দাউদ খান কাৰাণী
| দাউদ খান কাৰাণী | |
|---|---|
| টুকাৰয় যুদ্ধত দাউদ খান কাৰাণী (৩ মাৰ্চ ১৫৭৫) | |
২৯সংখ্যক বংগৰ চুলতান
| |
| ৰাজত্ব | ১৫৭২-১২ জুলাই ১৫৭৬ |
| পূৰ্বসূৰী | বায়াজিদ |
| উত্তৰাধিকাৰী | মুনিম খান বেংগলৰ চুবহদাৰ |
| পিতৃ | চুলেইমান খান কাৰাণী |
| ধৰ্ম | চুন্নী মুছলমান |
দাউদ খান কাৰাণী (মৃত্যু ১২ জুলাই ১৫৭৬) বংগৰ কাৰাণী বংশৰ শেষ শাসকৰ লগতে বংগৰ চুলতান শাসনৰ অন্তিমজন আছিল; তেওঁ ১৫৭২ চনৰপৰা ১৫৭৬ চনলৈকে ৰাজত্ব কৰিছিল। পিতৃ চুলেইমান খান কাৰাণীৰ ৰাজত্বকালত দাউদে ৪০,০০০ অশ্বাৰোহী বাহিনী, ৩,৬০০ হাতী, ১৪০,০০০ পদাতিক বাহিনী আৰু ২০০টা কামানৰ বিশাল সেনাৰ কমাণ্ডাৰ আছিল।[1]
মোগলৰ বংগ বিজয়
[সম্পাদনা কৰক]- প্ৰধান প্ৰবন্ধ: en: Mughal conquest of Bengal
মোগল সম্ৰাট আকবৰৰ আধিপত্যত থকাত দাউদ খান অসন্তুষ্ট হৈ আছিল, সেয়েহে তেওঁ দিল্লীৰ সেনাৰ বিৰুদ্ধে যুঁজি বংগত নিজৰ শাসন অক্ষুণ্ণ ৰখাৰ সিদ্ধান্ত লৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
জামানিয়া আক্ৰমণ
[সম্পাদনা কৰক]গাজীপুৰৰ সমীপৰ জামানিয়াত এবাৰ দাউদে আক্ৰমণ কৰাৰ সময়ত সম্ৰাট আকবৰে দাউদ খানক এৰাই চলিছিল। বাঙালী সেনাই জামানিয়া চহৰখন মাটিত মিলাই তাৰ দুৰ্গ দখল কৰে। ইয়াৰ পিছতে অৱশেষত আকবৰে জৌনপুৰৰ গৱৰ্ণৰ মুনিম খানক দাউদৰ বিৰুদ্ধে আগবাঢ়ি যাবলৈ নিৰ্দেশ দিয়ে। মুনিম খানে পাটনাত তেওঁৰ বন্ধু দাউদৰ প্ৰধানমন্ত্ৰী লোডী খানক লগ ধৰি যুদ্ধবিৰতিৰ পথ বাছি লয়।
চুক্তিখনে আকবৰ বা দাউদক সন্তুষ্ট কৰা নাছিল। পিছলৈ লোডী খানক দাউদে হত্যা কৰে।[2]
পাটনাৰ যুদ্ধ
[সম্পাদনা কৰক]১৫৭৩ চনত মুনিম খানে বিহাৰ আক্ৰমণ কৰে, যাৰ ফলত দাউদে পিছুৱাই গৈ পাটনাত আশ্ৰয় ল’বলৈ বাধ্য হয়। দাউদে মোগল সেনাৰ বিৰুদ্ধে কটলু লোহানী, গুৰ্জৰ খান কাৰাণী আৰু শ্ৰী হৰিক পঠিয়াইছিল। টোডৰ মল আৰু মান সিঙৰ সৈতে মুনিম খানে হাজীপুৰত প্ৰথম আক্ৰমণ চলায়। তীব্ৰ যুদ্ধৰ অন্তত বঙালী আৰু আফগান বিজয়ৰ দিশে আগবাঢ়ে। কিন্তু তাৰ পিছতে আকবৰে প্ৰতিদ্বন্দ্বী সৈন্যৰ খাদ্যৰ উৎস হৈ থকা চুবুৰীয়া হাজীপুৰ দুৰ্গটো পুনৰ দখল কৰে। আফগানসকলৰ লগতে বঙালীসকলো বিপদত পৰি বংগলৈ পিছুৱাই যায়। মুনিম খানক বিহাৰ আৰু বংগৰ ৰাজ্যপাল হিচাপে নিযুক্তি দি আকবৰে ৰাজধানীলৈ উভতি আহে। টোডৰ মলকো তাতেই মুনিম খানক সহায় কৰিবলৈ এৰি থৈ আহিছিল।[2]
টুকৰোইৰ যুদ্ধ
[সম্পাদনা কৰক]- মূল প্ৰবন্ধ: টুকৰোইৰ যুদ্ধ
