সমললৈ যাওক

দাৰ ইয়াচিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দাৰ ইয়াচিন
জন্ম ১৯৭৩
জম্মু আৰু কাশ্মীৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা ফটো সাংবাদিকতা
নিয়োগকৰ্তা সংযুক্ত প্ৰেছ
বঁটা, সন্মান, পুৰস্কাৰ আদি পুলিৎজাৰ বঁটা[1]

দাৰ ইয়াচিন (ইংৰাজী: Dar Yasin) এজন কাশ্মীৰী সাংবাদিক। তেওঁক সাংবাদিকতাৰ আটাইতকৈ সন্মানীয় বঁটা পুলিৎজাৰ বঁটাৰে সন্মানিত কৰা হয়।[2]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৯৭৩ চনত ভাৰতৰ কাশ্মীৰত দাৰ ইয়াচিনৰ জন্ম হৈছিল। দক্ষিণ ভাৰতত তেওঁ কম্পিউটাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা অধ্যয়ন কৰিছিল। দাৰ ইয়াচিন ভাৰতৰ কাশ্মীৰৰ মূল চহৰ শ্ৰীনগৰৰ বাসিন্দা।

সাংবাদিকতা

[সম্পাদনা কৰক]

কাশ্মীৰৰ সংঘাত, দক্ষিণ এছিয়াৰ ভূমিকম্প আৰু ইয়াৰ পাছৰ পৰিণতি আৰু বিভক্ত কাশ্মীৰৰ মাজৰ বাটত বাছৰ চলাচলৰ বিষয়ে দাৰে ব্যাপকভাৱে ক'ভাৰ কৰিছিল। আফগানিস্তানত নিয়োজিত হৈ থকাৰ সময়ত তেওঁ আফগান যুদ্ধ, আফগান শৰণাৰ্থী আৰু যুদ্ধবিধ্বস্তু আফগানসকলৰ দৈনন্দিন জীৱনৰ বিষয়ে আলোকচিত্ৰ ক'ভাৰ কৰিছিল। লগতে ম্যানমাৰৰ ব্যাপক হিংসা আৰু নিৰ্যাতনৰ ফলত পলায়ন কৰা ৰোহিংগীয়া শৰণাৰ্থী সংকটৰ কথাও তেওঁ সামৰি লৈছিল। তেওঁৰ লেখাসমূহ বিশ্বৰ সকলো প্ৰধান বাতৰি কাকত আৰু বাতৰি আলোচনীত প্ৰকাশ পাইছে।[3] বৰ্তমান ইয়াচিনে আমেৰিকাৰ সংবাদ সংস্থা এ পিৰ সাংবাদিক হিচাপে কাম কৰি আছে।

প্ৰাপ্তি

[সম্পাদনা কৰক]

দাৰৰ কামে কেইবা ডজনো আন্তঃৰাষ্ট্ৰীয় ফটো বঁটা লাভ কৰিছে।[3] ভাৰতৰ কাশ্মীৰৰ অভূতপূৰ্ব পৰিস্থিতিৰ কভাৰেজৰ বাবে ২০১৯ চনৰ আগষ্ট মাহত তেওঁ আন দুজন ফটো সাংবাদিক মুখতাৰ খান আৰু চন্নী আনন্দৰ সৈতে সাংবাদিকতাৰ আটাইতকৈ সন্মানীয় বঁটা পুলিৎজাৰ বঁটা লাভ কৰিছিল।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "পুলিত্‍জাৰে ভূষিত কাশ্মীৰেৰ তিন ফটোগ্ৰাফাৰ". indiatimes.com. ৫ মে ২০২০. Archived from the original on 2020-09-24. https://web.archive.org/web/20200924043123/https://eisamay.indiatimes.com/world/associated-press-three-kashmiri-photographers-win-pulitzer-for-the-year-2020/articleshow/75547816.cms. 
  2. "পুলিৎজাৰ জিতলেন তিন কাশ্মিৰি সাংবাদিক". banglatribune.com. May 5, 2020. https://www.banglatribune.com/foreign/news/622151/%E0%A6%95%E0%A6%BE%E0%A6%B6%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B0%E0%A6%BF-%E0%A6%B2%E0%A6%95%E0%A6%A1%E0%A6%BE%E0%A6%89%E0%A6%A8%E0%A7%87%E0%A6%B0-%E0%A6%95%E0%A6%BE%E0%A6%AD%E0%A6%BE%E0%A6%B0%E0%A7%87%E0%A6%9C%E0%A7%87-%E0%A6%AA%E0%A7%81%E0%A6%B2%E0%A6%BF%E0%A7%8E%E0%A6%9C%E0%A6%BE%E0%A6%B0-%E0%A6%9C%E0%A6%BF%E0%A6%A4%E0%A6%B2%E0%A7%87%E0%A6%A8-%E0%A6%A4%E0%A6%BF%E0%A6%A8. 
  3. 3.0 3.1 "Channi Anand, Mukhtar Khan and Dar Yasin of Associated Press". The Pulitzer Prizes. May 5, 2020. https://www.pulitzer.org/winners/channi-anand-mukhtar-khan-and-dar-yasin-associated-press. 
  4. "৩ কাশ্মিৰি সাংবাদিক জিতলেন পুলিৎজাৰ". dailynayadiganta.com. ৫ মে ২০২০. Archived from the original on 2020-05-24. https://web.archive.org/web/20200524190446/https://www.dailynayadiganta.com/subcontinent/500030/%E0%A7%A9-%E0%A6%95%E0%A6%BE%E0%A6%B6%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B0%E0%A6%BF-%E0%A6%B8%E0%A6%BE%E0%A6%82%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%BF%E0%A6%95-%E0%A6%9C%E0%A6%BF%E0%A6%A4%E0%A6%B2%E0%A7%87%E0%A6%A8-%E0%A6%AA%E0%A7%81%E0%A6%B2%E0%A6%BF%E0%A7%8E%E0%A6%9C%E0%A6%BE%E0%A6%B0.