দশম স্কন্ধৰ আদিছোৱা
![]() | এই প্ৰবন্ধটো শেহতীয়াভাৱে এজন নবাগত সদস্যই সৃষ্টি কৰিছে। প্ৰবন্ধটোৰ গুণগত মান উন্নত কৰিবৰ বাবে অধিক সম্পাদনাৰ প্ৰয়োজন আছে, কিন্তু অনুগ্ৰহ কৰি বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভাল ভাব পোষণ কৰি এটা গঠনমূলক পৰামৰ্শ সৃষ্টিকৰ্তা সদস্যজনৰ বাৰ্তা পৃষ্ঠাত প্ৰেৰণ কৰক। এই প্ৰবন্ধ কোনোবা এজন অভিজ্ঞ ৱিকিপিডিয়ানে (প্ৰবন্ধৰ লিখকজনৰ বাহিৰে) নিৰীক্ষণ কৰাৰ পাছত এই সাঁচটো আঁতৰাই দিব পাৰে। |
মহাপুৰুষে ৰচনা কৰা সকলোখিনি পদ-ৰচনাই অনুবাদমূলক,তথাপি কেইখনমান অনুবাদ কৰোঁতে মূলৰ ফালে সততে দৃষ্টি ৰাখি কল্পনা সংযম কৰি ৰাখিছিল। এই কেইখনৰ ভিতৰত সৰ্বপ্ৰধান হ'ল দশম। ভাষাৰ লালিত্য আৰু সৌষ্ঠৱ,বিষয়বস্তুৰ মনোহাৰিত্ব,বৰ্ণনাৰ স্বাভাৱিকতা আৰু ভক্তিৰ গাঢ়তাৰ কাৰণে অনুবাদ প্ৰধান হ'লেও এইখন মহাপুৰুষৰ অন্যতম শ্ৰেষ্ঠ গ্ৰন্থৰূপে স্বীকৃত হৈছে। অসমীয়াৰ ঘৰে ঘৰে 'কীৰ্তন' আৰু 'নামঘোষা'ৰ লগত এই পুথি সৰ্বাধিক আদৰ আৰু শ্ৰদ্ধাৰ বস্তু। 'দশম' বুলিলে দৰাচলতে ভাগৱতৰ সমগ্ৰ দশম স্কন্ধৰ ভাঙনিকে বুজায় যদিও অসমীয়া মানুহে মহাপুৰুষে ৰচনা কৰা অংশকহে সাধাৰণতে 'দশম' বুলি বুজে। মূল ভাগৱতৰ দশম স্কন্ধৰ ৯০টা অধ্যায়ৰ ভিতৰত মহাপুৰুষে প্ৰথমৰপৰা ৪৯ম অধ্যায়লৈকেহে অনুবাদ কৰিছে। এই খণ্ডক আদ্য বা আদি দশম বোলা হয়। এই অংশত কৃষ্ণৰ জন্মৰপৰা কংসবধৰ পাছৰ গোপীউদ্ধৱ সংবাদলৈকে পোৱা যায়। আদ্য দশমত কৃষ্ণৰ ল'ৰালি কালৰ কাহিনী আৰু ঘটনা বৰ্ণনা কৰা হৈছে। শিশু কৃষ্ণৰ দুষ্টামি, ভেম,চাতুৰি,সমনীয়াৰ লগত তেওঁৰ খেল ধেমালি,গৰখীয়া,পথাৰৰ দৃশ্য,যশোদাৰ মাতৃসুলভ ব্যৱহাৰ আৰু গোপীসকলৰ কৃষ্ণৰ প্ৰতি গভীৰ অনুৰাগ শঙ্কৰদেৱে দশম গ্ৰন্থত বাস্তৱ আৰু সজীৱভাৱে বৰ্ণনা কৰিছে। বিভিন্ন ঋতুৰ নৈসৰ্গিক ৰূপ আৰু শোভা আৰু মানৱ ক্ৰিয়াৰ উদ্দীপনা বিভাৱৰূপে বা পটভূমিৰূপে প্ৰাকৃতিক সৌন্দৰ্যৰ স্থান সুন্দৰভাৱে দেখুৱাইছে। ভক্তিবিৰোধী অত্যাচাৰী দৈত্য-দানৱৰ কৃষ্ণৰ হাতত মৰণ দশমৰ বহু ঠাইত প্ৰদৰ্শন কৰিছে। মূল বৰ্ণনা ঠায়ে ঠায়ে চমু কৰিছে যদিও, স্থানবিশেষে মৌলিক চিত্ৰ আৰু উপমা প্ৰয়োগ কৰি পৰিৱেশ উজ্জ্বল আৰু হৃদয়সংবাদী কৰি তুলিছে। মূলৰ গভীৰ আৰু সহজে আবোধ্য তত্ত্বসমূহ স্থানবিশেষে পৰিহাৰ কৰিছে আৰু স্থানবিশেষে চমু আৰু প্ৰাঞ্জল ৰূপত প্ৰকাশ কৰিছে। দশমৰ সকলো অংশতকৈ 'ৰাসক্ৰীড়া'আৰু 'গোপীউদ্ধৱ সংবাদ'ক সম্ভোগ আৰু বিপ্ৰলম্ভ শৃংগাৰ ৰস-প্ৰকাশৰ উৎকৃষ্ট নিদৰ্শন বুলি ক'ব পাৰি। প্ৰকৃতিচিত্ৰণ আৰু তাৰ লগত সংগতি ৰাখি ভাবাৱেগৰ পৰিস্ফুৰণে এই খণ্ড দুটাক অভিনৱত্ব প্ৰদান কৰিছে। বালকৃষ্ণৰ লীলা,মাহাত্ম্য,ভক্তৰ প্ৰতি কৰুণা আৰু ভক্তিৰ প্ৰেমময়তা প্ৰাঞ্জলকৈ প্ৰকাশ কৰিছে।