দেউতাৰ বিয়া
দেউতাৰ বিয়া | |
---|---|
![]() ছবিৰ এটা দৃশ্যত ৰাণা তামুলী, জয়ন্ত দাস আৰু হিৰণ্য ডেকা | |
পৰিচালক | দীপক ভূঞা |
ৰচনা | দীপক ভূঞা |
চিত্ৰনাট্য | দীপক ভূঞা |
কাহিনী | দীপক ভূঞা |
প্ৰযোজক | দীপক ভূঞা |
অভিনয়ত | ৰাণা তামুলী জয়ন্ত দাস হিৰণ্য ডেকা |
চিত্ৰগ্ৰহণকাৰী | সুমন দুৱৰা |
সম্পাদনা | ৰাস বিহাৰী সিনহা |
সংগীত পৰিচালক | দীপক ভূঞা |
মুক্তি |
৩১ অক্টোবৰ ১৯৯৭ |
দেশ | ভাৰত ![]() |
ভাষা | অসমীয়া |
দেউতাৰ বিয়া (ইংৰাজী: Deutar Biya) ১৯৯৭ চনত মুক্তিপ্ৰাপ্ত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ।বি.কে.বি. ফিল্মছ্ এণ্ড ফ’কাচৰ বেনাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। ইয়াৰ কাহিনী, সংলাপ, চিত্ৰনাট্য, সংগীত, কলা নিৰ্দেশনা, পৰিচালনা আৰু প্ৰযোজনা দীপক ভূঞাৰ। মুখ্য ভূমিকাত আছে ৰাণা তামুলী, জয়ন্ত দাস আৰু হিৰণ্য ডেকা। ছবিখনে ফিল্ম চেঞ্চৰ ব’ৰ্ডৰ পৰা এ চাৰ্টিফিকেট লাভ কৰিছিল।[1][2]
ছবিৰ পৰিচালক-প্ৰযোজক দীপক ভূঞাই উল্লেখ কৰা মতে দেউতাৰ বিয়া এখন প্ৰহসন ছবি। অসমীয়া ভাষাত ইয়াৰ পূৰ্বে এনে প্ৰহসনমূলক ছবি নিৰ্মাণ কৰাৰ উদাহৰণ নাই আৰু দেউতাৰ বিয়া এক পৰীক্ষামূলক প্ৰচেষ্টা।[1]
দেউতাৰ বিয়াৰ শ্বুটিং সম্পূৰ্ণ নহওঁতেই ছবিৰ মুখ্য অভিনেতা ৰাণা তামুলীৰ মৃত্যু হয়।
কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]
ভীম বৰুৱা এজন সম্ভ্ৰান্ত লোক। তেওঁৰ পত্নী ঢুকাইছে। তেওঁৰ পুত্ৰ দুজন- জীৱেশ্বৰ আৰু নৰেশ্বৰ। দুয়োটা ল’ৰাৰে বিয়া পতাৰ বয়স হৈছে। পুতেকহঁতৰ বিয়া পতাৰ সলনি হঠাৎ সকলোকে চমক খুৱাই বৰুৱাই ঘোষণা কৰিলে যে তেওঁ বিয়া পাতিব। উমাকান্ত ঘটকে ইতিমধ্যে ছোৱালীও ঠিক কৰিলে। দেউতাকৰ বিয়াৰ কথা শুনি দুই পুত্ৰই প্ৰতিবাদ কৰিলে। কিন্তু প্ৰতিবাদ কৰিও কাম নিসিজাত জীৱেশ্বৰ আৰু নৰেশ্বৰে অনশনত বহিল। তেওঁলোকৰ অনশনত নৈতিক সমৰ্থন জনালে খুৰীয়েক সাবিত্ৰীয়ে। বহুযুৱক-যুৱতীয়েও এই অনশনত যোগ দিলে।
ভীম বৰুৱাৰ সকলো কামৰ তদাৰক কৰে এজন ব্যক্তিয়ে, নাম তেওঁৰ হৰকান্ত বিষয়া। হৰকান্ত বিষয়াই অনশন কৰি থকা যুৱক-যুৱতীবোৰৰ মাজত বিভেদৰ বীজ সিঁচিলে আৰু ভীম বৰুৱাই বিয়া নপতাৰ প্ৰতিশ্ৰুতিৰে জীৱেশ্বৰ-নৰেশ্বৰৰ সৈতে এখন চুক্তিও কৰিলে। কিন্তু অৱশেষত ভীম বৰুৱাই চুক্তি ভংগ কৰি কৌশলে ছোৱালী আনি ঘৰ সুমুৱালেহি। পুতেকহঁতে বাপেকৰ বিৰুদ্ধে আদালতত গোচৰ তৰে। বিচাৰত ভীম বৰুৱাৰ জয় হ’ল আৰু জীৱেশ্বৰ-নৰেশ্বৰৰ পৰাজয়।[1]
অভিনয় শিল্পী[সম্পাদনা কৰক]
- ৰাণা তামুলী (ভীম বৰুৱা)
- জয়ন্ত দাস (জীৱেশ্বৰ)
- হিৰণ্য ডেকা (নৰেশ্বৰ)
- নিপন গোস্বামী
- পূণ্য দাস
- ৰাতুল বৰুৱা
- সোমেশ্বৰ ভৰালী
- ক্ষীৰোদ বৰদলৈ
- মণিতা কাকতি
- চেতনা দাস
- অঞ্জলি দাস
- মঞ্জু চেতিয়া
- মণিমালা চুতীয়া[1]
তথ্যউৎস[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 1.3 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 428.
- ↑ "http://www.enajori.com/?page_id=589". enajori.com. http://www.enajori.com/?page_id=589। আহৰণ কৰা হৈছে: 3 December 2021.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|