সমললৈ যাওক

দিল্লী আৰক্ষী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দিল্লী আৰক্ষী
সংক্ষিপ্তকৰণ DP
ল'গ' of the দিল্লী আৰক্ষী.
মূলমন্ত্ৰ শান্তি সেৱা ন্যায়া
(शांति सेवा न्याय)
Peace, Service and Justice
অনুষ্ঠানৰ তথ্য
গঠন ১৮৬১; ১৬৪ বছৰ  আগতে (1861) (প্ৰথমে ব্ৰিটিছ শাসনৰ অধীনত নিৰাপত্তা বাহিনী হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল)
১৬ ফেব্ৰুৱাৰী ১৯৪৮; ৭৭ বছৰ আগত (16 February 1948) (দিল্লী আৰক্ষী হিচাপে নতুন নাম দিয়া হয়)[1]
Preceding agency পৌৰ নিগমৰ আৰক্ষী
কৰ্মচাৰী ৮৩,৭৬২
বাৰ্ষিক বাজেট ১২২৫৯.১৬ লাখ (২০২৫-২৬)[2]
ন্যায়িক ব্যক্তিত্ব Governmental: Government agency
ক্ষেত্ৰাধিকাৰ সংৰচনা
Operations jurisdiction* কেন্দ্ৰীয় শাসিত of দিল্লী, IN
দিল্লীৰ ১১খন ৰাজহ জিলা
আকাৰ 1,484 বৰ্গ কি.মি. (573 বৰ্গ মাইল)
জনসংখ্যা ২১,৫০০,০০০
সামান্য প্ৰকৃতি
Operational structure
মূল কাৰ্যালয় জয় সিং মাৰ্গ, নতুন দিল্লী, ভাৰত
Elected officer responsible অমিত শ্বাহ, ভাৰতৰ গৃহ মন্ত্ৰী
Agency executive সঞ্জয় অৰোৰা (ভাৰতীয় আৰক্ষী সেৱা), দিল্লীৰ আৰক্ষী আয়ুক্ত
সুবিধা(সমূহ)
Stations ১৯৮
হেলিকপ্টাৰs [3]
ৱেবছাইট
delhipolice.gov.in
পাদটীকা
* Divisional agency: Division of the country, over which the agency has usual operational jurisdiction.
বৰ্তমান দিল্লী আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰা।[4][5]

দিল্লী আৰক্ষী (ইংৰাজী: Delhi Police) হৈছে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ডৰ আইন প্ৰয়োগকাৰী সংস্থা। দিল্লী আৰক্ষী ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ।[6][7] ২০২৪ চনত দিল্লী আৰক্ষীৰ অনুমোদিত শক্তি আছিল ৮৩,৭৬২[6] যাৰ ফলত ই বিশ্বৰ অন্যতম বৃহৎ মহানগৰ আৰক্ষী বাহিনী হিচাপে পৰিগণিত হয়।[8] দিল্লী আৰক্ষীৰ শক্তিৰ প্ৰায় ২৫% ভিআইপি সুৰক্ষাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।[9]

দিল্লী আৰক্ষীয়ে ইয়াৰ ইতিহাস ১৮৫৪ চনত মোগল সাম্ৰাজ্যিক আদালতৰ ব্ৰিটিছ ৰেচিডেণ্টৰ সহায়কৰ অধীনত স্থাপিত হোৱা এটা সৰু নিৰাপত্তা বাহিনীৰ পৰা আৰম্ভ কৰে।[10] ১৮৬১ চনত ভাৰতীয় আৰক্ষী আইন গৃহীত হোৱাৰ পিছত ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ নকৰালৈকে দিল্লী আৰক্ষী পঞ্জাৱ আৰক্ষীৰ অংশ হৈয়েই থাকিল। এই আইনৰ অধীনত দিল্লীত উদ্বোধন হোৱা প্ৰথম পাঁচটা আৰক্ষী থানা আছিল সদৰ বজাৰ, সবজী মণ্ডী, মেহৰৌলি, আৰু মুণ্ডকা।[11][12]

হেল্পলাইন

[সম্পাদনা কৰক]

দিল্লী আৰক্ষীৰ Helpline নম্বৰ আছে যাৰ জৰিয়তে মানুহে ব্যক্তিগতভাৱে থানালৈ নোযোৱাকৈ সহায় বিচাৰিব পাৰে। দিল্লী আৰক্ষীৰ বিভিন্ন হেল্পলাইন নম্বৰ তলত দিয়া ধৰণৰ[13]

