দয়া বৈদ্য
| দয়া বৈদ্য | |
|---|---|
| জন্ম | দয়া ভিভিয়ান বৈদ্য ২০ মে', ১৯৮০ (৪৬ বছৰ) কাঠমাণ্ডু, নেপাল |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৯৮–বৰ্তমান |
| দাম্পত্যসঙ্গী | ডন ৱালেচ |
| সন্তান | ৩ (লীলা গ্ৰেচ ৱালেচ, জয় ব্লু ৱালেচ, দেৱ ঈশান ৱালেচ) |
দয়া ভিভিয়ান বৈদ্য (ইংৰাজী: Daya Vivian Vaidya; জন্ম: ২০ মে’, ১৯৮০) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ বিশেষকৈ টেলিভিছন ধাৰাবাহিক আনফৰ্গেটেবল (২০১১–১২), বছ (২০১৬–২১) আৰু দ্য ব্লেক হেম্পটনছ (২০২২–বৰ্তমান)ত কৰা অভিনয়ৰ বাবে পৰিচিত।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]বৈদ্যৰ জন্ম ১৯৮০ চনৰ ২০ মে'ত নেপালৰ কাঠমাণ্ডুত হৈছিল। তেওঁ এজন দক্ষিণ এছীয় গুজৰাটী পিতৃ আৰু এগৰাকী ইটালীয়/স্পেনিছ-আমেৰিকান মাতৃৰ সন্তান। তেওঁৰ দুই বছৰ বয়সত পিতৃ-মাতৃয়ে তেওঁক লৈ কেলিফৰ্ণিয়াৰ ওকলেণ্ডলৈ গুচি যায়। এঘাৰ বছৰ বয়সৰপৰাই তেওঁ নাটক আৰু সংগীতানুষ্ঠানত অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ লগতে তেওঁ টেপ, বেলে, সমসাময়িক নৃত্যৰপৰা আৰম্ভ কৰি হিপ-হপলৈকে সকলো ধৰণৰ নৃত্যৰ প্ৰশিক্ষণ লৈছিল। পৰৱৰ্তী সময়ত তেওঁ ইউচিএলএ ত নৃত্যক মূল বিষয় হিচাপে লৈ অধ্যয়ন কৰে আৰু নিউয়ৰ্ক চহৰৰ এলভিন আইলী আমেৰিকান ডান্স থিয়েটাৰত জলপানীৰে নৃত্যৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰপৰা থিয়েটাৰ আৰ্টছত বিএফএ ডিগ্ৰী লাভ কৰি শিক্ষা জীৱন সমাপ্ত কৰে। বৰ্তমান তেওঁ লছ এঞ্জেলছত বসবাস কৰে।
কৰ্মজীৱন
[সম্পাদনা কৰক]বৈদ্যই ১৯৯৯ চনত দ্য ডব্লিউবি টেলিভিছন ধাৰাবাহিক হাইপেৰিয়ান বেত এটা চৰিত্ৰৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তাৰ পিছৰ বছৰত হৰৰ-কমেডী ছবি লেপ্ৰেচন ইন দ্য হুডত এটা গৌণ চৰিত্ৰৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল। তেওঁ এনচিআইএছ, অল অৱ আছ, কাটছ আৰু টু এণ্ড এ হাফ মেনৰ দৰে টেলিভিছন ধাৰাবাহিকত অতিথি শিল্পী হিচাপে অভিনয় কৰিছিল। ২০১১ চনত বৈদ্যক চিবিএছ ক্ৰাইম ড্ৰামা ছিৰিজ আনফৰ্গেটেবলত এগৰাকী নিয়মীয়া শিল্পী হিচাপে নিৰ্বাচিত কৰা হৈছিল।[1] অৱশ্যে এটা ছিজনৰ পিছতে তেওঁক সেই ধাৰাবাহিকখনৰপৰা অব্যাহতি দিয়া হয়।[2][3] তাৰ পিছৰেপৰা তেওঁ ২০১৩ চনত এবিচি ফেমিলি ছিৰিজ টুইষ্টেড আৰু ২০১৬ চনৰপৰা ২০২১ চনলৈ আমাজন ক্ৰাইম ড্ৰামা বছত অভিনয় কৰিছিল। ২০১৭ চনত তেওঁ এবিচিৰ দিনৰ ভাগত সম্প্ৰচাৰিত হোৱা ছোপ অপেৰা জেনেৰেল হস্পিটেলত এটা চৰিত্ৰত অভিনয় কৰিছিল।[4][5]
