দিয়া কুমাৰী
দিয়া কুমাৰী | |
---|---|
![]() ২০২৩ চনত কুমাৰী | |
ৰাজস্থান ৬ষ্ঠ উপ-মুখ্যমন্ত্ৰী | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৫ ডিচেম্বৰ ২০২৩ Serving with প্ৰেম চন্দ বৈৰৱা | |
ৰাজ্যপাল | হৰিভাও বাগাড়ে |
মুখ্য মন্ত্ৰী | ভজন লাল শৰ্মা |
ভজন লাল শৰ্মাৰ মন্ত্ৰীমণ্ডল | * বিত্ত
|
পূৰ্বসূৰী | শচীন পায়লট |
ৰাজস্থান বিধানসভাৰ সদস্য | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ৩ ডিচেম্বৰ ২০২৩ | |
পূৰ্বসূৰী | নৰপাত সিং ৰাজৱী |
সমষ্টি | বিদ্যাধৰ নগৰ |
কাৰ্যকাল ২০১৩ – ২০১৮ | |
পূৰ্বসূৰী | আলাউদ্দিন আজাদ |
উত্তৰসূৰী | ডানিশ আবৰাৰ |
সমষ্টি | সাৱাই মাধপুৰ |
লোকসভাৰ সাংসদ | |
কাৰ্যকাল ২০১৯ – ২০২৩ | |
পূৰ্বসূৰী | হৰি ওম সিং ৰাথোড় |
উত্তৰসূৰী | মহিমা কুমাৰী মেৱাৰ |
সমষ্টি | ৰাজসমন্দ |
অধ্যক্ষ আৰ এছ আৰ ডি চিৰ নিগম। ৰাজস্থান চৰকাৰ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৫ মাৰ্চ ২০২৪ | |
পূৰ্বসূৰী | ভজন লাল যাতব |
ব্যক্তিগত তথ্য | |
জন্ম | ৩০ জানুৱাৰী, ১৯৭১ (৫৪ বছৰ) জয়পুৰ |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
সন্তান | ৩ |
দিয়া কুমাৰী (ইংৰাজী: Diya Kumari, জন্ম-৩০ জানুৱাৰী ১৯৭১) ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ বৰ্তমান ভজন লাল শৰ্মাৰ মন্ত্ৰালয়ত প্ৰেম চন্দ বৈৰৱাৰ সৈতে ৰাজস্থানৰ ষষ্ঠ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[1] বৰ্তমান তেওঁ ১৬ নং ৰাজস্থান বিধানসভাত বিধায়ক হিচাপে বিদ্যাধৰ নগৰক প্ৰতিনিধিত্ব কৰি আছে। তেওঁ জয়পুৰ ৰাজ্যৰ কাচৱাহা পৰিয়ালৰ সদস্য।
তেওঁ ২০১৯ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ৰাজসামন্দ সংসদীয় আসনৰ পৰা লোকসভাৰ সদস্য আছিল।[2]
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৭১ চনৰ ৩০ জানুৱাৰীত জয়পুৰত ভাৰতীয় সেনাৰ এজন সজ্জিত বিষয়া আৰু হোটেলৰ মালিক ভৱানী সিং আৰু পদুমী দেৱীৰ ঘৰত দিয়া কুমাৰীয়ে জন্মগ্ৰহণ কৰে।[3][4][5] তেওঁ ব্ৰিটিছ ৰাজৰ সময়ৰ জয়পুৰৰ অন্তিমজন শাসক মহাৰাজা দ্বিতীয় মান সিংহৰ নাতিনী।[6]
কুমাৰীয়ে মডাৰ্ণ স্কুল (নতুন দিল্লী), জি.ডি. সোমানী মেম’ৰিয়েল স্কুল, মুম্বাই আৰু মহাৰাণী গায়ত্ৰী দেৱী বালিকা পাব্লিক স্কুল, জয়পুৰত অধ্যয়ন কৰিছিল। ১৯৮৯ চনত লণ্ডনৰ চেলচিয়া স্কুল অৱ আৰ্টছত শিক্ষা গ্ৰহণ কৰি সুকুমাৰ কলাত স্নাতক ডিপ্লমা আৰু মাননীয় ড. জয়পুৰৰ এমিটি বিশ্ববিদ্যালয়ৰ পৰা দৰ্শনত ডক্টৰেট ডিগ্ৰী লাভ কৰে।[2][7][4][8]
ৰাজনৈতিক জীৱন
[সম্পাদনা কৰক]দিয়া কুমাৰীৰ প্ৰয়াত পিতৃ তথা জয়পুৰৰ প্ৰাক্তন উপাধি ৰজা ভৱানী সিঙে ১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত জয়পুৰৰ পৰা কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হয়।[9]
কুমাৰীৰ তোলনীয়া আইতাক আৰু জয়পুৰৰ প্ৰাক্তন ৰাণী গায়ত্ৰী দেৱীয়ে ১৯৬২, ১৯৬৭ আৰু ১৯৭১ চনত তিনিবাৰকৈ জয়পুৰ সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
২০১৩ চনৰ ১০ ছেপ্টেম্বৰত জয়পুৰত এখন সভাত তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ সভাপতি ৰাজনাথ সিং আৰু ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেৰ উপস্থিতিত দুই লাখ জনতাৰ সন্মুখত কুমাৰীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।[10]২০১৩ চনৰ ৰাজস্থান বিধানসভাৰ নিৰ্বাচনত ছাৱাই মধুপুৰৰ পৰা তেওঁ বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু বিধায়ক হৈছিল।[11] কিন্তু ২০১৮ চনৰ নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা নাছিল৷ সেইবাৰ বিজেপি পৰাস্ত হৈছিল।[12]২০১৯ চনত ৰাজসামন্দৰ পৰা লোকসভালৈ সংসদৰ সদস্য হিচাপে তেওঁ নিৰ্বাচিত হয়। তেওঁ ৮৫৮,০০০ ভোট লাভ কৰে আৰু পৰাজিত প্ৰাৰ্থীৰ লগত তেওঁৰ ভোটৰ ব্যৱধান আছিল ৫৫১,০০০ ভোটৰ৷ এই ব্যৱধান ২০১৯ চনৰ শীৰ্ষ ২০টা বৃহৎ জয়ৰ ব্যৱধানৰ ভিতৰত গণ্য কৰা হয়।[13][14]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Who Are Diya Kumari, Prem Bairwa: 'Princess Who Walks On Streets' Among Rajasthan Deputy CMs" (en ভাষাত). 12 December 2023. https://news.abplive.com/news/india/diya-kumari-prem-chand-bairwa-profile-jaipur-princess-dalit-bjp-mla-rajasthan-deputy-cm-bhajanlal-sharma-1649519.
