সমললৈ যাওক

দাইল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দাইল

ভাৰতীয় উপমহাদেশৰ ৰন্ধনশৈলীত দাইল এবিধ প্ৰধান উপাদান। ওপৰৰ সোঁফালৰপৰা ঘড়ীৰ কাঁটাৰ দিশত: ফলা ৰঙা দাইল, সাধাৰণ সেউজীয়া গোটেই দাইল, আৰু লে পুই (Le Puy) সেউজীয়া দাইল। গোটেই দাইলবোৰৰ বাকলি ভাগ দেখা গৈছে।
অন্য নাম ডাল, দাল, ডাইল
অঞ্চল ভাৰতীয় উপমহাদেশ
মুখ্য উপাদান মচুৰ, মটৰ বা বীন জাতীয় শস্য

দাইল বা দালি (ইংৰাজী: dal, daal বা dhal; [1] উচ্চাৰণ: [d̪aːl]) হৈছে শুকুৱাই লোৱা, ফলা মাহজাতীয় শস্য (যেনে— মচুৰ, মটৰ, ৰহৰ আৰু বুট আদি), যিবোৰ ৰান্ধিবলৈ আগতীয়াকৈ তিয়াই থোৱাৰ প্ৰয়োজন নহয়। ভাৰত সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক মাহজাতীয় শস্য উৎপাদনকাৰী দেশ।[2] এই মাহজাতীয় শস্যসমূহৰপৰা প্ৰস্তুত কৰা বিভিন্ন আঞ্জাক বুজাবলৈও 'দাইল' শব্দটো ব্যৱহাৰ কৰা হয়। এই শস্যসমূহ দক্ষিণ এছিয়াৰ দেশসমূহৰ প্ৰধান অপৰিহাৰ্য খাদ্যসমূহৰ ভিতৰত অন্যতম আৰু ই ভাৰতীয় উপমহাদেশৰ ৰন্ধনশৈলীৰ এক গুৰুত্বপূৰ্ণ অংশ গঠন কৰে।[3]

ব্যুৎপত্তি

[সম্পাদনা কৰক]

দাল শব্দটো সংস্কৃত ধাতু দল্ৰপৰা আহিছে, যাৰ অৰ্থ হৈছে "টুকুৰা কৰা বা ফালি দুভাগ কৰা।" [4][5] ই প্ৰাক-ইণ্ডো-ইউৰোপীয় মূল শব্দ '*delh₁-' (অৰ্থাৎ ফালি দিয়া, বিভাজন কৰা) ৰপৰা উত্তৰাধিকাৰী সূত্ৰে পোৱা গৈছে।[6][7][8]

মানুহে খেতি কৰা আটাইতকৈ প্ৰাচীন খাদ্যসমূহৰ ভিতৰত দাইল অন্যতম; ব্ৰঞ্জ যুগৰ মানুহৰ বসতিস্থলসমূহতো ইয়াৰ অৱশিষ্ট পোৱা গৈছে।[9] গৱেষকসকলৰ মতে খ্ৰীষ্টপূৰ্ব ৮০০–৩০০ শতিকাৰপৰাই ফলা দাইল প্ৰস্তুত কৰা আৰু ৰন্ধন প্ৰণালীৰ প্ৰচলন আছিল।[10]

প্ৰধান খাদ্য হিচাপে দাইলৰ উল্লেখ বিভিন্ন প্ৰাচীন ধৰ্মীয় গ্ৰন্থ যেনে— যজুৰ্বেদ আৰু মহাযান বৌদ্ধ ধৰ্মলংকাৱতাৰ সূত্ৰ আদিত পোৱা যায়।

