সমললৈ যাওক

দয়ামণি বাৰলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দয়ামণি বাৰলা

২০১২ চনত ViBGYOR চলচ্চিত্ৰ মহোৎসৱত দয়ামণি বাৰলা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা সাংবাদিক
সংস্থা আদিবাসী-মূলবাসী অস্তিত্ব ৰক্ষা মঞ্চ
বঁটা, সন্মান, পুৰস্কাৰ আদি গ্ৰাম্য সাংবাদিকতাৰ বাবে কাউণ্টাৰ মিডিয়া বঁটা (২০০০)
নেচনেল ফাউণ্ডেশ্যন ফৰ ইণ্ডিয়া ফেল'শ্বিপ (২০০৪)

দয়ামণি বাৰলা (ইংৰাজী: Dayamani Barla) ভাৰতীয় ঝাৰখণ্ড ৰাজ্যৰ এগৰাকী ভাৰতীয় জনজাতীয় সাংবাদিক আৰু কৰ্মী। পূব ঝাৰখণ্ডত আৰ্চেলৰ মিট্টালৰ তীখা উদ্যোগৰ বিৰোধিতা কৰা সক্ৰিয়তাৰ বাবে তেওঁ উল্লেখযোগ্য হৈ পৰিছিল, জনজাতীয় কৰ্মীসকলে কয় যে এই তীখা উদ্যোগে চল্লিশখন গাঁও স্থানচ্যুত কৰিব।

সাংবাদিকতাৰ বাবে বহুকেইটা সন্মানীয় বঁটা লাভ কৰিছে বাৰলাই।[1] ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ঝাৰখণ্ডৰ খুঁটি লোকসভা সমষ্টিৰ পৰা আম আদমী পাৰ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বিফল হৈছিল।[2][3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

পূব ভাৰতৰ ঝাৰখণ্ড ৰাজ্যৰ এক জনজাতীয় পৰিয়ালত (ভাৰতত আদিবাসী বুলিও জনা যায়) দয়ামণিৰ জন্ম হৈছিল। তেওঁৰ পৰিয়ালটো মুণ্ডা জনগোষ্ঠীৰ আছিল। দয়ামণিৰ পিতৃকো অঞ্চলটোৰ আন জনজাতীয় লোকৰ দৰে পঢ়াব নোৱাৰাৰ বাবে আৰু মাটিৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ‍ কাগজ-পত্ৰৰ অভাৱৰ বাবে সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল। তেওঁৰ দেউতাক এখন চহৰত দাস হৈ পৰিছিল, আৰু মাক আন এখন চহৰত বনকৰা তিৰোতা হৈ পৰিল। বাৰলা ঝাৰখণ্ডৰ বিদ্যালয়ত আছিল যদিও ৫ম শ্ৰেণীৰ পৰা ৭ম শ্ৰেণীলৈকে পঢি় থকাৰ সময়ত খেতিত দিনমজুৰ হিচাপে কাম কৰিছিল। মাধ্যমিক বিদ্যালয়ৰ শিক্ষা অব্যাহত ৰাখিবলৈ তেওঁ ৰাঁচিলৈ গুচি যায় আৰু বিশ্ববিদ্যালয়ৰ জৰীপৰ বাবে কাম কৰা এগৰাকী কৰ্মী হি‍চাপে কাম কৰিছিল। সাংবাদিকতাৰ শিক্ষা অব্যাহত ৰাখিবলৈ তেওঁ কেতিয়াবা ৰে'লৱে ষ্টেচনতো শুইছিল।[4]

কেৰিয়াৰ

[সম্পাদনা কৰক]

বাৰলাই ঝাৰখণ্ড অঞ্চলৰ মুণ্ডা জনগোষ্ঠী আৰু অন্যান্য জনজাতি জনগোষ্ঠীবোৰে‍ সন্মুখীন হোৱা অসংখ্য সমস্যাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ জনপ্ৰিয় হিন্দী কাকত প্ৰভাত খবৰত কাম কৰে। তেওঁ ইণ্ডিয়ান ছ'চিয়েল একশ্যন ফ'ৰাম আইএনএছএএফৰ ৰাষ্ট্ৰীয় সভাপতি। তেওঁৰ প্ৰাৰম্ভিক সাংবাদিকতাৰ কাম এছ’চিয়েশ্যন ফৰ ইণ্ডিয়াছ ডেভেলপমেণ্ট (এআইডি)ৰ জৰিয়তে এটা সৰু ফেল’শ্বিপৰ দ্বাৰা সমৰ্থিত হৈছিল।[5] বাৰলা এখন চাহৰ দোকানৰ মালিক আৰু তেওঁ সেইখন চলাই আছে; ই তেওঁৰ সাংবাদিকতাৰ কাম আৰু কেৰিয়াৰক ফলপ্ৰসূভাৱে সমৰ্থন কৰে। তেওঁ সচেতনভাৱে ব্যৱসায়টো বাছি লৈছিল কাৰণ চাহৰ দোকানবোৰত সামাজিক বিষয়বোৰ আলোচনা কৰাৰ বাবে লোক একত্ৰিত কৰে‍।[1][4]