  • আৰক্ষী নিয়ন্ত্ৰণ কক্ষ- ১০০/১১২
  • জ্যেষ্ঠ নাগৰিক সুৰক্ষা কোষ- ১২৯১
  • যাতায়তৰ সমস্যা- ১০৯৫
  • মহিলা হেল্পলাইন- ১০৯১
  • এণ্টি-অবচিন কল চেল আৰু এণ্টি-ষ্টাকিং চেল – ১০৯১
  • সন্ত্ৰাসবাদ – ১০৯০
  • উত্তৰ-পূব (উত্তৰ-পূব ভাৰতৰ লোক) HELPLINE – 1093
  • দিল্লী আৰক্ষীয়ে ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা Online FIR পঞ্জীয়নৰ সুবিধাও আৰম্ভ কৰিছে।[14]
এখন দিল্লী আৰক্ষীৰ অল উইমেন পিচিআৰ বাহন। ছবিখনত দেখা গাড়ীখন টয়োটা ইনোভা।
দিল্লী আৰক্ষীয়ে ব্যৱহাৰ কৰা এখন মহিন্দ্ৰা মাৰ্ক্সমেন
  • চেভ্ৰলেট টাভেৰা
  • টয়োটা কোৱালিছ
  • ৰয়েল এনফিল্ড বুলেট
  • বাজাজ পালছাৰ
  • মাৰুতি জিপ্সী
  • মাৰুতি চুজুকি SX4
  • মাৰুতি চুজুকি চিয়াজ
  • টিভিএছ আপাচি
  • এছএমএল ইছুজু কাৰাগাৰ ভ্যান
  • টাটা এল এ টি চি SWAT কেৰিয়াৰ
  • টয়োটা ইনোভা[15][16][17]
  • দিল্লী আৰক্ষী, জাগুয়াৰ দল, কেন্দ্ৰীয় জিলা
  • মাৰুতি এৰতিগা

SWAT কমাণ্ডো আৰু অস্ত্ৰ-শস্ত্ৰ

[সম্পাদনা কৰক]

SWAT কমাণ্ডো ২৬/১১ৰ পিছত ২০০৯ চনত গঠন কৰা হৈছিল৷ তেওঁলোকে প্ৰথমে ২০১০ চনৰ কমনৱেলথ গেমছত সুৰক্ষাৰ দায়িত্বত আছিল। তেওঁলোকক ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষীৰ পৰ্যায়ত প্ৰশিক্ষণ দিয়া হয়। সকলো কমাণ্ডোৰ বয়স ২৮ বছৰৰ তলৰ, যাৰ ফলত তেওঁলোক কমাণ্ডোৰ বাবে নিৰ্ধাৰিত কামৰ বাবে শাৰীৰিকভাৱে দৃঢ় আৰু সক্ষম হৈ পৰে। দিল্লী এন চি আৰত সংঘটিত হোৱা যিকোনো সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াটোৱেই তেওঁলোকৰ মূল কাম। ক্ৰাভ মাগাত তেওঁলোকে একান্তভাৱে প্ৰশিক্ষণ লাভ কৰিছে। দিল্লী আছিল সৰ্বমহিলা SWAT দল পোৱা প্ৰথম চহৰসমূহৰ ভিতৰত অন্যতম।[18]SWAT দলৰ সদস্যসকলে অভিজাত বিশেষ কোষৰ অধীনত কাম কৰে।[19]

মাৰণাস্ত্ৰ:

