সমললৈ যাওক

দিল ছে..

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Dil Se.. / दिल से.. / দিল ছে..

English release poster
পৰিচালক মণি ৰত্নম
চিত্ৰনাট্য মণি ৰত্নম
কাহিনী মণি ৰত্নম
Dialogues by Tigmanshu Dhulia
প্ৰযোজক ভাৰত শ্বাহ
মণি ৰত্নম
ৰাম গোপাল বাৰ্মা
শেখৰ কাপুৰ
অভিনয়ত শ্বাহৰুখ খান
মণিষা কৈৰালা
প্ৰীতি জিণ্টা
চিত্ৰগ্ৰহণকাৰী সন্তোষ শিৱন
সম্পাদনা সুৰেশ আৰ্চ
সংগীত পৰিচালক এ. আৰ. ৰহমান
প্ৰযোজনা
কোম্পানীসমূহ
মাদ্ৰাজ টকিজ
বাৰ্মা কৰ্প'ৰেচন
পৰিবেশক ইৰোচ ইণ্টাৰনেচনেল
মুক্তি
২১ আগষ্ট ১৯৯৮ (1998-08-21)
দৈৰ্ঘ্য
১৬৭ মিনিট
দেশ ভাৰত
ভাষা হিন্দী[1]
বাজেট ১১.৫ কোটি[2]
সৰ্বমুঠ আয় ২৮.৪০ কোটি[2]

দিল ছে.. (আক্ষৰিক অৰ্থ হৃদয়ৰ পৰা..) হৈছে ১৯৯৮ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ৰোমান্টিক থ্ৰিলাৰ চলচ্চিত্ৰ যিখন ৰাম গোপাল বাৰ্মা আৰু শেখৰ কাপুৰ সৈতে প্ৰযোজনা কৰা মণি ৰত্নম দ্বাৰা লিখিত আৰু পৰিচালিত। অসমৰ সন্ত্ৰাসবাদৰ পটভূমিত নিৰ্মিত এই ছবিখনত শ্বাহৰুখ খান আৰু মণিষা কৈৰালাই অভিনয় কৰিছে, আনহাতে প্ৰীতি জিণ্টাই সহযোগী চৰিত্ৰত চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছে। ইয়াক ৰত্নমৰ ৰোজা (১৯৯২) আৰু বোম্বাই (১৯৯৫)ৰে গঠিত ত্ৰিলজীৰ চূড়ান্ত কিস্তি হিচাপে উল্লেখ কৰা হয়।[3][4] এ. আৰ. ৰহমান দ্বাৰা ৰচিত ছবিখনৰ চাউণ্ডট্ৰেক এলবামটোৰ ভাৰতত ৬০ লাখ ইউনিট বিক্ৰী হৈছিল।[5]

দিল ছে.. ইৰা নিউ হ 'ৰিজনছ চলচ্চিত্ৰ মহোৎসৱ আৰু হেলচিংকী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ সময়ত এই ছবিখন প্ৰদৰ্শন কৰা হৈছিল। ননলাইনিয়াৰ কাহিনীৰ দিশৰ বাবে বিখ্যাত এই চলচ্চিত্ৰখনে ভাৰতৰ বক্স অফিচত বিফলতা লাভ কৰিছিল, অৱশ্যে ই বিদেশত এক বৃহৎ সফলতা লাভ কৰৰিছিল, আমেৰিকাত ৯৭৫,০০০ ডলাৰ আৰু যুক্তৰাজ্য ৫৩৭,৯৩০ পাউণ্ড উপাৰ্জন কৰিছিল যি যুক্তৰাজ্যৰ বক্স অফিচ চাৰ্টত শীৰ্ষ দহত প্ৰৱেশ কৰা প্ৰথম ভাৰতীয় চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছিল, আৰু ই জাপানত হিট হৈছিল।[6][7]

৪৪ সংখ্যক ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানত "দিল ছে"ই শ্ৰেষ্ঠ অভিনেত্ৰী (কইৰালা) আৰু শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ (জিন্টা) সহ দহটা মনোনয়ন লাভ কৰে আৰু ছটা বঁটা লাভ কৰিছিল, যাৰ ভিতৰত আছিল শ্ৰেষ্ঠ মহিলা আত্মপ্ৰকাশ (debut) (জিন্টা) আৰু সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালক (ৰহমান)। ৪৬ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত ছবিখনে দুটা বঁটা লাভ কৰে-শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী আৰু শ্ৰেষ্ঠ অডিঅ'গ্ৰাফী, লগতে ৪৯ সংখ্যক বাৰ্লিনালত নেটপেক বঁটা লাভ কৰৰে।[6][8]

