সমললৈ যাওক

দুৰু শ্বাহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দুৰু শ্বাহ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা স্ত্ৰী ৰোগ বিশেষজ্ঞ
জনা যায় নাৰী স্বাস্থ্যৰ প্ৰচাৰক
সন্তান আমীৰা শ্বাহ

দুৰু শ্বাহ (ইংৰাজী: Duru Shah) মুম্বাইৰ এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু সমাজ-কৰ্মী। তেওঁ ভাৰতৰ পিচিঅ'এছ ছ'চাইটিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আৰু ভাৰতৰ কিশোৰী-মহিলাৰ স্বাস্থ্য আৰু বন্ধ্যাত্বৰ প্ৰচাৰক।[1][2][3] তেওঁ শ্বাহ মেট্ৰ'পলিছ হেল্থকেয়াৰ লিমিটেডৰ প্ৰচাৰকো।[4][5][6]

তেওঁ মুম্বাই বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ ডক্টৰেট ডিগ্ৰীৰ বাবে Obs Gyn ৰ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ বাবে গাইড।[7] তেওঁ মুম্বাইৰ মহিলা স্বাস্থ্য আৰু উৰ্বৰতা কেন্দ্ৰ Gynaecworld ৰ সঞ্চালিকা।[8] ড০ দুৰু শ্বাহে পাঁচখন গ্ৰন্থৰ ৰচনা কৰাৰ লগতে বিভিন্ন গৱেষণামূলক প্ৰবন্ধ প্ৰকাশ কৰিছে। তেওঁ দ্য অব্ষ্টেট্ৰিচিয়ান এণ্ড গাইনেক'লজিষ্ট (টি অ' জি), ক্লাইমেক্টেৰিক আৰু জাৰ্নেল অৱ হিউমেন প্ৰজনন বিজ্ঞানৰ সম্পাদকীয় মণ্ডলীৰ সদস্য।[9] ২০০০ চনত ডাঃ শ্বাহে ভাৰতত কিশোৰ-কিশোৰীৰ প্ৰজনন আৰু যৌন স্বাস্থ্য প্ৰকল্প আৰম্ভ কৰে আৰু ইয়াক বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰে।[10] She is currently the Chair of the Council of Affiliated Menopause Societies (CAMS) IMS,[11] বৰ্তমান তেওঁ কাউন্সিল অৱ এফিলিয়েটেড মেনোপজ ছ'চাইটিজ (CAMS) আইএমএছৰ অধ্যক্ষ,[12] আৰু এছিয়া পেচিফিক ইনিচিয়েটিভ অন ৰিপ্ৰডাকচন (ASPIRE)ৰ উপ-সভানেত্ৰী, আৰু ভাৰতৰ চি-২০ৰ মহিলা স্বাস্থ্য ভাৰটিকেলৰ সদস্য। তেওঁ ফেডাৰেচন অৱ অব্ষ্টেট্ৰিক্স এণ্ড গাইনেক'লজিকেল ছ'চাইটিজ অৱ ইণ্ডিয়াৰ (এফ অ' জি এছ আই), ইণ্ডিয়ান ছ'চাইটি অৱ এচিষ্টেড ৰিপ্ৰডাক্টিভ (আই এছ আৰ), ইণ্ডিয়ান মেনোপ'জ ছ'চাইটি (আই এম এছ, ভাৰত) আৰু ইণ্ডিয়ান কলেজ অৱ অব্ষ্টেট্ৰিক্স এণ্ড গাইনেক'লজী (আই চি অ' জি)ৰ অধ্যক্ষ।[13]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

শ্বাহে চিকিৎসা শিক্ষা (এমবিবিএছ) মুম্বাইৰ গ্ৰাণ্ট কলেজৰ পৰা[1] কৰিছিল আৰু অব্জিনত স্নাতকোত্তৰ ডিগ্ৰী আৰু ৰয়েল কলেজ অৱ অব্ছজিনৰ ফেল'শ্বিপ লাভ কৰিছে।[14] ১৯৭২-৭৫ চনত তেওঁ ObGyn ৰ ন'ৰ'ছজী ৱাডিয়া মেটাৰ্নিটি হাস্পতালৰ আৱাসী চিকিৎসক আৰু মুম্বাই বিশ্ববিদ্যালয়ৰ ObsGyn ৰ সন্মানীয় অধ্যাপিকা আছিল।[14]