মোৰ বাবে শক্তি, ধাৰ্মিকতা, গাখীৰ, ৰস, ঘিউ, মৌ, একেলগে খোৱা-বোৱা, হাল বোৱা, বৰষুণ, জয়, বিজয়, ধন, ঐশ্বৰ্য, সমৃদ্ধি, উন্নতি, প্ৰাচুৰ্য, প্ৰভুত্ব, অধিক, তাতকৈও অধিক, আনন্দ, পূৰ্ণতা, অবিনাশীতা, বেয়া শস্যৰ অভাৱ, খাদ্য, ক্ষুধাৰপৰা মুক্তি, ধান, বাৰ্লি, বীন, তিল, মাটিমাহ, মটৰমাহ, ঘেঁহু, মচুৰ দাইল, চিলঠানি, চীনা চাউল, কাউন চাউল আৰু বনৰীয়া ধান (যজ্ঞৰ জৰিয়তে সমৃদ্ধ হওক)।

 যজুৰ্বেদ, কাণ্ড IV, প্ৰপাঠক VII, অনুবাদ: আৰ্থাৰ বেৰিডেল কিথ[11]

হে মহামতি, মই [মোৰ শিষ্যসকলক গ্ৰহণ কৰিবলৈ] অনুমতি দিয়া খাদ্যসমূহ সকলো জ্ঞানী লোকৰ বাবে সন্তোষজনক কিন্তু অজ্ঞানীসকলে ইয়াক পৰিহাৰ কৰে; ই বহুতো গুণ উৎপন্ন কৰে, বহুতো অমংগল দূৰত ৰাখে; আৰু প্ৰাচীন ঋষিসকলে ইয়াৰ বিধান দি গৈছে। ইয়াত অন্তৰ্ভুক্ত আছে ধান, বাৰ্লি, ঘেঁহু, মাটিমাহ, বীন, মচুৰ দাইল ইত্যাদি, [...] এইবোৰৰদ্বাৰা প্ৰস্তুত কৰা খাদ্যই হৈছে উপযুক্ত খাদ্য।

 লংকাৱতাৰ সূত্ৰ ২৪৯–২৫০, অনুবাদ: ডি. টি. চুজুকি[12]

ব্যৱহাৰ

[সম্পাদনা কৰক]
ভাৰতীয় লঘু আহাৰ বৰাৰ বাবে দাইল বা পৰুপ্পু হৈছে প্ৰধান উপাদান।
দাইল তড়কা আৰু নান

দাইল সাধাৰণতে তিনিটা বেলেগ বেলেগ ৰূপত প্ৰস্তুত কৰা হয়:

  • বাকলি থকা আৰু গোটেই দাইল, যাক হিন্দীত সবুত (গোটেই) বুলি জনা যায়; যেনে— গোটেই মাটিমাহ বা গোটেই মগুমাহ;
  • বাকলি থকা আৰু ফলা দাইল, যাক হিন্দীত চিলকা (বাকলি) বুলি জনা যায়; যেনে— বাকলি থকা ফলা মাটিমাহ বা বাকলি থকা মগু দাইল;
  • বাকলি গুচোৱা আৰু ফলা দাইল, যাক হিন্দীত ধুলী (ধোৱা) বুলি জনা যায়; যেনে— ধোৱা মাটিমাহ বা ধোৱা মগু দাইল।[13][14][15]

মাহজাতীয় শস্যৰ বাকলি গুচোৱাৰ মূল উদ্দেশ্য হৈছে ইয়াৰ পাচনযোগ্যতা আৰু সোৱাদ বৃদ্ধি কৰা। অৱশ্যে ই খাদ্যবিধৰ পুষ্টিৰ ওপৰতো প্ৰভাৱ পেলায়, যিয়ে প্ৰটিনৰ মাত্ৰা বৃদ্ধি কৰে আৰু খাদ্যৰ আঁহৰ পৰিমাণ লক্ষণীয়ভাৱে হ্ৰাস কৰে।[16] ভাৰতীয় উপমহাদেশত বাকলি থকা গোটেই মাহজাতীয় শস্যৰ আঞ্জাও অতি জনপ্ৰিয়। ভাৰতীয় উপমহাদেশত ৫০ টাতকৈও অধিক ভিন্ন প্ৰজাতিৰ মাহজাতীয় শস্য পোৱা যায়।[উদ্ধৃতিৰ প্ৰয়োজন]

