সমললৈ যাওক

দুলাৰ মাৰাণ্ডী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দুলাৰ মাৰাণ্ডী
ব্যক্তিগত তথ্য
জন্ম১৫ জুলাই, ১৯৯৫ (৩১ বছৰ)
জন্মস্থানকদোখিচা, ডুমকা, ঝাৰখণ্ড, ভাৰত
খেলা স্থানফৰৱাৰ্ড
ক্লাবৰ তথ্য
বৰ্তমানৰ ক্লাবএছ এছ বি মহিলা
যুৱ কেৰিয়াৰ
ছাই, হাজৰিবাগ
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
২০১৭–এছ এছ বি মহিলা
ৰাষ্ট্ৰীয় দল
ভাৰত
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে।

দুলাৰ মাৰাণ্ডী (ইংৰাজী: Dular Marandi, জন্ম: ১৫ জুলাই ১৯৯৫) ঝাৰখণ্ডৰ এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ, যিয়ে ভাৰতীয় মহিলা লীগত এছ এছ বি মহিলা ফুটবল ক্লাবৰ ফৰৱাৰ্ড হিচাপে খেলে আৰু ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰে।[1] তেওঁ সীমান্ত সুৰক্ষা বাহিনীl কাম কৰে আৰু শিলিগুৰীত নিয়োজিত হৈ আছে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

দুলাৰৰ ঘৰ ঝাৰখণ্ডৰ ভাৰতৰ অন্যতম পিছপৰা জিলা ডুমকা জিলাৰ কডোখিচা গাঁৱত। ডাঙৰ ভনীয়েকে শৈশৱত তেওঁৰ যত্ন লৈছিল আৰু ফুটবল খেলিবলৈ উৎসাহিত কৰিছিল। আৰ্থিক অসুবিধাৰ বাবে তেওঁৰ ভায়েকে পঢ়া-শুনা বন্ধ কৰিব লগা হৈছিল।[1] দুলাৰক ডুমকাৰ এজন পুৰোহিতে দেখা পায়, যিয়ে তেওঁক মিছনেৰী ফুটবল দলৰ বাবে বাছি লৈছিল আৰু পিছলৈ হাজৰিবাগৰ ছাই গাৰ্লছ ফুটবল ট্ৰেইনিং চেণ্টাৰত তেওঁৰ সৈতে যোগ দিছিল।[2] ২০০৯ চনত, যেতিয়া তেওঁৰ বয়স আছিল ১৩ বছৰ, তেওঁৰ মাতৃৰ মৃত্যু হৈছিল আৰু এবছৰৰ পিছত, তেওঁৰ ভায়েকৰো মৃত্যু হৈছিল। ২০১৫ চনত তেওঁ পিতৃক হেৰুৱাইছিল।[3] তেওঁৰ ক্ৰীড়া প্ৰতিভাৰ বাবে, ২০১৭ চনত তেওঁক শাস্ত্ৰ সীমা বল (বি. এছ. এফ.) -এ নিযুক্তি দিছিল। তেওঁ এছ. এছ. বি.-ত প্ৰশিক্ষক জুলিয়েট মিৰাণ্ডাৰ অধীনত প্ৰশিক্ষণ লয়।[4] তেখেতৰ দুজন সৰু ভাতৃ আছে।

কেৰিয়াৰ

[সম্পাদনা কৰক]
  • ২০২২ঃ তেওঁ ভাৰতৰ মহিলাৰ বাবে আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা কন্যাশ্ৰী কাপৰ বাবে কলিকতা মহিলা ফুটবল লীগ জয় কৰা এছএছবি দলৰ অধিনায়ক আছিল।[3] তেওঁক 'টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ' বঁটা প্ৰদান কৰা হৈছিল।[4]
  • ২০২২ঃ তেওঁ ইণ্ডিয়ান উইমেনছ লীগত এছএছবিক প্ৰতিনিধিত্ব কৰিছিল আৰু নটা গ'ল কৰিছিল
  • ২০২২ঃ ছুইডেনত বন্ধুত্বপূৰ্ণ খেল।[5]

এছ. এছ. বি মহিলা

  • কলিকতা মহিলা ফুটবল লীগ ২০২০-২১, ২০২১-২২

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Bhattacharjee, Neeladri (2022-06-14). "From playing with a rag-ball to leading SSB, Dular dreams of India spot after IWL success" (en ভাষাত). Sportstar. https://sportstar.thehindu.com/football/dular-marandi-indian-womens-league-national-team-dream/article38502735.ece আহৰণ কৰা হৈছে: 2023-09-17.
  2. "From Playing with Boys in Jharkhand to Indian Women's League: Dular Marandi's Big Journey" (en ভাষাত). News18. 2019-05-16. https://www.news18.com/news/football/from-playing-with-boys-in-jharkhand-to-indian-womens-league-dular-marandis-big-journey-2143429.html আহৰণ কৰা হৈছে: 2023-09-17.
  3. 1 2 "SSB has helped us improve our fitness and perform better on the field- Dular Marandi" (English ভাষাত). Khel Now. https://khelnow.com/football/indian-womens-league-2019-ssb-womens-team-dular-marandi-interview আহৰণ কৰা হৈছে: 2023-09-17.
  4. 1 2 . 2022-05-16. https://timesofindia.indiatimes.com/sports/football/top-stories/fighting-past-lifes-struggles-ssb-skipper-dular-marandi-ready-to-shine-for-india/articleshow/91602494.cms.
  5. "Jharkhand News: दुमका की दुलार मरांडी का भारतीय महिला फुटबॉल टीम में चयन, मैत्री मैच खेलने गयी स्वीडन" (hi ভাষাত). Prabhat Khabar. 2022-06-20. https://www.prabhatkhabar.com/state/jharkhand/dumka/dumka-dular-marandi-selected-in-the-indian-womens-football-team-went-to-sweden-to-play-a-friendly-match-srn আহৰণ কৰা হৈছে: 2023-09-17.