দীৰ্ঘম্যাদী ক'ভিড
| দীৰ্ঘম্যাদী ক'ভিড (Long COVID) | |
|---|---|
| অন্য নাম | Long-haul COVID, post-COVID-19 syndrome, post-COVID-19 condition, post-acute sequelae of COVID-19 (PASC), chronic COVID syndrome[1] |
| লক্ষণ | বিভিন্ন, যেনে ব্যায়ামৰ পাছত অসুস্থতা, ক্লান্তি, পেশীৰ বিষ, উশাহ চুটি হোৱা, বুকুৰ বিষ আৰু জ্ঞানমূলক অক্ষমতা[2] |
| স্থায়িত্ব | সপ্তাহৰ পৰা বছৰ, আজীৱনো হ'ব পাৰে[3] |
| কাৰণ | ক'ভিড-১৯ সংক্ৰমণ |
| আশংকাৰ কাৰণ | মহিলা লিংগ, বয়স, মেদবহুলতা, হাঁপানী ৰোগ, অধিক প্ৰাবল্যৰ ক'ভিড-১৯ সংক্ৰমণ[4] |
| পুনৰাবৃত্তি | চিকিৎসালয়ত ভৰ্তি হোৱা ৫০–৭০% ক'ভিড-১৯ ৰোগী, ভৰ্তি নোহোৱা ৰোগীৰ ১০–৩০%, আৰু ছীটা লোৱা লোকৰ ১০–১২% [3] |
দীৰ্ঘদিনীয়া ক’ভিড বা দীৰ্ঘম্যাদী ক’ভিড হৈছে ক’ভিড-১৯ সংক্ৰমণৰ প্ৰাৰম্ভিক সময়ৰ পিছতো স্থায়ী বা বিকশিত হোৱা স্বাস্থ্যজনিত সমস্যাৰ এটা গোট। লক্ষণসমূহ সপ্তাহ, মাহ বা বছৰ ধৰি থাকিব পাৰে আৰু প্ৰায়ে ভুক্তভোগীক দুৰ্বল কৰি তোলে।[3] বিশ্ব স্বাস্থ্য সংস্থাই দীঘলীয়া ক’ভিডক প্ৰাথমিক ক’ভিড-১৯ সংক্ৰমণৰ তিনিমাহৰ পিছত আৰম্ভ হোৱা বুলি সংজ্ঞায়িত কৰিছে যদিও আন সংস্থাসমূহে প্ৰাৰম্ভিক সংক্ৰমণৰ চাৰি সপ্তাহৰ পিছত আৰম্ভ হোৱা বুলি সংজ্ঞায়িত কৰিছে[2]
এক বৃহৎ সংখ্যক লক্ষণ দীৰ্ঘম্যাদী ক’ভিডৰ বৈশিষ্ট্য যিবোৰ কেতিয়াবা নোহোৱা হৈ যায় আৰু তাৰ পিছত পুনৰ দেখা দিয়ে। মূল লক্ষণসমূহ হ’ল ক্লান্তি, স্মৃতিশক্তিৰ সমস্যা, উশাহ লোৱাত কষ্ট পোৱা, আৰু টোপনিৰ বিকাৰ।[5][4][6] মূৰৰ বিষ, মানসিক স্বাস্থ্যজনিত সমস্যা, প্ৰাৰম্ভিক গোন্ধ বা সোৱাদ হেৰুৱা, পেশীৰ দুৰ্বলতা, জ্বৰ, আৰু জ্ঞানমূলক অক্ষমতা আদিও দেখা দিব পাৰে।[5][6] মানসিক বা শাৰীৰিক কষ্টৰ পিছত লক্ষণসমূহ প্ৰায়ে বেছি বেয়া হয়, যিটো প্ৰক্ৰিয়াক 'ব্যায়ামৰ পিছৰ অসুস্থতা' (post-exertional malaise) বোলা হয়।[5] ইয়াৰ লক্ষণসমূহ মায়েল্জিক এন্চেফেল'মাইলাইটিছ/ক্ৰনিক ফেটিগ্ ছিনড্ৰম (ME/CFS)ৰ লক্ষণসমূহৰ লগত প্ৰায় একে।[2]
