দেৱযানী খোব্ৰাগড়ে
| দেৱযানী খোব্ৰাগড়ে | |
|---|---|
![]() | |
| জন্ম | ২৫ মে', ১৯৭৪ (৫১ বছৰ) তৰাপুৰ, মহাৰাষ্ট্ৰ, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | ভাৰতীয় বৈদেশিক সেৱা কেডাৰৰ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৯৯–বৰ্তমান |
| নিয়োগকৰ্তা | ভাৰত চৰকাৰ |
| সংস্থা | বিদেশ পৰিক্ৰমা মন্ত্ৰালয় (ভাৰত) |
| দাম্পত্যসঙ্গী | আকাশ সিং ৰাথুৰ |
| পিতৃ-মাতৃ | উত্তম খোব্ৰাগড়ে (পিতৃ) [1] |
| সন্তান | অময় সিং খোব্ৰাগড়ে, শ্বেৰ সিং খোব্ৰাগড়ে |
দেৱযানী খোব্ৰাগড়ে (ইংৰাজী: Devyani Khobragade) ভাৰতীয় বৈদেশিক সেৱাৰ কেডাৰৰ এগৰাকী কেন্দ্ৰীয় চৰকাৰী চাকৰিয়াল বা কূটনীতিবিদ। আমেৰিকাৰ নিউয়ৰ্ক চহৰত ভাৰতীয় কনছুলত নিযুক্তি পোৱাৰ সময়ত ভিছা জালিয়াতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছত বাতৰিৰ শিৰোনাম দখল কৰিছিল দেৱযানীয়ে। বৰ্তমান তেওঁ ভাৰতৰ দূতাবাস ফ্নম পেনত কম্বোডিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[2]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৭৪ চনৰ ২৫ মে'ত মহাৰাষ্ট্ৰৰ তাৰাপুৰত মহাৰাষ্ট্ৰৰ গাডচিৰোলিৰ বৌদ্ধ পৰিয়ালত খোব্ৰাগড়েৰ জন্ম হৈছিল।[3][4] খোব্ৰাগড়েৰ পিতৃ উত্তম খোব্ৰাগড়ে ভাৰতীয় প্ৰশাসনিক সেৱাৰ এজন বিষয়া আছিল।[3] যদিও, তেওঁ একাধিক দুৰ্নীতি কেলেংকাৰীত জড়িত হৈ বিতৰ্কৰ সম্মুখীন হৈছিল।[5][6][7]
দেৱযানী মুম্বাইৰ মাউণ্ট কাৰ্মেল হাইস্কুলৰ পৰা শিক্ষা লাভ কৰিছিল। ইয়াৰ পিছত কিং এডৱাৰ্ড মেম'ৰিয়েল হাস্পতাল আৰু ছেথ গৰ্ধণ্ডাছ সুন্দৰদাছ মেডিকেল কলেজৰ পৰা চিকিৎসা বিজ্ঞানত ডিগ্ৰী লাভ কৰিছিল।[8]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৯৯ চনত খোব্ৰাগড়ে ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰে। ২০১২ চনত তেওঁ নিউয়ৰ্কৰ ভাৰতৰ কনছুলেট জেনেৰেলত নিযুক্তি লাভ কৰে আৰু ২০১৩ চনৰ ডিচেম্বৰ মাহলৈকে তেওঁ ডেপুটি কনছুল জেনেৰেল হিচাপে কাৰ্যনাৰ্বাহ কৰে। ভাৰপ্ৰাপ্ত কনছুল জেনেৰেল হিচাপে তেওঁ ২০১৩ চনৰ এপ্ৰিল মাহত নিউয়ৰ্কত থকা অষ্ট্ৰেলিয়াৰ কনছুলেট জেনেৰেলত ভাৰতত মহিলাৰ অধিকাৰ আৰু জনগাঁথনিৰ প্ৰভাৱৰ ওপৰত নিজৰ ব্যক্তিগত দৃষ্টিভংগী আগবঢ়ায়।[3]
২০১৪ চনৰ ২০ জানুৱাৰীত তেওঁক নতুন দিল্লীলৈ ডেভেলপমেণ্ট পাৰ্টনাৰশ্বিপ এডমিনিষ্ট্ৰেচন (ডিপিএ)ৰ সঞ্চালিকা হিচাপে নিযুক্তি দিয়া হয়।[9] ২০১৪ চনৰ ডিচেম্বৰ মাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তেওঁক এই পদৰ পৰা আঁতৰাই "বাধ্যতামূলক অপেক্ষা"ত ৰাখে।[10] ২০১৫ চনৰ জুলাই মাহত তেওঁক পুনৰ নিযুক্তি দিয়া হয়। এইবাৰ তেওঁ কেৰালাৰ ৰাজ্য চৰকাৰ বিভাগত।[11][12][13]
খোব্ৰাগড়ে ২০১২ চনত চেভেনিং ৰ'লছ ৰয়েছৰ বৃত্তিৰ বাবে নিৰ্বাচিত হয়।[14] ২০২০ চনৰ ২ অক্টোবৰত তেওঁক কম্বোডিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হয়।[15]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]খোব্ৰাগড়ে ইটালীৰ ৰোমৰ লুইছ বিশ্ববিদ্যালয়ৰ গৱেষণা অধ্যাপক আকাশ সিং ৰাথোৰৰ সৈতে বিবাহ হৈছিল।[16]
বিতৰ্ক
[সম্পাদনা কৰক]আদৰ্শ হাউছিং ছ’চাইটিৰ কেলেংকাৰিৰ বাবে পিতৃ উত্তম খোব্ৰাগড়ে সৈতে দেৱযানী খোব্ৰাগড়েৰ কাণ্ডৰ উপৰিও অনান্য কাৰণত তেওঁৰ নামে প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰিছিল।
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Father meets Shinde". Zee News. http://zeenews.india.com/news/nation/father-of-indian-diplomat-devyani-khobragade-arrested-in-us-meets-shinde_897405.html.