দাইল প্ৰায়ে ৰুটি বা চাপাতীৰ দৰে ফ্লেটব্ৰেড অথবা ভাতৰ সৈতে খোৱা হয়। ভাত আৰু দাইলৰ এই সংমিশ্ৰণক নেপালী, গুজৰাটী আৰু অন্যান্য কেইবাটাও ভাৰতীয় ভাষাত 'দাল ভাত' (দাইল-ভাত) বুলি কোৱা হয়। ইয়াৰ উপৰি, কিছুমান নিৰ্দিষ্টপ্ৰকাৰৰ দাইল ভাজি, নিমখ সানি শকান লঘু আহাৰ (snack) হিচাপে খোৱা হয়। আনহাতে তিয়াই থোৱা আৰু পিহি লোৱা দাইলৰ মিশ্ৰণ দি বিভিন্ন মচলা আৰু বাদাম (যেনে— কাজুবাদাম) যোগ কৰি তেলত ভাজি বিভিন্ন মুখৰোচক অসমীয়া/ভাৰতীয় বৰা বা ভাজি প্ৰস্তুত কৰা হয়।

ভাৰতীয় উপমহাদেশত দাইলৰ বিভিন্ন ব্যঞ্জন ভাত, চাপাতি আৰু নানৰ সৈতে খোৱা হয়। ইয়াৰ ৰন্ধন আৰু পৰিৱেশন শৈলী অঞ্চলভেদে ভিন্ন হয়। দক্ষিণ ভাৰতত দাইলক প্ৰায়ে "পৰুপ্পু" বুলি কোৱা হয়। ইয়াক মূলতঃ চাম্বাৰ নামৰ এবিধ বিশেষ আঞ্জা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি ইয়াক পৰিপ্পু প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়, যিটো চাৰু আৰু ভাতৰ সৈতে মিহলাই খোৱা হয়। বুটৰ দাইল পিহি বেচন প্ৰস্তুত কৰা হয়, যিটো আমাৰ জনপ্ৰিয় ভাজি[17] আৰু ভূমধ্যসাগৰীয় অঞ্চলৰ ফাৰিনাটাৰ দৰে বহুতো খাদ্য প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়।

প্ৰস্তুত প্ৰণালী

[সম্পাদনা কৰক]
ভজা পিঁয়াজেৰে সজোৱা দাইল তড়কা

দাইলৰ সৰহভাগ ৰেচিপিয়েই প্ৰস্তুত কৰা অতি সহজ। সাধাৰণতে যিকোনো এবিধ বা কেইবাবিধো দাইল একেলগে মিহলাই পানীত অলপ হালধি, সোৱাদ অনুসৰি নিমখ দি সিজাই লোৱা হয় আৰু ৰন্ধন প্ৰক্ৰিয়াৰ শেষত এটা তেলফৰণি বা তড়কা (fried garnish) যোগ কৰা হয়।[18] কিছুমান ৰেচিপিত দাইল সিজাই থকাৰ সময়তে বিলাহী, কোকাম, কেঁচা আম, গুড় বা অন্যান্য উপাদান যোগ কৰা হয়, যাৰ উদ্দেশ্য হৈছে খাদ্যবিধত এটা মিঠা-টেঙা সোৱাদ অনা।