১৫৭৫ চনৰ ৩ মাৰ্চত টুকৰোইত মোগল আৰু আফগানৰ মাজত তীব্ৰ যুদ্ধ হয়। যুঁজত দুয়োপক্ষ সমানে ক্ষতিগ্ৰস্ত হয় আৰু আফগান দলটোৱে উৰিষ্যাৰ কটকলৈ পিছুৱাই যায়। মোগলে বংগৰ তান্দা দখল কৰিলে। মুনিম খানে বংগৰ ৰাজধানী তান্দাৰপৰা গৌড়লৈ স্থানান্তৰিত কৰে। কটক সন্ধিত দাউদে বংগ আৰু বিহাৰ মোগলৰ হাতত অৰ্পণ কৰিছিল। কিন্তু তেওঁ কেৱল উৰিষ্যাক নিজৰ দখল হিচাপে ধৰি ৰাখিছিল। ছমাহৰ পিছত মহামাৰীৰ সৃষ্টি হয় আৰু ১৫৭৫ চনৰ অক্টোবৰ মাহত মুনিম খানৰ হঠাতে মৃত্যু হয়।[2] কালাপাহাৰ আৰু ইছা খানৰদ্বাৰা পূৰ্ববংগৰপৰা মোগল সৈন্য পিছুৱাই যাবলৈ বাধ্য হয়। দাউদে উৰিষ্যাৰপৰা পদযাত্ৰা কৰি সফলতাৰে গৌড়ক পুনৰ দখল কৰে।
ৰাজমহলৰ যুদ্ধ
[সম্পাদনা কৰক]আকবৰে নিজৰ দুৰ্ধৰ্ষ শত্ৰু দাউদৰ খানৰ সৈতে মুখা-মুখি হ’বলৈ খান জাহান কুলীৰ নেতৃত্বত নতুন সৈন্যবাহিনী পঠিয়াইছিল। তেওঁ তেলিয়াগড়ী দখল কৰি ৰাজমহলৰফালে আগবাঢ়িল। ৰাজমহলৰ যুদ্ধক্ষেত্ৰত দুয়োখন সেনাবাহিনীৰ লগ হৈছিল।[3] বহু দিন ধৰি যুদ্ধ চলি থাকিল। আকবৰৰ বাবে যুঁজখন অত্যন্ত কঠিন হৈ পৰাত তেওঁ বিহাৰৰ গৱৰ্ণৰ মুজাফ্ফৰ খান তুৰবাটি আৰু অন্যান্য সেনাপতিসকলকো তেওঁৰ লগত যোগদান কৰিবলৈ অনুৰোধ জনায়। আনহাতে দাউদৰ সৈতে জুনেইদ, কুতলু খান আৰু ইছমাইল খান লোধীৰ দৰে আন প্ৰধান আফগান নেতাও আছিল।[2] ১৫৭৬ চনৰ ১২ জুলাইত হোৱা তীব্ৰ যুদ্ধৰ পিছত অৱশেষত দাউদক পৰাস্ত কৰি মৃত্যুদণ্ড দিয়া হয়।[4]
তেওঁৰ মৃত্যুৰ পাছত বংগ চুবহত চুবেদাৰ নিযুক্ত কৰি প্ৰত্যক্ষভাৱে মোগল শাসনৰ অধীনলৈ আনে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Kingdoms of South Asia – Indian Kingdom of Bengal". historyfiles.co.uk. http://www.historyfiles.co.uk/KingListsFarEast/IndiaBengal.htm। আহৰণ কৰা হৈছে: 30 July 2009.
- ↑ 2.0 2.1 2.2 2.3 ABM Shamsuddin Ahmed (2012). "Daud Khan Karrani". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 13 December 2025.
- ↑ Richards, John F. (1996). The Mughal Empire. Cambridge University Press. পৃষ্ঠা. 33. ISBN 978-0-521-56603-2. https://books.google.com/books?id=HHyVh29gy4QC&pg=PA33। আহৰণ কৰা হৈছে: 17 October 2016.
- ↑ Maxwell, Richard (1993). The Rise of Islam and the Bengal Frontier, 1204-1760. University of California Press. পৃষ্ঠা. 144. ISBN 9780520080775.