দীনেশ ভ্ৰমাৰ
| দীনেশ ভ্ৰমাৰ | |
|---|---|
দীনেশ ভ্ৰমাৰে তেওঁৰ কবিতা আবৃত্তি কৰি। বাঁওফালে বহি থকা অৱস্থাত আগয়েয়া (৩০ ডিচেম্বৰ ১৯৮৩, বাগাহা)। | |
| জন্ম | ২৬ জুন, ১৯৩৯ (৮৬ বছৰ) |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| শিক্ষা | স্নাতকোত্তৰ |
| শিক্ষানুষ্ঠান | পাটনা বিশ্ববিদ্যালয় |
| পেচা | কৃষি |
| জনা যায় | ভোজপুৰী আৰু হিন্দী কবিতা |
দীনেশ ভ্ৰমাৰ (ইংৰাজী: Dinesh Bhramar) ( জন্ম: ২৬ জুন ১৯৩৯) ভাৰতৰ বিহাৰৰ এজন হিন্দী আৰু ভোজপুৰী ভাষাৰ কবি। তেখেতে ভোজপুৰী সাহিত্যত গজল আৰু ৰুবায়ী প্ৰৱৰ্তনৰ কৃতিত্ব লাভ কৰিছে। [1][2]ভোজপুৰী সাহিত্যৰ কবি ভ্ৰমাৰ হৃদয় আৰু আত্মাত মূলতঃ প্ৰেম আৰু সৌন্দৰ্য্যৰ কবি। তেওঁৰ গীতৰ দাপোনত জিলিকি থকা মুখখনেই হৈছে কবি নিজেই। গদ্য আৰু পদ্য দুয়োটাই তখেতে লিখে যদিও কবি হিচাপে বেছি পৰিচিত।
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৩৯ চনৰ ২৬ জুনত বৃটিছ ভাৰতৰ বিহাৰৰ অবিভক্ত চম্পাৰণৰ এখন সৰু চহৰ বাগাহাত ভ্ৰমাৰৰ জন্ম হয়।[3] তেওঁৰ পিতৃ পণ্ট. গুঞ্জেশ্বৰী পাঠক আছিল সংস্কৃত পণ্ডিত আৰু ধ্ৰুপদী কলাৰ পৃষ্ঠপোষক। ১৯৬১ চনত ভ্ৰমাৰে পাটনা বিশ্ববিদ্যালয়ৰপৰা হিন্দী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে।[3]
কৰ্মজীৱন
[সম্পাদনা কৰক]ভ্ৰমাৰে প্ৰবক্তা হিচাপে (১৯৬১–১৯৬২) হিন্দী সাহিত্যৰ অধ্যাপনা কৰিছিল এম.জে.কে. কলেজ, বেটিয়া, আৰু পিছলৈ ৰীডাৰ হিচাপে (১৯৬২–১৯৬৬) জামছেদপুৰৰ টাটা ৱৰ্কাৰছ কলেজত।
কেইবাখনো কবি সন্মিলনত তেওঁ হিন্দী বিখ্যাত কবি যেনে ৰামধৰি সিং দিংকাৰ, অগ্যেয়া,[4] গোপাল সিং নেপালী, জানাকী বল্লভ শাস্ত্ৰী, নিদা ফাজলী, বছিৰ বদৰ, আদিৰ সৈতে মঞ্চত অংশগ্ৰহণ কৰিছিল। তেওঁৰ কবিতাক প্ৰশংসা কৰে হৰিবংশ ৰায় বচ্চন [5] আৰু নাজিৰ বানাৰসীয়ে। তেওঁৰ কিছুমান হিন্দী কবিতা ৰাজেন্দ্ৰ প্ৰসাদ সিঙৰ সম্পাদনাত "নৱগীত সপ্তদাশক" আৰু সত্যনাৰায়ণৰ সম্পাদনাত "ধৰ্তি সে জুডেকাৰ" সংকলনসমূহৰ বাবে নিৰ্বাচিত হৈছিল। গ্ৰন্থ প্ৰকাশৰ প্ৰতি তেওঁৰ বিশেষ আগ্ৰহ নাছিল, ইয়াৰ একমাত্ৰ ব্যতিক্ৰম আছিল ১৯৬১ চনত প্ৰকাশিত "গীত মেৰে স্বৰ তুম্হাৰে,।" [6]
কাব্য ৰচনাৰ উপৰি ভ্ৰমাৰে বিভিন্ন সাহিত্য আন্দোলনৰ সৈতে জড়িত হৈ কেইবা দশক ধৰি চম্পাৰণ জিলা আৰু ইয়াৰ আশে-পাশে কেইবাটাও ধাৰাবাহিক কবি সন্মিলন, মুছাইৰা আৰু অন্যান্য সাহিত্য-সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰি আহিছে। [7]

বঁটা আৰু স্বীকৃতি
[সম্পাদনা কৰক]তেখেতে লাভ কৰা স্বীকৃতি তথা বঁটাৰ ভিতৰত গোপাল সিং নেপালী সন্মান (২০১১), বাজমে আদাব (১৯৯৯), লোক শিকাৰ সন্মান (১৯৯৮), চম্পাৰণ ৰত্ন (১৯৯৩), আৰু সাহিত্য সৌৰভ সন্মান (১৯৭২) বঁটা লাভ কৰিছে।
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- Bhramar, Dinesh (1939). Gīta mere svara tumhāre. প্ৰকাশক India. OCLC 23563131.