দীৰ্ঘদিনীয়া ক’ভিডৰ কাৰণসমূহ এতিয়াও সম্পূৰ্ণৰূপে বুজা হোৱা নাই। অংগ আৰু ৰক্তবাহী নলীৰ স্থায়ী ক্ষতি, তেজ গোট মৰাৰ সমস্যা, স্নায়ুজনিত বিসংগতি, স্থায়ী ভাইৰাছ বা সুপ্ত ভাইৰাছৰ পুনৰ সক্ৰিয়কৰণ আৰু স্ব-অসংক্ৰাম্যতাক কাৰক হিচাপে প্ৰস্তাৱ কৰা হৈছে।[3] সন্দেহজনক বা নিশ্চিত ক’ভিড-১৯ সংক্ৰমণ বা লক্ষণৰ ওপৰত ভিত্তি কৰি আৰু বিকল্প ৰোগ বাদ দি দীৰ্ঘদিনীয়া ক’ভিডৰ ৰোগনিৰ্ণয় কৰা হয়।[7][8]
২০২৪ চনলৈকে দীৰ্ঘদিনীয়া ক’ভিডৰ প্ৰাদুৰ্ভাৱ প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত প্ৰায় ৬–৭%, আৰু শিশুৰ ক্ষেত্ৰত প্ৰায় ১% বুলি অনুমান কৰা হৈছে।[9] ক'ভিড-১৯ টিকাকৰণৰ পিছত ইয়াৰ প্ৰাদুৰ্ভাৱ কম হয়।[10] অধিক বয়স, মহিলা, হাঁপানী ৰোগ থাকিলে, আৰু প্ৰাৰম্ভিকভাৱে অধিক ভয়াৱহ ক’ভিড-১৯ সংক্ৰমণ হ'লে ইয়াৰ আশংকা বেছি।[4] ২০২৩ চনৰ তথ্য অনুসৰি ইয়াৰ কোনো বৈধ ফলপ্ৰসূ চিকিৎসা নাই।[3][5] দীৰ্ঘদিনীয়া ক’ভিডৰ ব্যৱস্থাপনা লক্ষণৰ ওপৰত নিৰ্ভৰ কৰে। ক্লান্তিৰ বাবে জিৰণি লোৱা আৰু ব্যায়ামৰ পিছৰ অসুস্থতাৰ বাবে পেচিং কৰাটো বাঞ্ছনীয়। গুৰুতৰ লক্ষণ থকা লোক বা ICU ত থকা লোকক বিশেষজ্ঞৰ দলৰ যত্নৰ প্ৰয়োজন হ’ব পাৰে।[11] ৪ সপ্তাহত লক্ষণ দেখা পোৱা বেছিভাগ লোকেই ১২ সপ্তাহৰ ভিতৰত সুস্থ হৈ উঠে। ১২ সপ্তাহতো অসুস্থ থৈ থাকিলে আৰোগ্য লেহেমীয়া হয়।[11] ME/CFSৰ মাপকাঠী পূৰণ কৰা লোকৰ বাবে লক্ষণসমূহ আজীৱন থাকিব পাৰে।[3]
বিশ্বজুৰি ৪০ কোটিৰো অধিক লোকে দীৰ্ঘম্যাদী ক’ভিডত ভুগিছে। বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ ১% ক্ষতিৰ বাবে দীৰ্ঘম্যাদী ক’ভিড দায়ী হ’ব পাৰে।[9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "A clinical case definition of post-COVID-19 condition by a Delphi consensus". The Lancet. Infectious Diseases খণ্ড 22 (4): e102–e107. April 2022. doi:10.1016/S1473-3099(21)00703-9. PMID 34951953.
- ↑ 2.0 2.1 2.2 "The immunology of long COVID". Nature Reviews. Immunology খণ্ড 23 (10): 618–634. July 2023. doi:10.1038/s41577-023-00904-7. PMID 37433988.
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 "Long COVID: major findings, mechanisms and recommendations". Nature Reviews. Microbiology খণ্ড 21 (3): 133–146. March 2023. doi:10.1038/s41579-022-00846-2. PMID 36639608.
