দেৱী সাৰতিকা
| দেৱী সাৰতিকা | |
|---|---|
| জন্ম | ৪ ডিচেম্বৰ, ১৮৮৪ চিচালেংকা, ডাচ ইষ্ট ইণ্ডিজ (বৰ্তমান চিচালেংকা, বাণ্ডুং ৰিজেন্সী) |
| মৃত্যু | ১১ ছেপ্টেম্বৰ, ১৯৪৭ (৬২ বছৰ) তাচিকমালয়া, পশ্চিম জাভা, ইণ্ডোনেছিয়া |
| পেচা | শিক্ষয়িত্ৰী |
| জনা যায় | মহিলাৰ শিক্ষা |
| দাম্পত্যসঙ্গী | ৰাডেন কান্দুৰূহান আগাহ চুৰিয়াৱিনাটা |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় বীৰ |
দেৱী সাৰতিকা (ইংৰাজী: Dewi Sartika; ৪ ডিচেম্বৰ ১৮৮৪ — ১১ ছেপ্টেম্বৰ ১৯৪৭) আছিল ইণ্ডোনেছিয়াৰ মহিলা শিক্ষাৰ এগৰাকী অধিবক্তা আৰু অগ্ৰণী। তেওঁ ডাচ ইষ্ট ইণ্ডিজত মহিলাৰ বাবে প্ৰথমখন বিদ্যালয় স্থাপন কৰিছিল। ১৯৬৬ চনত তেওঁক ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় বীৰ হিচাপে সন্মানিত কৰা হয়।
জীৱনী
[সম্পাদনা কৰক]দেৱী সাৰতিকা[1] ১৮৮৪ চনৰ ৪ ডিচেম্বৰত চিচালেংকাত চুণ্ডানীজ অভিজাত পিতৃ-মাতৃ আৰ. ৰংগা চোমানাংগাৰা আৰু আৰ. এ. ৰাজাপৰমাছৰ ঘৰত জন্মগ্ৰহণ কৰিছিল।[2][3] সৰু কালত স্কুলৰ ছুটীৰ পিছত বন্ধু-বান্ধৱীৰ লগত খেলাৰ সময়ত তেওঁ প্ৰায়েই শিক্ষয়িত্ৰী হোৱাৰ ভাও জুৰিছিল।[2][4] পিতৃৰ মৃত্যুৰ পাছত তেওঁ খুৰাকৰ লগত থাকিবলৈ লয়। খুৰাকৰ তত্ত্বাৱধানত থাকোঁতে তেওঁ চুণ্ডানীজ সংস্কৃতিৰ শিক্ষা লাভ কৰিছিল, আনহাতে পশ্চিমীয়া সংস্কৃতিৰ জ্ঞান এজন আৱাসিক সহায়কৰ পত্নীৰপৰা তেওঁলৈ বৈ আহিছিল।[5] ১৮৯৯ চনত তেওঁ বাণ্ডুঙলৈ গুচি যায়।[4]
১৯০৪ চনৰ ১৬ জানুৱাৰীত তেওঁ বাণ্ডুং ৰিজেন্সীৰ পেনডোপোৰ (পাচিবান কুলন) এটা চুকত 'চাকোলা ইস্ত্ৰী' নামৰ এখন বিদ্যালয় স্থাপন কৰে। পৰৱৰ্তী সময়ত এই বিদ্যালয়খন জালান চিগুৰিয়াঙলৈ স্থানান্তৰিত কৰা হয় আৰু ১৯১০ চনত বিদ্যালয়খনৰ নাম সলনি কৰি 'চাকোলা কাউটামান ইস্ত্ৰী' (মহিলাৰ বাবে উৎকৰ্ষ বিদ্যালয়) কৰা হয়।[6][7] ১৯১২ চনলৈকে পশ্চিম জাভাৰ চহৰ বা ৰিজেন্সীসমূহত নখন 'চাকোলা কাউটামান ইস্ত্ৰী' আছিল আৰু ১৯২০ চনৰ ভিতৰত সকলোবোৰ চহৰ আৰু ৰিজেন্সীতে এখনকৈ বিদ্যালয় গঢ়ি উঠিছিল।[5] ১৯২৯ চনৰ ছেপ্টেম্বৰ মাহত এই বিদ্যালয়খনৰ নাম সলনি কৰি 'চাকোলা ৰাডেন দেৱী' কৰা হয়।[5]
১৯৪৭ চনৰ ১১ ছেপ্টেম্বৰত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় বিপ্লৱৰ বাবে বাণ্ডুঙৰপৰা পলায়ন কৰি থকা অৱস্থাত তাচিকমালয়াৰ চিনেয়ামত তেওঁৰ মৃত্যু হয়।[5][8]
দেৱী সাৰতিকাৰ পৰিয়ালৰ সদস্যই তেওঁৰ কবৰটো চিনেয়ামৰপৰা বাণ্ডুঙৰ জালান কাৰাং এন্যাৰত থকা 'মাকাম পাৰা বুপাটি বাণ্ডুং'লৈ স্থানান্তৰিত কৰাৰ পদক্ষেপ লয়।
উত্তৰাধিকাৰ
