.00793.