দীপা কুমাৰ
দীপা কুমাৰ | |
---|---|
![]() মে’ ২০০৬ চনত দীপা কুমাৰ, | |
পেচা | সাংবাদিকতা আৰু মিডিয়া ষ্টাডিজ, ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ৰ অধ্যাপক, লেখক |
ৰাষ্ট্ৰীয়তা | ভাৰতীয়-আমেৰিকান |
বিষয় | আমেৰিকাৰ সাম্ৰাজ্যবাদ; ইছলামোফ’বিয়া আৰু মুছলমান বিৰোধী বৰ্ণবাদ; নব্য উদাৰতাবাদ আৰু শ্ৰেণী; লিংগ আৰু মিডিয়া। |
সাহিত্যিক বিপ্লৱ | যুদ্ধ বিৰোধী আন্দোলন, বিৰোধী ইছলামোফ'বিয়া, ৱাল ষ্ট্ৰীট দখল কৰক। |
ৱেবছাইট | deepakumar |
দীপা কুমাৰ (ইংৰাজী: Deepa Kumar) এগৰাকী ভাৰতীয় আমেৰিকান পণ্ডিত আৰু সক্ৰিয় কৰ্মী। তেওঁ ৰাটজাৰ্ছ বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু মিডিয়া অধ্যয়নৰ অধ্যাপক। মিডিয়া এডুকেশ্বন ফাউণ্ডেশ্যনে কুমাৰক "ইছলাম ফ'বিয়াৰ বিষয়ত দেশৰ অন্যতম আগশাৰীৰ পণ্ডিত" বুলি উল্লেখ কৰিছে আৰু আৰু নিউয়ৰ্ক টাইমছৰ দ্বাৰা "ইছলামোফ'বিয়া আৰু জাতিৰ বিশ্ববিখ্যাত পণ্ডিত" হিচাপে অভিহিত কৰিছে। তেওঁ ৰাটজাৰ্ছ ফেকাল্টি ইউনিয়ন, এএইউপি-এএফটিৰ এগৰাকী নেত্ৰী। তেওঁ সভাপতি হৈ থকাৰ সময়ত, ইউনিয়নে লিংগ আৰু বৰ্ণ সমতাৰ বাবে যুঁজ দিছিল, আৰু ২০১৯ চনত এএফটিৰ সভাপতি ৰাণ্ডি ৱেইনগাৰ্টেনে কৈছিল যে “ই সমগ্ৰ দেশৰ উচ্চ শিক্ষাৰ পেছাদাৰীসকলক তেওঁলোকৰ জীৱন – আৰু আনৰ জীৱন – ৰাজপথত আৰু দৰদামৰ টেবুলত উন্নত কৰাৰ বাবে নিজৰ নিজৰ যুদ্ধত যুঁজিবলৈ আৰু জয়ী হ’বলৈ অনুপ্ৰাণিত কৰিব।” [1][2][3]
শিক্ষা আৰু কৰ্মজীৱন
[সম্পাদনা কৰক]কুমাৰে বলিং গ্ৰীণ ষ্টেট ইউনিভাৰ্চিটিৰ পৰা গণসংযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি স্নাতকোত্তৰ বি.এছ. (যোগাযোগ) বাংগালুৰু বিশ্ববিদ্যালয়ৰ পৰা কৰে।[4] তেওঁ পিটছবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা পি. এইচডি. ডিগ্ৰী লাভ কৰিছিল।[4]
ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু সংবাদ মাধ্যম অধ্যয়নৰ অধ্যাপিকা হিচাপে তেওঁ "লিংগ, জাতি, আৰু সাম্ৰাজ্য"ৰ দৰে পাঠ্যক্ৰম অধ্যাপনা কৰে। ২০২০ চনত ৰাটগাৰ্ছৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনে তেওঁলোকৰ পুৰুষ সমকক্ষসকলতকৈ কম দৰমহা দিয়াৰ অভিযোগ উত্থাপন কৰি গোচৰ তৰিছিল পাঁচগৰাকী মহিলা টেন্যুৰ অধ্যাপিকাৰ ভিতৰত তেওঁ অন্যতম।[4]
বঁটা আৰু স্বীকৃতি
[সম্পাদনা কৰক]২০১৬ চনত কুমাৰে ডালাছ স্মাইথ বঁটা লাভ কৰে, এই বঁটা ইউনিয়ন ফৰ ডেম'ক্ৰেটিক কমিউনিকেশ্যনে "ডালাছ স্মাইথৰ জটিল ৰাজনৈতিক অৰ্থনৈতিক পৰম্পৰাত কাম কৰা এজন অসাধাৰণ আৰু প্ৰভাৱশালী পণ্ডিতক" প্ৰদান কৰে।[5]
তেওঁ আমেৰিকান এছ 'চিয়েশ্যন অৱ ইউনিভাৰ্চিটি প্ৰফেছৰ্ছৰ পৰা দুটা বঁটা লাভ কৰিছে; ২০১৬ চনত জৰ্জিনা এম. স্মিথ বঁটা, আৰু ২০২০ চনত মেৰিলিন ষ্টাৰ্ণবাৰ্গ বঁটা।[6][7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Constructing the Terrorist Threat" (en ভাষাত). Media Education Foundation Online Store. https://shop.mediaed.org/constructing-the-terrorist-threat-p707.aspx। আহৰণ কৰা হৈছে: August 19, 2021.
- ↑ . October 15, 2020. https://www.nytimes.com/2020/10/15/nyregion/rutgers-equal-pay-lawsuit.html.
- ↑ "Rutgers union hails 'historic' faculty contract, pivots to advocating for part-time lecturers" (en-US ভাষাত). CUE, Inc.. 2019-04-17. Archived from the original on 2022-05-24. https://web.archive.org/web/20220524051501/http://www.cueinc.com/rutgers-union-hails-historic-faculty-contract-pivots-to-advocating-for-part-time-lecturers/। আহৰণ কৰা হৈছে: 2022-04-22.
- ↑ 4.0 4.1 4.2 "Deepa Kumar" (en ভাষাত). Rutgers University School of Communication and Information, }. https://comminfo.rutgers.edu/kumar-deepa। আহৰণ কৰা হৈছে: August 19, 2021.
- ↑ Kumar, Deepa (May 1, 2018). "Dallas Smythe Award Keynote Lecture Fighting from the Margins: Neoliberalism, Imperialism, and the Struggle to Democratize the University". Democratic Communiqué খণ্ড 27 (2). https://scholarworks.umass.edu/democratic-communique/vol27/iss2/2। আহৰণ কৰা হৈছে: August 19, 2021.
- ↑ "Georgina M. Smith Award" (en ভাষাত). American Association of University Professors. 21 March 2007. https://www.aaup.org/biennial-meeting/awards/smith-award। আহৰণ কৰা হৈছে: August 19, 2021.
- ↑ "Marilyn Sternberg Award" (en ভাষাত). American Association of University Professors. 19 December 2012. https://www.aaup.org/biennial-meeting/awards/marilyn-sternberg-award। আহৰণ কৰা হৈছে: August 19, 2021.