সমললৈ যাওক

দিশা পাটানি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দিশা পাটানি
চিত্ৰ:File:Disha Patani and others grace the premiere of Gustaakh Ishq 02 (cropped).jpg
Patani in 2025
জন্ম ১৩ জুন, ১৯৯২ (৩৩ বছৰ)
Bareilly, Uttar Pradesh, India
শিক্ষানুষ্ঠান Amity University, Lucknow
পেচা Actress
সক্ৰিয় হৈ থকা সময় 2015–present

দিশা পাটানি(ইংৰাজী: :Disha Patani, উচ্চাৰণ [ˈd̪ɪʃa paːʈəˈni]; জন্ম ১৩ জুন ১৯৯২ ) এগৰাকী ভাৰতীয় অভিনেত্ৰী,তেওঁ মূলতঃ হিন্দী ছবিত অভিনয় কৰি আহিছে। পাটানীয়ে তেলেগু ছবি লোফাৰ (২০১৫)ৰ জৰিয়তে অভিনয়ত অভিষেক ঘটায়, আৰু হিন্দী চলচ্চিত্ৰত প্ৰথম মুক্তি পায় জীৱনীমূলক ছবি এম.এছ. ধোনী: অকথিত কাহিনী (২০১৬)ৰ জৰিয়তে। চীনৰ একচন কমেডী কুংফু যোগ (২০১৭)ত অভিনয় কৰাৰ পিছত পাটানীয়ে একচন ছবি বাঘী ২ (২০১৮), কল্কি ২৮৯৮ খ্ৰীষ্টাব্দ আৰু কাংগুভা দুয়োখন (২০২৪) আৰু থ্ৰিলাৰ মালং (২০২০)ত অভিনয় কৰে। তেওঁ ২০১৯ চনৰ ফৰ্বছ ইণ্ডিয়াৰ চেলিব্ৰিটি ১০০ তালিকাত স্থান লাভ কৰিছে।[1][2]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৯২ চনৰ ১৩ জুনত ভাৰতৰ উত্তৰ প্ৰদেশৰ বাৰেলীত দিশা পাটানিয়ে জন্মগ্ৰহণ কৰিছিল ।[3] তেওঁ হিন্দু কুমাওনী ৰাজপুত পৰিয়ালৰ পৰা আহিছে।[4] পিতৃ জগদীশ সিং পাটানি আৰক্ষী বিষয়া আৰু মাতৃ স্বাস্থ্য পৰিদৰ্শক। তেওঁৰ ডাঙৰ ভগ্নী খুছবু পাটানিয়ে ভাৰতীয় সেনাবাহিনীত মেজৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু এগৰাকী ফিটনেছ প্ৰশিক্ষক তথা উদ্যোগপতি। তেওঁৰ এজন কনিষ্ঠ ভাতৃ আছে যাৰ নাম সূৰ্য্যংশ পাটানি ।[5] লক্ষ্ণৌৰ এমিটি বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক বিভাগৰ দ্বিতীয় বৰ্ষত তেওঁ অধ্যয়ন সমাপ্ত কৰি গুচি যায়।[6] তেওঁ পণ্ড'চ ফেমিনা মিছ ইণ্ডিয়া ইন্দোৰ ২০১৩ৰ প্ৰথম ৰানাৰ্ছ আপ আছিল।[7]

কৰ্মজীৱন

[সম্পাদনা কৰক]

অভিনয় জীৱনৰ আৰম্ভণি আৰু প্ৰাৰম্ভিক সফলতা (২০১৫–২০২০)

[সম্পাদনা কৰক]

দিশা পাটানিয়ে ২০১৫ চনত তেলুগু চলচ্চিত্ৰ লফাৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰে, য’ত তেওঁ বৰুণ তেজৰ বিপৰীতে অভিনয় কৰে। এই ছবিখনত তেওঁ মউনী নামৰ এটা চৰিত্ৰ ৰূপায়ণ কৰে— য’ত এগৰাকী ছোৱালী, যি বলপূৰ্বক বিবাহৰ পৰা পলাই ঘৰৰ পৰা ওলাই যায়। এই চবি পুৰী জগন্নাধৰ দ্বাৰা পৰিচালিত আৰু চি কল্যাণে, চি.কে. মনোৰঞ্জনৰ বেনাৰত, প্ৰযোজনা কৰিছিল। কিন্তু বক্স অফিচত ছবিখনে আশানুৰূপ সফলতা লাভ নকৰিলে।

