সমললৈ যাওক

দত্তাত্ৰেয় বালকৃষ্ণ কলেলকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাকা কালেলকাৰ

১৯৮৫ চনৰ এটা ভাৰতীয় ডাক টিকটত কাকা
ৰাজ্যসভাৰ সদস্য
কাৰ্যকাল
৩ এপ্ৰিল ১৯৫২ – ২ এপ্ৰিল ১৯৬৪
ব্যক্তিগত তথ্য
জন্ম
দত্তাত্ৰেয় বালকৃষ্ণ কলেলকাৰ

১ ডিচেম্বৰ, ১৮৮৫
Satara, Maharashtra
মৃত্যু ২১ আগষ্ট, ১৯৮১ (৯৫ বছৰ)
নতুন দিল্লী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান ফাৰ্গুচন কলেজ
পেচা সমাজ সংস্কাৰক, বিপ্লৱী
জীৱিকা লেখক

দত্তাত্ৰেয় বালকৃষ্ণ কলেলকাৰ (১ ডিচেম্বৰ ১৮৮৫ – ২১ আগষ্ট ১৯৮১) জনপ্ৰিয়ভাৱে কাকা কালেলকাৰ নামেৰে পৰিচিত, ভাৰতীয় স্বাধীনতা কৰ্মী, সমাজ সংস্কাৰক, সাংবাদিক আৰু মহাত্মা গান্ধীৰ দৰ্শন (গান্ধীবাদ) আৰু পদ্ধতিৰ বিশিষ্ট অনুগামী লোক আছিল।

১৮৮৫ চনৰ ১ ডিচেম্বৰত সতৰাত জন্মগ্ৰহণ কৰা কালেলকাৰে মহাৰাষ্ট্ৰৰ সাৱন্তৱাড়ীৰ সমীপৱৰ্তী কালেলী নামৰ পৰিয়ালৰ পূৰ্বপুৰুষৰ গাঁৱৰ নামানুসাৰে তেওঁৰ উপাধি কালেলকাৰ পাইছিল। ১৯০৩ চনত মেট্ৰিক উত্তীৰ্ণ হৈ কৰি ১৯০৭ চনত পুনেৰ ফাৰ্গুচন কলেজৰপৰা দৰ্শনত স্নাতক ডিগ্ৰী লাভ কৰে। এল এল বিৰ প্ৰথম বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আৰু ১৯০৮ চনত বেলগাঁৱৰ গণেশ বিদ্যালয়ত যোগদান কৰে। “ৰাষ্ট্ৰমত’’ নামৰ এখন জাতীয়তাবাদী মাৰাঠী দৈনিক কাকতৰ সম্পাদকীয় দলত কিছুদিন কাম কৰিছিল, আৰু তাৰ পিছত ১৯১০ চনত বৰোদাৰ গংগানাথ বিদ্যালয় নামৰ এখন বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰিছিল। ১৯১২ চনত ব্ৰিটিছ চৰকাৰে জাতীয়তাবাদী মনোভাবৰ বাবে বিদ্যালয়খন বলপূৰ্বকভাৱে বন্ধ কৰি দিয়ে। তেওঁ পদব্ৰজে হিমালয়লৈ গৈ পাছলৈ ১৯১৩ চনত বাৰ্মা (ম্যানমাৰ) ভ্ৰমণত আচাৰ্য কৃপালিনীৰ সৈতে যোগদান কৰে। ১৯১৫ চনত তেওঁ প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক লগ পাইছিল।[1]

গান্ধীৰ প্ৰভাৱত তেওঁ সাবৰমতী আশ্ৰমৰ সদস্য হয়। তেওঁ সাবৰমতী আশ্ৰমৰ ৰাষ্ট্ৰীয় শালাত অধ্যাপনা কৰিছিল। কিছুদিন তেওঁ আশ্ৰমৰ চৌহদৰপৰা পৰিচালিত সৰ্ৱোদয়া সাময়িকীখনৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতীয় স্বাধীনতা আন্দোলনত অংশ লোৱাৰ বাবে তেওঁ কেইবাবাৰো কাৰাগাৰত বন্দী হৈছিল। গান্ধীৰ উৎসাহত তেওঁ আহমেদাবাদগুজৰাট বিদ্যাপীঠ প্ৰতিষ্ঠা কৰাত সক্ৰিয় ভূমিকা পালন কৰে আৰু ১৯২৮ চনৰপৰা ১৯৩৫ চনলৈকে ইয়াৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।[2] ১৯৩৯ চনত তেওঁ গুজৰাট বিদ্যাপীঠৰপৰা অৱসৰ গ্ৰহণ কৰে।[1] মহাত্মা গান্ধীয়ে তেওঁক সৱাই গুজৰাটী বুলি কয়, যিটো গুজৰাটীতকৈ এক চতুৰ্থাংশ বেছি।[1]

