দাসৱালা
| দাসৱালা | |
|---|---|
| চিত্ৰ:Dasavala.jpeg | |
| পৰিচালক | এম এছ ৰমেশ |
| অভিনয়ত | প্ৰেম ঈশ্বৰ্য মেনন হেমা চৌধুৰী |
| চিত্ৰগ্ৰহণকাৰী | দাশাৰি চিনু |
| সংগীত পৰিচালক | গুৰুকিৰণ |
মুক্তি |
১১ অক্টোবৰ ২০১৩ |
| দেশ | ভাৰত |
| ভাষা | কানাড়া |
| বাজেট | ₹৪০ নিযুত (৫,৬০,৮০০ ডলাৰ) |
দাসৱালা (ইংৰাজী: Dasavala) ২০১৩ চনৰ, এম এছ ৰমেশ পৰিচালিত এখন কানাড়া নাট্যধৰ্মী ছবি। ২০১৩ চনৰ ১১ অক্টোবৰত দাসৱালা মুক্তি পায়।[1] মুখ্য ভূমিকাত প্ৰেম আৰু ঐশ্বৰ্য মেননে অভিনয় কৰিছে। অন্যান্য ভূমিকাত আছে হেমা চৌধুৰী, ৰংগায়ন ৰঘু আৰু অবিনাশ। অনিতা ভাটে ছবিখনৰ এটা আইটেম চঙত অভিনয় কৰিছিল।[2] ছবিখনৰ কাহিনীভাগ আৰু দুখন কানাড়া ছবি– ডাইৰেক্টৰছ স্পেচিয়েল আৰু কৰোড়পতিৰ সৈতে মিলে। ইয়াকো কোৱা হয় যে এই সকলোবোৰ ছবিৰ ধাৰণা ১৯৯৬ চনৰ স্পেনিছ ছবি ফেমিলিয়াৰ সৈতে সম্পৰ্কিত হ'ব পাৰে, য'ত এজন অকলশৰীয়া ধনী মানুহে নিজৰ জন্মদিনত পৰিয়ালৰ সদস্য হিচাপে অভিনয় কৰিবলৈ ভাৰাতীয়া অভিনেতা নিয়োগ কৰে।[3][4]
কাহিনী
[সম্পাদনা কৰক]দাসৱালা দুজন পৰ্যটকৰ গাইড – সত্য (প্ৰেম) আৰু ৰংগাৰ (ৰংগায়ন ৰঘু) বিষয়ে। স্ফুৰ্টিবাজ গাইড দুজনে এক অদ্ভুত পৰিস্থিতিৰ সন্মুখীন হয়, যেতিয়া এজন প্ৰতিবন্ধী শিল্পী, এজন গায়ক, বেশ্যাবৃত্তিৰ কবলৰ পৰা পলায়ন কৰা এজনী ছোৱালী, নিজৰ পুত্ৰৰ লগত কাজিয়া কৰি ঘৰৰ পৰা ওলাই অহা এজনী মহিলা আৰু পিতৃ-মাতৃয়ে নিৰ্বাচিত কৰা দৰাজনক গ্ৰহণ কৰিব নোৱাৰি ঘৰৰ পৰা পলাই অহা এজনী ছোৱালী তেওঁলোকৰ ওচৰলৈ আহে। তেওঁলোকৰ প্ৰত্যেকৰে কিছুমান আবেগিক কাহিনী আছে, যিয়ে বৰ্তমানৰ সমাজখনক প্ৰতিফলিত কৰে। কাহিনী আগবাঢ়ি যোৱাৰ লগে লগে বিভিন্ন ঘটনাক্ৰমৰ অৱতাৰনা হয় আৰু তেওঁলোকৰ প্ৰত্যেকেই নিজৰ নিজৰ ঘৰলৈ ঘূৰি যায়। কিন্তু মূল চৰিত্ৰ ঐশ্বৰ্য (ঐশ্বৰ্য মেনন) সত্যৰ (প্ৰেম) লগত থাকিবলৈ সিদ্ধান্ত লয় আৰু সত্যক বচাবলৈ তেওঁ দৰাজনৰ লগত কাজিয়া কৰিবলগীয়া হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Dasavala to release this Friday". The Times of India. 9 October 2013. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/Dasavala-to-release-this-Friday/articleshow/23794203.cms। আহৰণ কৰা হৈছে: 24 October 2013.
- ↑ "Dasavala to release this Friday". The Times of India. 9 October 2013. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/Dasavala-to-release-this-Friday/articleshow/23794203.cms। আহৰণ কৰা হৈছে: 24 October 2013.
- ↑ "Movie review: Karodpathi – Bangalore Mirror". bangaloremirror.com. https://bangaloremirror.indiatimes.com/entertainment/reviews/Movie-review-Karodpathi/articleshow/32087973.cms.
- ↑ "A Family That is Not a Family: Familia (Fernando León de Aranoa, 1996)". 24 June 2015. https://spanishcinephilia.wordpress.com/2015/06/24/a-family-that-is-not-a-family-familia-fernando-leon-de-aranoa-1996/.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- দাসৱালা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।