দাঁতোন
দাঁতোন (ইংৰাজী: Toothbrush ) আধুনিক টুথব্ৰাছৰ উদ্ভাৱক হ'ল ইংলেণ্ডৰ ক্লাৰ্কনেল্ডৰ উইলিয়াম আড্ডিছ (Willam Addis) ৷ ১৭৮০ চনত তেওঁ গৰুৰ নেজৰ চুলি কাটি টুথব্ৰাছ তৈয়াৰ কৰিছিল৷ ব্ৰাছৰ নালবোৰো আছিল গৰুৰ তপিনাৰ হাড়ৰ৷ ১৪৯৮ চনত চীনদেশত প্ৰথম গাহৰিৰ ঠৰঙা নোম ব্যৱহাৰ কৰি টুথব্ৰাছ তৈয়াৰ কৰা হৈছিল৷৷ ১৯৩৬ চনৰপৰা ১৯৯৮ চনৰ ভিতৰত পৃথিৱীত ৩০০০ টা দাঁতোনৰ পেটেণ্ট হৈছে৷ [1]
ইতিহাস
ইজিপ্তৰ মৈদামত পোৱা সমলমতে ৫০০০ বছৰ পূৰ্বৰেপৰা ইজিপ্তবাসীয়ে টুথব্ৰাছ ব্যৱহাৰ কৰিছিল বুলি জনা যায়৷ তেতিয়াৰ টুথব্ৰাছবোৰ আছিল গছৰ ঠাৰিৰ৷ তাৰো আগতে মেছোপটেমিয়াৰ মানুহে কেটেলা পহুৰ কাঁইট,গছৰ কাঁইট,চৰাইৰ পাখি আদিৰে দাঁত পৰিষ্কাৰ কৰিছিল৷ ভাৰতৰ আয়ুৰ্বেদ শাস্ত্ৰতো বিভিন্ন গছৰ ঠানিৰ 'দাঁতোন' হিচাপে ব্যৱহাৰ কৰাৰ উদাহৰণ আছে৷ নিম.সৌৰা,বঙালী এৰা,পচতীয়া,বকুল,তেজমুৰী বা তেজমুই লতা,কুমলীয়া বাঁহৰ লেকেচী,দীঘলতি আদি গছৰ ঠানি টুকুৰা কৰি আগটো দাঁতেৰে চোবাই মিহি আৰু কোমল কৰি তাৰে দাঁত ঘঁহিছিল৷ বিশেষকৈ আমাৰ দেশত ৰে'লত ভ্ৰমন কৰিলে ৰে'ল ষ্টেচনবোৰত ৰাতিপুৱা 'দাঁতোন' বিক্ৰী কৰা দেখা যায়৷ খ্ৰীষ্টপূৰ্ব ১৬০০ বছৰ পূৰ্বৰ চীন দেশৰ সাহিত্যত 'দাঁতোন' ব্যৱহাৰ কৰাৰ উল্লেখ আছে৷ তেওঁলোকে সুগন্ধি গছৰ ঠানিৰে দাঁতোন তৈয়াৰ কৰিছিল৷ গ্ৰীক আৰু ৰোমান সাহিত্যতো অতীজতে দাঁত-মুখ পৰিষ্কাৰ কৰাৰ বাবে 'দাঁতোন'ব্যৱহাৰ কৰাৰ কথা পোৱা যায়৷ আজিও পৃথিৱীৰ বিভিন্ন দেশত কোটি কোটি মানুহে গছৰ ঠাৰিৰ দাঁতোন ব্যৱহাৰ কৰি আছে৷[1]
আধুনিক দাঁতোন
