দেৱী কন্যা কুমাৰী
| দেৱী কন্যা কুমাৰী | |
|---|---|
দেৱীৰ চিত্ৰ | |
| দেৱনাগৰী | देवी कन्या कुमारि |
| সম্পৰ্ক | শাক্ত, শৈৱ, বৈষ্ণৱ |
| নিবাস | কন্যাকুমাৰী |
| বাহন | বাঘ বা সিংহ |
দেৱী কন্যা কুমাৰী (সংস্কৃত: देवी कन्या कुमारि, ৰোমানীকৃত: Dēvi Kanyā Kumāri) মহাদেৱীক কিশোৰী ছোৱালীৰ ৰূপত উপস্থাপন কৰা এগৰাকী হিন্দু দেৱী। হিন্দু ধৰ্মৰ বিভিন্ন পৰম্পৰাত তেওঁক পাৰ্বতী অথবা লক্ষ্মীৰ কিশোৰী ৰূপ বুলিও বিভিন্ন ধৰণে বৰ্ণনা কৰা হৈছে। শাক্ত সকলেও তেওঁক ভদ্ৰকালী দেৱীৰ অৱতাৰ হিচাপে পূজা কৰে৷ এই গৰাকী দেৱীক শ্ৰী বালা ভদ্ৰা, শ্ৰী বালা, কন্যা দেৱী, দেৱী কুমাৰী আদি বিভিন্ন নামেৰেও জনা যায়৷
উৎপত্তি
[সম্পাদনা কৰক]তামিলনাডুৰ আটাইতকৈ দক্ষিণ প্ৰান্তত অৱস্থিত কন্যাকুমাৰী নামেৰে জনাজাত চহৰখনৰ সৈতে এই দেৱীগৰাকী অবিচ্ছেদ্যভাৱে জড়িত। হেৰাই যোৱা পৌৰাণিক মহাদেশ কুমাৰী কণ্ডামৰ লগতো দেৱী কন্যা কুমাৰীৰ পূজা জড়িত হৈ আছে। পৰম কঠোৰতাৰে অবিৰত তপস্যা কৰা বানাসুৰক বধ কৰা দেৱী বুলি কন্যা কুমাৰীক গণ্য কৰা হয়। বৈষ্ণৱ সন্ত বাদিৰাজ তীৰ্থই তেওঁৰ তীৰ্থ প্ৰবন্ধ নামৰ গ্ৰন্থত বানাসুৰক বধ কৰিবলৈ লক্ষ্মী দেৱী কন্যা কুমাৰীৰ ৰূপত পৃথিৱীলৈ নামি আহিছিল বুলি বৰ্ণনা কৰিছে।[1]
দেৱী কন্যা কুমাৰীৰ নাম ৰামায়ণ, মহাভাৰত আৰু সংগম গ্ৰন্থ মণিমেকলাই, পুৰানানুৰু আৰু কৃষ্ণ যজুৰ্বেদৰ তৈত্তিৰীয় সংহিতাৰ বৈষ্ণৱ উপনিষদ নাৰায়ণ উপনিষদত উল্লেখ কৰা হৈছে।[2]
পেৰিপ্লাছ অৱ দ্য ইৰিথ্ৰিয়ান ছী (Periplus of the Erythraean Sea) গ্ৰন্থৰ লেখকে ভাৰতৰ অতি দক্ষিণ অংশত কন্যাকুমাৰী দেৱীৰ প্ৰভাৱৰ বিষয়ে লিখিছে; "কমৰি নামৰ এখন ঠাই আৰু বন্দৰ আছে, ইয়ালৈ সেইসকল পুৰুষ আহে যিসকলে গোটেই জীৱন নিজকে পবিত্ৰ কৰিব বিচাৰে৷ তেওঁলোকে ইয়ালৈ আহি স্নান কৰে যাতে সুখী বৈবাহিক জীৱনত যাপন কৰিব পাৰে আৰু মহিলাসকলেও একে দৰে স্নান কৰে; কাৰণ কোৱা হয় যে এসময়ত এগৰাকী দেৱীয়ে ইয়াত বাস কৰিছিল আৰু স্নান কৰিছিল।"[3][4] কন্যাকুমাৰী পূৰ্বতে চেৰা বংশৰ শাসনৰ অধীনত আছিল আৰু ব্ৰিটিছৰ অধীনলৈ অহাৰ আগলৈকে ট্ৰেভাংকোৰৰ শাসক ৰজাসকলৰ অধীনলৈ থাকে। ১৯৪৭ চনত ট্ৰাভাংকোৰে স্বাধীন ভাৰতত যোগদান কৰে। পিছলৈ ৰাজ্য বিভাজনৰ সময়ত কন্যাকুমাৰী তামিলনাডুৰ অংশ হয়।[5]