২০২২ চনত বৈদ্যক বিইটি+ ড্ৰামা ছিৰিজ দ্য ব্লেক হেম্পটনছত অভিনয় কৰিবলৈ নিৰ্বাচিত কৰা হয়।[6] ২০২৩ চনত তেওঁ চিডব্লিউ ছুপাৰহিৰো ছিৰিজ ছুপাৰমেন এণ্ড লুইচত 'অ'নোমেট'পিয়া' চৰিত্ৰত অভিনয় কৰিছিল।[7]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]বৈদ্য ডন ৱালেচৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০০৯ চনত তেওঁলোকৰ লীলা গ্ৰেচ নামৰ এগৰাকী কন্যা সন্তান জন্ম হয়।[8] ২০১২ চনৰ ২৫ জুলাইত নিউয়ৰ্ক চহৰত বৈদ্যই যমজ পুত্ৰ সন্তান— জয় ব্লু আৰু দেৱ ঈশানৰ জন্ম দিয়ে।[9][10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Daya Vaidya Talks 'Casting Couch' Discrimination". Huffington Post. 11 November 2011. http://www.huffingtonpost.com/2011/11/10/daya-vaidya-unforgettable_n_1087501.html.
- ↑ Andreeva, Nellie (July 18, 2012). "Supporting Cast Of Resurrected CBS Drama 'Unforgettable' Overhauled For Season 2". https://deadline.com/2012/07/unforgettable-supporting-cast-not-returning-season-2-cbs-302747/.
- ↑ Mitovich, Matt Webb (July 18, 2012). "Scoop: CBS' Unforgettable Shakes Up Cast for Season 2 — Who Is Definitely Returning?". https://tvline.com/casting-news/unforgettable-season-2-cast-changes-345934/.
- ↑ Cushman, Dustin (April 28, 2017). "Daya Vaidya joins General Hospital". https://soaps.sheknows.com/general-hospital/comings-and-goings/1730/daya-vaidya-joins-general-hospital/.
- ↑ "Meet GH's New Mystery Woman, Daya Vaidya". May 3, 2017. https://www.soapoperadigest.com/content/meet-ghs-new-mystery-woman-daya-vaidya/.
- ↑ Haring, Bruce (March 10, 2022). "'Carl Weber's The Black Hamptons' Limited Series Set For BET Bow". https://deadline.com/2022/03/carl-weber-the-black-hamptons-bet-series-1234974973/.
- ↑ Matadeen, Renaldo (March 20, 2023). "Superman & Lois Season 3 Introduces a Villain Worse Than Lex Luthor". CBR. Archived from the original on May 24, 2025. https://web.archive.org/web/20250524172432/https://www.cbr.com/superman-and-lois-onomatopoeia-lex-luthor/। আহৰণ কৰা হৈছে: March 21, 2026.
- ↑ "Super Mom - Daya Vaidya". bigcitymoms.com. 2011. Archived from the original on May 1, 2012. https://web.archive.org/web/20120501125507/http://www.bigcitymoms.com/SuperMom_DayaVaidya.php। আহৰণ কৰা হৈছে: April 23, 2012.
- ↑ Ross, Robyn (April 19, 2012). "Daya Vaida Expecting Twins". TVGuide.com. http://www.tvguide.com/News/Daya-Vaida-Expecting-1046246.aspx?rss=breakingnews। আহৰণ কৰা হৈছে: April 23, 2012.
- ↑ "Daya Vaidya Is Having Twins!". BlackCelebKids.com. 2012. Archived from the original on July 9, 2012. https://web.archive.org/web/20120709205609/http://www.blackcelebkids.com/2012/04/daya-vaidya-is-having-twins/। আহৰণ কৰা হৈছে: April 23, 2012.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- দয়া বৈদ্য সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।