দীনবন্ধু পুৰস্কাৰ
অৱয়ব
দিনবন্ধু পুৰস্কাৰ হ'ল পশ্চিম বংগৰ এক সন্মানীয় নাট্য বঁটা। ১৯৮৩ চনত পশ্চিম বংগ চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক বিভাগৰ নাট্য উপদেষ্টা ব’ৰ্ডে বাংলা নাট্য জগতলৈ আগ বঢে়াৱা সামগ্ৰিক অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদানৰ সিদ্ধান্ত লয়। ১৯৮৩ চনৰ পৰা ১৯৮৫ চনলৈকে নাট্য উপদেষ্টা ব’ৰ্ডে এই পুৰস্কাৰ প্ৰদান কৰে। ১৯৮৭ চনৰ পৰা এই বঁটা প্ৰদানৰ দায়িত্ব পশ্চিমবঙ্গ নাট্য একাডেমীৰ ওপৰত ন্যস্ত কৰা হয়। ১৯ শতিকাৰ বিশিষ্ট নাট্যকাৰ তথা নীলদৰ্পণ নাটকৰ লেখক দীনবন্ধু মিত্ৰৰ নামেৰে এই বঁটা প্ৰদান কৰা হয়।
দীনবন্ধু পুৰস্কাৰ প্ৰাপকসকল
[সম্পাদনা কৰক]| সাল | প্ৰাপক |
|---|---|
| ১৯৮৩ | মন্মথ ৰায়, পৰবৰ্তীকালে পশ্চিমবঙ্গ নাট্য একাডেমীৰ প্ৰথম সভাপতি |
| ১৯৮৪ | সৰযূবালা দেবী |
| ১৯৮৫ | দিগিন্দ্ৰচন্দ্ৰ বন্দ্যোপাধ্যায় |
| ১৯৮৭ | তৃপ্তি মিত্ৰ |
| ১৯৮৮ | বীৰু মুখোপাধ্যায় (মৰণোত্তৰ) |
| ১৯৮৯ | উৎপল দত্ত |
| ১৯৯০ | দেবনাৰায়ণ গুপ্ত, পশ্চিমবঙ্গ নাট্য একাডেমীৰ দ্বিতীয় সভাপতি |
| ১৯৯২ | তাপস সেন |
| ১৯৯৩ | জ্ঞানেশ মুখোপাধ্যায়, পৰবৰ্তীকালে পশ্চিমবঙ্গ নাট্য একাডেমীৰ তৃতীয় সভাপতি |
| ১৯৯৪ | কুমাৰ ৰায়, পশ্চিমবঙ্গ নাট্য একাডেমীৰ চতুৰ্থ সভাপতি |
| ১৯৯৫ | শোভা সেন |
| ১৯৯৬ | অমৰ গঙ্গোপাধ্যায় আৰু অনুপকুমাৰ দাস |
| ১৯৯৭ | সজল ৰায়চৌধুৰী |
| ১৯৯৮ | মোহিত চট্টোপাধ্যায় |
| ১৯৯৯ | অজিতকুমাৰ ঘোষ |
| ২০০০ | সত্য বন্দ্যোপাধ্যায় |
| ২০০১ | সৌমিত্ৰ চট্টোপাধ্যায় |
| ২০০২ | ৰেবা ৰায়চৌধুৰী |
| ২০০৩ | গণেশ মুখোপাধ্যায় |
| ২০০৪ | খালেদ চৌধুৰী |
| ২০০৫ | ৰুদ্ৰপ্ৰসাদ সেনগুপ্ত |
| ২০১৯ | ব্ৰাত্য বসু |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- এক নজৰে পশ্চিমবঙ্গ নাট্য আকাদেমিৰ ২০ বছৰ (১৯৮৭ – ২০০৭), সম্পাদনা শিব শৰ্মা, পশ্চিমবঙ্গ নাট্য আকাদেমি, তথ্য ও সংস্কৃতি বিভাগ, পশ্চিমবঙ্গ সৰকাৰ, কলকাতা, ২০০৮