দেৱকী পণ্ডিত
দেৱকী পণ্ডিত | |
|---|---|
| পৃষ্ঠভূমি | |
| জন্ম নাম | দেৱকী পণ্ডিত |
| জন্ম | ০৬ মাৰ্চ, ১৯৬৫ (৬১ বছৰ) |
| উৎসস্থান | মহাৰাষ্ট্ৰ, ভাৰত |
| সংগীতৰ ধৰণ | ভাৰতীয় শাস্ত্ৰীয় গায়ক, প্লেবেক গায়ক |
| পেচা | গায়িকা |
| সক্ৰিয়তাৰ বছৰ | ১৯৭৭-বৰ্তমান |
| জীৱন-সঙ্গী | শচীন নাম্বিয়াৰ |
| ৱেবছাইট | facebook |
দেৱকী পণ্ডিত (ইংৰাজী: : Devaki Pandit ; জন্ম: ৬ মাৰ্চ ১৯৬৫)[উদ্ধৃতিৰ প্ৰয়োজন] এগৰাকী ভাৰতীয় শাস্ত্ৰীয় গায়িকা।[1]
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]পৰিয়ালত কলা-কুশলী থকা ঘৰ এখনত জন্মগ্ৰহণ কৰা পণ্ডিতে অসংখ্য শিল্পৰ সৈতে পৰিচিত হৈছিল। নিজৰ সাধাৰণ আৰম্ভণিৰ বিষয়ে তেওঁ কয়— "সঙ্গীতৰ সৌন্দৰ্য উজলি উঠে সুৰৰ প্ৰতি সম্পূৰ্ণ আত্মসমৰ্পণৰ ফলত। মোৰ সংগীতৰ যাত্ৰা হৈছে এই সৌন্দৰ্য লাভ কৰাৰ সাধনা। মই খুব কম বয়সতে এই সত্য উপলব্ধি কৰিছিলোঁ, কাৰণ মই কলাকৌশলী, সংগীতজ্ঞ, অভিনেতা আৰু সাহিত্যিকে ঘেৰা পৰিৱেশত ডাঙৰ হৈছিলোঁ, যিসকলে সদায় এই সত্যৰ সৈতে জীৱন অতিবাহিত কৰিছিল।" তেওঁৰ মাতৃগৰাকী মংগলা ৰাণাদে আৰু তেওঁৰ ভনীসকল গোৱাৰ বিখ্যাত সংগীতজ্ঞ আৰু গায়িকা আছিল।
কেৰিয়াৰ
[সম্পাদনা কৰক]দেৱকী পণ্ডিত, পদ্ম বিভূষণ গণসৰস্বতী কিশোৰী আমংক আৰু পদ্মশ্ৰী জিতেন্দ্ৰ অভিষেকীৰ শিষ্য। এইদৰে তেওঁৰ গয়াকি তেওঁৰ কিংবদন্তি গুৰু আৰু সংগীতৰ প্ৰতি তেওঁলোকৰ অনন্য নান্দনিক দৃষ্টিভংগীৰ দ্বাৰা প্ৰভাৱিত হয়। সংগীতৰ দীক্ষা দিছিল মাতৃ উষা পণ্ডিতে। ৯ বছৰ বয়সতে বসন্তৰাও কুলকাৰ্ণীৰ পৰা আনুষ্ঠানিক প্ৰশিক্ষণ লাভ কৰে। পিছলৈ আগ্ৰা ঘৰৰ বাবনৰাও হালদংকৰ আৰু গণসৰস্বতী কিশোৰীতাই আমোংকৰৰ শিষ্য অৰুণ দ্ৰাবিড়ৰ অধীনতো দিহা-পৰামৰ্শ লাভ কৰে। তেওঁ কয়, "মোৰ প্ৰথম গুৰু মাতৃ উষা পণ্ডিতে মোক সংগীতৰ মূল কথাবোৰ শিকাইছিল যদিও সদায় মোক বাৰে বাৰে পৰীক্ষা কৰিছিল; সংগীতৰ সৈতে এক তীব্ৰ, আজীৱন প্ৰতিশ্ৰুতিৰ প্ৰতি মোৰ অধ্যৱসায় আছিল নেকি। এই সজাগ আৰু আত্মবিশ্লেষণাত্মক পদ্ধতিয়ে মোক মহান কিংবদন্তি গুৰুসকলৰ পৰা জ্ঞান আহৰণৰ চেষ্টাত সহায় কৰিছিল।" আগ্ৰা ঘৰাৰ পৰা প্ৰশিক্ষণ লৈ ১২ বছৰ বয়সৰ ভিতৰতে পেছাদাৰীভাৱে গান গাবলৈ আৰম্ভ কৰিছিল যেতিয়া তেওঁ শিশু এলবামৰ বাবে ৰেকৰ্ডিং কৰিছিল।
বঁটা আৰু স্বীকৃতি
[সম্পাদনা কৰক]- কেছাৰবাই কেৰকাৰ বৃত্তি - একেৰাহে দুবাৰকৈ লাভ কৰা একমাত্ৰ ব্যক্তি
- ১৯৮৬ চনত "শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকা"ৰ বাবে মহাৰাষ্ট্ৰ ৰাজ্যিক বঁটা (চলচ্চিত্ৰ : অৰ্ধংগী)
- ২০০১ আৰু ২০০২ চনত আলফা গৌৰৱ পুৰস্কাৰ
- ২০০২ - "শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকা"ৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰৰ বঁটা।
- ২০০২ চনত মেৱতী ঘৰানা বঁটা
- ২০০৬ চনত আদিত্য বিৰলা কলা কিৰণ বঁটা
- শ্ৰেষ্ঠ প্লেবেক গায়িকাৰ বাবে জি চিত্ৰ গৌৰৱ পুৰস্কাৰ – গীতৰ বাবে মহিলা Pahilya priticha Gandh (অৰ্জুন (২০১১ ছবি))