ইয়াৰ পিছৰ বছৰত দিশাই টাইগাৰ শ্ৰফৰ সৈতে বেফিক্ৰ নামৰ এটা সংগীত ভিডিঅ’ত অভিনয় কৰে। এই ভিডিঅ’টো টি-চিৰিচৰ বেনাৰত ভূষণ কুমাৰ আৰু কৃশান কুমাৰৰ দ্বাৰা প্ৰযোজিত হৈছিল আৰু সংগীতৰ ৰচনা,সুৰ আৰু পৰিচালনা কৰিছিল মিত ব্ৰৱজে। গীতটোত কণ্ঠদান কৰিছিল গায়িকা আদিতি সিং শৰ্মাই।[8]

পাটানীয়ে নীৰজ পাণ্ডেৰ এম.এছ. ধোনী: দ্য আনটল্ড ষ্ট'ৰী, সুশান্ত সিং ৰাজপুত আৰু কিয়াৰা আদৱানীৰ সৈতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনিৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত জীৱনীমূলক ক্ৰীড়া ছবি।[9] গাড়ী দুৰ্ঘটনাত মৃত্যু হোৱা ৰাজপুতৰ চৰিত্ৰৰ প্ৰেমিকা প্ৰিয়ংকা ঝাৰ চৰিত্ৰত অভিনয় কৰিছে। নীৰজ পাণ্ডেৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে ব্যৱসায়িকভাৱে এক বৃহৎ সফলতা লাভ কৰে ।[10] বলীউড হাংগামাৰ পৰা তৰণ আদৰ্শ আৰু দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ শুভ্ৰা গুপ্তা; এই দুয়োজনে শক্তিশালী অভিষেকৰ বাবে পাটানীক প্ৰশংসা কৰে।[11][12] আই আই এফ এ বঁটাত তেওঁ বছৰৰ তাৰকা অভিষেক – মহিলাৰ বাবে আই আই এফ এ বঁটা লাভ কৰে। তেখেতে জেকী চানৰ কুং ফু যোগাত ছ'নু ছুডৰ সৈতেও অভিনয় কৰে।[13]

বাঘী ফ্ৰেঞ্চাইজিৰ দ্বিতীয় কিস্তি বাঘী ২ ছবিখনত টাইগাৰ শ্ৰফৰ বিপৰীতে অভিনয় কৰিছিল পাটানীয়ে।[14] বিশ্বজুৰি ২৫৮ কোটি (৩১ মিলিয়ন মাৰ্কিন ডলাৰ)তকৈ অধিক উপাৰ্জন কৰা এই ছবিখনে ২০১৮ চনৰ সৰ্বাধিক উপাৰ্জন কৰা হিন্দী ছবিৰ ভিতৰত স্থান লাভ কৰিছে।[15][16][17] ২০১৯ চনত পাটানীয়ে ছলমান খান আৰু কেটৰিনা কাইফে অভিনয় কৰা একচন নাটক ছবি ভাৰতত চমু চৰিত্ৰত অভিনয় কৰে।[18] এই ছবিখন ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল আৰু বছৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিসমূহৰ ভিতৰত অন্যতম আছিল।[19] মোহিত সূৰীৰ একচন থ্ৰিলাৰ ছবি মালঙৰ জৰিয়তে তেওঁ চিনেমাত নতুন যোগৰ সুচনা কৰিছিল য’ত আদিত্য ৰায় কাপুৰ, অনিল কাপুৰ আৰু কুনাল খেমুৰে সহ অভিনয় কৰিছিল। পিছৰ মাহত তেওঁ বাঘী ফ্ৰেঞ্চাইজিৰ তৃতীয় কিস্তি বাঘী ৩ ছবিৰ বাবে এটা গীতত অভিনয় কৰে।[20]

অন্যান্য কাম আৰু সংবাদ মাধ্যমৰ ভাবমূর্তি

[সম্পাদনা কৰক]