দাইলৰ এই তেলফৰণিক আঞ্চলিক ভাষাভেদে বিভিন্ন নামেৰে জনা যায়, যেনে— চৌংক, তড়কা, বাগাৰ, ফডনী, আৰু ফোৰণ। প্ৰতিটো দাইলৰ বাবে 'চৌংক' বা তড়কাত ব্যৱহাৰ কৰা উপাদানবোৰ অঞ্চল আৰু ব্যক্তিগত ৰুচি অনুসৰি সুকীয়া হয়। সাধাৰণতে গোটা মচলা (যেনে— জিৰা, সৰিয়হ, হিং, আৰু কেতিয়াবা মেথি আৰু শুকান ৰঙা জলকীয়া) প্ৰথমে গৰম তেলত মধ্যমীয়া বা কম জুইত কেইচেকেণ্ডমানৰ বাবে ভাজি লোৱা হয়। ইয়াৰ পিছত আদা, নহৰু আৰু পিঁয়াজ যোগ কৰি প্ৰায় ১০ মিনিটমান ভজা হয়। পিঁয়াজখিনি সোণালী ৰঙচুৱা হোৱাৰ পিছত গুড়ি মচলা (হালধি, ধনিয়া গুড়ি, জলকীয়া গুড়ি, গৰম মচলা ইত্যাদি) যোগ কৰা হয়। অৱশেষত এই চৌংক বা তেলফৰণিখিনি সিজাই থোৱা দাইলৰ ওপৰত ঢালি দিয়া হয়।

