দেৱী (১৯৬০ চলচ্চিত্ৰ)
দেৱী | |
---|---|
![]() ছবিখনৰ বঙালী ভাষাৰ পোষ্টাৰ | |
পৰিচালক | সত্যজিৎ ৰায় |
ৰচনা | প্ৰভাত কুমাৰ মুখোপাধ্যায় |
প্ৰযোজক | সত্যজিৎ ৰায় |
অভিনয়ত | শৰ্মিলা ঠাকুৰ সৌমিত্ৰ চেটাৰ্জী ছবি বিশ্বাস |
চিত্ৰগ্ৰহণকাৰী | সুব্ৰত মিত্ৰ |
সম্পাদনা | দুলাল দত্ত |
সংগীত পৰিচালক | আলি আকবৰ খান |
মুক্তি |
১৯ ফেব্ৰুৱাৰী ১৯৬০ |
দৈৰ্ঘ্য |
৯৩ মিনিট |
দেশ | ভাৰত |
ভাষা | বঙালী |
দেৱী (ইংৰাজী: Devi ) ১৯৬০ চনত মুক্তি পোৱা পৰিচালক সত্যজিৎ ৰায়ে পৰিচালনা কৰা এখন বঙালী ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ। অভিনয় কৰিছে শৰ্মিলা ঠাকুৰ, সৌমিত্ৰ চেটাৰ্জী আৰু ছবি বিশ্বাস। প্ৰভাত কুমাৰ মুখোপাধ্যায়ৰ এটি চুটিগল্পৰ আধাৰত ছবিখনৰ কাহিনী ৰচনা কৰা হৈছে। ছবিখনত এজন জমিদাৰে তেওঁৰ বোৱাৰীয়েক দেৱীৰ অৱতাৰ ৰূপে বিশ্বাস কৰাৰ কাহিনী বৰ্ণনা কৰা হৈছে। একাডেমী ফিল্ম আৰ্কাইভত ১৯৯৬ চনত দেৱীক সংৰক্ষণ কৰা হৈছে।[1]
কাহিনীৰ সাৰাংশ
[সম্পাদনা কৰক]ঊনবিংশ শতিকাৰ চান্দপুৰৰ জমিদাৰ কালীকিংকৰ। তেওঁ মা কালীৰ পৰম ভক্ত। এদিন সপোনত তেওঁ সৰু বোৱাৰীয়েক দয়াময়ীক কালীৰ ৰূপত দেখা পায়। দয়াময়ীক মা কালীৰ ৰূপ হিচাপে পূজা অৰ্চনা আৰম্ভ হ’ল। এনেতে এটা মৃতপ্ৰায় শিশুক কৰুণাময়ী মাতৃৰ চৰণলৈ লৈ অহা হয় আৰু শিশুটো সুস্থ হৈ উঠে। এই খবৰ চৌদিশে প্ৰচাৰ হৈ যোৱাৰ পিছত অনেক ব্যক্তি তেওঁৰ ওচৰলৈ আশীষ বিচাৰি আহে। এই ঘটনাৰ খবৰ পাই কলকাতাত পঢ়ি থকা দয়াময়ীৰ স্বামী উমাপ্ৰসাদ ঘৰলৈ উভতি আহে আৰু তেওঁক এইবোৰ ভুল প্ৰথা বুলি বুজাই কলকাতালৈ লৈ যাব বিচাৰে। কিন্তু দয়াময়ীয়েও ইতিমধ্যে নিজকে কালীৰ ৰূপ বুলি ভাবিবলৈ আৰম্ভ কৰিছিল আৰু সেয়েহে তেওঁ স্বামীৰ সৈতে কলকাতালৈ যাবলৈ অস্বীকাৰ কৰে।
ইফালে এদিন দয়াময়ী আৰু উমাপ্ৰসাদৰ সন্তান খোকাৰ তীব্ৰ জ্বৰ উঠে। সেই জ্বৰতে দয়াময়ীৰ হাততে তাৰ মৃত্যু হয়; মা কালীৰ ৰূপ হৈয়ো মাকে তাক বচাব নোৱাৰিলে। শেষ দৃশ্যত দয়াময়ীক এখন পথাৰত দৌৰি দৌৰি গৈ অদৃশ্য হৈ পৰা দেখা যায়।
সঁহাৰি
[সম্পাদনা কৰক]মুক্তিৰ লগে লগে ছবিখনে সমালোচকৰ প্ৰশংসা লাভ কৰে।[2] ৰিভিউ এগ্ৰিগেটৰ ৱেবছাইট ৰ’টেন টমেটোজত ছবিখনৰ ১৭ জন সমালোচকৰ সমালোচনা ৭.৭/১০ গড় ৰেটিঙেৰে ১০০% ইতিবাচক আছিল।[3]
পৰিচালক উইলিয়াম ৱাইলাৰ আৰু ইলিয়া কাজানে ছবিখনক "চেলুলয়ডৰ কবিতা" বুলি অভিহিত কৰে।[4][5] পৰিচালক ফ্ৰান্সিছ ফৰ্ড কপ'লাই দেৱীক সত্যজিতৰ শ্ৰেষ্ঠ কৃতি বুলি গণ্য কৰি ইয়াক "চলচ্চিত্ৰৰ মাইলৰ খুঁটি" বুলি উল্লেখ কৰে।[6]
ছবিখন এলেন ছিয়েৰৰ দ্বাৰা দ্য গডেছ অপেৰালৈ ৰূপান্তৰিত কৰা হয়।[7]
অভিনয় শিল্পী
[সম্পাদনা কৰক]- শৰ্মিলা ঠাকুৰ (দয়াময়ী)
- সৌমিত্ৰ চেটাৰ্জী (উমাপ্ৰসাদ)