১৯৩৫ চনত কালেলকাৰ ৰাষ্ট্ৰভাষা সমিতিৰ সদস্য হয়, যাৰ উদ্দেশ্য আছিল হিন্দী-হিন্দুস্তানী ভাষাক ভাৰতৰ জাতীয় ভাষা হিচাপে জনপ্ৰিয় কৰা। ১৯৪৮ চনৰপৰা মৃত্যুৰ আগলৈকে তেওঁ গান্ধী স্মাৰক নিধিৰ সৈতে সক্ৰিয় আছিল।[1]

১৯৫২ চনৰপৰা ১৯৬৪ চনলৈকে তেওঁ ৰাজ্যসভাৰ সদস্য হিচাপে নিযুক্তি লাভ কৰে আৰু পিছলৈ ১৯৫৩ চনত পিছপৰা শ্ৰেণী আয়োগৰ সভাপতি নিযুক্তি দিয়ে[3]। ১৯৫৯ চনত গুজৰাটী সাহিত্য পৰিষদৰ সভাপতিত্ব কৰিছিল। ১৯৬৭ চনত তেওঁ গান্ধী বিদ্যাপীঠ, বেদচি প্ৰতিষ্ঠা কৰে আৰু ইয়াৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।[1]

১৯৮১ চনৰ ২১ আগষ্টত তেওঁৰ মৃত্যু হয়।[1]

সাহিত্যকৰ্ম

[সম্পাদনা কৰক]
গুজৰাটী
  • হিমালয়নো প্ৰৱাস
  • জীৱন-ৱ্যৱস্থা
  • পূৰ্ৱ অফ্ৰীকামাঁ
  • জীৱনানো আনন্দ
  • জীৱত তেহৱাৰো
  • মাৰা সংস্মৰণো
  • উগমানো দেশ
  • ওত্তেৰাতী দিৱাৰো
  • ব্ৰহ্মদেশনো প্ৰৱাস
  • ৰখাদৱানো আনন্দ
হিন্দী
  • মহাত্মা গান্ধী কা স্বদেশী ধৰ্ম
  • ৰাষ্ট্ৰীয় শিক্ষা কা আদৰ্শ
মাৰাঠী
  • স্মৰণ যাত্ৰা
  • উত্তৰেকাদিল ভিন্টী
  • হিন্দলগ্যাচা প্ৰসাদ
  • লোকমাতা
  • লতান্চে তাণ্ডৱ
  • হিমালয়তিল প্ৰৱাস
ইংৰাজী
  • Quintessence of Gandhian Thought
  • Profiles in Inspiration
  • Stray Glimpses of Bapu
  • Mahatma Gandhi's Gospel of Swadeshi

স্বীকৃতি

[সম্পাদনা কৰক]

কালেলকাৰে ১৯৬৫ চনত গুজৰাটী ভাষাৰ জীৱন-ব্যৱস্থা নামৰ ৰচনা সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে।[1] সাহিত্যিক সাফল্যৰ বাবে ১৯৭১ চনত সাহিত্য অকাডেমী ফেল’শ্বিপেৰে সন্মানিত হয়।

ভাৰত চৰকাৰে ১৯৬৪ চনত তেওঁক পদ্ম বিভূষণ (ভাৰত ৰত্নৰ পিছত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা) প্ৰদান কৰে।[1][4] ১৯৮৫ চনত তেওঁৰ সন্মানত স্মৃতিচাৰণ ডাকটিকটো জাৰি কৰিছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 Brahmabhatt, Prasad (gu ভাষাত). અર્વાચીન ગુજરાતી સાહિત્યનો ઈતિહાસ : ગાંધીયુગ અને અનુગાંધીયુગ (History of Modern Gujarati Literature: Gandhi Era and Post-Gandhi Era). Parshwa Publication. পৃষ্ঠা. 38–51. 
  2. "From Kaka Kalelkar and Sarojini Nanavati" (en ভাষাত). The Martin Luther King, Jr., Research and Education Institute. 2016-04-29. https://kinginstitute.stanford.edu/king-papers/documents/kaka-kalelkar-and-sarojini-nanavati। আহৰণ কৰা হৈছে: 2019-10-13. 
  3. Chhokar, Jagdeep S. (August 2008). "Caste card". frontline.thehindu.com. https://frontline.thehindu.com/other/article30197107.ece। আহৰণ কৰা হৈছে: 2024-09-22. 
  4. "Padma Awards: Year wise list of recipients (1954–2014)". Ministry of Home Affairs (India). 21 May 2014. পৃষ্ঠাসমূহ: 1, 3–6, 9, 11, 14, 17, 19–20, 23, 25, 29, 32–33, 37, 42, 48, 55, 59, 63, 66, 69–70, 72, 74, 83, 86, 88, 90–93, 95, 99–100, 105–106, 112, 114–115, 117–118, 121, 126, 131, 135, 139–140, 144, 149, 154–155, 160, 166, 172, 178, 183, 188. http://mha.gov.in/sites/upload_files/mha/files/Year_Wise_main_25042017.pdf। আহৰণ কৰা হৈছে: 18 October 2015.