বিশেষ অস্ত্ৰ আৰু কৌশল (SWAT)ৰ দিল্লী আৰক্ষীৰ বাহন
  • গ্লক ৯ এম এম ছেমি অটোমেটিক পিষ্টল।
  • AK-47 এছাল্ট ৰাইফল।
  • ট্ৰিচি এছাল্ট ৰাইফল।
  • হেকলাৰ এণ্ড কোচ এমপি৫ চাবমেচিনগান।
  • CornerShot বন্দুক।
  • INSAS এছাল্ট ৰাইফল লাইট মেচিন গান
  • ব্ৰাউনিং ৯ এম এম ছেমি অটোমেটিক পিষ্টল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "69th Delhi Police Raising Day – (16.02.2016)". http://www.delhipolice.nic.in/mobile/history.html. 
  2. "DEMAND NO. 51, Demands for Grants, 2025-2026, MINISTRY OF HOME AFFAIRS" (PDF). IndiaBudget.gov.in. 1 Feb 2025. পৃষ্ঠাসমূহ: 5. https://www.indiabudget.gov.in/doc/eb/sbe51.pdf। আহৰণ কৰা হৈছে: 1 Feb 2025. 
  3. ndaph. "The Hindu Business Line : Pawan Hans to provide copter to Delhi Police for surveillance". www.thehindubusinessline.com. http://www.thehindubusinessline.com/2004/01/14/stories/2004011401161700.htm। আহৰণ কৰা হৈছে: 19 May 2008. 
  4. Nandy, Sumana (23 April 2020). ""Dil Ki Police": Delhi Cops' Balm For Commuters Amid Lockdown". NDTV. https://www.ndtv.com/delhi-news/coronavirus-dil-ki-police-delhi-cops-balm-for-commuters-amid-lockdown-2216615। আহৰণ কৰা হৈছে: 2020-05-25. 
  5. Taskin, Bismee (23 April 2020). "'Dil Ki Police': Delhi Police Twitter handle gets colourful makeover to motivate ground staff". The Print. https://theprint.in/india/dil-ki-police-delhi-police-twitter-handle-gets-colourful-makeover-to-motivate-ground-staff/407220/. 
  6. 6.0 6.1 "Annual Report Ministry of Home Affairs 2014–2015". প্ৰকাশক Delhi: Departments of Internal Security, States, Home, Jammu & Kashmir Affairs and Border Management. July 2015. পৃষ্ঠা: 82. http://mha.nic.in/sites/upload_files/mha/files/AR%28E%291415.pdf। আহৰণ কৰা হৈছে: 16 July 2015. 
  7. "दिल्ली पुलिस: राज्य सरकार को नियंत्रण देना कितना कठिन?" (hi ভাষাত). BBC News हिंदी. 21 January 2014. https://www.bbc.com/hindi/india/2014/01/140122_control_over_delhi_police_pk. "दिल्ली पुलिस फिलहाल गृह मंत्रालय के अधीन है. दूसरे राज्यों पर पुलिस और प्रशासन की व्यवस्था राज्य सरकार के अधीन होती है." 
  8. N. R. Madhava Menon, D. Banerjea (2002). Criminal Justice India Series: Volume 7 National Capital Territory of Delhi. প্ৰকাশক Ahmedabad: Allied Publishers. পৃষ্ঠা. 45–46. 
  9. Singh, Sumit Kumar (8 May 2016). "Delhi Sees 142 Murders, 578 Rapes and 1,729 Robberies in Less Than Four Months" (en ভাষাত). NewIndianexpress. প্ৰকাশক New Delhi: sundaystandard. https://www.newindianexpress.com/thesundaystandard/2016/May/08/delhi-sees-142-murders-578-rapes-and-1729-robberies-in-less-than-four-months-934192.html. 
  10. "Delhi Police: With you, for you, since 1911". Hindustan Times. 1 September 2011. Archived from the original on 25 January 2013. https://archive.today/20130125053441/http://www.hindustantimes.com/Delhi-Police-With-you-for-you-since-1911/Article1-740624.aspx. 
  11. "THE POLICE ACT, 1861". www.mha.gov.in. 1861-03-22. https://www.mha.gov.in/sites/default/files/Police_act_1861.pdf। আহৰণ কৰা হৈছে: 2025-06-01. 
  12. "Delhi’s oldest police post restored, but neglected" (en-us ভাষাত). Hindustan Times. 2025-03-07. https://www.hindustantimes.com/cities/delhi-news/delhis-oldest-police-post-restored-but-neglected-101741284430964.html. 
  13. Helplines Archived 22 July 2013 at the Wayback Machine. Delhi Police. Retrieved on 19 August 2013.
  14. "Delhi Police to launch the Facility of filing FIR Online". IANS. news.biharprabha.com. http://news.biharprabha.com/2014/02/delhi-police-to-launch-the-facility-of-filing-fir-online/। আহৰণ কৰা হৈছে: 16 February 2014. 
  15. "Tata Nano unveiled as new Delhi Police PCR van at security expo". The Economic Times. 26 September 2013. Archived from the original on 15 May 2015. https://web.archive.org/web/20150515201901/http://articles.economictimes.indiatimes.com/2013-09-26/news/42427110_1_tata-nano-delhi-police-india-international-security-expo. 
  16. "Delhi: Police Station Heads to Get Toyota Innovas". NDTV. 30 June 2014. http://www.ndtv.com/delhi-news/delhi-police-station-heads-to-get-toyota-innovas-582466. 
  17. "Delhi cops openly flout PMO order on vehicle use". India Today. 2 February 2015. http://indiatoday.intoday.in/story/delhi-police-misuse-of-official-vehicles-sindu-pillai-anyesh-roy-pmo-kuldeep-singh-tomar-home-ministry/1/416432.html. 
  18. Gupta, Swati (15 August 2018). "India's Independence Day sees first deployment of all-female SWAT team". CNN. https://edition.cnn.com/2018/08/15/asia/india-all-women-swat-intl/index.html। আহৰণ কৰা হৈছে: 15 August 2018. 
  19. "Delhi gets SWAT team". The Indian Express. 6 November 2009. http://archive.indianexpress.com/news/to-combat-terror-delhi-gets-its-own-swat-team/537837/.