দোহোৰী
দোহোৰী (নেপালী: दोहोरी) নেপালৰ এক প্ৰকাৰৰ লোকসংগীত। সাধাৰণতে এটা মহিলা আৰু এটা পুৰুষৰ দুটা দলে মিলি গোৱা ই এক নেপালী বৈশিষ্ট্যৰ সংগীত।[1] এই গীতত প্ৰশ্ন আৰু উত্তৰৰ ৰূপত গীতটো গোৱা হয়। এটা দলে গীতৰ সুৰত এটা প্ৰশ্ন গায় আৰু প্ৰতিপক্ষই সমানে গীতিময় সাধাৰণ যৌগিক গীতিকথাৰ জৰিয়তে তাৰ উত্তৰ দিয়ে আৰু ই সলনা-সলনিকৈ হৈ থাকে। দোহোৰি শব্দটোৰ অৰ্থ হৈছে 'আগলৈ পিছলৈ' বা দোহাৰি থকা, আৰু ই প্ৰতিযোগী গায়কসকলৰ মাজত গীতিময় বাক্যাংশৰ আদান-প্ৰদানক বুজায়।[2] গীত নিৰ্মাণ পৰস্পৰ সহযোগিতামূলক আৰু ইয়াত বহু ব্যক্তি জড়িত হৈ থাকে।[3][4]
সকলো নেপালী লোকগীতৰ দৰে দোহোৰিৰ উৎপত্তি নেপালৰ গ্ৰাম্য অঞ্চলত হৈছিল আৰু বৰ্তমান ইয়াক গ্ৰাম্য আৰু চহৰীয়া বসতিস্থল দুয়োটাতে গোৱা হয় আৰু লগতে ব্ৰিটেইন, আমেৰিকা আৰু বাহৰেইনৰ নেপালী ভাষী প্ৰব্ৰজনকাৰীসকলৰ মাজতো ই জনপ্ৰিয়।[5] পুৰুষ আৰু মহিলাসকলে পৰিৱেশন থলীত বিপৰীত ফালে মুখ কৰি বহি থাকে আৰু লক্ষ্য হ’ল এটা দলৰ হাস্যৰসময়ী উত্তৰ শেষ নোহোৱালৈকে তেওঁলোকৰ শব্দ, সুৰ আৰু তালক নিৰীক্ষণ কৰি থকা। বিগত সময়ছোৱাত দোহৰি সাত দিন আৰু সাত ৰাতিলৈকে বিস্তৃত হৈছিল বুলি কোৱা হয়।[3]
এটা সুপৰিচিত লোকগীতৰ পুনৰাবৃত্তিমূলক মূল বাক্যাংশৰ ওপৰত দোহোৰি গোৱা হয় যদিও প্ৰশ্ন উত্থাপন আৰু উত্তৰ দিয়াৰ লগে লগে গীতটো অভিযোজিত কৰা হয়। দলসমূহ পুৰুষ বনাম পুৰুষ, যাক ভালে দোহোৰি বোলে; মহিলা বনাম মহিলা, যাক পোঠি দোহোৰি বোলে বা মিশ্ৰিত লিংগৰ অৰ্থাৎ ৰেলী দোহোৰিও হ’ব পাৰে। দোহোৰিৰ বিষয়সমূহ সাধাৰণতে প্ৰেম, বিৰহ, সমাজ, ৰাজনীতি আৰু সামাজিক উন্নয়নৰ ভিতৰত থাকে।
গুৰুত্ব
[সম্পাদনা কৰক]দোহোৰী নেপালৰ এক সাংস্কৃতিক ঐতিহ্য৷ এই গীতবোৰৰ মাজত নেপালী মানুহৰ ইতিহাস, পৰিচয়, মূল্যবোধ, পৰম্পৰা, অভিজ্ঞতা আদিৰ আভাস পোৱা যায়। ই মানুহ আৰু সমাজৰ মাজত ঐক্যৰ কথাও সূচায়। বিভিন্ন জনগোষ্ঠীৰ মাতৃভাষা, যেনে মাগৰ, গুৰুং, ভোজপুৰী, থাৰু, আৰু ডোটেলী ভাষাত গোৱা দোহোৰীসমূহে এই ভাষাসমূহ জীয়াই ৰখাত সহায় কৰিছে। দোহোৰি গায়নে লোকসমাজত পাৰস্পৰিক বান্ধোন দৃঢ় কৰাতো সহায় কৰিছে। জনপ্ৰিয়তাৰ দৌৰত আজিকালি অৱশ্যে ইয়াৰ ভাব-ভাষা আৰু সুৰৰ গভীৰতা কমি অহাও দেখা গৈছে।[6]
- লগতে চাওক
- ৰত্যৌলী
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ K.C, Reeti. "Nepali folk songs move beyond love and loss" (en-US ভাষাত). https://www.nepalitimes.com/banner/nepali-folk-songs-move-beyond-love-and-loss/। আহৰণ কৰা হৈছে: 2022-11-01.
- ↑ "Nepal Home Page » American Student – Anna Stirr Sings Nepali Dohori songs". Nepal Home Page. 2016-08-19. http://www.nepalhomepage.com/anna-stirr-sings-nepali-dohori-songs/। আহৰণ কৰা হৈছে: 2018-03-26.
- ↑ 3.0 3.1 "Dohori song in the 'New Nepal': the Nepali dohori song embodies the political and social changes of 'New Nepal' as the genre struggles in a shift from a traditional love song to commercialized music. - Free Online Library". www.thefreelibrary.com. https://www.thefreelibrary.com/Dohori+song+in+the+%22New+Nepal%22:+the+Nepali+dohori+song+embodies+the...-a0173463946। আহৰণ কৰা হৈছে: 2018-03-05.
- ↑ "Jugalbandi: Between town and country" (en-GB ভাষাত). Himal Southasian. 2011-01-25. https://www.himalmag.com/between-town-and-country/। আহৰণ কৰা হৈছে: 2022-11-01.
- ↑ "Mediating the migrant experience: dukha, viraha, and nostalgia in Nepali Lok Dohori songs – Annual Conference" (en-US ভাষাত). annualconference.soscbaha.org. Archived from the original on 2018-03-05. https://web.archive.org/web/20180305005449/http://annualconference.soscbaha.org/anna-stirr/। আহৰণ কৰা হৈছে: 2018-03-05.
- ↑ "নেপালৰ লোক সংগীত". https://thespotlightmag.com/the-forgotten-beauty-of-lok-dohori-it-still-matters/। আহৰণ কৰা হৈছে: 14 November 2025.