১৯২০ চনত হেণ্ডেলডালৰ মূৰত ফুটা কৰি ব্ৰাছবোৰ লগোৱাৰ নতুন পদ্ধতি ওলায়৷ তেতিয়ালৈকে টুথব্ৰাছবোৰ প্ৰাণীদেহৰ নোমৰ পৰাই তৈয়াৰ কৰা হৈছিল৷ ১৯৩৮ চনত আমেৰিকাত নাইলনৰ ব্ৰাছ উৎপাদন হয়৷ প্ৰথম মহাসমৰৰ সময়লৈকে টুথব্ৰাছৰ ঠাৰিডাল জন্তুৰ হাড়ৰ পৰা তৈয়াৰ কৰা হৈছিল৷ নাইলনৰ ব্ৰাছৰ সুবিধা বহুত৷ কম খৰচতে আৱু অধিক পৰিমানে বিভিন্ন আকাৰৰ নাইলনৰ ব্ৰাছৰ উৎপাদন কৰিব পাৰি৷ তদুপৰি নাইলনৰ ব্ৰাছবোৰ সোনকালে শুকায়৷ ফলত বীজাণুৰ বৃদ্ধি নঘটে৷ কম দিনৰ ভিতৰতে নাইলনৰ ব্ৰাছৰ বিস্তাৰ ঘটে৷ আজিকালি বজাৰত বিভিন্ন ধৰণৰ,বিভিন্ন আকাৰৰ,বিভিন্ন ৰঙৰ,বিভিন্ন গুণ সম্পন্ন টুথব্ৰাছ ওলাইছে৷[1]
বিদ্যুৎৰ দাঁতোন
বিভিন্ন দেশত বিদ্যুৎৰ দাঁতোন ও পোৱা যায়৷ এই ক্ষেত্ৰত চীন দেশ আগবঢ়া৷
দাঁতোন ব্যৱহাৰ কৰাৰ নিয়ম
- আনৰ টুথব্ৰাছ ব্যৱহাৰ কৰা অনুচিত৷ যাতে এজনৰ বেমাৰ আন এজনলৈ নাযায়৷
- ব্ৰাছ কৰি উঠি ব্ৰাছডাল জোকাৰি লাগি থকা পানীখিনি শুকুৱাব লাগে৷
- ব্ৰাছকৰি উঠি ব্ৰাছডাল পানীৰে ভালদৰে ধুব লাগে,যাতে টুথপেষ্ট লাগি নাথাকে৷
- টুথব্ৰাছডাল থওঁতে ওপৰলৈ মূৰ কৰি থ'ব লাগে,যাতে বতাহ লাগি শুকাই যায়৷
- একেলগে কেইবাডালো টুথব্ৰাছ থ'লে,গাত গা লগাই থ'ব নালাগে,যাতে এডালৰ বীজানু আনডাল ব্ৰাছলৈ যাব নোৱাৰে৷
- টুথব্ৰাছডাল ব্ৰাছ কৰি সদায় শুকাব পৰাকৈ মুকলিকৈ থ'ব লাগে,বাকচ বা ড্ৰয়াৰত ভৰাই থ'ব নালাগে৷
- প্ৰতি তিনি মাহৰ মূৰে মূৰে নতুন টুথব্ৰাছ ল'ব লাগে৷ বেয়া বা চেপেটা হোৱা টুথব্ৰাছডাল কামত নাহে৷ বৰঞ্চ দাঁতৰ আলুৰ ঘাঁহে লগাব পাৰে৷[1]
Brush Color (coded as per ISO 16409) | Brush Size | Wire Size | Passage Hole Diameter (PHD) |
---|---|---|---|
Pink | 0 | 0.4mm | |
Orange | 1 | 0.45mm | <=0.8mm |
Red | 2 | 0.5mm | 0.9 mm-1.0 mm |
Blue | 3 | 0.6mm | 1.1 mm-1.2 mm |
Yellow | 4 | 0.7mm | 1.3 mm-1.5 mm |
Green | 5 | 0.8mm | 1.6 mm-1.8 mm |
Purple | 6 | 1.1mm | >1.9 mm |
Grey | 7 | 1.3mm | |
Black | 7 | 1.5mm |
তথ্য সংগ্ৰহ