দোতমা
দোতমা | |
|---|---|
নগৰ | |
![]() | |
| দেশ | ভাৰত |
| ৰাজ্য | অসম |
| জিলা | কোকৰাঝাৰ |
| জনসংখ্যা (২০১১) | |
• মুঠ |
১,৪৪,৩৯৩ |
দোতমা হৈছে উত্তৰ-পূবৰ ভাৰতৰ অসম ৰাজ্যৰ বিটিএডিৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ এখন নগৰ। এই ঠাইখন জিলা আয়ক, বিকাশমূলক ব্লক আৰু চৰকাৰী দপ্তৰৰ বাবে মুখ্য কেন্দ্ৰ।
ইতিহাস
[সম্পাদনা কৰক]১৮৬৪ চনৰ ভূটান যুদ্ধৰ অন্তত, বৃটিছ আৰু ভূটানীসকলে ১৮৬৫ চনত সিঞ্চুলা চুক্তিত স্বাক্ষৰ কৰে। চুক্তিৰ অধীনত, ১৮টা ভূটান দুৱাৰ পূৰ্ব আৰু পশ্চিম দুৱাৰত বিভক্ত কৰা হয়। মানাহ আৰু সোণকোষ নদীৰ মাজৰ ভূমি পূৰ্ব দুৱাৰ জিলা হিচাপে গঠিত হয় আৰু ডেপুটি কমিছনেৰৰ অধীনত, দোতমা কেন্দ্ৰ কৰি প্ৰশাসন কৰা হৈছিল।
৩ ডিচেম্বৰ ১৮৬৬ চনৰ চৰকাৰী সূচনাৰ জৰিয়তে পূৰ্ব দুৱাৰক গোৱালপৰা অন্তৰ্গত কৰা হয় আৰু গোৱালপৰা অসম ৰাজ্যৰপৰা পৃথক কৰি কুচবিহাৰ উপ-বিভাগৰ অধীনৰ কমিছনেৰক দিয়া হয়।
প্ৰশাসনিক সুবিধাৰ বাবে ১০ আগষ্ট ১৮৬৮ চনত গোৱালপাৰা জিলা নাগৰিক আৰু দণ্ডবিধিৰ অধীনতা অসমৰ জুডিচিয়েল কমিছনেৰলৈ পুনঃৰিবণ্টিত কৰা হৈছিল, কিন্তু কাৰ্যনিৰ্বাহী নিয়ন্ত্ৰণ কুচবিহাৰৰ কমিছনেৰৰ হাতত ৰৈছিল। ১৮৭৪ চনত অসম পৃথক প্ৰশাসনিক অঞ্চল হিচাপে গঠিত হোৱাৰ লগে লগে গোৱালপাৰা আৰু দোতমা নতুন ৰাজ্যৰ অংশ হিচাপে অন্তৰ্ভুক্ত কৰা হয়। প্ৰথমে জিলা কেন্দ্ৰ গোৱালপৰা থাকিল, কিন্তু ১৮৭৯ চনত ধুবুৰীলৈ স্থানান্তৰ কৰা হয়।
১৯শ শতিকাত বৃটিছসকলে দোতমাক ব্যাৱসায়িক কেন্দ্ৰ হিচাপে স্বীকাৰ কৰি নাৰ' গেজ ৰেইলৱে নিৰ্মাণ কৰে, যাতে কচুগাঁৱৰপৰা কাঠ লগ আনি দোতমাত থলুৱংগাপুৰীত (উপেন্দ্ৰ নাথ ব্ৰহ্মা, বড়ো জাতিৰ পিতৃৰ সমাধিস্থল) ৰাখি ফকিৰাগ্ৰামলৈ পঠিয়াব পাৰি।
ইয়াৰ উপৰি, এজন কিংবদন্তি বীৰ আছিল যাক জাওলিয়া দেওয়ান বা সিকনা মেচ বুলি জনা যায়। বৃটিছ আৰু ভুটিয়াসৰ মাজত যুদ্ধ হোৱাৰ সময়ত সিকনা মেচ ভূটানী দলেৰে জড়িত আছিল। তেওঁ নিজৰ ৰাজধানী সিকনাজাৰ এৰি দোতমাৰ ডাঙাৰকুটি গাঁৱত আশ্ৰয় লয় আৰু গৰ্ভৱতী পত্নী কাষৰীয়া ভালুকমাৰী গাঁৱত লুকুৱাই ৰাখে। বৃটিছসকলে তেওঁক পৰাস্ত কৰে আৰু পাছত আলি খুংৰী নদীত হত্যা কৰে।
সৰ্বজনীন সেৱাসমূহ
[সম্পাদনা কৰক]পুলিচ আৰু সুৰক্ষা
[সম্পাদনা কৰক]- দোতমা পুলিচ ষ্টেচন
- কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ ফৰ্চ
বিনোদন
[সম্পাদনা কৰক]থুলুংগাপুৰী উদ্যান
[সম্পাদনা কৰক]থুলুংগাপুৰী ভাৰতৰ অসমৰ কোকৰাঝাৰ জিলাৰ দোতমাত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি উৎসৰ্গিত এক স্মৃতিসৌধ৷ ১৯৯০ চনৰ ১ মে’ত মুম্বাইত বডোফাৰ মৃত্যু হয় আৰু তেওঁক ডোটমাত সমাধিস্থ কৰা হয় যিটো বৰ্তমান থুলুংগাপুৰী নামেৰে জনাজাত।[1]
শিক্ষা
[সম্পাদনা কৰক]মাধ্যমিক বিদ্যালয়সমূহ
[সম্পাদনা কৰক]- ডি পল'চ পাব্লিক স্কুল, দোতমা
- ছেইণ্ট ফ্ৰান্সিছ জেভিয়াৰ স্কুল
- দোতমা গাৰ্লছ হাই স্কুল
- দোতমা হায়াৰ ছেকেণ্ডাৰী স্কুল
- দোতমা জে বি স্কুল
- ইউ.এন. একাডেমী
- গুৰুদেৱ কালিচৰণ ব্ৰহ্মা একাডেমী
বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহ
[সম্পাদনা কৰক]- বড়োফা ইউ.এন. ব্ৰহ্মা কলেজ
খেলা-ধূলা
[সম্পাদনা কৰক]ষ্টেডিয়ামসমূহ
[সম্পাদনা কৰক]- দাসা ফীল্ড
দলসমূহ
[সম্পাদনা কৰক]ফুটবল
[সম্পাদনা কৰক]- দোতমা দাসা XI
প্ৰতিযোগিতা
[সম্পাদনা কৰক]ফুটবল
[সম্পাদনা কৰক]- দাওহাৰু মুঙকলং ট্ৰফি
- দোতমা গাঁও প্ৰতিযোগিতা
- দোতমা বিদ্যালয় প্ৰতিযোগিতা
ভাষা
[সম্পাদনা কৰক]দোতমাত মূলতঃ বড়ো ভাষা প্ৰচলিত। ইয়াৰ উপৰিও ইয়াত অসমীয়া, বাংলা, ৰাজবংশী আদি ভাষা চলে। চৰকাৰী কাম-কাজত বড়ো, অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষা চলে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Trade, TI. "The Assam Tribune Online". www.assamtribune.com. http://www.assamtribune.com/scripts/mdetails.asp?id=apr0316/state053। আহৰণ কৰা হৈছে: 2017-05-16.[সংযোগবিহীন উৎস]
