সমললৈ যাওক

দৈজিং উৎসৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দৈজিং উৎসৱ
আৰম্ভ ডিচেম্বৰ ২৭
শেষ জানুৱাৰী ৭
অন্তৰ প্ৰতিবছৰ
ঠাই আই নদী, চিৰাং জিলা, অসম
প্ৰথমবাৰ পালন ২০১৬–১৭
শেহতীয়া ২০১৯–২০

দৈজিং উৎসৱ (ইংৰাজী: Dwijing Festival) বা আই নদী উৎসৱ হৈছে চিৰাং জিলাৰ আই নদীৰ পাৰত হাগ্ৰামা দলঙৰ কাষত অনুষ্ঠিত এক বাৰ্ষিক নদী উৎসৱ।[1][2][3] উৎসৱটো প্ৰতিবছৰে ১২ দিন ধৰি (২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈকে) উদ্‌যাপন কৰা হয়।[2][4]

শব্দৰ উৎস

[সম্পাদনা কৰক]

“দৈজিং” শব্দটো বড়ো ভাষাৰপৰা আহিছে, য’ত দৈ মানে “পানী” আৰু জিং মানে “নদীৰপাৰ”।[2] আই নদীৰ পাৰত এই উৎসৱ উদ্‌যাপন কৰা হয়, যাৰ সৈতে স্থানীয় লোকসকলে গভীৰ সাংস্কৃতিক সংযোগ ৰাখে।[5]

দৈজিং উৎসৱ, ৰাতিৰ দৃশ্য

দৈজিং উৎসৱৰ আৰম্ভণি অসম পৰ্যটন বিভাগ, অসম পৰ্যটন বিকাশ নিগম আৰু বড়োলেণ্ড টুৰিজমৰ যৌথ উদ্যোগত ২০১৬ চনত হৈছিল।[1][6][7] উৎসৱৰ মূল উদ্দেশ্য আছিল নদী পৰ্যটনক উৎসাহিত কৰা আৰু বড়োলেণ্ডৰ সংস্কৃতি আৰু পৰম্পৰাক বিশ্বৰ আগত দাঙি ধৰা ।[1] চতুৰ্থ তথা শেষবাৰ এই উৎসৱ ২০১৯–২০ চনৰ শীত কালত অনুষ্ঠিত হৈছিল।

বাগুৰুম্বা নৃত্য পৰিবেশন

এই উৎসৱ হাগ্ৰামা দলঙৰ ওচৰত অনুষ্ঠিত হয়, যিখন অসমৰ আটাইতকৈ দীঘল গ্ৰাম্য নদী দলং।[1] ইয়াত জনজাতীয় বাণিজ্য, খাদ্য-সংস্কৃতি, ক্ৰীড়া, অভিযানমূলক কাৰ্যকলাপ, নদী ৰাফটিং, হেলিকপ্টাৰ ভ্ৰমণ আৰু সাংস্কৃতিক অনুষ্ঠানাদি অনুষ্ঠিত হয়।[8] বলিউডৰ বহুজন খ্যাতনামা শিল্পীয়ে ইয়াত পৰিৱেশন কৰিছে।[1] এই উৎসৱে স্থানীয় লোকসকলৰ জীৱন-যাত্ৰা উন্নত কৰা, নতুন কৰ্মসংস্থান সৃষ্টি কৰা আৰু অৰ্থনৈতিকভাৱে অঞ্চলটো বিকাশ কৰাৰ উদ্দেশ্যও বহন কৰে।[9]

দৈজিং উৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত বলীউডৰ কণ্ঠশিল্পী শেখৰ আৰু জোনিতা গান্ধী

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 Hassan, Ali Fauz. "Assam's Dwijing fest to begin next week" (as ভাষাত). The Telegraph. https://www.telegraphindia.com/north-east/assam-s-dwijing-fest-to-begin-next-week-15-lakh-visitors-expected/cid/1679365 আহৰণ কৰা হৈছে: 2024-06-09.
  2. 1 2 3 "Staging 'DWI' during DWIJING Festival" (as ভাষাত). Wildlife Trust of India. https://www.wti.org.in/news/staging-dwi-during-dwijing-festival/ আহৰণ কৰা হৈছে: 2024-06-09.
  3. "Aie River (Dwijing Festival) | Chirang District | Government Of Assam, India" (as ভাষাত). চিৰাং জিলাৰ চৰকাৰী ৱেবছাইট. Archived from the original on 2024-06-10. https://web.archive.org/web/20240610230211/https://chirang.assam.gov.in/tourist-place-detail/273 আহৰণ কৰা হৈছে: 2024-06-09.
  4. "River tourism project 'Dwijing Festival' to begin on Dec 27" (as ভাষাত). Business Standard. https://www.business-standard.com/article/pti-stories/river-tourism-project-dwijing-festival-to-begin-on-dec-27-118121900908_1.html আহৰণ কৰা হৈছে: 2024-06-09.
  5. "River tourism project 'Dwijing Festival' to begin on Dec 27" (as ভাষাত). Business Standard. https://www.business-standard.com/article/pti-stories/river-tourism-project-dwijing-festival-to-begin-on-dec-27-118121900908_1.html আহৰণ কৰা হৈছে: 2024-06-09.
  6. "Dwijing Festival begins at Aie River in Chirang" (as ভাষাত). Assam Times. 2018-12-27. https://www.assamtimes.org/node/21769 আহৰণ কৰা হৈছে: 2024-06-09.
  7. NEWS, NE NOW (2019-12-27). "Dwijing Festival begins in Assam" (as ভাষাত). NORTHEAST NOW. http://nenow.in/north-east-news/assam/dwijing-festival-begins-in-assam.html আহৰণ কৰা হৈছে: 2024-06-09.
  8. "Dwijing festival wins 5 awards at WOW Awards Asia 2020" (as ভাষাত). The Times of India. 2020-08-18. https://timesofindia.indiatimes.com/city/guwahati/dwijing-festival-wins-5-awards-at-wow-awards-asia-2020/articleshow/77609002.cms.
  9. "Dwijing festival will help economy: Assam chief minister Sarbananda Sonowal" (as ভাষাত). The Times of India. 2018-12-30. https://timesofindia.indiatimes.com/city/guwahati/dwijing-festival-will-help-economy-cm/articleshow/67304422.cms.