সমললৈ যাওক

দিগন্ত বিশ্ব শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দিগন্ত বিশ্ব শৰ্মা
জন্ম ১৬ ফেব্ৰুৱাৰী, ১৯৬৭
শিলচৰ
পেচা অনুবাদক, অধ্যাপক, কবি, বক্তা
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা এম.কম, এল.এল.বি
ধৰণ অনুবাদ সাহিত্য, ভাৰতীয় জ্ঞান পৰম্পৰা, ভাৰতীয় জ্ঞান-সংস্কৃতি
বিষয় অনুবাদ, কবিতা, বক্তৃতা
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি অনুবাদ বঁটা, ২০২০


দিগন্ত বিশ্ব শৰ্মা একাধাৰে কবি, অনুবাদক আৰু সুবক্তা৷[1][2] তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুশীলন অধ্যাপক[3], গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংযুক্ত অধ্যাপক আৰু সাহিত্য অকাডেমিৰ অনুবাদ বঁটা বিজয়ী আৰু শ্ৰী অৰবিন্দৰ ভক্ত।[4] শেহতীয়াকৈ অসম বিশ্ববিদ্যালয়, শিলচৰে ২০২৪ চনৰ ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা ২১ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ‘মূল্যভিত্তিক শিক্ষা’ৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেখেতক সন্মানীয় পিএইচ.ডি ডিগ্ৰী প্ৰদান কৰে।[5] ২০২৩ বৰ্ষৰ পৰা তেখেতে সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷[6]

জন্ম আৰু পৰিচয়

[সম্পাদনা কৰক]

তেখেতৰ জন্ম হৈছিল ১৯৬৭ চনৰ ১৬ ফেব্ৰুৱাৰীত শিলচৰ চহৰত৷ পিতৃৰ নাম আছিল বিশিষ্ট লেখক, গীতিকাৰ কৈলাস নাথ শৰ্মা আৰু মাতৃৰ নাম আছিল মৃণালিনী দেৱী৷ তেখেতৰ মাতৃ অসম সাহিত্য সভাৰ উপ-সভাপতি আছিল৷

তেখেতে প্ৰাথমিক শিক্ষা লাভ কৰে যোহৰাটৰ বাল্যভাৰতী আৰু গান্ধীবস্তিৰ নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়ত৷ কামৰূপ একাডেমী হায়াৰছেকেণ্ডৰী স্কুলৰ পৰা ১৯৮৪ চনত মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়৷ একেখন বিদ্যালয়ৰ পৰাই তেখেতে ১৯৮৬ চনত হায়াৰছেকেণ্ডৰী পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় আৰু ১৯৮৯ চনত গুৱাহাটী কমাৰ্চ কলেজৰ পৰা বাণিজ্য বিভাগ (বি.কম)ত স্নাতক ডিগ্ৰী লাভ কৰে৷ ১৯৯১ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী (এম.কম) লাভ কৰে৷ তদুপৰি তেখেতে গৱৰ্ণমেণ্ট ল’ কলেজৰ পৰা এল.এল.বি ডিগ্ৰীও লাভ কৰে৷ তদুপৰি অসম বিশ্ববিদ্যালয়ে ‘মূল্যভিত্তিক শিক্ষা’ৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেখেতক ২০২৪ বৰ্ষৰ সন্মানীয় ডক্টৰেট ডিগ্ৰীৰ সন্মান আগবঢ়াইেছ৷[7]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