- ↑ 4.0 4.1 4.2 "Global Prevalence of Post-Coronavirus Disease 2019 (COVID-19) Condition or Long COVID: A Meta-Analysis and Systematic Review". The Journal of Infectious Diseases খণ্ড 226 (9): 1593–1607. November 2022. doi:10.1093/infdis/jiac136. PMID 35429399.
- ↑ 5.0 5.1 5.2 5.3 "Long COVID or post-COVID conditions". Centers for Disease Control and Prevention, US Department of Health and Human Services. 20 July 2023. https://www.cdc.gov/coronavirus/2019-ncov/long-term-effects/index.html। আহৰণ কৰা হৈছে: 23 July 2023.
- ↑ 6.0 6.1 "Prevalence of post-acute COVID-19 syndrome symptoms at different follow-up periods: a systematic review and meta-analysis". Clinical Microbiology and Infection খণ্ড 28 (5): 657–666. May 2022. doi:10.1016/j.cmi.2022.01.014. PMID 35124265.
- ↑ "Post-COVID Conditions: Information for Healthcare Providers" (en-us ভাষাত). Centers for Disease Control and Prevention. 16 December 2022. https://www.cdc.gov/coronavirus/2019-ncov/hcp/clinical-care/post-covid-conditions.html। আহৰণ কৰা হৈছে: 10 August 2023.
- ↑ "Identification and diagnosis of long COVID-19: A scoping review". Progress in Biophysics and Molecular Biology খণ্ড 182: 1–7. September 2023. doi:10.1016/j.pbiomolbio.2023.04.008. PMID 37182545.
- ↑ 9.0 9.1 "Long COVID science, research and policy". Nature Medicine খণ্ড 30 (8): 2148–2164. August 2024. doi:10.1038/s41591-024-03173-6. PMID 39122965.
- ↑ "Effect of covid-19 vaccination on long covid: systematic review". BMJ Medicine খণ্ড 2 (1): e000385. 2023. doi:10.1136/bmjmed-2022-000385. PMID 36936268.
- ↑ 11.0 11.1 "Long covid-an update for primary care". BMJ খণ্ড 378: e072117. September 2022. doi:10.1136/bmj-2022-072117. PMID 36137612.
অতিৰিক্ত পঠন
[সম্পাদনা কৰক]সাধাৰণ
[সম্পাদনা কৰক]গ্ৰন্থ
[সম্পাদনা কৰক]- Clearing the Fog: From Surviving to Thriving with Long COVID – A Practical Guide. প্ৰকাশক New York: Little, Brown Spark. 2023. ISBN 978-0-316-53009-5. OCLC 1345215931. https://books.google.com/books?id=nVKHEAAAQBAJ.
বৈজ্ঞানিক প্ৰবন্ধ
[সম্পাদনা কৰক]- "Long COVID: let patients help define long-lasting COVID symptoms". Nature খণ্ড 586 (7828): 170. October 2020. doi:10.1038/d41586-020-02796-2. PMID 33029005.
- "Track COVID-19 sickness, not just positive tests and deaths". Nature খণ্ড 584 (7820): 170. August 2020. doi:10.1038/d41586-020-02335-z. PMID 32782377.
- "Finding the 'right' GP: a qualitative study of the experiences of people with long-COVID". BJGP Open (Royal College of General Practitioners) খণ্ড 4 (5): bjgpopen20X101143. December 2020. doi:10.3399/bjgpopen20X101143. PMID 33051223.
- "Helen Salisbury: When will we be well again?". BMJ খণ্ড 369: m2490. June 2020. doi:10.1136/bmj.m2490. PMID 32576550.
- "Researching long COVID: addressing a new global health challenge". NIHR Evidence. 12 May 2022. doi:10.3310/nihrevidence_50331. https://evidence.nihr.ac.uk/themedreview/researching-long-covid-addressing-a-new-global-health-challenge/। আহৰণ কৰা হৈছে: 13 May 2022.
- The Lancet Infectious Diseases (August 2023). "Where are the long COVID trials?". The Lancet. Infectious Diseases খণ্ড 23 (8): 879. doi:10.1016/S1473-3099(23)00440-1. PMID 37507151.
| বৰ্গীকৰণ |
|---|