- Gīta mere svara tumhāre. প্ৰকাশক India: Sāhitya-Saṅgama. 1969. https://books.google.com/books?id=Al31lxbEmMMC.
- "गज़ल आ रूबाई « AnjorDuniya.com". 12 May 2012. Archived from the original on 12 May 2012. https://web.archive.org/web/20120512022643/http://duniya.anjoria.com/2011/01/%E0%A4%97%E0%A5%9B%E0%A4%B2-%E0%A4%86-%E0%A4%B0%E0%A5%82%E0%A4%AC%E0%A4%BE%E0%A4%88/। আহৰণ কৰা হৈছে: 15 December 2025.
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ [Bhojpuri Padya Sangrah Ed. by SINGH (Lalan Prasad), Chaubey (Ganesh), and PANDEY ( Rasbihari ) Publish by B. R. Ambedkar Bihar University Muzaffarpur Year : 1972]
- ↑ दिनेश_'भ्रमर'kavitakosh.org Archived 2025-02-10 at the Wayback Machine
- ↑ 3.0 3.1 "सुप्रसिद्ध गीतकार दिनेश भ्रमर को नैतिक जागरण मंच ने कपड़ा व पौधा समर्पित कर किया सम्मानित". Bhaskar. https://www.bhaskar.com/local/bihar/muzaffarpur/bettiah/news/naitik-jagran-manch-honored-famous-lyricist-dinesh-bhramar-by-dedicating-cloth-and-saplings-128879073.html.
- ↑ [Jan, Janak, Janaki, edited by Sacchidananda Vatsayan Ajneya Year : 1986]
- ↑ [Geet Mere Swara Tumhare by Dinesh Bhramar, Sahitya Samgam, Motihari, Year : 1964]
- ↑ Bhramar, Dinesh (1969). "Gīta mere svara tumhāre". https://books.google.com/books?id=Al31lxbEmMMC.
- ↑ "पढ़िए दिनेश भ्रमर की ग़ज़लें". 16 October 2014. http://aajtak.intoday.in/story/poetry-from-literature-blog-janki-pul-1-783964.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Some of the Hindi Gazals of Dinesh Bhramar on Aaj Tak/India Today website
- Dinesh Bhramar's Bhojpuri Gazals on KavitaKosh
- Geet Mere Swara Tumhare: A collection of Hindi poems (Navgeet) published in 1961
- Jagarn ke geet Lohu ke chhand: Book published in 1962
- Author Rameshchandra Jha on Dinesh Bhramar, in his book on literary history of Champaran, Bihar
- Memoir of an ISKON sanyasin who visits Dinesh Bhramar in 2013
- Dinesh Bhramar reciting his Navgeet at a Kavisammelan in Bagaha on centenary celebrations of Bihar, 2012 ইউটিউবত
- https://www.bhaskar.com
कार्यक्रम: सुप्रसिद्ध गीतकार दिनेश भ्रमर को नैतिक जागरण मंच ने कपड़ा व ...