২০১৬ চনৰ গুগলত সৰ্বাধিক সন্ধান কৰা চেলিব্ৰিটিৰ তালিকাত পাটানীয়ে পঞ্চম স্থান লাভ কৰে।[21] ছ'চিয়েল মিডিয়াত ৫৭.৫ মিলিয়নতকৈ অধিক ইনষ্টাগ্ৰাম অনুগামীৰ সৈতে ছ'চিয়েল মিডিয়াত সৰ্বাধিক অনুসৰণ কৰা চেলিব্ৰিটিসকলৰ ভিতৰত অন্যতম।[22] ২০১৯ চনত ফৰ্বছ ইণ্ডিয়াৰ চেলিব্ৰিটি ১০০ তালিকাত পাটানীয়ে ৪৩ নম্বৰ স্থান লাভ কৰিছিল আৰু আনুমানিক বাৰ্ষিক আয় ৫৮.০ মিলিয়ন ₹ (৬৯০,০০০ মাৰ্কিন ডলাৰ) আছিল।[23][24]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

সাঁচ:Refliist

  1. "IIFA 2017: Disha Patani and Diljit Dosanjh win best debut actor awards". Daily News and Analysis. https://www.dnaindia.com/bollywood/report-iifa-2017-disha-patani-and-diljit-dosanjh-win-best-debut-actor-awards-2503918/amp। আহৰণ কৰা হৈছে: 16 July 2017. 
  2. "Disha Patani - Forbes Magazine". Forbes India. https://www.forbesindia.com/celebprofile2019/disha-patani/1819/85. 
  3. Mukherjee, Anindita (13 June 2023). "Disha Patani's birthday photo dump includes her parents, Tiger Shroff's sister Krishna and BFF Mouni. See here". India Today. https://www.indiatoday.in/movies/celebrities/story/disha-patani-birthday-photo-dump-includes-parents-tiger-shroff-sister-krishna-shroff-and-mouni-roy-2392453-2023-06-13। আহৰণ কৰা হৈছে: 6 September 2023. 
  4. "Who is Khushboo Patani? Meet Disha Patani's beautiful sister who is serving as Indian Army officer" (en ভাষাত). DNA. 13 February 2021. https://www.dnaindia.com/bollywood/photo-gallery-who-is-khushboo-patani-meet-disha-patani-beautiful-sister-who-works-for-indian-army-2874905. 
  5. "Disha Patani Introduces Her Army Officer Sister Khushboo in Instagram Post". News18. 19 April 2019. https://www.news18.com/news/movies/disha-patani-introduces-her-army-officer-sister-khushboo-in-instagram-post-2109265.html. 
  6. "Disha Patani opens up about her journey from a Bareilly girl to a successful actress". Mid-Day. 26 June 2018. https://www.mid-day.com/articles/disha-patani-opens-up-about-her-journey-from-a-bareilly-girl-to-a-successful-actress/19555194। আহৰণ কৰা হৈছে: 31 July 2020. 
  7. "Pond's Femina Miss India Indore 2013 Indore announces the winners – Beauty Pageants – Indiatimes". The Times of India. 27 November 2012. Archived from the original on 28 July 2021. https://web.archive.org/web/20210728162614/https://beautypageants.indiatimes.com/miss-india/Ponds-Femina-Miss-India-Indore-2013-Indore-announces-the-winners/articleshow/17386901.cms. 
  8. Dedhia, Sonil (25 July 2016). "Tiger Shroff and Disha Patani's single 'Befikra' launched in Mumbai" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/events/mumbai/tiger-shroff-and-disha-patanis-single-befikra-launched-in-mumbai/articleshow/52972702.cms. 
  9. Sonil Dedhia (16 January 2017). "Disha Patani to play MS Dhoni's ex-girlfriend". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Disha-Patani-to-play-MS-Dhonis-ex-girlfriend/articleshow/50438302.cms. 
  10. "Box Office: Worldwide Collections and Day wise breakup of M.S. Dhoni – The Untold Story". Bollywood Hungama. 1 October 2016. https://www.bollywoodhungama.com/news/box-office-special-features/box-office-worldwide-collections-day-wise-breakup-m-s-dhoni-untold-story/. 
  11. "The Untold Story Movie Review: MS Dhoni - Bollywood Hungama". Bollywood Hungama. 30 September 2016. https://www.bollywoodhungama.com/movie/m-s-dhoni-the-untold-story/critic-review/m-s-dhoni-the-untold-story-movie-review/। আহৰণ কৰা হৈছে: 30 September 2016. 