সাধাৰণ উপাদানসমূহ

[সম্পাদনা কৰক]
  • ৰহৰ দাইল (Pigeon pea): ই সাধাৰণ বা তেল সানি থোৱা দুয়োটা ৰূপতে পোৱা যায়। ইয়াক হিন্দীত তুৰ দাল বা অৰহৰ দাল বুলি জনা যায়। তামিলনাডুত ইয়াক থুৱৰম পৰুপ্পু আৰু কেৰালাথুৱৰা পৰিপ্পু বুলি কোৱা হয় আৰু ই বিখ্যাত চাম্বাৰ নামৰ ব্যঞ্জনবিধৰ প্ৰধান উপাদান। কৰ্ণাটকত ইয়াক টগৰী বেলে বুলি কোৱা হয় আৰু ই বিচি বেলে ভাতৰ এক গুৰুত্বপূৰ্ণ উপাদান। তেলুগু ভাষাত ইয়াক কান্দি পাপ্পু বুলি কোৱা হয় আৰু ইয়াৰ সহায়ত পাপ্পু চাৰু নামৰ প্ৰধান ব্যঞ্জনবিধ প্ৰস্তুত কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]
  • বুটৰ দাইল (Chana dal): ক’লা বুটৰ ওপৰৰ বাকলি ভাগ গুচাই ইয়াক ফালি দুভাগ কৰি এই দাইল প্ৰস্তুত কৰা হয়। যদিও এই কামটো মেচিনৰ সহায়ত কৰিব পাৰি, তথাপি গোটেই বুটখিনি পানীত তিয়াই থৈ পিছত হাতেৰে মোহাৰি ইয়াৰ বাকলি গুচাই ঘৰতো ইয়াক প্ৰস্তুত কৰিব পাৰি। কৰ্ণাটকত ইয়াক কদলে বেলে বুলি কোৱা হয়। বুটৰ অন্যান্য প্ৰজাতিও ইয়াৰ বাবে ব্যৱহাৰ কৰিব পাৰি, যেনে— কাবুলী বুটৰ দাইল
  • ফলা হালধীয়া মটৰ দাইল (Yellow split peas): এই দাইলবিধ গায়ানা, ফিজি, ছুৰিনাম, জামাইকা, দক্ষিণ আফ্ৰিকা, মৰিছাছ, আৰু ত্ৰিনিদাদ আৰু টোবাগোৰ ভাৰতীয় সম্প্ৰদায়সমূহৰ মাজত অতি প্ৰচলিত। ইয়াৰ উপৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে ভাৰতৰ ভাৰতীয়সকলৰ মাজতো ই অতি জনপ্ৰিয়। সেইবোৰ ঠাইত ইয়াক সাধাৰণভাৱে দাল বুলি কোৱা হয় আৰু ই আটাইতকৈ জনপ্ৰিয় দাইল। ইয়াৰ প্ৰস্তুত প্ৰণালী ভাৰতত পোৱা দাইলৰ দৰেই। ভাৰতত গোটেই শুকান মটৰটোক মটৰ বা মটৰ দাইল বুলি কোৱা হয়। গোটেই শুকান হালধীয়া মটৰটোৱেই হৈছে পশ্চিম বংগৰ বিখ্যাত পথৰ কাষৰ খাদ্য ঘুগনিৰ প্ৰধান উপাদান।
  • মগু দাইল (Mung dal): এই ফলা মগু দাইলবিধ বাংলাদেশ আৰু পশ্চিম বংগত (মুগ ডাল) আটাইতকৈ বেছি জনপ্ৰিয়। দক্ষিণ ভাৰতৰ কিছুমান অংশত, যেনে— তামিল খাদ্য ভেন পংগলত ইয়াৰ ব্যৱহাৰ কৰা হয়। শুকানকৈ ভজা আৰু অলপ নিমখ বা মচলা ছটিয়াই দিয়া মগু দাইল ভাৰতৰ সৰহভাগ প্ৰান্ততে এক জনপ্ৰিয় লঘু আহাৰ (snack)।
  • মাটিমাহৰ দাইল (Urad dal): ইয়াক কেতিয়াবা "ব্লেক গ্ৰাম" বুলিও কোৱা হয়। ই দক্ষিণ ভাৰতীয় খাদ্য ইডলি আৰু ডোছাৰ এক প্ৰধান উপাদান। পূব ভাৰতৰ (ওড়িয়া, বাঙালী আৰু অসমীয়া) ৰ’দত শুকুৱাই তৈয়াৰ কৰা বৰী বা কুুমৰা-বৰাৰ ই অন্যতম মূল উপাদান। ইয়াৰ পঞ্জাবী ৰূপটো হৈছে দাল মাখানী। কৰ্ণাটকত ইয়াক উদ্দিনা বেলে আৰু বাংলাবিউলীৰ ডাল বুলি কোৱা হয়। এই দাইল প্ৰটিনৰ উৎস।
  • মচুৰ দাইল (Masoor dal): ই হৈছে ফলা ৰঙা দাইল। কৰ্ণাটকত ইয়াক কেম্পু টগৰী বেলে (কেম্পু অৰ্থাৎ ৰঙা) বুলি কোৱা হয়।
  • ৰাজমাহ দাইল (Rajma dal): ই হৈছে ফলা ৰাজমা বা কিডনী বীন।
  • মুচ্যাং (Mussyang): নেপালৰ বিভিন্ন পাহাৰীয়া অঞ্চলত পোৱা বিভিন্ন ৰঙৰ দাইলৰপৰা এইবিধ দাইল প্ৰস্তুত কৰা হয়।
  • পঞ্চৰত্ন দাইল (Panchratna dal): পাঁচবিধ ভিন্নপ্ৰকাৰৰ দাইল একেলগে মিহলাই এই দাইল তৈয়াৰ কৰা হয়, যাৰ ফলত এক অনন্য সোৱাদযুক্ত ব্যঞ্জন প্ৰস্তুত হয়।
  • নৱৰংগী দাইল (Navrangi dal): এইবিধ হিমাচল প্ৰদেশৰ এবিধ কম পৰিচিত দাইলৰ প্ৰকাৰ। ই প্ৰায়ে হিমাচলতে খেতি কৰা হয় আৰু ই বহুৰঙী হয়।
  • মথ মাহ (Moth bean): এইবিধ ভাৰতীয় দাইলৰ এক প্ৰধান উপাদান, যাৰ সহায়ত জনপ্ৰিয় ভাৰতীয় লঘু আহাৰ বিকানেৰী ভুজিয়া আৰু মহাৰাষ্ট্ৰীয় লঘু আহাৰ মিচাল আৰু উচাল প্ৰস্তুত কৰা হয়।
  • মাহজাতীয় শস্যসমূহ ফালি দুভাগ কৰা হ’ব পাৰে কিন্তু বাকলি গুচোৱা নহ’বও পাৰে; বাকলি থকা এনে দাইলবোৰক বাকলি গুচোৱা দাইলৰপৰা পৃথক কৰিবলৈ নামৰ পিছত চিলকা (অৰ্থাৎ বাকলি/ছাল) শব্দটো যোগ কৰা হয়।