সমাজ-সেৱা

[সম্পাদনা কৰক]

তেওঁ প্ৰকল্প কিশোৰী - নগৰীয়া বস্তি ধৰৱীৰ বাবে ৮ বছৰীয়া কাৰ্যসূচী আৰম্ভ কৰিছিল। যিয়ে সম্প্ৰদায়ভিত্তিক কিশোৰ-কিশোৰী সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।[15] ২০০০ চনৰ পৰা ২০১০ চনলৈকে সমগ্ৰ দেশৰ বিদ্যালয়সমূহত “গ্ৰয়িং আপ” নামৰ ১০ বছৰীয়া কাৰ্যসূচীও আৰম্ভ কৰিছিল যাতে কণমানি ছোৱালীক তেওঁলোকৰ ঋতুস্ৰাৱ আৰু যৌৱন আৰু কৈশোৰৰ বিষয়ে জ্ঞান দিয়া হয়।[16]

তেওঁ "মহিলা সৱলীকৰণ ফাউণ্ডেচন"ৰ প্ৰতিষ্ঠাপক, যিটো বৰ্তমান মেট্ৰ'পলিছ ফাউণ্ডেশ্যন নামেৰে জনাজাত।[17] ফাউণ্ডেচনে মেট্ৰ'পলিছ হেল্থকেয়াৰ লিমিটেডৰ সৈতে "TooShyToAsk" নামৰ এটা স্বাস্থ্য শিক্ষা এপ প্ৰস্তুত কৰিছে।[18]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