  12. "MS Dhoni The Untold Story movie review: Sushant Singh Rajput's MSD is reduced to singing, romancing". TheIndianexpress. 30 September 2016. https://www.indianexpress.com/article/entertainment/movie-review/ms-dhoni-the-untold-story-movie-review-sushant-singh-rajput-mahender-singh-dhoni-star-rating-3057240/lite/। আহৰণ কৰা হৈছে: 30 September 2016. 
  13. 功夫瑜伽 Archived 20 July 2019 at the Wayback Machine Douban | Kungfu Yoga
  14. "Baaghi 2 Movie Review: Tiger Shroff Roars, Disha Patani Is Pretty But This Is Just A 2.5-Hour Stunt Show". NDTV. https://www.ndtv.com/entertainment/baaghi-2-movie-review-tiger-shroff-roars-disha-patani-is-pretty-but-this-is-just-a-2-5-hour-stunt-sh-1830625। আহৰণ কৰা হৈছে: 19 March 2019. 
  15. "Top Hits 2018 - - Box Office India". https://www.boxofficeindia.com/hit-down.php?txtYearlyData=2010-2019&year=2018. 
  16. "'Baaghi 2' worldwide box-office collection: Tiger Shroff and Disha Patani's film on an impressive run". The Times of India. 26 April 2018. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/box-office/baaghi-2-worldwide-box-office-collection-tiger-shroff-and-disha-patanis-film-on-an-impressive-run/articleshow/63926676.cms. 
  17. "Box Office: Worldwide collections and day wise break up of Baaghi 2" (en ভাষাত). Bollywood Hungama. 31 March 2018. https://www.bollywoodhungama.com/news/box-office-special-features/box-office-worldwide-collections-day-wise-break-baaghi-2/। আহৰণ কৰা হৈছে: 5 March 2022. 
  18. "Salman Khan books EID 2019 for the release of his upcoming film 'Bharat'". https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/photo-features/movies-to-look-forward-to/Salman-Khan-books-EID-2019-for-the-release-of-his-upcoming-film-Bharat/photostory/61196930.cms. 
  19. "Bollywood Top Grossers Worldwide Bollywood Hungama". Bollywood Hungama. https://www.bollywoodhungama.com/box-office-collections/worldwide/2019/। আহৰণ কৰা হৈছে: 7 July 2019. 
  20. "Baaghi 3 star Tiger Shroff shares sizzling photo of Disha Patani from upcoming song 'Do You'". Bollywood Hungama. 26 February 2020. https://www.bollywoodhungama.com/news/features/baaghi-3-star-tiger-shroff-shares-sizzling-photo-disha-patani-upcoming-song/। আহৰণ কৰা হৈছে: 26 February 2020. 
  21. "Sushant Singh Rajput, Disha Patani were the most searched celebrities and Sultan was the most searched film on Google in 2016". Bollywood Hungama. 12 January 2017. https://www.bollywoodhungama.com/news/features/sushant-singh-rajput-disha-patani-searched-celebrities-sultan-searched-film-google-2016/। আহৰণ কৰা হৈছে: 15 January 2017. 
  22. "Disha Patani shares breathtaking pics as she reaches 50 million followers on Instagram". Firstpost. 13 April 2022. https://www.firstpost.com/entertainment/disha-patani-shares-breathtaking-pics-as-she-reaches-50-million-followers-on-instagram-10550441.html/amp। আহৰণ কৰা হৈছে: 15 April 2022. 
  23. "Disha Patani tops 50 Most Desirable Women 2019 list". ANI. 29 August 2020. https://news.yahoo.com/disha-patani-tops-times-50-050342584.html। আহৰণ কৰা হৈছে: 29 August 2020. 
  24. "Rhea Chakraborty Ranks 1st On 50 Most Desirable Women 2020; Check Out TOP 10!". instantbollywood. 8 June 2021. https://www.instantbollywood.com/2021/06/08/top-50-most-desirable-women-in-india-2020/। আহৰণ কৰা হৈছে: 8 June 2023.