তেখেত সৰুৰে পৰাই সাহিত্য-সস্কৃতিৰ ক্ষেত্ৰখনৰ সৈতে জড়িত আছিল৷ ১৯৮৩ চনত তেওঁ বিদ্যালয়ৰ বাৰ্ষিক আলোচনীখন সম্পাদনা কৰিছিল৷ ১৯৮৬ চনত গুৱাহাটী কৰ্মাচ কলেজত তেখেত ছাত্ৰ একতা সভাৰ সম্পাদক পদত জয়ী হৈছিল৷ তৰ্কৰ ক্ষেত্ৰখনতো তেওঁ সৰুৰে পৰাই সক্ৰিয় আছিল৷ ইষ্ট জ’ন আৰু নেশ্যনেল ইণ্টাৰ ইউনিভাৰ্চিটি যুৱ মহোৎসৱ দুয়োটাতে তৰ্ক প্ৰতিযোগিতাত তেখেতে পুৰস্কাৰ লাভ কৰিছিল। তদুপৰি একবিংশ শতিকাত তেওঁ বহুকেইখন গুৰুত্বপূৰ্ণ তৰ্ক প্ৰতিযোগিতাত অধ্যক্ষ হিচাপে আসন শুৱনি কৰিছে৷ জিলা পৰিবহণ বিষয়া হিচাপে চাকৰি জীৱন আৰম্ভ কৰাৰ পিছতো শৰ্মাৰ আধ্যাত্মিকতা আৰু দৰ্শনৰ প্ৰতি থকা গভীৰ আগ্ৰহৰ বাবেই শ্ৰী অৰবিন্দ, শ্ৰীৰামকৃষ্ণ আৰু স্বামী বিবেকানন্দৰ শিক্ষাৰ লগত নিজকে সমৰ্পন কৰি ২০১২ চনত চাকৰি জীৱনৰ পৰা পদত্যাগ কৰে। এজন সফল অনুবাদক হিচাপে তেওঁ বহুকেইখন উল্লেখযোগ্য গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰিছে৷ শ্ৰী অৰবিন্দৰ "ভাৰতীয় সংস্কৃতিৰ ভেটি" গ্ৰন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰাৰ বাব তেখেতে ২০২০ চনত সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰিছে৷ শৰ্মাৰ আধ্যাত্মিকতা, ভাৰতীয় সংস্কৃতি, শিক্ষা আৰু দৰ্শনৰ ওপৰত ৰাজহুৱা ভাষণ আদিৰ যোগেদি ৰাষ্ট্ৰীয় স্তৰত এজন সুবক্তা হিচাপে স্বীকৃতি লাভ কৰিছে৷ বৰ্তমানলৈকে তেখেতে ৫০০ত কৈয়ো অধিক অফলাইন, অনলাইন বক্তৃতা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত প্ৰদান কৰিছে৷[8]

সাহিত্যৰাজি

[সম্পাদনা কৰক]
  • ছেকুলাৰিজিমঃ ৰাষ্ট্ৰদ্ৰোহৰ অন্য এক নাম (মূল লেখক- চিতা ৰাম গোৱেল, হিন্দী), ১৯৮৯
  • ভাৰতীয় সংস্কৃতিৰ ভিত্তি (মূল লেখক- শ্ৰী অৰবিন্দ, ইংৰাজী), ২০১৭[9]
  • কৰ্মযোগী (মূল লেখক- শ্ৰী অৰবিন্দ, ইংৰাজী), ২০১৭
  • ভাৰতৰ নৱজন্ম (মূল লেখক- শ্ৰী অৰবিন্দ, ইংৰাজী), ২০১৭
  • কাৰাকাহিনী (মূল লেখক- শ্ৰী অৰবিন্দ, বাংলা), ২০১৭
  • গীতাৰ ভূমিকা (মূল লেখক- শ্ৰী অৰবিন্দ, বাংলা), ২০১৭
  • ডঃ শ্যামাপ্ৰসাদ মুখোপাধ্যায় ‘এক নিৰ্মল আৰু সাহসী জীৱন’ (মূল লেখক- শ্ৰী অৰবিন্দ, ইংৰাজী), ২০১৭

