দীপালি দত্ত
| দীপালি দত্ত | |
|---|---|
| জন্ম | ১৯২৯[উদ্ধৃতিৰ প্ৰয়োজন] ডুমডুমা, তিনিচুকীয়া জিলা |
| মৃত্যু | ১৫ ছেপ্টেম্বৰ,২০১০ |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| শিক্ষা | স্নাতকোত্তৰ |
| জনা যায় | মনোৰোগ বিশেষজ্ঞ |
| 'চিকিৎসা জীৱন' | |
| শিক্ষানুষ্ঠান | গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয়, শিলচৰ চিকিৎসা মহাবিদ্যালয় |
| উপ-দক্ষতা | মনোবিজ্ঞান |
ডাঃ দীপালি দত্ত(ইংৰাজী: Deepali Dutta) ভাৰতৰ এগৰাকী প্ৰসিদ্ধ মনোৰোগ বিশেষজ্ঞ।[1] তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। উল্লেখযোগ্য যে তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম আৰু একমাত্ৰ অধ্যক্ষা।চিকিৎসা শিক্ষা সঞ্চালকালয়, অসমৰ প্ৰাক্তন সঞ্চালিকা দত্তই Indian Psychiatric Society ৰ সভাপতি হিচাপেও তেওঁ সেৱা আগবঢ়াই গৈছে।[1]
শিক্ষা জীৱন
[সম্পাদনা কৰক]দীপালি দত্তই অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত MRCP, FRC PSYCHE আদি উল্লেখনীয় ডিগ্ৰীৰ অধিকাৰী হয়। তেওঁ ১৯৯০-১৯৯২ চনলৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ[2] আৰু ১৯৯২-১৯৯৩লৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে কাৰ্যনিৰ্বাহ কৰে।[3]
চিকিৎসা জীৱন
[সম্পাদনা কৰক]গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয়, শিলচৰ চিকিৎসা মহাবিদ্যালয় আদি চিকিৎসা মহাবিদ্যালয়ত অধ্যাপিকা হিচাপে আৰু অধ্যক্ষা হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰে। চিকিৎসা শিক্ষা সঞ্চালকালয়, অসমৰ সঞ্চালিকা হিচাপেও নিযুক্ত হৈছিল।[1]
তেওঁ Guwahati Mental Welfare Society ৰ অধ্যক্ষা হিচাপে সেৱা আগবঢ়াইছিল। Guwahati Mental Welfare Society য়েই মন বিকাশ কেন্দ্ৰ নামেৰে মানসিকভাৱে দুৰ্বল লোকসকলৰ বাবে এটা কেন্দ্ৰ ১৯৯০ চনত স্থাপন কৰিছিল।[4]
বঁটা-বাহন
[সম্পাদনা কৰক]- মহিলা শিৰোমণি বঁটা (১৯৯০)
- the Woman of the Year title(1997) প্ৰদান কৰে the American Biographical Institute, USA-এ
স্মৃতি
[সম্পাদনা কৰক]গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ বিজ্ঞান বিভাগে প্ৰতিবছৰে দীপালি দত্তৰ স্মৃতিত তেওঁৰ বৰঙণি আৰু অবদান সুঁৱৰি বক্তৃতা অনুষ্ঠান আয়োজন কৰি আহিছে।[5][6][7]
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Psychiatry pioneer in NE Dr Deepali Dutta passes away". Assam TribuneThe Assam Tribune. 2025-05-05. https://assamtribune.com/psychiatry-pioneer-in-ne-dr-deepali-dutta-passes-away। আহৰণ কৰা হৈছে: 2025-05-07.
- ↑ "Past Principals". Assam Medical CollegeAssam Medical College. https://amchedu.in/past%2Bprincipals.html। আহৰণ কৰা হৈছে: 2025-05-07.
- ↑ "Administration – Gauhati Medical College & Hospital". Gauhati Medical College & HospitalGMCH Assam. https://gmchassam.gov.in/administration.php। আহৰণ কৰা হৈছে: 7 May 2025.[সংযোগবিহীন উৎস]
- ↑ "MVKendra". nbora1Wix.com. https://nbora1.wixsite.com/mvkendra। আহৰণ কৰা হৈছে: 7 May 2025.
- ↑ "Exploring Imagination and Creativity: GMCH Hosts 3rd Professor Deepali Dutta Oration". Bennett, Coleman & Co. Ltd.The Times of India. 13 November 2024. https://timesofindia.indiatimes.com/city/guwahati/exploring-imagination-and-creativity-gmch-hosts-3rd-professor-deepali-dutta-oration/articleshow/115232644.cms। আহৰণ কৰা হৈছে: 7 May 2025.
- ↑ "Memoir". Global PsychiatryGlobal Psychiatry. 11 November 2018. https://globalpsychiatry.org/wp-content/uploads/2018/11/2018-11-11_memoir.pdf। আহৰণ কৰা হৈছে: 7 May 2025.
- ↑ "Second Professor Deepali Dutta Memorial Oration". Dr Mythili HazarikaDr Mythili Hazarika. 10 November 2019. https://drmythilihazarika.com/second-professor-deepali-dutta-memorial-oration/। আহৰণ কৰা হৈছে: 7 May 2025.