দেবি স্মিথ
দেবি স্মিথ (ইংৰাজী: Debi Smith) এগৰাকী আমেৰিকান লোক-গায়িকা তথা গীতিকাৰ। ১৯৯৪ চনৰ পৰা তেওঁ ফ’ৰ বিচিন' বেবছ (Four Bitchin' Babes) নামৰ কেৱল মহিলা গায়িকা-গীতিকাৰেৰে গঠিত মূলতঃ লোক-সংগীত ধাৰাৰ হাস্যৰসময়ী, ব্যংগ বা লঘু হৃদয়ৰ গীত পৰিবেশন কৰা এটা ভ্ৰমণকাৰী দলৰ সদস্য হিচাপে কাম কৰি আহিছে।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]স্মিথে অহাইঅ'ৰ দ্য কলেজ অৱ ৱুষ্টাৰৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত (তেওঁ কিছু সময়ৰ বাবে দ্য কলেজ অৱ উইলিয়াম এণ্ড মেৰীত কিছু পাঠ্যক্ৰম পঢ়িছিল) আৰু ছান ফ্ৰান্সিস্কোৰ পথত গীত পৰিবেশন কৰাৰ পিছত একক কণ্ঠশিল্পী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে।[2]
তেওঁ নেচনেল এনডাউমেণ্ট ফৰ দ্য আৰ্টছৰ সৈতে কাম কৰিছিল আৰু তাৰ পিছত কেৱল মহিলাৰে গঠিত চেলটিক সংগীতৰ দল দ্য হেগছৰ সৈতে অনুষ্ঠান পৰিৱেশন কৰিছিল আৰু সেই সময়ছোৱাতে ব'ধ্ৰান (Bodhrán) বজাবলৈ আৰম্ভ কৰিছিল।[3] ১৯৮০ চনত তেওঁ ভগ্নী মেগান স্মিথৰ সৈতে দ্য স্মিথ চিষ্টাৰছ হিচাপে অনুষ্ঠান পৰিবেশন কৰিবলৈ আৰম্ভ কৰে।[1] তেওঁলোকে একেলগে ফ্লাইং ফিচ ৰেকৰ্ডছত পাঁচটা এলবাম মুকলি কৰে, য’ত ডক আৰু মাৰ্ল ৱাটছন, ছেম বুছ, মাৰ্ক অ’কন’ৰৰ দৰে সংগীতজ্ঞৰ সংগীত অন্তৰ্ভুক্ত কৰা হৈছিল।
স্মিথৰ প্ৰথম একক এলবাম ইন মাই ড্ৰিমছৰ সহ-প্ৰযোজক আছিল জন জেনিংছ[1] আৰু তাৰ পিছত তেওঁ আৰু ছটা একক এলবাম মুকলি কৰিছে। গ্ৰেমী বঁটাৰ বাবে মনোনীত হোৱা স্মিথে কেইবাবাৰো ৱামি বঁটা (ৱাশ্বিংটন এৰিয়া মিউজিক এৱাৰ্ড) লাভ কৰিছে।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]দেবি তেওঁৰ স্বামী মাইকেল জাৱৰেকৰ সৈতে ৱাশ্বিংটন ডি চিৰ কাষৰ ফলছ ক্ৰাঞ্চত বাস কৰে।[2][3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Harris, Craig "Debi Smith Biography", Allmusic. Retrieved November 16, 2013
- ↑ 2.0 2.1 Denise Dunbar (June 2, 2022). "The Four Bitchin' Babes return to The Birchmere – Alexandria Times". Alexandria Times. https://alextimes.com/2022/06/the-four-bitchin-babes-return-to-the-birchmere/। আহৰণ কৰা হৈছে: June 6, 2022.
- ↑ 3.0 3.1 Times, Keith Loria (October 15, 2021). "Debi Smith presents songs from "Then and Now" at The Birchmere". Fairfax County Times. https://www.fairfaxtimes.com/arts_entertainment/debi-smith-presents-songs-from-then-and-now-at-the-birchmere/article_17518496-2d1b-11ec-b934-7bc4d4ed5fb5.html। আহৰণ কৰা হৈছে: June 6, 2022.