সমললৈ যাওক

দুৰ্বল আন্তঃক্ৰিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰেডিঅ’এক্টিভ বিটা ক্ষয় এটা দুৰ্বল আন্তঃক্ৰিয়াৰ ফল, য’ত এটা নিউট্ৰনে এটা প্ৰ'টন, এটা ইলেক্ট্ৰন আৰু এটা ইলেক্ট্ৰন এণ্টিনিউট্ৰিনোলৈ পৰিণত হয়।

দুৰ্বল আন্তঃক্ৰিয়া বা দুৰ্বল নিউক্লীয় বল হৈছে 'নিউক্লীয় পদাৰ্থবিজ্ঞান' আৰু 'কণিকা পদাৰ্থবিজ্ঞান'ৰ চাৰিটা পৰিচিত মৌলিক আন্তঃক্ৰিয়াৰ ভিতৰৰ এটা; বাকী তিনিটা হ’ল বিদ্যুতচুম্বকত্ব, প্ৰবল আন্তঃক্ৰিয়া আৰু মাধ্যাকৰ্ষণ। এইটো হৈছে উপ পৰমাণু কণিকাৰ মাজত সংঘটিত হোৱা এক ক্ৰিয়া, যিয়ে ৰেডিঅ’এক্টিভ ক্ষয়ৰ বাবে দায়ী: দুৰ্বল আন্তঃক্ৰিয়া নিউক্লীয় বিভাজন আৰু নিউক্লীয় সংযুক্তিকৰণত অংশ গ্ৰহণ কৰে। এই ক্ৰিয়াটোৰ আচৰণ আৰু প্ৰভাৱ বৰ্ণনা কৰা তত্ত্বক কেতিয়াবা কুৱাণ্টাম ফ্লেভাৰ-ডাইনামিক্স (QFD) বুলি কোৱা হয়; যদিও এই শব্দটো কম ব্যৱহৃত হয়, কাৰণ দুৰ্বল বলক অধিক সঠিকভাৱে ইলেক্ট্ৰ'উইক আন্তঃক্ৰিয়া (EWT)-ৰ দ্বাৰা বুজা হয়।[1]

দুৰ্বল বলৰ প্ৰভাৱৰ পৰিসৰ খুবেই কম — এইটো প্ৰ'টনৰ ব্যাসতকৈও কম।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Griffiths, David (2009). Introduction to Elementary Particles. Wiley. পৃষ্ঠা. 59–60. ISBN 978-3-527-40601-2. 
  2. Schwinger, Julian (1957-11-01). "A theory of the fundamental interactions" (en ভাষাত). Annals of Physics খণ্ড 2 (5): 407–434. doi:10.1016/0003-4916(57)90015-5. ISSN 0003-4916. https://dx.doi.org/10.1016/0003-4916%2857%2990015-5.