সমললৈ যাওক

দুৰ্গা চোব

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দুৰ্গা চোব
নেপাল সমাজবাদী পাৰ্টিৰ উপ-সভাপতি
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৮ জুলাই ২০২২
পূৰ্বসূৰী প্ৰতিষ্ঠাপক

দুৰ্গা চোব (ইংৰাজী: Durga Sob)[1] জন্ম ৩ জুলাই, ১৯৬৬ চন; এগৰাকী নেপালী নাৰীবাদী সমাজ কৰ্মী আৰু ৰাজনীতিবিদ। চোবে নিজকে দলিত বুলিও পৰিচয় দিয়ে আৰু নেপালত নাৰীবাদী দলিত সংগঠন (FEDO)ৰ তেওঁ প্ৰতিষ্ঠাপক। দেশৰ মানৱ অধিকাৰ কৰ্মী হিচাপে কাম কৰা চোবে নেপাল ছ’চিয়েলিষ্ট পাৰ্টিৰ সৈতে জড়িত।

দুৰ্গা চোবৰ জন্ম হৈছিল ১৯৬৬ চনৰ ৩ জুলাইত।[2] তেওঁ পশ্চিম নেপালৰ চিলগাডিত ডাঙৰ-দীঘল হৈছিল য'ত তেওঁ দলিত হোৱাৰ বাবে সমাজত বৈষম্যৰ সম্মুখীন হৈছিল।[3] তেওঁৰ পৰিয়াল বহুবিবাহ প্ৰথাৰ অন্তৰ্গত আছিল, পিতৃৰ দুগৰাকী পত্নী আছিল আৰু কেইবাটাও সন্তান আছিল যদিও চোবৰ বহু ভাই-ভনীৰ শৈশৱতে মৃত্যু হৈছিল।[2] চোবে তেওঁৰ ভায়েকৰ লগত স্কুললৈ গৈছিল, যিয়ে তেওঁৰ মাক-দেউতাকক দুৰ্গাক আনুষ্ঠানিক শিক্ষা দিবলৈ পতিয়ন নিয়াইছিল।[2] পিছলৈ চোবে নিজৰ শিক্ষাৰ সহায়ত নিজৰ ওচৰ-চুবুৰীয়াৰ ছোৱালীবোৰক লিখা-পঢ়া শিকাইছিল।[4]

১৯ বছৰ বয়সত তেওঁ কাঠমাণ্ডুলৈ গুচি যায় আৰু একচন এইডত কাম কৰে আৰু পিছলৈ ৰবিন মৰ্গানক লগ পায় যিয়ে তেওঁক দলিত মহিলাসকলক সহায় কৰিবলৈ এটা সংস্থা আৰম্ভ কৰিবলৈ উৎসাহিত কৰে।[3] ১৯৯৪ চনত তেওঁ নাৰীবাদী দলিত সংগঠন (FEDO) প্ৰতিষ্ঠা কৰে।[3] ২০০২ চনৰপৰা ২০০৪ চনৰ ভিতৰত চোবে দলিত এন জি অ' ফেডাৰেচন (ডি এন এফ)ৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[5] চোবে ২০১৪ চনত কাঠমাণ্ডুত এছিয়া দলিত অধিকাৰ মঞ্চৰ নেতৃত্ব দিছিল।[6] এই মঞ্চত বাংলাদেশ, ভাৰত, নেপাল, পাকিস্তান আৰু শ্ৰীলংকাৰ কৰ্মীসকলে অংশগ্ৰহণ কৰিছিল আৰু সদস্যসকলে বৈষম্যৰ অন্ত পেলাবলৈ একেলগে কাম কৰাৰ সিদ্ধান্ত লয়।[6] ২০১৫ চনত চোবে নেপালৰ নাগৰিকত্ব আইনসমূহৰ প্ৰতিবাদত অনশনত অংশগ্ৰহণ কৰে যিয়ে কেৱল পিতৃক বংশৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰিবলৈ অনুমতি দিয়ে।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "देशको समृद्धिका लागि उत्पादन र आर्थिक विकासमा जोड दिनु पर्छ :सहसंयोजक सोब" (ne ভাষাত). Hetauda Khabar. https://hetaudakhabar.com/story/%E0%A4%A6%E0%A5%87%E0%A4%B6%E0%A4%95%E0%A5%8B-%E0%A4%B8%E0%A4%AE%E0%A5%83%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%95%E0%A4%BE-%E0%A4%B2%E0%A4%BE%E0%A4%97%E0%A4%BF-%E0%A4%89%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%A6%E0%A4%A8-%E0%A4%B0-%E0%A4%86%E0%A4%B0.[সংযোগবিহীন উৎস]
  2. 1 2 3 "Interview with Durga Sob". Liverpool John Moores University. https://www.ljmu.ac.uk/~/media/files/ljmu/microsites/qualitative-analysis-in-action-nepal-project/activists/interview_with_durga_sob.pdf?la=en আহৰণ কৰা হৈছে: 27 August 2018.
  3. 1 2 3 "Durga Sob: Nepal's trailblazing Dalit feminist" (en ভাষাত). New Internationalist. 2010-05-01. https://newint.org/columns/makingwaves/2010/05/01/durga-sob-nepal-dalit-feminist.
  4. Stalleland, Asle (29 September 2014). "Kjemper for dalitkvinners rettigheter i Nepal" (no ভাষাত). Dalit Solidarity Network Norway. Archived from the original on 2018-08-31. https://web.archive.org/web/20180831141825/http://dalit.no/2014/ আহৰণ কৰা হৈছে: 2018-08-27.
  5. "Durga Sob". International Dalit Solidarity Network. https://idsn.org/wp-content/uploads/pdfs/Media/Durga_Sob_Profile_2014.pdf আহৰণ কৰা হৈছে: 27 August 2018.
  6. 1 2 "Regional Forum to Fight for Dalit Rights". The Kathmandu Post. 28 February 2014. Archived from the original on 18 November 2018. https://web.archive.org/web/20181118084017/https://www.highbeam.com/doc/1P3-3232340841.html.
  7. "Rights Activists Begin Hunger Strike". The Kathmandu Post. 3 September 2015. Archived from the original on 18 November 2018. https://web.archive.org/web/20181118083310/https://www.highbeam.com/doc/1P3-2997058391.html.