দুমকা জিলা
অৱয়ব
দুমকা জিলা (চাওঁতালি: ডুমকৗ) ভাৰতৰ অংগৰাজ্য ঝাৰখণ্ডৰ ২৪খন জিলাৰ ভিতৰত এখন। দুমকা এই জিলাৰ প্ৰশাসনিক সদৰ ঠাই। দুমকা জিলাৰ মুঠ মাটিকালি ৩৭১৬.০২ বৰ্গকিলোমিটা। ২০০০ চনত গঠিত ঝাৰখণ্ড ৰাজ্যৰ দ্বিতীয় ৰাজধানী চহৰ ঘোষণা কৰা হৈছিল।
অৰ্থনীতি
[সম্পাদনা কৰক]২০০৬ চনত ভাৰত চৰকাৰে দুমকা জিলাক দেশৰ ২৫০তম অতি পিচপৰা জিলাৰ তালিকাত ৰাখে (৬৪০ টা জিলাৰ ভিতৰত)। দুমকা জিলাই ভাৰত চৰকাৰৰ পিছপৰা অঞ্চল অনুদান ন্যাস প্ৰগ্ৰেম চমুকৈ বিআৰজিএফ পৰা অনুদান প্ৰহণ কৰে।