দুগ্ধ আঁহ
দুগ্ধ বা গাখীৰৰ আঁহ বা দুগ্ধৰ উল হৈছে এজলন, এটা পুনৰ্নিৰ্মিত কৰা প্ৰ’টিন আঁহ যিটো গাখীৰত পোৱা কেছিন প্ৰ’টিনৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয়। দুগ্ধ-কেছিন ভিত্তিক আঁহৰ বাবে কেইবাটাও বাণিজ্যিক নাম আছে, যেনে লানিটাল, ফাইব্ৰ’লেন আৰু আৰালাক।

উদ্ভাৱন আৰু ইতিহাস
[সম্পাদনা কৰক]প্ৰথমে ইটালীত ১৯৩৫ চনত এণ্টনিঅ’ ফেৰেট্টিৰদ্বাৰা উৎপাদিত আৰু পেটেণ্ট কৰা[1] আৰু লানিটাল নামেৰে বিক্ৰী কৰা হৈছিল, দুগ্ধৰ আঁহ ইটালীৰ ৰাষ্ট্ৰীয় স্বাৱলম্বিতা অভিযানৰ অধীনত সৃষ্টি কৰা হৈছিল আৰু পূৰ্বৰ ৰেয়নৰ সফলতাৰ সুবিধা ল’বলৈ উদ্দেশ্য কৰা হৈছিল।[2] দুগ্ধৰ আঁহে ১৯৩০ আৰু ১৯৪০ৰ দশকত সংক্ষিপ্ত সময়ৰ বাবে সফলতা লাভ কৰিছিল। সম্পূৰ্ণ কৃত্ৰিম আঁহৰ বিকাশৰ পিছত দুগ্ধৰ আঁহৰ জনপ্ৰিয়তা দ্ৰুতভাৱে হ্ৰাস পাইছিল। সম্পূৰ্ণ কৃত্ৰিম আঁহ, যেনে এক্ৰিলিক আঁহ, দুগ্ধৰ আঁহতকৈ কম দামত আৰু অধিক টেকসই হোৱাৰ সুবিধা লাভ কৰিছিল।[3] ২০১০ৰ দশকত কেইবাজনো উৎপাদকে দুগ্ধৰ আঁহক বাণিজ্যিক উৎপাদনলৈ পুনৰ প্ৰৱৰ্তনৰ চেষ্টা কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
উৎপাদন প্ৰক্ৰিয়া
[সম্পাদনা কৰক]দুগ্ধৰ অঁহৰ উৎপাদন প্ৰক্ৰিয়া কিছু জনসাধাৰণৰ আগ্ৰহৰ বিষয় আছিল আৰু সমসাময়িক কেইবাটাও উৎসৰদ্বাৰা চলচ্চিত্ৰত নথিভুক্ত কৰা হৈছিল।[4] প্ৰক্ৰিয়াটোৰ এটা সৰলীকৃত সংক্ষিপ্ত বিৱৰণ তলত দিয়া হ’ল:[5]
- গাখীৰৰপৰা কেছিন নিষ্কাষণৰ বাবে এচিডৰ সৈতে মিশ্ৰণ কৰা হয়।
- পানী বাষ্পীভৱন কৰি কেছিনৰ স্ফটিক গঠন কৰা হয়।
- কেছিনক পানীৰ সৈতে মিশ্ৰণ কৰি ঘন চিৰাপৰূপী কৰা হয় আৰু স্পিনাৰেটৰ মাধ্যমেৰে বাহিৰ কৰা হয়।
- ফলত পোৱা আঁহক কঠিনীকৰণ স্নানৰ মাজেৰে পাৰ কৰা হয়।
- অবিৰত আঁহক তাৰ পিছত ইচ্ছামতে দৈৰ্ঘ্যত কাটি লোৱা হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Artificial Wool Production in Italy". Nature খণ্ড 140 (3556): 1090. 1 December 1937. doi:10.1038/1401090a0. ISSN 1476-4687.
- ↑ Waters, Michael (28 July 2017). "How Clothing Made From Milk Became the Height of Fascist Fashion". Atlas Obscura. http://www.atlasobscura.com/articles/lanital-milk-dress-qmilch। আহৰণ কৰা হৈছে: 27 November 2019.
- ↑ "Making clothes from milk". 2 August 2017. https://cordis.europa.eu/article/rcn/135536/en.
- ↑ Making Wool From Milk (1937), 13 April 2014, https://www.youtube.com/watch?v=OyLnKz7uNMQ, আহৰণ কৰা হৈছে: 27 November 2019
- ↑ "H. Irving Crane Papers". National Museum of American History. https://americanhistory.si.edu/collections/search/object/sova-nmah-ac-1119। আহৰণ কৰা হৈছে: 27 November 2019.[সংযোগবিহীন উৎস]
| ||||||||||||||||||||||||||||||