- ছবি বিশ্বাস (কালীকিংকৰ ৰায়)
- কৰুণা বেনাৰ্জী (হাৰুসুন্দৰী, তাৰাপ্ৰসাদৰ পত্নী)
- পূৰ্ণেন্দু মুখাৰ্জী (তাৰাপ্ৰসাদ, কালিকিংকৰৰ ডাঙৰ পুত্ৰ)
- অৰ্পন চৌধুৰী (খোকা)
- অনিল চেটাৰ্জী ((ভূদেৱ)
- মহম্মদ ইজৰায়েল (নিবাৰণ, যাৰ পুত্ৰ সুস্থ হৈ উঠিছিল)
- কালি শংকৰ (প্ৰফেচাৰ)
- খগেশ চক্ৰৱৰ্তী (কবিৰাজ)
- সান্তনা দেৱী (সৰলা)
- নগেন্দ্ৰনাথ কাব্যব্যকৰণতীৰ্থ (পুৰোহিত)
বঁটা
[সম্পাদনা কৰক]- ৮ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬০):বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰৌপ্য পদক[8]
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ "Preserved Projects". Academy Film Archive. http://www.oscars.org/academy-film-archive/preserved-projects?title=&filmmaker=satyajit+ray&category=All&collection=All। আহৰণ কৰা হৈছে: 11 August 2016.
- ↑ "Screen: Satyajit Ray's 'Devi' Arrives:Indian Film Deals With a Religious Conflict: Creator of 'Apu' Plays Old Against New". The New York Times print archive. 8 October 1962. https://www.nytimes.com/movie/review?res=9F0CE1D6103EE43BBC4053DFB6678389679EDE। আহৰণ কৰা হৈছে: 6 August 2022.
- ↑ "Devi (The Goddess)". Rotten Tomatoes. 11 July 2007. https://www.rottentomatoes.com/m/devi। আহৰণ কৰা হৈছে: 18 January 2025.
- ↑ Gupta, Ranjan Das (30 April 2011). "Ray at Cannes". The Hindu Times. https://www.thehindu.com/features/cinema/Ray-at-Cannes/article14906744.ece.
- ↑ Roisin, Fariha (18 August 2014). "Why the Best American Filmmakers Owe a Debt to Satyajit Ray". IndieWire. http://www.indiewire.com/2014/08/why-the-best-american-filmmakers-owe-a-debt-to-satyajit-ray-23072/। আহৰণ কৰা হৈছে: 25 May 2019.
- ↑ Gupta, Ranjan Das (27 November 2010). "Back behind the camera" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/features/magazine/Back-behind-the-camera/article15718304.ece.
- ↑ "Allen Shearer". American Composers Forum. Archived from the original on 9 December 2021. https://web.archive.org/web/20211209195350/https://composersforum.org/members/allenshearer/। আহৰণ কৰা হৈছে: 7 December 2021.
- ↑ "8th National Film Awards". International Film Festival of India. http://iffi.nic.in/Dff2011/Frm8thNFAAward.aspx। আহৰণ কৰা হৈছে: 7 September 2011.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Devi সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- satyajitray.org