সমললৈ যাওক

দে এষ্ট্ৰ'নমিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Ratdolt সংস্কৰণৰ De astronomia-ৰ দুটা পৃষ্ঠা, য’ত কেছিঅ'পীয়া আৰু আন্দ্ৰ'মেডা নক্ষত্ৰমণ্ডলীৰ কাঠৰ খোদিত ছবি আছে। সৌজন্যে: ইউএস নেভাল অবজাৰ্ভেটৰি গ্ৰন্থাগাৰ

দে এষ্ট্ৰ'নমিয়া (Latin: [deː äs̠t̪rɔˈnɔmiä]; জ্যোতিৰ্বিজ্ঞান সম্পৰ্কে)[nb 1] এইটো এখন লেটিন ভাষাৰ গ্ৰন্থ, সম্ভৱতঃ আগষ্টাচৰ শাসনকালত (প্ৰায় ২৭ খ্ৰীষ্টপূৰ্ব - খ্ৰীষ্টীয় ১৪) লিখা হৈছিল। "হাইজিনাচ" নামেৰে অভিহিত কৰা এই গ্ৰন্থখনৰ প্ৰকৃত লেখক কোৱা কঠিন। তথাপিও, কলা ইতিহাসবিদ ক্ৰিষ্টেন লিপিনকটৰ মতে, লেখকজন সম্ভৱতঃ গাইয়াছ জুলিয়াছ হাইজিনাচ আছিল, যি আগষ্টাচৰ শাসনকালত পেলেটিন গ্ৰন্থাগাৰ পৰিচালনা কৰিছিল।[2]

এই গ্ৰন্থখনত টলেমাইক ৪৮ নক্ষত্ৰমণ্ডলীৰ পৰা ৪৭টাৰ বিৱৰণ আছে, য’ত প্ৰধানভাৱে গ্ৰীক আৰু ৰোমান নক্ষত্ৰমণ্ডলীৰ কাহিনী দিয়া হৈছে। যদিও ইয়াত কিছুমান নক্ষত্ৰৰ আপেক্ষিক অৱস্থানো উল্লেখ কৰা হৈছে। এই কাহিনীসমূহ মূলতঃ ইৰাট'ষ্টেনিছ ৰ Catasterismi গ্ৰন্থৰ আধাৰত লিখা।

এষ্ট্ৰ'নমিয়া গ্ৰন্থখন সংক্ষিপ্তাকাৰ ৰূপ। এনচাইক্লপিডিয়া ব্ৰিটানিকা একাদশ সংস্কৰণ অনুসৰি, গ্ৰন্থখনৰ ভাষাৰ সৰলতা আৰু কিছুমান ভুলৰ বাবে, এইটো ছি. জুলিয়াছ হাইজিনাচৰ দৰে প্ৰসিদ্ধ পণ্ডিতজনৰ দ্বাৰা লিখা হোৱা নেকি সন্দেহ থকা কথা।[3]

লেটিন ভাষাত প্ৰথম সংস্কৰণ ৰূপে দে এষ্ট্ৰ'নমিয়া প্ৰথমবাৰৰ বাবে ১৪৭৫ চনত অগাস্টিন কাৰ্নেৰিয়াছে প্ৰকাশ কৰিছিল।[4] তাৰপিছত ১৪৮২ চনত এৰহাৰ্ড ৰেটডল্টে গ্ৰন্থখন প্ৰকাশ কৰিছিল, য’ত ”Clarissimi Viri Hyginii Poeticon Astronomicon Opus Utilissimum” সম্পূৰ্ণ শিৰোনামটো আছিল। ৰেটডল্টে এই সংস্কৰণৰ বাবে নক্ষত্ৰমণ্ডলীৰ কাঠৰ খোদিত ছবি তৈয়াৰ কৰিবলৈ আদেশ দিছিল।[5] এই নক্সাসমূহ বহু পৰৱৰ্তী নক্ষত্ৰ-মানচিত্ৰৰ বাবে আদৰ্শ ৰূপে কাম কৰিছিল।

যদিও দে এষ্ট্ৰ'নমিয়া গ্ৰন্থখন নক্ষত্ৰ চিনাক্তকৰণৰ বাবে অতি উপযোগী নহয়, এইটোৱে গ্ৰীক পুৰাণত প্ৰচলিত কিছুমান দুৰ্লভ কাহিনী সংৰক্ষণ কৰি ৰাখিছে।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Poeticon Astronomicon[1]} নামেয়ো জনা যায়।
উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "nb" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="nb"/> টেগ্‌ পোৱা নগ'ল
  1. উদাহৰণস্বৰূপে, Gordon (1975), p. 154-ত গ্ৰন্থখন "হাইজিনাচ' পয়েটিকন এষ্ট্ৰ'ন'মাইকন" বুলি উল্লেখ কৰা হৈছে।
  2. Lippincott, Kristen (2011). "The Textual Tradition of the De Astronomia of Hyginus". The Saxl Project. পৃষ্ঠা: 1. https://www.thesaxlproject.com/assets/Uploads/Hyginus-full-commentary-text-6-November-2011.pdf আহৰণ কৰা হৈছে: January 19, 2024.
  3. "Julius Hyginus Poeticon Astronomicon". https://www.theiet.org/resources/library/archives/featured/julius-hyginus.cfm আহৰণ কৰা হৈছে: 2019-01-18.
  4. Lippincott (2011), p. 13.
  5. Lippincott (2011), p. 185, note 246.
  6. Ridpath, Ian. "Star Tales: Illustrating the works of Aratus and Hyginus". ianridpath.com. http://www.ianridpath.com/startales/aratea.html আহৰণ কৰা হৈছে: January 19, 2024.