সমললৈ যাওক

দয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দয়া (ইংৰাজী: Kindness) হ'ল বিনিময়ত প্ৰশংসা বা পুৰস্কাৰ আশা নকৰি‍ উদাৰতা, বিবেচনা, আনক সহায় কৰা, আনৰ প্ৰতি চিন্তা কৰা আদি গুণৰ বৈশিষ্ট্যপূৰ্ণ এক প্ৰকাৰৰ আচৰণ৷ ই দৰ্শন, ধৰ্ম, মনোবিজ্ঞান আদিৰ আগ্ৰহৰ বিষয়।

ইয়াক নিজৰ বা আন মানুহৰ প্ৰতি নিৰ্দেশিত কৰিব পাৰি, আৰু একাধিক ভিন্ন প্ৰজাতি আৰু সংস্কৃতিত ই উপস্থিত।

ইংৰাজীত kindness শব্দটো প্ৰায় ১৩০০ চনৰ পৰাই ব্যৱহাৰ হৈ আহিছে‍ যদিও ১৪ শতিকাৰ শেষৰ ফালে শব্দটোৰ অৰ্থ বৰ্তমানৰ অৰ্থলৈ বিকশিত হয়।[1]

মানুহৰ সংগী বাছনিৰ অধ্যয়নত দেখা গৈছে যে পুৰুষ আৰু মহিলা উভয়েই নিজৰ সম্ভাৱ্য সংগীৰ মাজত থকা দয়াক মূল্য দিয়ে, লগতে বুদ্ধিমত্তা, শাৰীৰিক চেহেৰা, আকৰ্ষণীয়তা আৰু বয়সকো মূল্য দিয়ে।[2]

মনোবিজ্ঞানত

[সম্পাদনা কৰক]

ইয়েল বিশ্ববিদ্যালয়ৰ অধ্যয়নত কেঁচুৱাৰ সৈতে খেলা-ধূলা কৰি এই সিদ্ধান্ত লোৱা হৈছিল যে দয়া মানুহৰ অন্তৰ্নিহিত এক মানসিক গুণ৷[3] শিশুকালত সহানুভূতিৰ শিপাৰ বিষয়েও একেধৰণৰ অধ্যয়ন কৰা হৈছে[4] – জীৱনৰ প্ৰথম মাহত মটৰ মিৰ’ৰিঙৰ বিকাশ ঘটে,[5] আৰু ইয়াৰ ফলত (অনুকূলভাৱে) শিশুৱে বিপদত পৰা সমনীয়াৰ প্ৰতি দেখুওৱা চিন্তাৰ সৃষ্টি হয়৷[6]:112

বাৰ্বাৰা টেইলৰ আৰু এডাম ফিলিপছে প্ৰাপ্তবয়স্কৰ দয়াত প্ৰয়োজনীয় বাস্তৱবাদ উপাদানটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, লগতে "প্ৰকৃত দয়াই মানুহক ইয়াক কৰাৰ ক্ষেত্ৰত সলনি কৰাৰ ধৰণ, প্ৰায়ে অভাৱনীয় ধৰণৰ হয়"।[6]

দয়া শিক্ষা

[সম্পাদনা কৰক]

দয়া কৰাটো বেছিভাগ সময়তে পিতৃ-মাতৃয়ে শিশুক শিকাই আৰু ইয়াক পৰ্যবেক্ষণ আৰু কিছু প্ৰত্যক্ষ শিক্ষাৰ জৰিয়তে শিকে। অধ্যয়নত দেখা গৈছে যে কাৰ্যসূচী আৰু হস্তক্ষেপৰ জৰিয়তে জীৱনৰ প্ৰথম ২০ বছৰত দয়াক শিকাব আৰু উৎসাহিত কৰিব পাৰি।[7] অধিক অধ্যয়নে দেখুৱাইছে যে দয়াৰ হস্তক্ষেপে কৃতজ্ঞতা শিকোৱাৰ দৰে তুলনামূলক ফলাফলৰ সৈতে মংগল উন্নতিত সহায় কৰিব পাৰে।[8] একেধৰণৰ তথ্যই দেখুৱাইছে যে সাংগঠনিক পৰ্যায়ৰ দয়াৰ শিক্ষাই কলেজত প্ৰাপ্তবয়স্কসকলৰ মংগল উন্নতি কৰিব পাৰে।[9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "kindness". Online Etymology Dictionary. https://www.etymonline.com/word/kindness.
    • Buss, David M. (1992). "Sex differences in jealousy: Evolution, physiology, and psychology". Psychological Science খণ্ড 3 (4): 251–255. doi:10.1111/j.1467-9280.1992.tb00038.x.
    • Gleitman, Henry; Gross, James; Reisberg, Daniel (2011). Psychology (8th সম্পাদনা). W.W. Norton & co.. ISBN 9780393932508.
  2. "Can Babies Tell Right From Wrong?, Babies at Yale University's Infant Cognition Center respond to "naughty" and "nice" puppets". New York Times (TimesVideo). May 5, 2010. https://www.nytimes.com/video/magazine/1247467772000/can-babies-tell-right-from-wrong-.html.
  3. Goleman, Daniel (1989-03-28). "Researchers Trace Empathy's Roots to Infancy". New York Times: পৃষ্ঠা C1. https://www.nytimes.com/1989/03/28/science/researchers-trace-empathy-s-roots-to-infancy.html?pagewanted=all.
  4. Goleman, Daniel (1996). Emotional Intelligence. প্ৰকাশক London: Bloomsbury. পৃষ্ঠা. 98–99.
  5. 1 2 Phillips, Adam; Taylor, Barbara (2009). On Kindness. প্ৰকাশক London.
  6. Malti, Tina (2021-09-03). "Kindness: a perspective from developmental psychology" (en ভাষাত). European Journal of Developmental Psychology খণ্ড 18 (5): 629–657. doi:10.1080/17405629.2020.1837617. ISSN 1740-5629. https://www.tandfonline.com/doi/full/10.1080/17405629.2020.1837617.
  7. Datu, Jesus Alfonso D.; Valdez, Jana Patricia M.; McInerney, Dennis M.; Cayubit, Ryan Francis (May 2022). "The effects of gratitude and kindness on life satisfaction, positive emotions, negative emotions, and COVID-19 anxiety: An online pilot experimental study" (en ভাষাত). Applied Psychology: Health and Well-Being খণ্ড 14 (2): 347–361. doi:10.1111/aphw.12306. ISSN 1758-0846. PMID 34668323.
  8. Datu, Jesus Alfonso D.; Lin, Xunyi (June 2022). "The Mental Health Benefits of kind University Climate: Perception of Kindness at University Relates to Longitudinal Increases in Well-Being" (en ভাষাত). Applied Research in Quality of Life খণ্ড 17 (3): 1663–1680. doi:10.1007/s11482-021-09981-z. ISSN 1871-2584. https://link.springer.com/10.1007/s11482-021-09981-z.