কবিতা পুথি

[সম্পাদনা কৰক]
  • পূৰ্বৰাগ
  • অন্তৰ্দাহ
  • অনুনাদ
  • প্ৰতিবোধ

তদুপৰি ২০২৪ চনত তেওঁ শ্ৰী অৰবিন্দৰ কবিতাসমূহৰ নিৰ্বাচিত এখন সংকলনো প্ৰকাশ কৰিছে৷

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • সাহিত্য অকাডেমি অনুবাদ বঁটা, ২০২০[4]
  • ডঃ মইদুল ইছলাম বৰা সাহিত্য বঁটা, ২০২২
  • তেখেতে ২০২৩ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ সন্মান লাভ কৰে৷[10]
  • তেখেতে অসম বিশ্ববিদ্যালয় (শিলচৰ)ৰ ২০২৪ চনৰ ২১ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ‘মূল্যভিত্তিক শিক্ষা’ৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সন্মানীয় পিএইচ.ডি ডিগ্ৰী লাভ কৰে৷
  • তেখেতে ২০২৩ চনৰ পৰা সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Assam scholar creates a ‘record’ in giving lectures". https://www.thehindu.com/news/national/other-states/assam-scholar-diganta-biswa-sarma-creates-a-record-in-giving-lectures/article38140426.ece। আহৰণ কৰা হৈছে: 26 February 2025. 
  2. "সমপৰ্ণেই সমস্ত শক্তিৰ উৎসঃ দিগন্ত বিশ্ব শৰ্মা". নিয়মীয়া বাৰ্তা. https://niyomiyabarta.com/assam/dedication-is-the-source-of-all-strength-diganta-biswa-sharma/। আহৰণ কৰা হৈছে: 26 February 2025. 
  3. "dibrugarh university appoints diganta biswa sarma as professor of practice". https://www.guwahatiplus.com/assam/assam-dibrugarh-university-appoints-diganta-biswa-sarma-as-professor-of-practice। আহৰণ কৰা হৈছে: 26 February 2025. 
  4. 4.0 4.1 "দিগন্ত বিশ্ব শৰ্মালৈ সাহিত্য অকাডেমিৰ সন্মানীয় অনুবাদ বঁটা". https://rongilibarta.com/%E0%A6%A6%E0%A6%BF%E0%A6%97%E0%A6%A8%E0%A7%8D%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%B6%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A7%88-%E0%A6%B8%E0%A6%BE%E0%A6%B9/। আহৰণ কৰা হৈছে: 26 February 2025. 
  5. "দিগন্ত বিশ্ব শৰ্মাক সন্মানীয় ডিগ্ৰী প্ৰদানৰ ঘোষণা অসম বিশ্ববিদ্যালয়ৰ". https://www.asomiyapratidin.in/assam/assam-university-to-award-honorary-degree-upon-diganta-biswa-sarma। আহৰণ কৰা হৈছে: 26 February 2025. 
  6. "ৰঙাপাৰা মহাবিদ্যালয়ত দিগন্ত বিশ্ব শৰ্মা". https://niyomiyabarta.com/regional/%e0%a7%b0%e0%a6%99%e0%a6%be%e0%a6%aa%e0%a7%b0%e0%a6%be-%e0%a6%ae%e0%a6%b9%e0%a6%be%e0%a6%ac%e0%a6%bf%e0%a6%a6%e0%a7%8d%e0%a6%af%e0%a6%be%e0%a6%b2%e0%a7%9f%e0%a6%a4-%e0%a6%a6%e0%a6%bf%e0%a6%97%e0%a6%a8/। আহৰণ কৰা হৈছে: 26 February 2025. 
  7. "assam-university-to-award-honorary-degree-upon-diganta-biswa-sarma". https://www.asomiyapratidin.in/assam/assam-university-to-award-honorary-degree-upon-diganta-biswa-sarma। আহৰণ কৰা হৈছে: 26 February 2025. 
  8. "Diganta Biswa Sarma Sets Record with 300 Lectures on the Bhagavad Gita's Relevance". https://www.pratidintime.com/latest-assam-news-breaking-news-assam/diganta-biswa-sarma-sets-record-with-300-lectures-on-the-bhagavad-gitas-relevance। আহৰণ কৰা হৈছে: 26 February 2025. 
  9. "দিগন্ত বিশ্ব শৰ্মালৈ সাহিত্য অকাডেমীৰ অনুবাদ বঁটা". https://thecrosscurrent.in/state-18-9-2021/। আহৰণ কৰা হৈছে: 26 February 2025. 
  10. "Renowned Author Diganta Biswa Sarma Appointed as Professor of Practice at Dibrugarh University". https://www.pratidintime.com/latest-assam-news-breaking-news-assam/dibrugarh/renowned-author-diganta-biswa-sarma-appointed-as-professor-of-practice-at-dibrugarh-university। আহৰণ কৰা হৈছে: 26 February 2025. 

প্ৰসঙ্গ পুথি

[সম্পাদনা কৰক]