দুৰু শ্বাহে মেট্ৰ’পলিছ হেল্থকেয়াৰৰ অধ্যক্ষ আৰু মেট্ৰ’পলিছ ফাউণ্ডেশ্যনৰ অধ্যক্ষ সুশীল শ্বাহৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়। তেওঁৰ দুগৰাকী কন্যা অপৰ্ণা শ্বাহ, যি মিয়ামি (আমেৰিকা)ৰ মলিকুলাৰ জেনেটিচিষ্ট আৰু আমিৰা শ্বাহ, যি মেট্ৰ’পলিছ হেল্থকেয়াৰৰ এম ডি, আৰু তেওঁৰ ৩ গৰাকী নাতি-নাতিনী আছে- আলিছা, নীল আৰু কৰ্ম।[19]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. www.ETHealthworld.com. "IVF could be much cheaper with Indian products : Dr Duru Shah - ET HealthWorld" (en ভাষাত). ETHealthworld.com. https://health.economictimes.indiatimes.com/news/industry/ivf-could-be-much-cheaper-with-indian-products-dr-duru-shah/68312437 আহৰণ কৰা হৈছে: 2020-11-04.
  2. Shetty, Disha (2015-09-22). "One out of every 10 Indian women have polycystic ovary syndrome: Dr Duru Shah, Founder President, PCOS Society" (en ভাষাত). DNA India. https://www.dnaindia.com/health/report-one-out-of-every-10-indian-women-have-polycystic-ovary-syndrome-dr-duru-shah-founder-president-pcos-society-2127640 আহৰণ কৰা হৈছে: 2020-11-04.
  3. "Google Scholar". scholar.google.com. https://scholar.google.com/scholar?hl=en&as_sdt=0,5&q=Duru+Shah&btnG= আহৰণ কৰা হৈছে: 2020-11-04.
  4. Ramarathinam, Ashwin (2020-06-25). "Metropolis Healthcare promoter sells 6% stake for ₹422.6 crore" (en ভাষাত). mint. https://www.livemint.com/market/stock-market-news/metropolis-healthcare-promoter-sells-6-03-stake-for-rs-422-58-crore-11593072259230.html আহৰণ কৰা হৈছে: 2020-11-04.
  5. "Best IVF Doctor in Mumbai, India, Infertility Specialist Mumbai". www.gynaecworld.com. https://www.gynaecworld.com/dr-duru-shah.html আহৰণ কৰা হৈছে: 2023-09-15.
  6. "Dr Duru Shah" (en-US ভাষাত). www.centreforsbcc.org. https://www.centreforsbcc.org/governance-structure/governing-board-members/dr-duru-shah/ আহৰণ কৰা হৈছে: 2021-02-11.
  7. "Home - IMS - International Menopause Society". www.imsociety.org. https://www.imsociety.org/ims_officers_board_details.php?cid=c5ppIcMZfjfuqkOY4BOho01Rxt2F6d6VwtKMbN39NSE আহৰণ কৰা হৈছে: 2020-11-04.[সংযোগবিহীন উৎস]
  8. www.ETHealthworld.com. "IVF could be much cheaper with Indian products : Dr Duru Shah - ET HealthWorld" (en ভাষাত). ETHealthworld.com. https://health.economictimes.indiatimes.com/news/industry/ivf-could-be-much-cheaper-with-indian-products-dr-duru-shah/68312437 আহৰণ কৰা হৈছে: 2021-02-11.
  9. admin. "Dr. Duru Shah" (zh-TW ভাষাত). Aspire 2021. Archived from the original on 2020-08-04. https://web.archive.org/web/20200804084824/http://aspire2021.com/dr-duru-shah/ আহৰণ কৰা হৈছে: 2020-11-04.
  10. "Social Commitment - Gynaecologist in Mumbai, India, IVF Clinic & Surrogacy Clinic in Mumbai". drrishmapai.com. Archived from the original on 2021-01-28. https://web.archive.org/web/20210128161615/https://drrishmapai.com/social-activities.php আহৰণ কৰা হৈছে: 2021-01-22.
  11. "Council of Affiliated Menopause Societies (CAMS)" (en-GB ভাষাত). International Menopause Society. https://www.imsociety.org/membership/cams/ আহৰণ কৰা হৈছে: 2023-09-15.
  12. Admin. "Executive Board" (en-US ভাষাত). ASPIRE. http://aspire-reproduction.org/executive-board/ আহৰণ কৰা হৈছে: 2023-09-15.[সংযোগবিহীন উৎস]
  13. Garg, Vaishali. "जानिए डॉ दुरु शाह कैसे महिलाओं को उनके स्वास्थ्य के बारे में जागरूक करती हैं" (hi ভাষাত). hindi.shethepeople.tv. Archived from the original on 2023-11-17. https://web.archive.org/web/20231117040446/https://hindi.shethepeople.tv/interview/inspirational-journey-of-dr-duru-shah আহৰণ কৰা হৈছে: 2023-11-17.
  14. 1 2 Practitioner, The Indian (2023-07-05). "Dr. Duru Shah, a Revered Individual in the Field of Obstetrics and Gynaecology" (en-US ভাষাত). The Indian Practitioner. Archived from the original on 2023-11-17. https://web.archive.org/web/20231117041011/https://theindianpractitioner.com/dr-duru-shah-a-revered-individual-in-the-field-of-obstetrics-and-gynaecology/ আহৰণ কৰা হৈছে: 2023-09-15.
  15. "If you educate the girl and the mother, you are educating the family ... and an entire nation" (en-US ভাষাত). Express Healthcare. 2013-03-06. https://www.expresshealthcare.in/life-healthcare/if-you-educate-the-girl-and-the-mother-you-are-educating-the-family-and-an-entire-nation/1648/ আহৰণ কৰা হৈছে: 2021-01-22.
  16. "Dr Duru Shah" (en-US ভাষাত). www.centreforsbcc.org. https://www.centreforsbcc.org/governance-structure/governing-board-members/dr-duru-shah/ আহৰণ কৰা হৈছে: 2023-11-17.
  17. Foundation, Metropolis. "Metropolis Foundation - India" (en ভাষাত). www.metropolisfoundation.org. https://www.metropolisfoundation.org/ আহৰণ কৰা হৈছে: 2023-11-17.[সংযোগবিহীন উৎস]
  18. "Too Shy To Ask - Apps on Google Play" (en-US ভাষাত). play.google.com. https://play.google.com/store/apps/details?id=com.neuronimbus.metropolis&hl=en_US আহৰণ কৰা হৈছে: 2023-09-15.
  19. "Ameera Shah | Diagnosis: a risk-taker" (en ভাষাত). Mintlounge. 2017-07-14. https://lifestyle.livemint.com//news/talking-point/ameera-shah-diagnosis-a-risktaker-111646992724516.html আহৰণ কৰা হৈছে: 2023-09-15.[সংযোগবিহীন উৎস]