দাদী জানকী
অৱয়ব
দাদী জানকীDadi Janki | |
|---|---|
ভাৰতৰ ২০২১ চনৰ ডাকটিকটত দাদী জাংকি | |
| ব্যক্তিগত | |
| জন্ম | ১ জানুৱাৰী ১৯১৬[1] |
| মৃত্যু | ২৭ মাৰ্চ ২০২০(aged 104)[1] মাউন্ত আবু, ভাৰত[1] |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| জীৱিকা | ব্ৰহ্ম কুমাৰীৰ প্ৰাক্তন প্ৰশাসনিক মুৰব্বী। |
ৰাজযোগিনী দাদী জানকী ( ইংৰাজী: : Rajyogini Dadi Janki পহিলা জানুৱাৰী ১৯১৬ – ২৭ মাৰ্চ ২০২০) এগৰাকী ভাৰতীয় আধ্যাত্মিক নেত্ৰী আছিল। তেওঁ মহিলাৰ দ্বাৰা পৰিচালিত বিশ্বৰ সৰ্ববৃহৎ আধ্যাত্মিক সংগঠন ব্ৰহ্ম কুমাৰী আন্দোলনৰ নেতৃত্ব দিছিল।[1]
আধ্যাত্মিক পথ বাছি লৈ ব্ৰহ্ম কুমাৰীৰ প্ৰতিষ্ঠাপক সদস্য হোৱাৰ সময়ত দাদী জানকীৰ বয়স আছিল ২১ বছৰ। পিছলৈ ১৯৭৪ চনত সেই সময়ত তেওঁ অলপো ইংৰাজী নজনা সত্ত্বেও এই আন্দোলনৰ ৰাষ্ট্ৰদূত হ'বলৈ যুক্তৰাজ্যলৈ গুচি যায় আৰু তাত প্ৰায় ৪০ বছৰ বাস কৰে। ২০২০ চনৰ ২৭ মাৰ্চত তেখেতৰ মৃত্যু হয়।[1][2]