চিত্ৰভঁৰাল

[সম্পাদনা কৰক]

আৰু চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "20 Dhal recipes". BBC Good Food (Immediate Media Company). https://www.bbcgoodfood.com/recipes/collection/dhal-recipes.
  2. "FAO in India". Archived from the original on 27 June 2024. https://web.archive.org/web/20240627062413/https://www.fao.org/india/fao-in-india/india-at-a-glance/en/#:~:text=India%20is%20the%20largest%20producer,population%20190%20million%20in%202012. আহৰণ কৰা হৈছে: 2 September 2020.
  3. Davidson, Alan; Jaine, Tom (2014). "Dal" (en ভাষাত). The Oxford Companion to Food. Oxford University Press. পৃষ্ঠা. 246. ISBN 9780199677337. https://books.google.com/books?id=RL6LAwAAQBAJ&pg=PA246.
  4. John Ayto (2012). The Diner's Dictionary: Word Origins of Food and Drink. Oxford University Press. পৃষ্ঠা. 116. ISBN 978-0-19-964024-9. https://books.google.com/books?id=NoicAQAAQBAJ&pg=PA116.
  5. Williams, Monier (1899). A Sanskrit–English Dictionary. প্ৰকাশক Oxford: Clarendon Press. পৃষ্ঠা. 471. OCLC 458052227.
  6. Mallory, J. P.; Adams, D. Q. (2006) The Oxford Introduction to Proto-Indo-European and the Proto-Indo-European World (Oxford Linguistics), New York: Oxford University Press, page 372
  7. Rix, Helmut, editor (2001) Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, page 114
  8. Pokorny, Julius (1959) Indogermanisches etymologisches Wörterbuch [Indo-European Etymological Dictionary] (in German), volume 1, Bern, München: Francke Verlag, page 0194
  9. "Lentil". Encyclopædia Britannica. https://www.britannica.com/plant/lentil-plant.
  10. Agrawal, Chitra (22 November 2021). "What is dal?". Bon Appetit. https://www.bonappetit.com/story/what-is-dal.
  11. Berriedale Keith, Arthur. The Yajur Veda (Taittiriya Sanhita).
  12. Suzuki, D.T. (1999). The Laṅkāvatāra Sūtra: A Mahāyāna Text.
  13. Ottolenghi, Yotam. "Pulse points: Yotam Ottolenghi's dried bean and pea recipes". The Guardian. https://www.theguardian.com/lifeandstyle/2014/jun/13/yotam-ottolenghi-dried-bean-and-pea-recipes.
  14. "Sample recipe for Chilka Urad dhal, split unhulled urad". http://www.chefandherkitchen.com/2012/10/chilka-moong-dhal-split-green-lentils.html.
  15. Mehta, Nita (2006). Dal & Roti. SNAB. p12. আই.এচ.বি.এন. 978-81-86004-06-7.
  16. Wang, N.; Hatcher, D.W.; Toews, R.; Gawalko, E.J. (2009). "Influence of cooking and dehulling on nutritional composition of several varieties of lentils (Lens culinaris)". LWT - Food Science and Technology খণ্ড 42 (4): 842–848. doi:10.1016/j.lwt.2008.10.007.
  17. Cloake, Felicity. "How to make the perfect onion bhajis". The Guardian. https://www.theguardian.com/lifeandstyle/wordofmouth/2013/nov/13/how-to-make-perfect-onion-bhajis.
  18. Cloake, Felicity (2 June 2011). "How to cook perfect dal". The Guardian. https://www.theguardian.com/lifeandstyle/2011/jun/02/how-to-cook-perfect-dal.

আৰু পঢ়ক

[সম্পাদনা কৰক]