- ↑ "Welcome to Embassy of India, Phnom Penh, Cambodia". embindpp.gov.in. https://embindpp.gov.in/pages?id=mbk5e&subid=lejRe। আহৰণ কৰা হৈছে: 2021-10-12.
- ↑ 3.0 3.1 3.2 Gowen, Annie (20 December 2013). "Who is Devyani Khobragade, the Indian diplomat at the center of the firestorm?". The Washington Post. https://www.washingtonpost.com/world/asia_pacific/indias-devyani-khobragade-advocated-for-womens-rights-but-underpaid-her-nanny/2013/12/20/13e23688-69a2-11e3-8b5b-a77187b716a3_story.html.
- ↑ Khobragade, Uttam (13 January 2014). "My daughter's return". NDTV. http://www.ndtv.com/article/blog/blog-my-daughter-s-return-by-uttam-khobragade-470328.
- ↑ "ACB books Bhujbal son for land fraud | Latest News & Updates at Daily News & Analysis" (en-US ভাষাত). dna. 2017-07-14. http://www.dnaindia.com/india/report-acb-books-bhujbal-son-for-land-fraud-2501449.
- ↑ "Adarsh Scam: Revoke membership of 22 flat owners, CBI tells government again" (en-US ভাষাত). The Indian Express. 2016-12-16. http://indianexpress.com/article/india/adarsh-scam-revoke-membership-of-22-flat-owners-cbi-tells-government-again-4429273/.
- ↑ "Sweltering summer just got worse - Mumbai Mirror -". Mumbai Mirror. https://mumbaimirror.indiatimes.com/mumbai/cover-story/sweltering-summer-just-got-worse/articleshow/58173494.cms.
- ↑ "Who is Devyani Khobragade?". The Times of India. 19 December 2013. https://timesofindia.indiatimes.com/india/Who-is-Devyani-Khobragade/articleshow/27659238.cms.
- ↑ "Acting Consul General of India in New York, Dr Devyani Khobragade Holds Conversation on Women's Rights and the Influence of Demographics in India with New York Young Leaders' Program". Australian Consulate-General, New York. 30 April 2013. http://www.newyork.consulate.gov.au/nycg/2222013.html। আহৰণ কৰা হৈছে: 7 January 2014.
- ↑ Roy, Shubhajit (20 January 2014). "Devyani likely to head MEA's overseas projects department". http://indianexpress.com/article/india/india-others/devyani-likely-to-head-meas-overseas-projects-department/.
- ↑ "Government takes disciplinary, administrative action against Indian diplomat Devyani Khobragade". Press Trust of India (Daily News and Analysis). 20 December 2014. http://www.dnaindia.com/india/report-government-takes-disciplinary-administrative-action-against-indian-diplomat-devyani-khobragade-2045675.
- ↑ "Devyani Khobragade reinstated as director in MEA". Indo Asian News Service (Zee News). 3 July 2015. http://zeenews.india.com/news/india/devyani-khobragade-reinstated-as-director-in-mea_1623871.html.
- ↑ Smriti Kak Ramachandran (3 July 2015). "Khobragade reinstated in new division". The Hindu. http://www.thehindu.com/news/national/devyani-khobragade-reinstated-in-new-division/article7380020.ece.
- ↑ "Devyani Khobragade, 2012 Rolls-Royce Scholar, Chevening Rolls-Royce Science and Innovation Leadership Programme". UK Government, Foreign and Commonwealth Office. 2012. http://www.chevening.org/india/crisp/scholars_2012/devyani_khobragade। আহৰণ কৰা হৈছে: 7 January 2014.
- ↑ "Devyani Khobragade Appointed India's Next Ambassador To Cambodia". https://www.ndtv.com/india-news/devyani-khobragade-appointed-indias-next-ambassador-to-cambodia-2304071.
- ↑ "More skeletons tumble out of Devyani Khobragade's cupboard". Firstpost.com. http://www.firstpost.com/world/more-skeletons-tumble-out-of-devyani-khobragades-cupboard-1301929.html। আহৰণ কৰা হৈছে: 28 February 2014.