[সম্পাদনা কৰক]তেওঁৰ নাম দেৱী সাৰতিকা সেই ৰাস্তাটোৰ নাম হিচাপে জনাজাত য’ত তেওঁৰ বিদ্যালয়খন আছিল। ইয়াৰ উপৰি ইণ্ডোনেছিয়াৰ বিভিন্ন চহৰত তেওঁৰ নাম ব্যৱহাৰ কৰা হয়।[2][9][10] শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ প্ৰতি সন্মান জনাই 'চাকোলা কাউটামান ইস্ত্ৰী'ৰ ৩৫সংখ্যক বৰ্ষপূৰ্তিত তেওঁক 'অৰ্ডাৰ অৱ অৰেঞ্জ-নাচাউ' বঁটাৰে সন্মানিত কৰা হয়।[5][8] ১৯৬৬ চনৰ ১ ডিচেম্বৰত তেওঁ 'ৰাষ্ট্ৰীয় আন্দোলনৰ বীৰাংগনা' উপাধি লাভ কৰে।[7][8]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯০৬ চনত তেওঁ 'চাকোলা কাৰাং পামুলাং'ৰ (শিক্ষক প্ৰশিক্ষণ বিদ্যালয়) শিক্ষক ৰাডেন কান্দুৰূহান আগাহ চুৰিয়াৱিনাটাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[5]
শ্ৰদ্ধাঞ্জলি
[সম্পাদনা কৰক]২০১৬ চনৰ ৪ ডিচেম্বৰত গুগলে তেওঁৰ ১৩২সংখ্যক জন্মদিনটো এটা গুগল ডুডলেৰে উদ্যাপন কৰে।[11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "5 Pahlawan Perempuan yang Jarang Diketahui" (id ভাষাত). Woman Indonesia. November 9, 2021. https://www.womanindonesia.co.id/pahlawan-perempuan-yang-jarang-diketahui/.
- 1 2 3 Aning S. 2005, পৃষ্ঠা 65
- ↑ Agustina 2009, পৃষ্ঠা 41
- 1 2 Sudarmanto 2007, পৃষ্ঠা 154
- 1 2 3 4 5 6 Agustina 2009, পৃষ্ঠা 42
- ↑ Aning S. 2005, পৃষ্ঠা 65–66
- 1 2 "Dewi Pendidikan dari Cicalengka". tokohindonesia.com. Archived from the original on 3 March 2016. https://web.archive.org/web/20160303214042/http://www.tokohindonesia.com/biografi/article/295-pahlawan/657-dewi-pendidikan-dari-cicalengka। আহৰণ কৰা হৈছে: 6 January 2011.
- 1 2 3 Aning S. 2005, পৃষ্ঠা 66
- ↑ "Dewi Sartika" (id ভাষাত). Kajanglako. http://kajanglako.com/id-10278-post-dewi-sartika.html। আহৰণ কৰা হৈছে: 2021-04-24.[সংযোগবিহীন উৎস]
- ↑ "Pahlawan Nasional: Dewi Sartika - Bobo" (id ভাষাত). bobo.grid.id. https://bobo.grid.id/read/08678744/pahlawan-nasional-dewi-sartika। আহৰণ কৰা হৈছে: 2021-04-24.
- ↑ "Dewi Sartika’s 132rd Birthday" (en ভাষাত). www.google.com. https://doodles.google/doodle/dewi-sartikas-132rd-birthday/। আহৰণ কৰা হৈছে: 2020-09-02.
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Dewi Sartika সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Agustina, Fenita (2009) (id ভাষাত). ১০০ গ্ৰেট উইমেন: চুবৰা পেৰেম্পুৱান ইয়াং মেংগিন্সপিৰাচি দুনিয়া. প্ৰকাশক Yogyakarta: Jogja Bangkit Publisher. ISBN 978-602-8620-28-4. https://books.google.com/books?id=ijQ4vFcdpjAC.
- Aning S., Floriberta (2005) (id ভাষাত). ১০০ টোকোহ ইয়াং মেংউবাহ ইণ্ডোনেছিয়া: বিঅ’গ্ৰাফি চিংগাট চেৰাটুচ টোকোহ পালিন বেৰপেনগাৰুহ ডালাম চেজাৰাহ ইণ্ডোনেছিয়া দি আবাদ ২০. প্ৰকাশক Yogyakarta: Narasi. ISBN 978-979-756-475-9. https://books.google.com/books?id=7jm2v03OKRYC.
- Sudarmanto, J.B. (2007) (id ভাষাত). জেজাক-জেজাক পাহলাৱান: পেৰেকাত কেচাটুৱান বাংসা ইণ্ডোনেছিয়া. প্ৰকাশক Jakarta: Grasindo. ISBN 978-979-759-716-0. https://books.google.com/books?id=a53K2ngY_Y8C.