দেৱদাস (১৯৩৫ চনৰ চলচ্চিত্ৰ)
দেৱদাস | |
---|---|
![]() দেবদাস ছবিৰ বুকলেট ক'ভাৰ | |
পৰিচালক | প্ৰমথেশ বৰুৱা |
চিত্ৰনাট্য | প্ৰমথেশ বৰুৱা |
অভিনয়ত |
|
চিত্ৰগ্ৰহণকাৰী | দিলীপ গুপ্ত সুধীন মজুমদাৰ ইউছুফ মুলজি নিতিন বসু |
সম্পাদনা | সুবোধ মিত্ৰ |
সংগীত পৰিচালক | তিমিৰ বৰণ ৰাইচন্দ বড়াল পঙ্কজ মালিক |
প্ৰযোজনা কোম্পানী |
নিউ থিয়েটাৰ লিমিটেড |
পৰিবেশক | অৰোৰা ফিল্ম কৰ্পোৰেশ্বন |
মুক্তি |
৩০ মাৰ্চ, ১৯৩৫ |
দেশ | ভাৰত |
ভাষা | বাংলা |
দেৱদাস ১৯৩৫ চনত প্ৰমথেশ বৰুৱাৰ পৰিচালনাত নিৰ্মিত এখন বাংলা ভাষাৰ ভাৰতীয় চলচ্চিত্ৰ। বাংলা সাহিত্যিক শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস উপন্যাসৰ আধাৰত প্ৰমথেশ বৰুৱাৰ চিত্ৰনাট্য ৰচনা কৰিছিল। ইয়াৰ দেৱদাসৰ চৰিত্ৰত প্ৰমথেশ বৰুৱা, পাৰ্বতীৰ চৰিত্ৰত যমুনা বৰুৱা, চন্দ্ৰমুখীৰ চৰিত্ৰত চন্দ্ৰবতী দেৱীয়ে অভিনয় কৰিছে। পৰৱৰ্তী সময়ত ১৯৩৬ চনত হিন্দী আৰু ১৯৩৮ চনত অসমীয়া ভাষাত ছবিখন মুক্তি লাভ কৰে।
কলকাতাৰ নিউ থিয়েটাৰত অগ্নিকাণ্ডত বাংলা সংস্কৰণৰ সকলো ভাৰতীয় প্ৰিণ্ট ধ্বংস হয়। বৰ্তমান ছবিখনৰ একমাত্ৰ কপি বাংলাদেশ ফিল্ম আৰ্কাইভত আছে। সেই কপিৰ প্ৰায় ৪০ শতাংশও ধ্বংস হৈছে।
সংক্ষিপ্ত কাহিনী
[সম্পাদনা কৰক]দেৱদাস মুখাৰ্জী বঙালী ব্ৰাহ্মণ জমিদাৰৰ পুত্ৰ। পাৰো বা পাৰ্ব্বতী মধ্যবিত্ত বঙালী পৰিয়ালৰ কন্যা। বঙ্গদেশৰ তালচোনাপুৰ গাঁৱত দুয়ো পৰিয়াল ওচৰ-চুবুৰীয়া। সৰু কালৰ পৰাই দেৱদাস আৰু পাৰো অন্তৰঙ্গ বন্ধু যি পৰবৰ্তী সময়ত প্ৰেমৰ সম্পৰ্কত পৰিণত হয়। বয়সৰ তুলনাত দেৱদাস ডাঙৰ আৰু পাৰো সৰু। বিদ্যালয়ত লিখাপৰাৰ পৰা আৰম্ভ কৰি পুখুৰীত মাছমাৰা সকলো কাম একেলগে কৰিছিল। উন্নত শিক্ষাৰ বাবে দেৱদাস কলকাতাত গমন কৰে। কিছু বছৰ পিছত দেৱদাস নিজ গাঁৱত উভতি আহে। উভতি আহি দেৱদাস অনুভব কৰে যে সৰুকালৰ বন্ধুত্ব বৰ্তমানদিনত প্ৰেমৰ সম্পৰ্কত পৰিণত হৈছে। পাৰোৰ মা দেৱদাসৰ মা হৰিমতিক বিবাহ প্ৰস্তাব দিছিলে যদিও ওচৰ-চুবুৰীয়াৰ লগত বিবাহ সম্পৰ্ক স্থাপন কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰে। পাৰোৰ পৰিয়ালৰ পৰম্পৰানুসাৰে পাত্ৰৰ ঘৰৰ পৰা পণ লোৱা প্ৰথা বহু আগৰ পৰা চলি আহিছিল। সেয়েহে দেৱদাসৰ পৰিয়াল পাৰোক কিনা-বেচা কৰা নিম্ন পৰিয়ালৰ কন্যা বিবেচনা কৰি বিবাহত অসন্মতি প্ৰকাশ কৰে। এই যুক্তিত পাৰ্বতীৰ পিতা নীলকণ্ঠ চক্ৰবৰ্তী অপমানিত বোধ কৰি জমিদাৰৰ ঘৰত পাৰ্বতীৰ বিবাহ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। পাৰ্বতী এদিন নিশাত দেৱদাসক প্ৰেম নিবেদন কৰি নিজক গ্ৰহণ কৰিবলৈ অনুৰোধ কৰে যদিও দেৱদাসৰ পিতা এই অনুৰোধ প্ৰত্যাখান কৰে। বিভ্ৰান্ত দেৱদাস কলকাতাত পলাইগৈ পাৰ্বতীক চিঠি প্ৰেৰণ কৰি জনায় যে তেওঁৰ এই সম্পৰ্ক চলাবলৈ ইচ্ছা নাই। দেৱদাসৰ কাপুৰুষতাক ধিক্কাৰ জনাই পাৰ্বতী হাতিপোতা গাঁৱৰ ভুবন চৌধুৰী নামৰ জমিদাৰৰ লগত বিবাহৰ বাবে ৰাজি হয়।
কলকাতাত চুন্নিলালৰ সৈতে দেৱদাসৰ মিত্ৰতা হয়। চুন্নিলালৰ মাধ্যমত চন্দ্ৰমুখী নামৰ বেশ্যাৰ লগত দেৱদাসৰ পৰিচয় হয়। তেওঁ দেৱদাসক ভাল পায় যদিও দেৱদাস ঘৃণা কৰিছিল। হতাশাগ্ৰস্ত দেৱদাস সুৰাপান কৰাৰ ফলত অসুস্থ হৈ পৰে। চন্দ্ৰমুখী প্ৰতিদিন সেৱা কৰিছিল যদিও দেৱদাসৰ স্বাস্থ্যৰ চৰম অবনতি ঘটে। মৃত্যু সন্নিকট অনুভব কৰি দেৱদাস শেষবাৰ পাৰোৰ লগত সাক্ষাৎৰ বাবে হাতিপোতা গাঁও অভিমুখে যাত্ৰা কৰে। পাৰোৰ গৃহৰ সম্মুখত উপস্থিত হোৱাৰ লগে লগে দেৱদাসৰ মৃত্যু হয়।