এই ছবিখনত কণ্ঠদান কৰিছিল উদিত নাৰায়ণ, চনু নিগম, জুবিন গাৰ্গ আদিয়ে। "দিল ছে" হিন্দী চলচ্চিত্ৰৰ সংগীত অত্যন্ত হৃদয়স্পৰ্শী আৰু অৱিস্মৰণীয়। এ.আৰ. ৰহমানৰ সুমধুৰ সংগীত পৰিচালনাৰে এই সাউণ্ডট্ৰেকত ৰোমাণ্টিক, আবেগিক আৰু প্ৰাণৱন্ত গীতৰ এক অনুপম মিশ্ৰণ পোৱা যায়। "চাইয়া চাইয়া", "দিল ছে", আৰু "জিয়া জ্বলে"ৰ দৰে গীতসমূহে শ্ৰোতাৰ মনত গভীৰ ছাপ পেলায়, য’ত মণিৰত্নমৰ কাহিনীৰ আৱেগৰ সৈতে সুন্দৰভাৱে মিলি যায়। গীতৰ কথা আৰু সুৰৰ মাধ্যমেৰে প্ৰেম, বিচ্ছেদ আৰু আকাংক্ষাৰ অনুভূতি অতি সুক্ষ্মভাৱে প্ৰকাশ পাইছে। এই সংগীত এতিয়াও শ্ৰোতাৰ মাজত অত্যন্ত জনপ্ৰিয় আৰু বলীউডৰ সংগীতৰ ইতিহাসত এক মাইলৰ খুঁটি হিচাপে গণ্য হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Shelly Walia and Tanushree Ghosh (21 January 2013). "Language no bar". https://www.business-standard.com/article/beyond-business/language-no-bar-110061300041_1.html. 
  2. 2.0 2.1 "Dil Se.. – Movie". Box Office India. https://boxofficeindia.com/movie.php?movieid=2540। আহৰণ কৰা হৈছে: 20 June 2022. 
  3. Ciecko, Anne Tereska (2006). Contemporary Asian cinema: popular culture in a global frame. Berg Publishers. পৃষ্ঠা. 142. ISBN 978-1-84520-237-8. Archived from the original on 18 April 2023. https://web.archive.org/web/20230418165250/https://books.google.com/books?id=9_PmysZli1cC&pg=PA142। আহৰণ কৰা হৈছে: 11 April 2011. 
  4. Pat Padua. "FROM THE HEART – The Films of Mani Ratnam". cinescene.com. Archived from the original on 3 March 2016. https://web.archive.org/web/20160303170916/http://www.cinescene.com/names/maniratnam.html। আহৰণ কৰা হৈছে: 2011-04-04. 
  5. .
  6. 6.0 6.1 Aftab, Kaleem (October 2002). "Brown: the new black! Bollywood in Britain". Critical Quarterly (Blackwell Synergy) খণ্ড 44 (3): 88–98. doi:10.1111/1467-8705.00435. "The first Bollywood film to enter the UK top 10, Dil Se / Uyire was nevertheless an average in India. Such factors attest to the crucial role of the NRI audience in the commercial fate of Bollywood produce.".  উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "Aftab" defined multiple times with different content
  7. Kohli-Khandekar, Vanita (2013) (en ভাষাত). The Indian Media Business. Sage Publications. পৃষ্ঠা. 188. ISBN 9788132117889. Archived from the original on 26 July 2023. https://web.archive.org/web/20230726091018/https://books.google.com/books?id=1C4nAgAAQBAJ&pg=PA188। আহৰণ কৰা হৈছে: 3 December 2017. 
  8. Cary Rajinder Sawhney (2006). "Dil Se..". British Film Institute. Archived from the original on 1 February 2008. https://web.archive.org/web/20080201185025/http://www.bfi.org.uk/sightandsound/review/5। আহৰণ কৰা হৈছে: 2008-02-16.