- ↑ 2.0 2.1 "Diya Kumari| National Portal of India". www.india.gov.in. https://www.india.gov.in/my-government/indian-parliament/diya-kumari। আহৰণ কৰা হৈছে: 2023-11-15.
- ↑ "Members : Lok Sabha". loksabhaph.nic.in. http://loksabhaph.nic.in/Members/MemberBioprofile.aspx?mpsno=5209। আহৰণ কৰা হৈছে: 2021-09-06.
- ↑ 4.0 4.1 "Who Is Diya Kumari, The Billionaire Princess Of Jaipur Who Claims Taj Mahal Belonged To Her Ancestors?" (en ভাষাত). Zee News. https://zeenews.india.com/india/who-is-diya-kumari-the-billionaire-princess-of-jaipur-who-claims-taj-mahal-belonged-to-her-ancestors-2640069.html। আহৰণ কৰা হৈছে: 2023-11-15.
- ↑ Webdunia. "Diya Kumari , दीया कुमारी , Vidhyadhar Nagar , विद्याधर नगर , BJP , Rajasthan , राजस्थान , asssembly election 2023" (hi ভাষাত). hindi.webdunia.com. https://hindi.webdunia.com/election-candidate/diya-kumari-14.html। আহৰণ কৰা হৈছে: 2023-11-15.
- ↑ Parihar, Rohit (August 21, 2006). "New will by Gayatri Devi's late son resurfaces, ignites property war in family". India Today. https://www.indiatoday.in/magazine/controversy/story/20060821-new-will-by-gayatri-devi-late-son-ignites-property-war-in-family-784861-2006-08-21। আহৰণ কৰা হৈছে: 2021-09-06.
- ↑ "Royal Jaipur- Explore the Royal Landmarks in Jaipur". royaljaipur.in. http://royaljaipur.in/। আহৰণ কৰা হৈছে: 2 December 2022.
- ↑ "Home | Amity Alumni". alumni.amity.edu. Archived from the original on 2023-11-15. https://web.archive.org/web/20231115101914/https://alumni.amity.edu/AmityNews.aspx?EventId=3887। আহৰণ কৰা হৈছে: 2023-11-15.
- ↑ "In Jaipur royal Diya Kumari rise in BJP, an echo of estranged mentor Raje arc" (en ভাষাত). The Indian Express. 2023-10-14. https://indianexpress.com/article/political-pulse/jaipur-royal-diya-kumari-rise-bjp-echo-estranged-mentor-raje-arc-8982725/। আহৰণ কৰা হৈছে: 2023-11-15.
- ↑ "Jaipur princess joins BJP". The Telegraph (India). 11 September 2013. http://www.telegraphindia.com/1130911/jsp/nation/story_17336370.jsp#.UjF3SnuLi3E.
- ↑ Joseph, Joychen (January 16, 2019). "After 21 years, Rajasthan ex-royal Diya Kumari, her hubby separated" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/jaipur/after-21-yrs-raj-ex-royal-diya-her-hubby-separated/articleshow/67548917.cms। আহৰণ কৰা হৈছে: 2021-09-06.
- ↑ "Erstwhile royal family member Diya Kumari wins Rajsamand seat by over 5 lakh votes" (en ভাষাত). Zee News. 2019-05-23. https://zeenews.india.com/lok-sabha-general-elections-2019/erstwhile-royal-family-member-diya-kumari-wins-rajsamand-seat-by-over-5-lakh-votes-2205718.html। আহৰণ কৰা হৈছে: 2021-09-06.
- ↑ भाषा (2019-05-24). "रिकॉर्ड मतों से जीतने वाले बढ़े, पहली बार चार प्रत्याशी छह लाख से ज़्यादा मतों से जीते" (en-GB ভাষাত). The Wire - Hindi. https://thewirehindi.com/83018/loksabha-election-2019-candidates-big-victory/। আহৰণ কৰা হৈছে: 2023-11-15.
- ↑ "BJP's C R Patil wins by 6.89 L votes, biggest victory margin" (en ভাষাত). Rediff. https://www.rediff.com/news/report/bjps-cr-patil-has-the-highest-victory-margin-lok-sabha-elections/20190524.htm। আহৰণ কৰা হৈছে: 2023-11-15.