সক্ৰিয়তা

[সম্পাদনা কৰক]

ঝাৰখণ্ড অঞ্চল প্ৰাকৃতিক সম্পদেৰে চহকী হোৱাৰ বাবে বহু চৰকাৰী-বেচৰকাৰী কোম্পানীয়ে কেইবাটাও প্ৰাকৃতিক সম্পদ নিষ্কাশন কাৰখানা নিৰ্মাণৰ বাবে ভূমি নিজৰ কৰি লৈছে। যদিও জনজাতীয় ৰাইজে ক্ষতিপূৰণ লাভ কৰাৰ কথা, তথাপিও কেইবাজনো কৰ্মীয়ে পৰ্যাপ্ত ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে।[4] আৰ্চেলাৰ মিট্টালে এই অঞ্চলত বিশ্বৰ অন্যতম বৃহৎ তীখা উদ্যোগ স্থাপনৰ বাবে ৮.৭৯ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰিব বিচাৰিছে। গ্ৰীণফিল্ড তীখা প্ৰকল্পৰ বাবে ১২ হাজাৰ একৰ (৪৯ কিলোমিটাৰ বৰ্গফুট) মাটি আৰু নতুন বিদ্যুৎ কেন্দ্ৰৰ প্ৰয়োজন। বাৰলাৰ মতে, ই চল্লিশটা জনজাতীয় গাঁৱক স্থানচ্যুত কৰিব।[1] বাৰলা আৰু তেওঁৰ সংগঠন আদিবাসী, মূলৱাসী, অস্তিত্ব ৰক্ষা মঞ্চ (ফ'ৰাম ফৰ দ্য প্ৰটেকশ্যন অৱ ট্ৰাইবাইল এণ্ড ইণ্ডিজেনিয়াছ পিপলছ আইডেণ্টিটি)য়ে যুক্তি দিয়ে যে, ব্যাপক স্থানচ্যুতিৰ সৃষ্টি কৰাৰ উপৰিও, প্ৰকল্পটোৱে অঞ্চলটোৰ বনাঞ্চল ধ্বংস কৰিব। ই পানীৰ উৎস আৰু পৰিৱেশতন্ত্ৰকো প্ৰভাৱিত কৰিব, যাৰ ফলত পৰিৱৰ্তন আৰু থলুৱা লোকসকলৰ বাবে জীৱিকাৰ উৎসৰ প্ৰতি ভাবুকি আহিব। আৰ্চেলাৰ মিট্টালে নিজৰ ফালৰ পৰা কয় যে ই স্থানীয় লোকসকলৰ ভূমি দখল কৰিব নিবিচাৰে আৰু ই সকলো অংশীদাৰৰ সৈতে আলোচনা কৰিবলৈ ইচ্ছুক।[1] কিন্তু বৰলাই প্ৰত্যুত্তৰত কয় যে জীৱিকাৰ বাবে জনজাতীয় জনগোষ্ঠীসমূহে নিজৰ জন্মভূমিৰ পৰা, বিচ্ছিন্নতাৰ পৰা বাচি নাথাকিব আৰু তেওঁলোকক এনে লোকচানৰ ক্ষতিপূৰণ দিব নোৱাৰি।[1]

বৰলাৰ সক্ৰিয় কৰ্মৰ বিষয়বস্তু আছিল ২০১৩ চনত চলচ্চিত্ৰ নিৰ্মাতা লীনা মণিমেকলাইৰ দ্বাৰা নিৰ্মিত তথ্যচিত্ৰ বেলাড অৱ ৰেজিষ্টেন্স।[6]

  1. 1 2 3 4 5 Basu, Moushumi (2008). "Steely resolve:Dayamani Barla". BBC. http://news.bbc.co.uk/2/hi/south_asia/7610127.stm আহৰণ কৰা হৈছে: 14 October 2008.
  2. "AAP introduces seven candidates in fray in Jharkhand". http://timesofindia.indiatimes.com/city/ranchi/AAP-introduces-seven-candidates-in-fray-in-Jharkhand/articleshow/32886194.cms.
  3. Kislaya, Kelly (18 May 2014). "NOTA ahead of AAP in many seats". http://timesofindia.indiatimes.com/news/NOTA-ahead-of-AAP-in-many-seats/articleshow/35271476.cms আহৰণ কৰা হৈছে: 15 December 2015.
  4. 1 2 3 "Off India's Beaten Path". UCLA. 2008. Archived from the original on 5 June 2011. https://web.archive.org/web/20110605122343/http://www.international.ucla.edu/article.asp?parentid=85350 আহৰণ কৰা হৈছে: 14 October 2008.
  5. "Dayamani Barla: Indigenous Journalist and Activist from India". Media Activism. 2007. http://www.indybay.org/newsitems/2007/11/24/18463235.php আহৰণ কৰা হৈছে: 14 October 2008.
  6. "Ballad of Resistance". 2013. https://www.youtube.com/watch?v=l6Fko6t0wn4&t=211s আহৰণ কৰা হৈছে: 10 April 2023.