আদি পৰাশক্তিৰ নাৰীসুলভ দিশবোৰক (প্ৰকাশিত আৰু অপ্ৰকাশিত) প্ৰকৃতি বুলি কোৱা হয়, আৰু পুৰুষসুলভ দিশবোৰক পুৰুষ বুলি কোৱা হয়। প্ৰকৃতিক বিভিন্ন স্থানৰ বিভিন্ন হিন্দু সম্প্ৰদায়ে আদি-পৰাশক্তি, ভদ্ৰা, শক্তি, দেৱী, ভগৱতী, আম্মা, ৰাজৰাজেশ্বৰী আদি বিভিন্ন নামেৰে সম্বোধন কৰে।[4][6] সকলো বস্তুগত প্ৰকাশিত দিশ তথা অপ্ৰকাশিত ৰূপ জ্ঞান, সমৃদ্ধি আৰু শক্তিক নাৰীসুলভ প্ৰকৃতি বুলি গণ্য কৰা হয় আৰু প্ৰকৃতি বা মাতৃ দেৱী বুলি কোৱা হয়, আনহাতে সৃষ্টি, ধাৰণ আৰু নিয়ন্ত্ৰণৰ শক্তিৰ উৎসক পুৰুষসূলভ (পুৰুষ) পৰম ব্ৰহ্ম বুলি কোৱা হয়।[4][7]
তন্ত্ৰ পদ্ধতিত বিভিন্ন মন্দিৰত বিভিন্ন ধৰণে যেনে দক্ষিণাসৰ (সোঁহাতৰ পথ) (সাত্বিক ৰীতি), বামাসৰ (বাওঁহাতৰ পথ) (ৰাজসিক ৰীতি) আৰু মধ্যম (মিশ্ৰিত পথ) (তামসিক ৰীতি) আদি পদ্ধতিৰে প্ৰকৃতিৰ পূজা কৰা হয়। সাত্বিক বা দক্ষিণাসৰ পদ্ধতিৰ মন্দিৰত দেৱীৰ নাম 'শ্ৰী ভগৱতী' আৰু বামাসৰ (বাওঁ পদ্ধতি) আচাৰ-ব্যৱহাৰত 'মহা দেৱী' বুলি কোৱা হয়।[8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ S. K. Achar (1997). Sri Vadiraja's Teertha Prabhanda: An{{{1}}} Unique Travel Guide of 107 Holy Kshetras of Bharath. Srinivasa Publications, Tirumala Tirupati Devasthanams. পৃষ্ঠা. 94. https://books.google.com/books?id=L8TfPAAACAAJ.
- ↑ "Kanya Kumari Temple". Kanyakumari info. 2012. http://www.kanyakumari-info.com/kumari_amman_temple.html। আহৰণ কৰা হৈছে: 2013-07-24.
- ↑ Manna, Sibendu (1993). Mother Goddess Candi: Its Socio Ritual Impact on the Folk Life. South Asia Books. ISBN 8185094608.
- ↑ 4.0 4.1 4.2 "Kanyakumari Temples of Tamilnadu". templenet. 2013. http://www.templenet.com/Tamilnadu/kumari.html। আহৰণ কৰা হৈছে: 2013-07-25.
- ↑ "Siri kanyakumari Amman temple". Dinamalar. 2013. https://temple.dinamalar.com/en/new_en.php?id=614। আহৰণ কৰা হৈছে: 2013-07-25.
- ↑ "Legends of Kanya Kumari". Amritapuri. 8 February 2000. http://www.amritapuri.org/3687/kanya-kumari.aum। আহৰণ কৰা হৈছে: 2013-07-24.
- ↑ The Yajur Veda (Taittiriya Sanhita). BiblioBazaar. April 29, 2009. ISBN 978-0559137778.
- ↑ "Dakshinachara". Taantrik.com. 21 April 2013. Archived from the original on 19 August 2013. https://web.archive.org/web/20130819032631/http://www.taantrik.com/hindu-tantra-tradition/dakshinachara। আহৰণ কৰা হৈছে: 25 July 2013.